ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আকস্মিকভাৱে ঘোষণা কৰা ল’কাডাউনে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিয়ে হঠাতে প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰসংগ আমাৰ সমুখলৈ লৈ আনিছে। তেওঁলোকৰ দু:সাধ্য ঘৰমুৱা যাত্ৰাৰ খবৰবোৰে, কান্দোন আৰু ক্ষোভে সংবাদ-মাধ্যমৰ এটা অংশক তথা চ’ছিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীসকলক ব্যথিত নকৰাকৈ থকা নাই। অন্ততঃ উদাৰতাবাদী সচেতন মধ্যবিত্তই এক মানৱিক দূৰ্যোগক আওকাণ কৰিব পৰা নাই। অসমৰো লাখ লাখ শ্ৰমিক আৱদ্ধ হৈ আছে দেশৰ চুকে-কোণে; হাজাৰ অসমীয়া শ্ৰমিকে ঘৰলৈ উভটিবৰ উপায় বিচাৰি চেন্নাইৰ অসম ভৱনত ভিৰ কৰিছেহি। কিন্তু, আমাৰ দেশৰ মহানগৰবোৰ, উদ্যোগবোৰ, ব্যৱসায়িক খণ্ডবোৰৰ পৰা বিতাড়িত হৈ, সৰ্বস্বান্ত হৈ উভটিবলৈ লোৱা এওঁলোক কোন? এওঁলোকৰ প্ৰব্ৰজনৰ ইতিহাস আৰু স্বৰূপ কি? এক বিশেষ শ্ৰেণীৰ বাবে প্ৰব্ৰজন মানে দেশ-বিদেশৰ পৰিধি ভাঙি দোপতদোপে উন্নতি কৰি যোৱাৰ সোপান। কিন্তু শ্ৰমিক শ্ৰেণীৰ বাবে প্ৰব্ৰজনৰ বাস্তৱতা সম্পূৰ্ন অন্যধৰণৰ। ল’কাডাউনৰ এই প্ৰেক্ষাপটত প্ৰব্ৰজিত শ্ৰমিকসকলৰ ভৱিষ্যত কি?
দেশজোৰা ল’কডাউনৰ বাবে শ্ৰমিকসকল নিয়োজিত হৈ থকা বৃহৎসংখ্যক উদ্যোগ-কাৰখানা, নিৰ্মাণ খণ্ড, কৃষি-কেন্দ্ৰিক উদ্যোগ, পৰ্যটনৰ দৰে সেৱা খণ্ড, শাৰীৰিক শ্ৰমনিৰ্ভৰ দৈনিক হাজিৰা আদি বিভিন্ন কাম হঠাৎ বন্ধ হৈ পৰিল। এইবোৰত নিয়োজিত মানুহবোৰৰ বেছিভাগেই গাঁও বা মফচল এৰি ‘কাম বিচাৰি’ যোৱা মানুহ৷ কোনোবাজন যদি চিকিউৰিটী গাৰ্ড, কোনোবাজন মিস্ত্ৰী, আকৌ কোনোবাজন ফেক্টৰীত নিয়োজিত হাজিৰা শ্ৰমিক, কোনোবাজন হোটেল বা ৰেষ্টুৰেণ্টৰ কৰ্মী৷ শ্ৰম আৰু নিয়োজনৰ এক নিৰন্তৰ প্ৰক্ৰিয়াত তেওঁলোক বিভিন্ন ধৰণে শোষিত আৰু অৱদমিত৷ লকডাউনৰ বিভিন্ন পৰ্যায়ত আটাইতকৈ বেছি নিষ্পেষিত, অৱহেলিত মানুহবোৰো এই শ্ৰমিকসকলেই৷ অন্ততঃ যোৱা ডেৰমাহমান ধৰি এই কথাই বাৰে বাৰে প্ৰকট হৈ উঠিছে৷ কিন্তু শেষ বিচাৰত, এই শ্ৰমিকসকল সমাজৰ আটাইতকৈ অৱদমিত অংশ৷ পুঁজিৰ বিকাশ আৰু চলনৰ বিভিন্ন স্তৰত এইসকল নিত্য নতুন উপায়েৰে শোষিত আৰু একে সময়তে প্ৰতিৰোধৰ নতুন কৌশল, কলাৰেও সংপৃক্ত৷ ল’কাডাউনে বিভিন্ন সামাজিক বৰ্গ, গোটত বিভক্ত শ্ৰমজীৱীৰ জগতখনৰ বিপজ্জনকভাৱে