কৃষক আন্দোলন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৮৭টা কৃষক সংগঠনৰ সমৰ্থন আৰু শুভেচ্ছা

আমেৰিকা যুক্তৰাষ্ট্ৰ ৮৭টা কৃষক সংগঠনে ভাৰতৰ কৃষক সংগঠন ‘সংযুক্ত কিষাণ মৰ্চা’ই গঢ়ি তোলা আন্দোলনলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

এখনি পত্ৰৰ যোগেৰে কৃষক সংগঠনেকইটাই মোদী চৰকাৰৰ কৃষি আইনৰ স’তে চল্লিশ বছৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰোণাল্ড ৰেগানে গ্ৰহণ কৰা কৃষকবিৰোধী পলিচিসমূহৰ স’তে তুলনা কৰে।

তেওঁলোকে কয় যে নব্যউদাৰবাদী অৰ্থনৈতিক ব্যৱস্থাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, দুয়োখন ৰাষ্ট্ৰৰ কৃষিখণ্ডক প্ৰভাৱ পেলাইছে।

ভাৰতৰ কৃষক আন্দোলনটোক বিশ্ব বুৰঞ্জীত এটা উল্লেখ অনন্য প্ৰতিবাদ হিচাপে অভিহিত কৰি সংগঠনকেইটাই কৃষকসকলৰ এম.এছ.পি.ৰ দাবীটোক গুৰুত্ব আৰোপ কৰে।

পত্ৰখনত ৰেগানৰ কাৰ্যকালত আমেৰিকা যুক্তৰাষ্ট্ৰই লোৱা কৃষি নীতিসমূহে কিদৰে দেশখনৰ ক্ষুদ্ৰ আৰু পৰম্পৰাগত কৃষিখণ্ডৰ ব্যাপক ক্ষতিসাধন কৰিছিল সেই বিষয়েও বিশ্লেষণ কৰে।

পত্ৰখনিত স্বাক্ষৰ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষক সংগঠনসমূহৰ ভিতৰত আছে আমেৰিকান চাষ্টেনেবুল বিজনেছ কাউন্সিল, কমিউনিটি এলায়েন্স ফৰ গ্ল’ৱেল জাষ্টিছ, ফিলাডেলফিয়া কমিউনিটি ফাৰ্ম আদি।