NORTHEAST NOW (Assamese)

গুৱাহাটীৰ কাৰাগাৰত ১৮৪গৰাকীকে ধৰি ৰাজ্যত নতুনকৈ ৮৯২ গৰাকী কোভিড পজিটিভ

July 17, 2020 6:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ আৰু ৮৯২গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰ ভিতৰত নতুনকৈ আক্ৰান্ত মুঠ ৮৯২গৰাকীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৫৯৮গৰাকী আছে।

সেইদৰে নতুন আক্ৰান্তৰ ভিতৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৮৪ গৰাকী আছে।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ২০৬৪৬ গৰাকীলৈ বৃদ্ধি পালে।

এক টুইটৰ যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানে ৭,০৩৯ গৰাকী আক্ৰান্তৰ শৰীৰত কোভিড-১৯ ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে কোভিডমুক্ত হৈছে ১৩,৫৫৪ গৰাকী আক্ৰান্ত।

স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানলৈকে ৫০ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে।

আনহাতে, বুধবাৰে ৰাজ্যত ১০৮৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল।

ইয়াৰ ভিতৰত ৬৪৯ গৰাকীয়েই আছিল গুৱাহাটীৰ মহানগৰীৰ।

উল্লেখ্য যে, ভাইৰাছবিধ সক্ৰিয় হৈ থকা আক্ৰান্তসকলক ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেইদৰে, সুস্থ হৈ উঠা কোভিড-১৯ আক্ৰান্তসকলক কোভিড চিকিৎসালয়ৰ পৰা মুক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে জুলাইৰ প্ৰথম পষেকত ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related News