দুদুল্যমান স্বৰূপটো আমাৰ সমুখত স্পষ্ট কৰি তুলিছে। এই দুদুল্যমান স্বৰূপটোৰ বাবেই শ্ৰমজীৱীসকল ৰাষ্ট্ৰ আৰু পুঁজিৰ বাবে একধৰণৰ disposable পৰিসংখ্যা মাত্ৰ৷ সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বিভিন্ন অঞ্চল, এলেকা ভিত্তিক বিশেষ চৰিত্ৰ কিছুমান লাহে লাহে প্ৰকট হৈ আহিছে৷ এই ছবিখনৰে বিভিন্ন স্তৰত অসমৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা মানুহবোৰো আছে৷ বিভিন্ন গোট, সংগঠনে পাৰ্যমানে কাষত থিয় দিয়া এই মানুহখিনিৰ কাৰণে কিন্তু চৰকাৰখনে বিশেষ একো কৰা নাই৷ ফলত যিয়ে যেনেকৈ পাৰে ঘৰলৈ উভতিবলৈ চেষ্টা কৰিছে। চৰম বিশৃংখলতা, বিপদঘন পৰিস্থিতি আৰু চৰকাৰী অৱহেলাত পিষ্ট হৈছে এই মানুহখিনি।
আমি ভাবোঁ, এই অনিশ্চিত আৰু জটিল সময়ছোৱাত অসমৰ শ্ৰমিক প্ৰব্ৰজনৰ ইতিহাস আৰু ইয়াৰ ধৰণটোও বুজিবলৈ যত্ন কৰা প্ৰয়োজন। সম্ভৱতঃ একবিংশ শতিকাৰ প্ৰথম দশকৰ মাজভাগৰ পৰা অসমৰ পৰা বহি:ৰাজ্যলৈ শ্ৰমিক প্ৰব্ৰজনৰ সুঁতি এটা আৰম্ভ হয়। এই সময়খিনিতেই অসমৰ গ্ৰাম্য সমাজ-অৰ্থনীতিৰ এক ব্যাপক পৰিৱৰ্তনৰো সূচনা হয়। থোৰতে ক’বলৈ গ’লে ক্ষিপ্ৰভাৱে ব্যাপ্ত হ’বলৈ লোৱা এক বজাৰ অৰ্থনীতিৰ সৈতে খাপ খাই পৰিবলৈ আৰম্ভ কৰিছিল অসমৰ গ্ৰামাঞ্চল। এই পৰিঘটনাৰ সৈতে সাম্প্ৰতিক প্ৰব্ৰজনৰ সম্পৰ্ক এৰাব নোৱাৰা। ৰাস্তা-ঘাট আৰু পৰিবহণৰ সুবিধা বঢ়াৰ লগে লগে ক্ৰমশ: এক বজাৰ নেটৱৰ্ক গঢ়ি উঠিবলৈ ধৰে। বজাৰে যদি এফালে গাঁৱত উৎপাদিত কিছু বস্তুৰ পণ্যকৰণ আৰম্ভ কৰিবলৈ ল’লে, একেসময়তে ইয়াৰ মাজেৰে নতুন পণ্য-সামগ্ৰীৰ, প্ৰয়োজনৰ আগমন ঘটাবলৈ ধৰিলে। আনহাতে, ভিচিডি কাহিনী, পিচিঅ’ৰ পৰা মোবাইললৈ হোৱা যাত্ৰা, টিভি চেনেল আৰু শেহলৈ সহজলভ্য ইণ্টাৰনেটৰ আগমন ইত্যাদিত যোগাযোগ, গণমাধ্যম আৰু মনোৰঞ্জনৰ নতুন আহিলাবোৰৰ জৰিয়তে আশা আৰু আকাংক্ষাৰ বিস্তৃতি বাঢ়িবলৈ ল’লে। বজাৰৰ পণ্য আৰু এই আশা-আকংক্ষাৰ সম্পৰ্ক অংগাংগী। এইখিনিতেই উনুকিয়াব পাৰি যে ২০০৭-০৯ ৰ সময়ৰ গুৱাহাটীৰ চাহ-মিঠাইৰ হোটেলসমূহত প্ৰায়ে শুনিবলৈ পোৱা গৈছিল, ‘আজি-কালি আৰু কাম কৰিবলৈ মানুহ পোৱা নগৈছে’ । আমাৰ ধাৰণাত, এফালে এচাম লোকে গাঁৱতেই কিবা-কিবি কৰিব পৰা পৰিৱেশ হ’ল – এনৰেগাৰ আগমনো এই সময়ৰে ঘটনা; আনহাতে, গুৱাহাটীত চলি থকা কেতবোৰ শাৰীৰিক শ্ৰমৰ বেতন-মূল্য