যোৱা ২৮ মাৰ্চৰ পৰা প্ৰতিদিনে অভাৱনীয় ধৰণে চৰকাৰে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ এই মূল্যবৃদ্ধিৰ অৰ্থ কি? ইয়াক আমি কেৱল পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি বুলি ক’মনে সাধাৰণভাবে হোৱা মূল্যবৃদ্ধি বুলি ক’ম?
আনবস্তুৰ মূল্যবৃদ্ধি হ’লে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নহ’ব পাৰে৷ কিন্তু,পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা মানে সকলোৰে মূল্যবৃদ্ধি হোৱা৷ কিয়নো পৰিবহন ব্যৱস্থা অবিহনে ইঠাইৰ বস্তু সিঠাইলৈ নিয়াটো বা ইঠাইৰ মানুহ সিঠাইলৈ অহা যোৱা কৰাটো অসম্ভৱ৷ পৰিবহন মানেই পেট্ৰ’ল বা ডিজেল চালিত যন্ত্ৰ৷ পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হ’লে সেই কাৰণেই সকলো বস্তুৰে মূল্যবৃদ্ধি হয়৷
ভাৰতত কিয় পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য সদায় বাঢ়িয়ে থাকে? ইয়াৰ প্ৰধান কাৰণ হ’ল ভাৰতত যিমান পেট্ৰ’লজাত সামগ্ৰীৰ প্ৰয়োজন,তাৰ মাত্ৰ ২০% হে আমাৰ দেশত উৎপাদন হয়৷ তাৰমানে আমি ৮০%শতাংশতকৈ বেছি পেট্ৰ’লজাত সামগ্ৰী বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমি পেট্ৰ’লজাত সামগ্ৰী আমদানি কৰোঁ৷
প্ৰতি বেৰেল অপৰিশোধিত খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্যৰ ওপৰত আমাৰ দেশৰ পেট্ৰ’লজাত সামগ্ৰীৰ বজাৰ দৰ নিৰ্ভৰ কৰে৷ কিন্তু, এইটো এটা কাৰণহে৷ আন এটা কাৰণ হ’ল এই যে বিভিন্ন কোম্পেনীবোৰে বিদেশৰ পৰা অশোধিত পেট্ৰ’লজাত সামগ্ৰী ভাৰতলৈ আমদানি কৰি শোধন কৰাৰ পিছত বজাৰত এৰি দিয়ে, তাৰ ওপৰত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৰ লগায়৷ সেই কৰৰ ওপৰতো পেট্ৰ’লজাত সামগ্ৰীৰ বিক্ৰী মূল্য নিৰ্ভৰ কৰে৷ সেই কাৰণেই একেখন দেশৰে বেলেগ বেলেগ ৰাজ্যত পেট্ৰ’ল, ডিজেলৰ দাম বেলেগ বেলেগ৷
প্ৰশ্ন হ’ল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে পেট্ৰ’লৰ মূল্য কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পাৰেনে নোৱাৰে? নিশ্চয় পাৰে৷ সময়ে সময়ে এই নিয়ন্ত্ৰণ আমাৰ দেশৰ অৰ্থনীতিৰ বাবে অত্যন্ত জৰুৰী৷
