পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক দেশখনৰ নামেই হ’ল ভাৰতবৰ্ষ আৰু আপুনি এই গণতান্ত্ৰিক দেশৰ এজন নাগৰিক হিচাপে এই কথাত গৌৰৱান্বিত হোৱা উচিত। সংবাদ মাধ্যম হ’ল এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।
কিন্তু এই গণতান্ত্ৰিক দেশৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ মাধ্যম সমূহ ভাৰতবৰ্ষত কিমান স্বাধীন আৰু সুৰক্ষিত? ২০২০ চনত প্ৰকাশিত World Press Freedom Index অৰ্থাৎ বিশ্বজুৰি সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংকত ভাৰতে ১৮০ খন দেশৰ ভিতৰত ১৪২ নম্বৰ স্হান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে বিগত বৰ্ষত অৰ্থাৎ ২০১৯ চনত প্ৰকাশিত সূচাংকত ভাৰতে ১৪০ নম্বৰ স্হানত আছিল যদিও এই বৰ্ষত ২ নম্বৰলৈ এই স্হান অৱনমিত হয়, যি নিশ্চয়কৈ এক চিন্তাজনক বিষয়। প্ৰতিবছৰে এই প্ৰতিবেদন প্ৰস্তুত কৰা ৰিপ’ৰ্টাচ উইডাউত ব’ৰ্ডাৰ্চ (Reporters Without Borders )নামৰ সংস্হাটোৱে প্ৰকাশ কৰা মতে কাশ্মীৰত যোগাযোগৰ ক্ষেত্ৰত আৰোপ কৰা বাধ্য বাধকতা সমূহৰ বাবে ভাৰতৰ এই স্হান অৱনমিত হৈছে।
এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে টুইটাৰত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে–ভাৰতত সংবাদ মাধ্যমে সম্পূৰ্ণ স্বাধীনতাৰে নিজৰ কাৰ্য সম্পাদন কৰিব পাৰে আৰু ভাৰতক হেয় প্ৰতিপন্ন কৰিব খোজা এই ষড়যন্ত্ৰমূলক সমীক্ষাসমূহৰ সত্যতা ফাদিল কৰা হ’ব।
তেওঁ প্ৰকাশ কৰা এই মন্তব্যৰ বিপৰীতে যদি আমি সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰকৃত চবিখন চাবলৈ যত্ন কৰোঁ, তেন্তে আমি দেখিবলৈ পাম যে অকল ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ভাৰতত প্ৰায় ১৯৮ জন সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মুঠ ৪০ জন সাংবাদিকক হত্যা কৰা হৈছিল।
সংবাদ মাধ্যম যাক আমি সমাজৰ দাপোণ বুলি কওঁ, সেই বৃত্তিৰ লগত জড়িত ব্যক্তিৰ হত্যা মানে সেই দাপোণ সমূহ ভাঙি পেলোৱা যাৰ জৰিয়তে জনসাধাৰণে নিজৰ সমাজ, নিজৰ দেশখনক চাব পাৰে। অন্য অৰ্থত ক’ব গ’লে গণতন্ত্ৰত সাংবাদিকক হত্যা অৰ্থাৎ জনসাধাৰণৰ পৰা সমাজখনক চাব পৰা,বুজিব পৰা দৃষ্টিশক্তি কাঢ়ি নিয়া।
অকল ২০১৮ চনতে ভাৰতত ৬ জন সাংবাদিকক হত্যা কৰা হৈছিল।
উল্লেখ্য যে ২০১৮ চনত সাংবাদিকৰ হত্যা হোৱা দেশসমূহৰ তালিকাত ভাৰত পঞ্চম স্থানত আছিল। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ সাংবাদিকৰ হত্যা হোৱা দেশসমূহৰ তালিকাত পঞ্চম স্হানত থকাটো অত্যন্ত দুৰ্ভাগ্যজনক তথা লজ্জাজনক কথা।
অৱশ্যে ২০১৯ চনত ভাৰতত কোনো সাংবাদিকৰ হত্যাকাণ্ড সংঘটিত হোৱা নাই যদিও সাংবাদিকৰ ওপৰত পুলিচৰ অত্যাচাৰ, ঘোচখোৰ চৰকাৰী বিষয়াৰ অত্যাচাৰ, ৰাজনৈতিক নেতা নতুবা অপৰাধীবোৰৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।