তেনেই নগণ্য বুলি সাব্যস্ত হ’ল। এনে পৰিপ্ৰেক্ষিতত, দুই-এঠাইত গঢ়ি উঠা উদ্যোগসমূহে সীমিতসংখ্যক লোককহে কৰ্মসংস্থাপন দিয়াৰ সূত্ৰে ভাৰতৰ অৰ্থনৈতিকভাৱে উন্নত অঞ্চলবোৰলৈ লাহে লাহে প্ৰব্ৰজন আৰম্ভ হ’বলৈ ধৰিলে। সন্দেহ নাই যে শিক্ষা-দীক্ষা প্ৰসাৰ, যোগাযোগৰ নতুন মাধ্যমবোৰে বিশ্বখন আমাৰ সমুখত মুকলি কৰি দিয়া, তাৰ ফলত এখন বাহিৰৰ জগতৰ প্ৰতি গঢ়ি উঠা হেঁপাহ আৰু ই প্ৰদান কৰা স্বাধীনতা আদি কথাৰো প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়াত এটা ভূমিকা আছে। ২০০০ৰ দশক আছিল সন্ত্ৰাসজৰ্জৰ সময় এছোৱাৰ পৰ্বান্তৰৰো সময়। গৰাখহনীয়া, বান, সুদখোৰ ব্যৱসায়ীৰ কবলত পৰি হোৱা আভ্যন্তৰীণ প্ৰব্ৰজন, ঠায়ে ঠায়ে নদীবান্ধৰ দৰে প্ৰক্ৰিয়া বা সৰু-বৰ উদ্যোগৰ বাবে কৃষিভূমিৰ হৰণ আৰু স্থানান্তৰকৰণ আদিৰ লগতে সামাজিক বৈষম্য, সম্প্ৰদায়গত হেঁচা আদিৰ দৰে প্ৰক্ৰিয়া এটা ইতিমধ্য আছিলেই। ক’ব পাৰি যে ২০১০ ৰ আশে-পাশে বহি:ৰাজ্যলৈ প্ৰব্ৰজনৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈ পৰে। এটা সময়ত অসমৰ প্ৰব্ৰজিত শ্ৰমজীৱী মানেই চিকিউৰিটী গাৰ্ডৰ ছবি এখন ফুটি উঠিছিল। আজি কেৰেলাৰ কৃষি পামসমূহ, উত্তৰ ভাৰতৰ ঔদ্যোগিক বেল্টসমূহ, আন অঞ্চলত থকা সৰু বা মজলীয়া উদ্যোগ, মাছ-মাংস উৎপাদনৰ ফাৰ্ম, পৰ্যটনথলীত থকা হোটেল, ৰেষ্টুৰেণ্ট বা কাফে, ই-কমাৰ্ছ খণ্ড, নিৰ্মাণ খণ্ড আদি বিভিন্ন পৰিসৰত বহু সংখ্যক অসমৰ শ্ৰমিকে কাম কৰে৷ শেহতীয়াকৈ skill বিকাশৰ বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তেও এচাম লোক বাহিৰৰ সৰু-বৰ উদ্যোগলৈ ওলাই যাবলৈ ধৰিলে।
বাহিৰলৈ ‘কাম বিচাৰি যোৱা’ যুৱক-যুৱতীৰ সমদলৰ সমান্তৰালকৈ অসমৰ বহু গাওঁ-ভূইৰ ৰেহ-ৰূপো এই দশকত ক্ষিপ্ৰতাৰে সলনি হ’ল। এতিয়া উজনিৰ ফালৰ মানুহে কয়, ‘গাঁৱত এতিয়া উকি এটা মাৰিবলৈকো ল’ৰা এটা নোহোৱা হ’ল৷’ কিন্তু, গাঁও বা মফচলত ক্ৰমাগতভাৱে ৰূপায়িত আশা আৰু আকাংক্ষাৰ অবিচ্ছেদ্য অংগ প্ৰব্ৰজিত শ্ৰমিকসকল। ইয়াৰ আটাইতকৈ স্পষ্ট উদাহৰণ, বহু গাঁৱত যোৱা ডেৰ দশকত ক্ৰমশ: সলনি হোৱা ঘৰ-দুৱাৰৰ ৰূপ- স্থাপত্য আৰু নব্বৈ দশকলৈকে বন্ধকী ব্যৱস্থাত আৱদ্ধ হৈ থকা অৱস্থাৰ পৰা মুকলি কৰা খেতিৰ মাটিসমূহ। লগতে, পৰিয়ালৰ দৈনন্দিন খা-খৰচৰ এটা অংশৰ উপৰিও গ্ৰাম্য