এখন দেশৰ অৰ্থনৈতিক বিকাশ মূলতঃ নিৰ্ভৰ কৰে তিনিটা কথাৰ ওপৰত৷ সেই কথা তিনিটা হ’লঃ প্ৰথম অৰ্থনৈতিক বিকাশৰ বাবে লোৱা আৰ্হিটো বহনক্ষম হয়নে নহয়? যাক ইংৰাজীত আমি sustainable model of development বুলি কওঁ৷ আমি যি অৰ্থনৈতিক আৰ্হিয়ে নলওঁ কিয় সেইটো সকলোফালৰ পৰা বহনক্ষম হ’ব লাগিব৷ নহ’লে মূৰকত ই কেতিয়াও এটা সফল অৰ্থনৈতিক আৰ্হি হিচাপে পৰিগণিত নহ’ব৷ ই আমাৰ ভাল কৰাৰ সলনি বেয়াহে কৰিব৷ দ্বিতীয়তে, আমাৰ অৰ্থনৈতিক কামকাজবোৰ বাঢ়িব লাগিব, অৰ্থাৎ অৰ্থনীতিৰ সম্প্ৰসাৰণ হ’বই লাগিব৷ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Products-GDP) বাঢ়িব লাগিব৷ তাৰ পিছৰ কথাটো আহিল সম্পদৰ বিতৰণৰ কথাটো৷ মুঠ ঘৰুৱা উৎপাদন বাঢ়িলেও তাৰ বিতৰণত যদি এক ধৰণৰ সমতা নাথাকে তাৰ দ্বাৰা দেশৰ সকলো লোক সমানে উপকৃত নহ’ব৷ যিটো বৰ্তমান হৈ আছে৷
Oxfam India Inequality Kills Report মতে ২০২০-২১ ৰ সময়ছোৱাত ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল কেইটাৰ টকা পইছা আৰু সম্পদৰ বৃদ্ধি আছিল অভিলেখ পৰিমাণৰ৷ এই প্ৰতিবেদন মতে এই সময়ছোৱাত ভাৰতত অৰ্থনৈতিক অসমতা ভাবিব নোৱৰা ধৰণে বৃদ্ধি পাইছে৷ কিয়নো এতিয়া দেশৰ মুঠ সম্পদৰ ৫৭% আটাইতককৈ ধনী ১০ জন মানুহৰ হাতত৷ তাৰ বিপৰীতে তলৰ ফালৰ পৰা ৫০% মানুহৰ হাতত মাত্ৰ ১৩% সম্পদহে আছে৷
এই প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ক’ভিড ১৯ অতিমাৰীৰ সময়ত আমাৰ দেশত ৮৪% পৰিয়ালৰ উপাৰ্জন নিম্নগামী হয়৷ এতিয়া ভাৰতৰ সমগ্ৰ সম্পদ যদি দুভাগত ভাগ কৰা হয় তাৰ আধাৰ অধিকাৰী হ’ল দেশখনৰ আটাইতকৈ ধনী ৯৮ জন ভাৰতীয় আৰু বাকী আধাৰ অধিকাৰী হ’ল দেশৰ তলৰ ফালে থকা ৫৫২ মিলিয়ন মানুহ। ভাৰতীয় বিলিয়নাৰী (billionaires)ৰ সংখ্যা ২০২০-২১চনত ১০০ পৰা ১৪২জনলৈ বৃদ্ধি পাইছে৷ এতিয়া ভাৰতৰ আটাইতকৈ ধনী ১০০ টা পৰিয়ালৰ হাতত থকা সম্পদৰ পৰিমাণ হৈছে প্ৰায় ৫৭ লাখ কোটি টকা।
এনে এক অৰ্থনৈতিকভাবে ভাৰসাম্যহীন অৱস্থাত, পাঁচখন ৰাজ্যত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত যোৱা ২৮ মাৰ্চৰ পৰা আজিলৈকে প্ৰতিদিনে পেট্ৰ’লজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰি থকা হৈছে৷ আশংকা কৰা হৈছে যে পেট্ৰ’ল, ডিজেলৰ এই ধাৰাবাহিক মূল্যবৃদ্ধিয়ে আমাৰ দেশৰ অলপীয়া উপাৰ্জনৰ আৰু নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত মানুহখিনিক মাধমাৰ শোধাব, কিয়নো জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সেৱা আৰু সামগ্ৰীৰ দাম বঢ়া কাৰণে তেওঁলোকৰ উপাৰ্জন আৰু খৰচৰ মাজৰ ব্যৱধান বাঢ়ি যাব৷ মাহিলী উপাৰ্জনেৰে মাহিলী খৰচৰ জোৰা মাৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হ’ব৷ এনে অৱস্থাত মানুহে হাতধৰি খৰচ কৰিবলৈ বাধ্য৷ মানুহে খৰচ নকৰিলে অৰ্থনৈতিক কাম কাজ কমি আহিব৷ অৰ্থনৈতিক কামকাজ কমি আহিলে, দেশৰ অৰ্থনীতি সংকুচিত হ’ব আৰু তাৰ প্ৰভাৱ আমাৰ মুঠ ঘৰুৱা উৎপাদনৰ ওপৰতো পৰিব৷ লাহে লাহে দেশত এক অৰ্থনৈতিক সংকটে দেখা দিব৷
কিন্তু তাৰ পৰিৱৰ্তে যদি চৰকাৰে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিলেহেঁতেন তাৰ দ্বাৰা কিছু পৰিমাণে হ’লেও সাধাৰণ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পৰা গ’লহেতেন৷ যাৰ দ্বাৰা আমাৰ দেশৰ অৰ্থনৈতিক কাম কাজ সম্প্ৰসাৰিত হ’লহেঁতেন আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ’লহেঁতেন৷ ই দেশৰ জনসাধাৰণ উপকাৰ কৰিলেহেঁতেন ৷ কিন্তু, চৰকাৰে ক’ব পাৰে যিহেতু ৮০%তকৈ সৰহ পৰিমাণৰ পেট্ৰ’লজাত সামগ্ৰী বিদেশৰ পৰা আমদানি কৰি অনা হয়, আৰু এতিয়া ৰাচিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বাবে যিহেতু খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য বাঢ়ি আছে চৰকাৰৰ হাতত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ কোনো ক্ষমতা নাই৷ এই কথাটো সম্পূৰ্ণ সঁচা নহয়৷
ইতিমধ্যে উল্লেখ কৰা হৈছে যে এতিয়া আমি যি দৰত বজাৰৰ পৰা পেট্ৰ’ল বা ডিজেল কিনি আছোঁ তাৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰ লগায়৷ পেট্ৰ’লত আমি প্ৰায় ৫০% আৰু ডিজেলত প্ৰায় ৪০% কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কৰ দিওঁ৷ চৰকাৰে খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু, খাৰুৱা তেলৰ ওপৰত নিৰ্দ্ধাৰিত কৰ কাটল কিছু পৰিমাণে কমাই দিব পাৰে৷ কিয় ভোটৰ খাতিৰত দেখোন পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত প্ৰায় চাৰি মাহলৈ খাৰুৱা তেলৰ মূল্য অপৰিৱৰ্তিত কৰি ৰখা হৈছিল৷ যাৰ কাৰণে চৰকাৰী খণ্ডৰ অইল কোম্পেনীবোৰৰ প্ৰায় ১৭০০০ কোটি টকাৰ লোকচান হৈছিল৷
নিৰ্বাচনৰ সময়ত সাময়িকভাবে মূল্যবৃদ্ধি ৰেহাই দি ৰাইজৰ মন ভাল লগাই নিৰ্বাচন যোৱাৰ পিছত এতিয়া প্ৰতিদিনে খাৰুৱা তেলৰ মূল্যবৃদ্ধি কৰি চৰকাৰে ৰাইজৰ পৰাই সেই ধনৰাশি উঠোৱাৰ উপায় লোৱা নাইনে? ই এক ধৰণৰ চৰকাৰী প্ৰতাৰণা নহয়নে? কিন্তু, এটা কথা ঠিক৷ এই হাৰত যদি খাৰুৱা তেলৰ মূল্যবৃদ্ধিহৈ থাকে অতি শীঘ্ৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহহৈ পৰিব৷ কোন দিনা দেশত শ্ৰীলংকাৰ দৰে হাহাকাৰ লাগে তাৰ ঠিকনা নাই৷