বি টি চিৰ পৰা অবড়ো গাঁও কৰ্তনৰ দাবীত ৮ ফেব্ৰুৱাৰিত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধ

বি টি এ ডিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তন কৰিবলৈ দীৰ্ঘদিনৰ পৰা অবড়ো সুৰক্ষা সমিতিয়ে দাবী জনাই আহিছে। এই লৈ সংগঠনটোৱে চৰকাৰক কেইবাবাৰো সকীয়াই অহাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে। তৎসত্ত্বেও চৰকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই। এই অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ।

সংগঠনটোৰ মতে বি টি এ ডিত প্ৰায় ২২ লাখ অবড়ো লোক আছে আৰু বি টি এ ডিৰ বাবে এই সকলৰ অধিকাৰ খৰ্ব হৈছে। এই পৰিপ্ৰেক্ষিতত বি টি এ ডিৰ পৰা অবড়ো গাওঁসমূহ অতি শীঘ্ৰে কৰ্তন কৰা আৰু লগতে বি টি চিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা, অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত অহা ৮ ফেব্ৰুৱাৰিত সংগঠনটোৱে ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাৰ দ্বাৰা স্বাক্ষৰিত এক বিজ্ঞপ্তিযোগে এই দাবীবোৰ উত্থাপন কৰাৰ লগতে বন্ধৰ আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে ২০০৩ চনত কেন্দ্ৰত থকা বিজেপি চৰকাৰে বি টি চি (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল) গঠন কৰিছিল, যাৰ অধীনত অসমৰ কোকৰাঝাৰ, ওদালগুৰি, বাকসা আৰু চিৰাং জিলাৰে গঠিত বি টি এ ডি (Bodoland Territorial Area Districts) এলেকা শাসিত হোৱাৰ বাট মুকলি হৈছিল।

অবড়ো সুৰক্ষা সমিতিয়ে দাবী কৰি আহিছে যে বি টি এ ডি গঠনৰ সময়ত অঞ্চলটোত থকা লাখ লাখ অবড়ো লোকৰ স্বাৰ্থৰ বিষয়টো উপেক্ষা কৰা হৈছিল।