অৰ্থনীতিৰ নানা দিশ – যেনে: পশু-পালন, কৃষি-কৰ্ম আদিত বিনিয়োজনৰ অংশ এটাও বাহিৰত কৰ্মৰত লোকসকলৰ পৰাই আহে। অৱশ্যে, গ্ৰাম্য অৰ্থনীতিৰ প্ৰসাৰত আন দিশ কিছুমানো জড়িত হৈ আছে – আত্মসহায়ক গোট, চৰকাৰী আঁচনি আৰু শেহতীয়াকৈ মাইক্ৰ’ফাইনেন্স ব্যৱস্থা। আজি দেখা গৈছে যে মাইক্ৰ’ফাইনেন্সৰ পাকচক্ৰই যিধৰণৰ হেঁচাৰ সৃষ্টি কৰে, তাক সীমিত পৰিসৰত ৰূপায়িত হোৱা বজাৰৰ কাঠামোৱে চম্ভালি ল’ব নোৱাৰে। পুঁজিৰ এই আৱৰ্তই আকৌ কাম বিচাৰি বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তাকো অনিবাৰ্য কৰি তোলে। কৰিলে৷ বজাৰৰ সম্প্ৰসাৰণ, ক্ষুদ্ৰ ঋণ ব্যৱস্থা আদিৰে সৈতে নিকপকপীয়াকৈ খাপ খাই এতিয়া প্ৰব্ৰজন হৈ পৰিছে অসমৰ গ্ৰাম্য আৰ্থ-সামাজিক বাস্তৱতাৰ অবিচ্ছেদ্য অংগ। একেসময়তে, প্ৰব্ৰজন প্ৰক্ৰিয়াই অসমৰ হেজাৰ হেজাৰ যুৱক-যুৱতীক শোষণৰ আন এক কাঠামোত উপনীত কৰাইছেগৈ। এই শোষণ-কাঠামোক সমগ্ৰ ভাৰততেই শ্ৰমৰ অসংগঠিত ৰূপটোৰ মাজেৰে নিকপকপীয়া কৰা হৈছে। ঠিকাভিত্তিক কামৰ অনিশ্চয়তা; সামাজিক নিৰাপত্তাৰ অভাৱ; কিছু কিছু উদ্যোগত বিৰতিহীন কামে সৃষ্টি কৰা শাৰীৰিক ব্যাধি; সুদীৰ্ঘ সময়লৈ ঘৰলৈ যোৱাৰ সুযোগৰ অভাৱ; বৰ্ণগত, অঞ্চলভিত্তিক, যৌনতাকেন্দ্ৰিক বৈষম্য আৰু নিৰ্যাতনৰ আশংকা – এইবোৰ এনে শোষণৰ একো একোটা তৰপহে। গ্ৰামাঞ্চলৰ সমাজ-বাস্তৱতা আৰু বাহিৰলৈ কাম বিচাৰি যোৱা নতুন পৰিস্থিতি – এই দুয়োটা বিন্দু এক দুদুল্যমান, ক্ষণভংগুৰ অৱস্থাত দুলি থাকে৷ বৰ্তমান ল’কডাউনে ইয়াৰ সমস্যাসমূহো সমুখলৈ লৈ অনাৰ উপক্ৰম কৰিছে।
অৱশ্যেই আমি দেখিবলৈ পাইছোঁ যে বহু হেজাৰ শ্ৰমিকে নানান আশা-প্ৰত্যাশাৰেই বৰ্তমান সংকটৰ মুখামুখি হৈছে। চ’ছিয়েল মিডিয়াত চলি থকা আলাপ-আলোচনাত দেখা যায় যে বহু শ্ৰমিকে নিগাজীকৈ অসমলৈ উভটি আহিবলৈ মন বান্ধিছে। তেওঁলোকৰ আশা এই যে, বৰ্তমানে কিছু ঠন ধৰি উঠা গ্ৰাম্য অৰ্থনীতিয়েই তেওঁলোকক সমুখলৈ যোৱাৰ বাট দেখুৱাব – অসমতেই নিজৰ দক্ষতাৰে নানান কাম, ব্যৱসায়ত জড়িত হোৱাৰ সুযোগ-সুবিধা তেওঁলোকে কৰি ল’ব পাৰিব। কিন্তু, তাৰ বাবে গ্ৰাম্য অৰ্থনীতিৰ সীমিত পৰিসৰ আৰু তাৰ পৰিণতিত বহি:ৰাজ্যলৈ প্ৰব্ৰজনৰ দশকজোৰা আৱৰ্ত ভাঙিবৰ প্ৰয়োজন। অসমৰ লাখ লাখ যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিবলৈ হ’লে, স্বাৱলম্বী