ভাষাবিজ্ঞানৰ সুদীৰ্ঘ ইতিহাসত ইয়াক সদায় এক মানৱীয় বা প্ৰাকৃতিক বিজ্ঞান হিচাপেই গণ্য কৰি অহা হৈছে৷ একোটা বৰ্ণৰ আকাৰ, বিস্তাৰ তথা কাৰ্ভসমূহৰ সন্মিলিত ইউনিটক আখ্যা দিব পাৰি ফিজিক্স অব লেংগুৱেজ বুলি৷ একোটা শব্দ, তাৰপৰা সৃষ্ট বাক্য- এইসমুহে একোজন লেখকৰ মানসিক অন্তৰ্জগতৰ একোখন ছবি পাঠকৰ সমুখত ঠিয় কৰায়৷
কিন্তু মন কৰিলে অনুভৱ কৰিম, যে বৰ্ণৰ (alphabet) ভাঁজবোৰে সুদক্ষ স্থপতিৰ দৰেএই ছবিখন গঠন কৰি তোলে৷ উদাহৰণস্বৰূপে – নীলা, ওখ, আকাশ, মৃত্যু, জীৱন– ইত্যাদি বিভিন্ন শব্দত বৰ্ণবোৰৰ যি কাৰ্ভ, সিয়ে শব্দটোৱে বুজাব খোজা ইমেজটোৰ এটা ভাৰ্চুৱেল প্ৰতিফলনৰ সৃষ্টি কৰে, যাৰ ফলত আমাৰ মগজুত সেই শব্দবোৰৰ এখন concrete কেনভাচ গঢ়ি উঠে৷ ধাৰণা যিমানেই absurd নহওঁক, সি সৃষ্টি কৰা ছবিখন concrete হ’লেহে ই পাঠকৰ বোধগম্য হব৷
সেইবাবেই প্ৰত্যেক ভাষাৰ, প্ৰতিটো বৰ্ণৰ আকাৰ (shape, size, curve) বেলেগ বেলেগ হয়৷ শিশুৰ আখৰ শিকাৰ প্ৰাৰম্ভিক সময়ছোৱাত সেইবাবেই নিজৰ ভাষাৰ বৰ্ণমালাৰ লগত মিলাকৈ বিভিন্ন ছবি দেখুওৱা হয়, যাতে বৰ্ণটোৰ লগতে ছবিখনৰ ডাইমেনশ্যনটোৱে মিলি শিশুটিৰ মগজুত সেই বৰ্ণটোৰ এক ইমেজ গঠন কৰিব পাৰে৷ দৃষ্টি বঞ্চিত শিশুক এইক্ষেত্ৰত একেদৰেই সহায় কৰে ব্ৰেইল পদ্ধতিত, embossed শৈলীত লিখিত বৰ্ণৰ স্পৰ্শগম্য আকাৰে৷
আইজাক নিউটনে গুৰুত্ব আৰোপ কৰিছিল ভাষাৰ mechanism of articulation (উচ্চাৰণৰ প্ৰণালী) ৰ ওপৰত আৰু আইনষ্টাইনে বিশেষভাৱে কৈছিল structuralism (সংৰচনাবাদ)ৰ কথা৷ এই দুয়োটাৰ শুদ্ধ শিক্ষা অবিহনে ভাষাশিক্ষাৰ বিশুদ্ধতা সংকটৰ সন্মুখীন হয়৷ ভৌগোলিক ক্ষেত্ৰৰ বিভিন্ন অঞ্চলবিশেষে একেটা ভাষাই ভিন্ন দ্বন্দ্বমূলক অৰ্থাৎ দোৱানজনিত প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হয়, কিন্তু আক্ৰান্ত নহয়৷ ইয়াৰ ভাষাৰ পাৰম্পৰিক নিদানতত্বৰ আওতাতে শুদ্ধ বুলি মানি লব পাৰি৷
Absurd (উদ্ভট) নাটকৰ সুন্দৰতম উদাহৰণ হৈছে চেমুৱেল বেকেটৰ কালজয়ী নাট “ৱেটিং ফৰ গড’ “, #গড নহয় কিন্তু৷ কিয়নো গড বুলি লিখাৰ লগে লগে এই বৰ্ণ দুটাৰ আকৃতিয়ে মানুহক এজন নিৰাকাৰ ঈশ্বৰৰ ধাৰণা দিয়ে, কিন্তু নাটখনত ঈশ্বৰ এটা চৰিত্ৰ, এজন পালনহাৰ, যদিও তেঁও নাটখনৰ কতোৱেই দৃশ্যমান নহয়, তথাপিও #গড’ বুলি লিখাৰ লগে লগেই দৰ্শকে এজন শান্ত, সৌম্য ত্ৰাণকৰ্তাক ভিজুৱেলাইজ কৰে৷ #গড’ ৰ সমগ্ৰ ধাৰণাটোৱেই উদ্ভট, কিন্তু তেঁও দৰ্শকৰ মনত সৃষ্টি কৰা ছবিখন concrete. ইয়াত সুসংপৃক্ত নাটকীয় নেৰেটিভৰ লগতে বৰ্ণ দুটাৰ ভুমিকাও অতি গুৰুত্বপুৰ্ণ৷ ন’হলে গড বুলি লিখিলেওতো হ’লহেঁতেন !