ইয়ে সাংবাদিক সকলৰ মনত ভয়ৰ সৃষ্টি কৰিছে আৰু স্বাধীনভাৱে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত এক ভাবুকিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়ে সংবিধানৰ অনুচ্ছেদ ১৯ (১)(ক)ৰ অন্তৰ্গত মৌলিক অধিকাৰ ‘বাক স্বাধীনতা’ৰ উপভোগত ব্যাঘাত জন্মাইছে। ই নিশ্চয়কৈ এখন গণতান্ত্ৰিক দেশৰ বাবে শুভ লক্ষণ নহয়।যি দেশত সাংবাদিক সকল সুৰক্ষিত নহয়,সেই দেশত গণতন্ত্ৰ কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে।
যেতিয়া আমি অধিকাৰৰ কথা কওঁ. ঠিক সেই সময়তে কিন্তু দায়িত্বৰ কথাও আহি পৰে।আমাৰ সমাজখনৰ প্ৰতি সংবাদ মাধ্যমৰ এক গভীৰ দায়িত্ব আছে। জনসাধাৰণে সংবাদ মাধ্যমৰ যোগেদিয়ে নিজৰ চৌদিশে চলি থকা ঘটনা–পৰিঘটনা সমূহৰ বুজ লয়,সংবাদ মাধ্যমৰ জৰিয়তেই নিজৰ সমাজখনক চোৱাৰ,বুজাৰ,তাক জনাৰ চেষ্টা কৰে।
কিন্তু এই ক্ষেত্ৰত বহু সময়ত সংবাদ মাধ্যমে নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰা বা পালন কৰাত ব্যৰ্থ হোৱা যেন অনুভৱ হয়।বৰ্তমান সংবাদ মাধ্যমৰ অধিকাংশই সততে যিখন বিকশিত দেশৰ ছবি দেখাই থাকে, সেই বিকশিত দেশখনত কোনো ধৰণৰ সমস্যা নাই।
এতিয়া আপুনি নিজেই প্ৰশ্ন কৰক আপুনি তেনে সমস্যাবিহীন এখন সমাজৰ নাগৰিক নেকি আৰু যদি নহয় তেন্তে সংবাদ মাধ্যমে সেইখন কাৰ সমাজ আপোনালোকক দেখুৱাই আছে? বৰ্তমান সময়ত সংবাদ মাধ্যমসমূহে বেছিভাগ সময়তে মন্ত্ৰী–আমোলাৰ সংবাদ মেল, ভাষণ বা সস্তীয়া কিছুমান কথা দেখাইয়ে বাতৰি বুলি আপোনালোকক পতিয়ন নিয়াই আছে।
কিন্তু মন্ত্ৰী–আমোলাই কোৱা কথাবোৰ কিমান সত্য, তেওঁলোকে যদি কিবা আদেশ–নিৰ্দেশ দিছে সেইবোৰ সুকলমে পালন কৰা হৈছে নে নাই, চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ সঠিক ৰূপায়ণ হৈছে নে নাই, যি সকল ব্যক্তিয়ে আঁচনিৰ সুবিধা পাব লাগে সেই ব্যক্তিসকলে তাৰ লাভ পাইছে নে নাই, আঁচনিসমূহ ৰূপায়ণ কৰোতে কিবা কেলেংকাৰি সংঘটিত হৈছে নেকি, এইবোৰৰ ওপৰত অনুসন্ধান চলাই বাতৰি পৰিৱেশন কৰাটোও সংবাদ মাধ্যমৰে দায়িত্বৰ ভিতৰতে পৰে।
কিন্তু কিমান শতাংশ সংবাদ মাধ্যমে এই ক্ষেত্ৰবোৰত ভালদৰে অনুসন্ধান চলাই বাতৰি পৰিৱেশন কৰে সেয়া আপুনি ভালদৰে মন কৰিলেই বুজিব পাৰিব। বৰ্তমান সংবাদ মাধ্যমৰ মজিয়াৰ পৰা নিবনুৱা সমস্যা, বানপানী সমস্যা, স্বাস্হ্য, শিক্ষা আদি বিষয়সমূহৰ ওপৰত হোৱা আলোচনাৰ সংখ্যা চিন্তাজনক ভাৱে হ্ৰাস পাইছে আৰু তাৰ ঠাইত লাহে লাহে মন্দিৰ–মছজিদ, হিন্দু–মুছলমান, পাকিস্তান প্ৰসংগ আদি কথাবোৰে ঠাই দখল কৰিছে।
এতিয়া আপুনি নিজেই এবাৰ ভাবক, আপোনাৰ বাবে কোনবোৰ আলোচনাৰ অধিক প্ৰয়োজন আছিল? আচলতে এই আলোচনা বোৰৰ জৰিয়তে লাহে লাহে নাগৰিক সকলক মূল সমস্যাৰ পৰা আঁতৰাই ধৰ্মৰ মেৰপাকত আৱদ্ধ কৰি ৰখাৰ যি এক ভয়ংকৰ প্ৰয়াস, ই সমাজখনক এক অস্হিৰতাৰ দিশলৈ ঠেলি দিছে।
আকৌ,বৰ্তমান সময়ত অধিকাংশ সংবাদ মাধ্যমে শাসকগোষ্ঠীৰ মুখপাত্ৰ হিচাপে কাম কৰাহে পৰিলক্ষিত হয়। তেওঁলোকৰ বাতৰি যদি আপুনি চাই থাকে,তেন্তে কোনো ধৰণৰ সমস্যা সমাজত দেখাই নাপাব।তেওঁলোকে কেতিয়াও চৰকাৰক প্ৰশ্ন সোধা পৰিলক্ষিত নহয়, বৰং চৰকাৰৰ প্ৰত্যেকটো কথাৰেই গুণগাণ কৰাটোৱেই যেন তেওঁলোকৰ এতিয়া পৰম দায়িত্ব আৰু কৰ্তব্য হৈ পৰিছে।
এইটো এটা ভয়ংকৰ কথা। যদি ক্ষমতাক প্ৰশ্ন কৰা নহয়, তেন্তে প্ৰশ্ন কাক কৰিব, কোনে জনসাধাৰণৰ প্ৰশ্নসমূহৰ উ্ত্তৰ দিব আৰু জনসাধাৰণে ভুগি থকা সমস্যাসমূহ কোনে নিৰ্বাচিত চৰকাৰখনৰ আগত দাঙি ধৰিব? কিছুমান সংবাদ মাধ্যমে বিপক্ষক প্ৰশ্ন কৰাৰ নামতেই আলোচনাৰ আয়োজন কৰে। গণতন্ত্ৰত বিপক্ষ শক্তিশালী হোৱাটো প্ৰয়োজন আৰু বিপক্ষকো সময়ে সময়ে প্ৰশ্ন কৰাৰো প্ৰয়োজন আছে। কিন্তু চৰকাৰক সুধিবলগীয়া কথাবোৰ বিপক্ষক সোধাটো মূৰ্খামি বা নাটকৰ বাহিৰে আন একো নহয়।
বৰ্তমান একাংশ সাংবাদিকে নিজৰ নৈতিকতাক বিসৰ্জন দি সংবাদ মাধ্যমৰ এই পবিত্ৰ বৃত্তিটোক কলুষিত কৰিছে।শীত–তাপ নিয়ন্ত্ৰিত কোঠা এটাত সোমাই কেৱল মাথো চিঞৰি থকাটোৱেই কোন দিনাৰ পৰা সাংবাদিকতা বুলি আমি গ্ৰহণ কৰা হ’লো সেইটো বিচাৰ্য বিষয়। আমি সৰুতে স্কুলত পঢ়োতেও তেনে ধৰণে চিঞৰা কিন্তু মনত নপৰে।
যি সময়ত তলাবন্ধৰ বাবে সমগ্ৰ দেশ এক প্ৰকাৰ স্তব্ধ হৈ পৰিল, সেই সময়তো কিন্তু আমাৰ সংবাদ মাধ্যমত একেই আগৰ দৰে হিন্দু–মুছলমানৰ আলোচনা সগৌৰৱে চলি থাকিল। যি সময়ত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যম ক’ৰ’না মহামাৰীৰ ওপৰত বাতৰি পৰিৱেশন কৰাত ব্যস্ত, সেই সময়ত আমাৰ সংবাদ মাধ্যমে কিন্তু ক’ৰ’না মহামাৰীক ধৰ্মৰ সাজ পিন্ধোৱাত ব্যস্ত আছিল। আৰু আমি তেনেকুৱা সংবাদ মাধ্যমৰ জৰিয়তেই লাভ কৰা খবৰক খবৰ বুলি ভাৱি, সেইসমূহ আলোচনাকে নিজৰ সমস্যা বুলি ভাবি নিজকে একো একোজন তথ্য সমৃদ্ধ ব্যক্তি বুলি ভবাৰ ভুল কৰি আছো।
তলাবন্ধৰ বাবে সমগ্ৰ দেশ বৰ্তমান এক কঠিন পৰিস্হিতিৰে গতি কৰি আছে, যদিও বৰ্তমান বহু ঠাইত কিছু শিথিলতা অনা হৈছে। তলাবন্ধৰ প্ৰথম পৰ্যায়ত প্ৰায় সকলো মানুহেই কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু আটাইতকৈ বেছি কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল সেইসকল শ্ৰমিক যিয়ে জীৱিকাৰ বাবে অন্য চহৰত কাম কৰিছিল।
তলাবন্ধৰ বাবে তেওঁলোক কোনো কাম অবিহনেই সেই চহৰবোৰত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈ পৰিছিল।এই সময়ছোৱাত বহুতেই জীৱ–জন্তুতকৈও বেয়া পৰিস্হিতিত থাকিবলগীয়া হৈছিল,বহুত শ্ৰমিকৰ পৰিয়ালে অনাহাৰে দিন কটাবলগীয়া হৈছিল।আৰু এই সমূহ শ্ৰমিকৰ একাংশই যেতিয়া ঘৰ যাবলৈ মুম্বাইৰ বান্দ্ৰা ষ্টেছনত ভিৰ কৰিছিল, তেতিয়া এই সংবাদ মাধ্যমৰ একাংশই তেওঁলোকক অভিনেতা বুলি অভিহিত কৰিছিল।
যি সংবাদ মাধ্যমক সমাজৰ একেবাৰে শেষৰ শ্ৰেণীৰো প্ৰতিনিধি বুলি কোৱা হয়, তেনে সংবাদ মাধ্যমৰ এয়া নমুনা যিয়ে অসহায় শ্ৰমিকক অভিনেতা সজাই তোলে। এনেবোৰ ঘটনাই কিন্তু এটা প্ৰশ্নৰ উত্থাপন কৰে যে লাহে লাহে সংবাদ মাধ্যমে সমাজৰ পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰাৰ পৰা নিজকে আতৰাই আনিছে নেকি ?
এই মহামাৰীৰ সময়ত যিসকল চিকিৎসকক ক’ৰ’নাৰ বিৰুদ্ধে হোৱা যুঁজত সৈনিক বুলি কোৱা হৈছে, সেই চিকিৎসক সকলে চৰকাৰে কোৱাৰ দৰে সকলো সা–সুবিধা পাইছেনে, কৃষকসকলে উৎপাদন কৰা শস্যৰ বাবে বজাৰ পাইছেনে, যদি পোৱা নাই তেম্তে তেওঁলোকে শস্য সামগ্ৰীবোৰৰ কৰিছে কি, চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ জনসাধাৰণে ভালধৰণে পাইছেনে,শিক্ষাৰ্থীসকলৰ যি শিক্ষাৰ ক্ষতি হৈছে সেয়া অনলাইন ব্যৱস্হাৰে পূৰণ হ’ব নে কিবা অন্য উপাই চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজন,এই মহামাৰীৰ বিষয়ে একেবাৰে ভিতৰুৱা গাঁৱৰ মানুহ কিমান সজাগ আৰু যদি সজাগ নহয়, তেন্তে সজাগতা সৃষ্টিৰ বাবে চৰকাৰ বা স্বেচ্ছাসেৱী সংগঠন সমূহৰ পৰা কিবা ব্যৱস্হা লোৱা হৈছে নেকি, চৰকাৰে যিসমূহ ব্যৱস্হা(একাউন্টত টকা দিয়া, বিনামূলীয়া চাউল,চিলিণ্ডাৰ আদি) বৰ্তমানৰ পৰিস্হিতিৰ লগত মোকাবিলা কৰিবলৈ লৈছে সেইসমূহেই মানুহৰ প্ৰয়োজন পূৰণ কৰিছে নে মানুহে এইসমূহৰ পিছতো সমস্যা ভোগ কৰি আছে ইত্যাদি প্ৰশ্ন বোৰৰ ওপৰত সংবাদ মাধ্যমে অনুসন্ধান চলাই বাতৰি পৰিৱেশন কৰাৰ প্ৰয়োজন আছিল।
কিন্তু কিমানে এই কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাতৰি পৰিৱেশন কৰিছে,প্ৰকৃত ছবিখন জনসাধাৰণক দিবলৈ প্ৰয়াস কৰিছে, এই কথা আপুনি ভালদৰে লক্ষ্য কৰিলে গম পাব যে অতি কম সংখ্যক সংবাদ প্ৰতিষ্ঠানেহে এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এইবোৰৰ অধিকাংশই মুখ্য ধাৰাৰ সংবাদ মাধ্যম হোৱাৰ পৰিৱৰ্তে অনলাইন চেনেলহে।
গতিকে সংবাদ মাধ্যমসমূহে নিজৰ দোষবোৰ চালি–জাৰি চাই এই সকলোবোৰ কথাক গুৰুত্বসহকাৰে লোৱাৰ লগতে গণতন্ত্ৰৰ প্ৰতি থকা নিজৰ দায়িত্বক নিষ্ঠাসহকাৰে পালন কৰিব লাগিব।সংবাদ মাধ্যমসমূহৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ওপৰতে আচলতে গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে।
গতিকে যিদৰে গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰয়োজন আছে, ঠিক সেইদৰে সংবাদ মাধ্যমসমূহে নিজৰ দায়িত্ব পালন কৰাৰো প্ৰয়োজনীয়তা আছে।
লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ
ফোন : 7577099383