হোৱাৰ সুযোগ সৃষ্টি কৰিবলৈ হ’লে চৰকাৰী-প্ৰশাসনিক দায়-দায়িত্বৰ লগতে সঠিক নীতি-নিৰ্ধাৰণৰ জুৰুৰী হৈ পৰিব। আমি পাহৰি থকা অনুচিত যে এই দীৰ্ঘ সময়ছোৱাত বহি:ৰাজ্যলৈ কামৰ সন্ধানত যোৱা লোকসকলৰ সন্দৰ্ভত অসম চৰকাৰৰ হাতত কোনো তথ্য-পাতি নাই। আনকি, অসমতে নানান কাৰণত আভ্যন্তৰীণভাৱে স্থানান্তৰিত হোৱা লোকসকলৰ সন্দৰ্ভতেই অসম চৰকাৰৰ হাতত তথ্য-পাতি, কৰণীয় আঁচনি আদি নাই। ৰাজনৈতিক সদিচ্ছাৰ অভাৱ সূচোৱা এনে দিশবোৰো সলনি হোৱাটো বাঞ্চনীয়। যোৱা ডেৰদশকৰ আৰ্থ-সামাজিক পৰিৱৰ্তন আৰু আশা-প্ৰত্যাশাৰ ছবিখনৰ মাজত আমি নিতান্তই পাহৰি যোৱা এটা দিশ হৈছে যে দীৰ্ঘম্যাদী পৰিকল্পনা আৰু পৰিকাঠামোগত দিশত ৰাজ্য চৰকাৰ আৰু সামগ্ৰিকভাৱে প্ৰশাসনৰ ভূমিকা প্ৰায় শূণ্য হৈ পৰিছে। ফলত, জনসাধাৰণৰ প্ৰতি চৰকাৰৰ মৌলিক দায়ৱদ্ধতাৰ প্ৰশ্নটো ৰাজনৈতিকভাৱে তাৎপৰ্যহীন হ’বলৈ ধৰিছে। একমাত্ৰ বজাৰৰ সম্প্ৰসাৰণৰ ওপৰতেই জনসাধাৰণৰ ভৱিষ্যত আৰোপিত হৈছে। বজাৰ, পণ্যৰ আৰ্দশ এনেভাৱে সামাজিক ৰূপ দিয়া হৈছে যে, অধিকাৰৰ প্ৰশ্নৰ সলনি ব্যক্তিগত উত্তৰণৰ মিথ এতিয়া বিভিন্ন ধৰণে সমাজত প্ৰতিষ্ঠিত হ’বলৈ ধৰিছে৷ গতিকে, বজাৰৰ প্ৰতিযোগিতা আৰু আকস্মিকতাৰ সৈতে নিম্নশ্ৰেণীৰ লোক ব্যতিব্যস্ত হৈ থাকিবলগা হৈছে, আনফালে হিতাধিকাৰীকেন্দ্ৰিক ৰাজনীতিৰ দ্বাৰা অধিকাৰৰ প্ৰশ্নবোৰ ধূসৰ কৰি দিয়া হৈছে৷ ইয়াৰ স্বৰূপ কেনে আমি শেহতীয়াকৈ গাহৰিৰ মহামাৰীৰ সন্দৰ্ভতেই দেখিবলৈ পাওঁ। দশকজুৰি গঢ় লৈ উঠা গাহৰিৰ থলুৱা ব্যৱসায় আকস্মিক বিপৰ্যয়ৰ সমুখত বৃহৎ কোম্পানীৰ অধীন হৈ পৰাৰ আশংকাই দেখা দিছে। বজাৰকেন্দ্ৰিক অৰ্থনীতিয়েই নদীবান্ধ বা খনিজ খননৰ বাবে প্ৰকৃতি-পৰিৱেশৰ ধ্বংসযজ্ঞ অৱধাৰিত কৰি তুলিছে। সেয়ে, আমাৰ সমগ্ৰ ব্যৱস্থাটোৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন নকৰাকৈ এক ভাৰসাম্যপূৰ্ণ স্বনিৰ্ভৰশীলতাৰ স্বপ্ন আমি দেখিব নোৱাৰোঁ। মাথোঁ skill বিকাশৰ চৰকাৰী আশ্বাসে জনসাধাৰণৰ দুদুল্যমান (precarious) অস্তিত্বৰ সমাধান আনিব নোৱাৰে। এই সন্দৰ্ভত তিনিটা প্ৰশ্নৰেই আমি এই লেখাটো সামৰিছোঁ।
১) বজাৰৰ হেঁচা, পৰিৱেশৰ আকস্মিকতা আদিৰ পৰা কৃষক, ক্ষুদ্ৰ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰ-প্ৰশাসনে কেনেধৰণৰ আঁচনি, পৰিকাঠামোগত কাম হাতত ল’ব?
