৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ : পলাতক দুই অভিযুক্ত

rape

৮০ বছৰীয়া এগৰাকী বৃদ্ধা ধৰ্ষণৰ বলি হৈছে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে যোগী আদিত্যনাথ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত।

শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধৰ্ষণৰ ঘটনাটো যোৱা ২ ফেব্ৰুৱাৰিতে সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণীৰ মতে খাৰেলা নামৰ গাঁওখনৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ মানুহবোৰ যোৱাৰ ফলত বৃদ্ধাগৰাকী অকলশৰে ঘৰত আছিল।

ঘৰত অকলে থকাৰ সুযোগত ফুলচন্দ্ৰ ওৰফে ফুলু নামৰ লোকজনে এগৰাকী সতীৰ্থৰ সৈতে বৃদ্ধা গৰাকীক ধৰ্ষণ কৰে। অভিযুক্ত দুয়ো বৰ্তমান পলাতক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইতিমধ্যে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজুৰ কৰি অভিযুক্তদ্বয়ৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।