এটা দীৰ্ঘম্যাদী বিভাজনে মস্তিষ্কক দুটা পৃথক হেমিষ্ফিয়েৰত বিভাজিত কৰে, যি কৰ্পাছ কেলোচম নামৰ এক স্নায়ুসংগঠনৰ( nerves fibre bundle) দ্বাৰা সংযোজিত হৈ থাকে৷ মস্তিষ্কৰ বাওঁ হেমিষ্ফিয়েৰে বৰ্ণমালাৰ আকৃতি আৰু আকাৰ চিনাক্ত কৰে আৰু সেই কোষীয় স্থাপত্যৰ পৰা এক নিৰ্দিষ্ট ছবি সৃষ্টি কৰিবলৈ সোঁ হেমিষ্ফিয়েৰলৈ প্ৰেৰণ কৰে। ভাষাতত্ব বা linguistics এক বিশুদ্ধ বিজ্ঞান, যাৰ অবিহনে কোনো ভাষাৰেই শিক্ষা সম্পূৰ্ণ নহয়৷
বৰ্ণৰ আকাৰ, ভাঁজ– এই সকলোবোৰ নীৰৱ, কিন্তু ই নীৰৱে থাকিয়েই মূৰ্ত কথকতাৰ উৰ্দ্ধত বহু বেছি কথা কৈ যায়৷
শব্দযাত্ৰা, ভাষাৰ লিংগ আৰু আধেয়ৰ অভিক্ৰিয়া
“Great literature is simply language charged with meaning to the utmost possible degree.”
– এজৰা পাউন্ড
এটা ভাষাৰ যেতিয়া লিখিত ৰূপত জন্ম হয়, তেতিয়া সি কিছু গ্ৰাম্য বিন্যাসত থাকে, কিন্তু সেই ভাষীক গোষ্ঠীৰ মাজত তাৰ আবেদন (appeal) নকমে৷ এ্যংল’ চেক্সন যুগত চচাৰৰ যি ভাষা আছিল, বেটল্ অফ হেষ্টিংছৰ পাছত এ্যংলো নৰ্মান যুগত যি ফঁৰাচী প্ৰভাৱিত, একধৰণৰ সন্মিলিত ভাষাৰ সৃষ্টি হৈছিল (জন্ম নহয়), বা তাৰ পাছৰ যুগত শ্বেইক্সপীয়েৰৰ যি আধুনিক আৰু সমৃদ্ধিশালী ইংৰাজী ভাষা আছিল, সকলোতে একোটা বিশেষ যুগসম্বলিত শক্তি আছিল৷
মন কৰিলে দেখা যায়, সংস্কৃতৰ বাহিৰে পৃথিৱীৰ অধিকাংশ ভাষাই ভাষিক প্ৰব্ৰজনৰ (linguistic migration) ৰ সৃষ্টি আৰু সমষ্টি৷ তেনেকৈ অসমীয়া ভাষাত, মহাপুৰুষ দুজনাৰ যি বজ্ৰাৱলী ভাষা আছিল, বা তাৰ পিছত বিভিন্ন সাংস্কৃতিক, ভাষীক বা সামাজিক সংস্পৰ্শ তথা উত্তৰণৰ মাধ্যমেৰে অসমীয়া ভাষাৰ যি পৰিবৰ্তন হ’ল, সেয়া বিভিন্ন সময়ৰ, বিভিন্ন লেখকৰ লিখনিত স্পষ্ট ৰূপত ধৰা দিয়ে ৷
উদাহৰণস্বৰূপে মিৰি জীয়ৰীৰ যি ভাষা, অসীমত যাৰ হেৰাল সীমাৰ ভাষা তাতকৈ বেলেগ ৷ তেনেকৈ সৌৰভ চলিহাৰ ভাষাৰ যি উত্তৰ আধুনিক আৰবান স্বাচ্ছন্দ্য, ড• ভবেন্দ্ৰনাথ শইকীয়াৰ তাতকৈ বেলেগ, নব্যৰমন্যাসবাদ, চেতনাস্ৰোত ধাৰা আৰু ইউৰোপীয় সাহিত্যৰ কফি হাউচ সংস্কৃতিৰ লগতে, থলুৱা সংস্কৃতিৰ উপাদান আৰু বিষয়বস্তুৰে ভৰা, মহানগৰীয় ৰূপকৰ সাৱলীল প্ৰকাশেৰে নৱকান্ত বৰুৱাৰ সৃষ্টিসমূহৰ যি ভাষিক লালিত্য, তাৰ সৈতে মহেন্দ্ৰ বৰা ছাৰৰ মিল আছে, কিন্তু হোমেন বৰগোহাঞি দেৱৰ নাই ৷
এই সকলো সংগঠিত বৈচিত্ৰ্যৰ মাজত যি শক্তিয়ে এটা ভাষাক সমৃদ্ধ কৰি ৰাখে, সি হৈছে তাৰ চৰিত্ৰ বা অনুভৱলব্দ্ধ লিংগ৷ কোনোৰ ভাষা বিশুদ্ধ পৌৰুষপূৰ্ণ (masculine), কোনোৰ feminine(স্ত্ৰীলৈঙ্গী) ,কোনোৰ আকৌ কোমলতাৰে ভৰা মেচক্যুলিন. এই ক্ৰচ কালচাৰেল যুগত কথিত ভাষাৰ লিখিত ব্যৱহাৰকে ধৰি সুস্হ ভাষিক সংমিশ্ৰণৰ গ্ৰহণযোগ্যতা নিশ্চয় উলাই কৰিবলগীয়া বিষয় নহয়৷ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ “শান্ত শিষ্ট হৃষ্ট পুষ্ট মহা দুষ্ট” শীৰ্ষক শিশু উপন্যাসখনত তেখেতে কেইবাবাৰো মাংসৰ সলনি ‘মাংচ’ বুলি লেখিছে, সুশ্ৰাব্য শ্রুতি প্রভাবৰ বাবে৷
ভাষাৰ acceptance and essence (গ্ৰহণযোগ্যতা আৰু সাৰ), দুটা সম্পুৰ্ণ বেলেগ কথা, কাৰণ ইয়াত পাঠকগৰাকীৰ নিজস্ব ভাৱনাৰ স্তৰ জড়িত হৈ থাকে, যাৰ কাৰণে কোনোৱে ৰাতিৰ কোমল নক্ষত্ৰ সংগীতৰ বৰ্ণনা ভাল পোৱাৰ বিপৰীতে কোনোবাই সেই একেই নক্ষত্ৰত মৃত প্ৰিয়জনৰ মুখ দেখা পায়৷ এই সকলো ভাষিক ট্ৰিটমেন্টৰ ফল৷ এই সকলো বৰণ আৰু ভাষীক উষ্ণতা কিন্তু ভাষা এটাৰ লিংগীয় আৰু চাৰিত্ৰিক বৈশিষ্টই নিৰ্ধাৰণ কৰে ৷
যাৰ বাবেই উত্তৰাধুনিক যুগৰ ভাষা স্বকীয়তাৰে যিমান শক্তিশালী (যেতিয়ালৈকে ভ্ৰষ্ট বা maltreated নহয়), “নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি” শুনিলে যি আত্মাভিৰাম অনুভৱৰ জন্ম হয়, মহাপুৰুষজনাৰ “আহে কম্পিত মাধৱ নয়ন জুৰাই” শুনিলেও সেই একেই অন্তৰ ভৰি অহা সমীহৰ সৃষ্টি হয়৷
NEHU ৰ ছাত্ৰী হৈ থাকোতে আমি ভালপোৱা এজন অধ্যাপক আছিল শ্ৰদ্ধাৰ গাঙ্গুলী ছাৰ৷ এনেকুৱা নহয় যে তেঁও পঢ়ালে আমাৰ মন মগজুত সকলো কথা সলসলীয়াকৈ সোমাই গৈছিল, বৰঞ্চ ছাৰ অলপ কৰ্কশভাষীহে আছিল৷ অকণমান তুৰি মুৰি কৰিলেই get lost বুলি কৈ ক্লাচৰ পৰা উলিয়াই দিছিল৷ সহজ ভাষাত মুডী, আকোঁৰগোজ৷ কিন্তু ছাৰে এলিয়ট পঢ়াইছিল, এলিয়টৰ ওপৰত ছাৰৰ দখল আছিল অসামান্য, বিস্ময়কৰ আৰু পঢ়াঁওতে ছাৰৰ বডী লেংগুৱেজ আছিল অতি ভাললগা, স্বচ্ছন্দ, প্ৰবাহমান৷
বোধকৰো ছাৰৰ এলিয়টৰ ওপৰত থকা জ্ঞানেই বিষয়টো পঢ়াওঁতে তেঁওক সেই আত্মবিশ্বাসী ৰূপ প্ৰদান কৰিছিল, যিটো অ’ডেন বা য়েটছ পঢ়াওঁতে দেখা নাছিলো৷ পিছত উপলব্ধি কৰিছিলোঁ যে ছাৰ কোমল ৰমন্যাসবাদী সাহিত্যৰ বা সেই genre টোৰ মানুহ নাছিল, তেখেত আছিল জটিল বিষয়বস্তু এটাক সুদক্ষ বুদ্ধিমত্তাৰে পৰিচালনা কৰা মানুহ৷ ঠিক যেনেকৈ দক্ষ মানুহ এজনে চোকা দা এখন লৈ টান নাৰিকল এটাৰ বাকলিখিনি পলকতে গুচাই ভিতৰৰ শাহখিনি উলিয়াই আনে, যিটো কৰিবলৈ হয়তো নজনা মানুহ এজনক বহুত সময় লাগিব বা প্ৰক্ৰিয়াটোত হাতত আঘাত পাই উজুটি খাব৷ ছাৰে প্ৰায়ে আমাক এটা কথা সুধিছিল, বা কৈছিল, যে What is poetry? What is a novel? What is a story? Or a film? Why do you go through some works constantly in a repeat mode and why do you keep some worthy works aside and read them only when you “need”?
প্ৰশ্নটোৰ উত্তৰ ছাৰে নিজেই দিছিল, এনে ধৰণে, “তুমি কবিতা, গল্প, উপন্যাস, যিয়েই নিলিখা, লাগিলে এখন ফিল্ম নিৰ্মাণ কৰা, তাৰ প্ৰথম চৰ্তটো হ’ল তোমাৰ ট্ৰিটমেন্টত পাঠক আৰু দৰ্শকে উজুটি খাব নালাগিব৷ এনেকুৱা লাগিব নালাগিব যে লেখক বা চিত্ৰনিৰ্মাতাজনে তোমাক শব্দ বা ভিজুৱেলৰ জৰিয়তে মুৰত হাতুৰীৰে কোবাইছে৷ বৰঞ্চ এনে অনুভৱ হ’ব লাগিব, যে তুমি দুৰ্গম গন্তব্যস্হানলৈ এটা ৰোমাঞ্চকৰ অভিযানৰ মাজেৰে গৈ আছা, য’ত যাত্ৰাপথৰ অলেখ কঠিনতাইও তোমাক আঘাত কৰিব পৰা নাই৷”
যদি ভালকৈ মন কৰা যায়, দেখিবলৈ পোৱা যাব যে পৃথিৱীৰ সমাদৃত মাষ্টাৰপিছসমুহ (গ্ৰন্হ/ ফিল্ম) ইসমুহৰ অসামান্য কনটেন্টৰ বাবে বিখ্যাত হোৱা নাই, কাৰণ কনটেন্ট সময়সৃষ্ট, পৰিবেশৰ অৱদান, কিন্তু তাৰ অভিক্ৰিয়াৰ সৃষ্টি কৰে লেখকে৷ কোনো কনটেন্ট অসাধাৰণ নহয়, তাৰ ট্ৰিটমেন্টৰ অভিগম্যতা যেতিয়া অসাধাৰণ হয়, তাৰ আধাৰত সৃষ্টি হয় মহান সাহিত্যৰ৷ যুদ্ধোত্তৰ ইউৰোপৰ বুৰঞ্জীসৃষ্ট সময়ৰ জটিল বাগধাৰাক এলিয়টে সৃষ্টি কৰা নাছিল, তেঁও তেঁওৰ অসামান্য ট্ৰিটমেন্টেৰে এই ইতিহাসক এক মহাকাব্যলৈ অধিৰূপান্তৰিত কৰিছিল৷
এটুকুৰা শুকান কাঠক এজনে “শুষ্কং কাষ্ঠং” বুলি কৈছিল আৰু মহাকবি কালিদাসে কৈছিল “নীৰস তৰুবৰ” বুলি৷ কাঠটুকুৰাৰ কনটেন্ট কোনো এজনেই সৃষ্টি কৰা নাছিল, পাৰ্থক্য আছিল ট্ৰিটমেন্টৰ, যিয়ে সৃষ্টি কৰিছিল সকলো অসাধাৰণত্বৰ৷