২) স্বনিৰ্ভৰশীলতাক আমি ব্যক্তিকেন্দ্ৰিক উন্নতিৰ কাঠামো হিচাপেই গ্ৰহণ কৰিম নে সকলোৰে, জাতি-জনগোষ্ঠীৰ স্বনিৰ্ভৰশীলতাৰ অৰ্থত গ্ৰহণ কৰিম? সমূহৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে শ্ৰমজীৱীসকলৰ মাজত থকা বিভিন্ন বিভাজন আৰু বৰ্ণ-সম্প্ৰদায়ৰ আধাৰত হোৱা শোষণবোৰৰ অৱসানৰ বাবে কেনেধৰণৰ ব্যৱস্থা আৰু কাঠামো গ্ৰহণ কৰা প্ৰয়োজন হ’ব?
৩) যোৱা দুই দশকৰ বৃহৎ উদ্যোগকেন্দ্ৰিক বিকাশৰ বাগধাৰাৰ পৰা আঁতৰলৈ গৈ স্বনিৰ্ভৰশীলতাৰ কেনেধৰণৰ পৰিকাঠামোৰ সন্ধান কৰিব পাৰি? প্ৰকৃতি-পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰা উদ্যোগৰ মাজেৰে কোটি কোটি লোকক লৈ এক স্বনিৰ্ভৰতাৰ কথা কেনেকৈ ক’ব পাৰি?
আমি বিশ্বাস কৰোঁ যে এনে প্ৰশ্নবোৰ কেৱল চৰকাৰলৈ কৰাটোৱেই এই সময়ৰ দাবী নহয়। বৰং বিভিন্ন ৰাজনৈতিক দল, ‘অৰাজনৈতিক’ দল-সংগঠনসমূহ, বৌদ্ধিক মহল আদিয়ে এনেধৰণৰ প্ৰশ্নবোৰৰ সৈতে চিন্তা-চৰ্চা কৰা প্ৰয়োজন হৈ পৰিছে। কেনেধৰণৰ ৰাজনৈতিক কাঠামোৱে আমাক এক বিকল্প জীৱন-চৰ্যাৰ বাট দেখুৱাব সেয়াও আজি বিবেচনাৰ বিষয়।
(উকি ৰিচাৰ্ছ কালেক্টিভ আৰু লকডাউনৰ প্ৰেক্ষাপটত আৰম্ভ কৰা Covid-19 Relief Coordination Network নামৰ ফেচবুক পৃষ্ঠাটোৰ জৰিয়তে অসমৰ কৃষি-অৰ্থনীতি সৰ্ম্পকত ৰাজনৈতিক চিন্তা-চৰ্চাক প্ৰভাৱিত কৰাৰ উদ্দেশ্যৰে এলানি প্ৰবন্ধৰ চিন্তা-চৰ্চা কৰা হৈছিল। তাৰ ভিত্তিতেই আজিৰ এই নিবন্ধ। উকিৰ আহ্বায়ক অংকুৰ তামুলী ফুকন, গৌৰৱ ৰাজখোৱা আৰু সদস্য বিদ্যুৎ সাগৰ বৰুৱাক নিবন্ধটোৰ সম্পাদনা আদিকে ধৰি বিভিন্ন সহায়ৰ বাবে ধন্যবাদ।)
লেখক বৰা আই আই টি গুৱাহাটী, গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মুক্তিয়াৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ।