• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

ড° অপূৰ্ব কুমাৰ বৰুৱা by ড° অপূৰ্ব কুমাৰ বৰুৱা
May 27, 2022 7:08 pm
temple-mosque row in India
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্দিৰেই হওক, মছজিদেই হওক বা গীৰ্জাই হওক যি কোনো ক্ষেত্ৰতে এটা ধৰ্মৰ লোকে আনৰ উপাসনাৰ ঠাই ধ্বংস কৰি তাৰ ঠাইত নিজৰ উপাসনাৰ স্থান সাজি উলিওৱাটো অত্যন্ত গৰ্হিত কাম। এই বিষয়ে সন্দেহ নাই। ভাৰতত মন্দিৰ মছজিদ ধ্বংশ সম্পৰ্কত আলোচনা কৰোতে আমি পাহৰা উচিত নহয় যে আধুনিক যুগত গৰ্হিত বুলি বিবেচিত এই কামটো অতীতৰ ৰজা-মহাৰজা আৰু সম্ৰাট সকলৰ বাবে এক গ্ৰহণযোগ্য ৰীতি আছিল। কাৰণ প্ৰায় সকলোবোৰ ৰজাই ধৰ্মৰ দোহাই দি শাসন কৰিছিল।

সামন্ত যুগত ৰজাক ভগৱানৰ প্ৰতিনিধি বুলি প্ৰচাৰ কৰা হৈছিল। ইশ্বৰৰ ইচ্ছাতে শাসন কৰা বুলি ক’লে সাধাৰণ প্ৰজাৰ আনুগত্য লাভ কৰাটো সহজ হৈছিল। বৈধতাৰ ভেঁটি আছিল ধৰ্ম। এজন ৰজাই সাম্ৰাজ্য বিস্তাৰৰ কাৰণে আন এজন ৰজাৰ ৰাজ্য আক্ৰমণ কৰি জয়ী হোৱাৰ পিছত পৰাভূত ৰজাৰ কৰ্তৃত্বক নিঃচিহ্ন কৰাটো প্ৰয়োজন বুলি ভবা হৈছিল। শত্ৰু ৰাজ্যৰ প্ৰজাক নিজৰ অনুগত কৰাৰ প্ৰয়োজন হৈছিল। শত্ৰু ৰজাই পৃষ্ঠপোষকতা কৰা ধৰ্মৰ পতীক আছিল উপাসনাৰ বাবে সজা স্তুপ, মন্দিৰ, মজজিদ, গীৰ্জা আদি। গতিকে শত্ৰুপক্ষৰ ধৰ্মৰ প্ৰভাৱ নোহোৱা কৰিবলৈ আৰু নিজৰ ধৰ্মৰ প্ৰতি ভয়-ভীতি সৃষ্টিৰ বাবে শত্ৰুৰ উপাসনাস্থলী আক্ৰমণ কৰাটো তেতিয়া সাধাৰণ কথা আছিল।

Apply Now

তদুপৰি ধৰ্মপীঠ আৰু উপাসনাস্থলী সমূহত প্ৰচুৰ ধন সম্পত্তি থুপ খাই আছিল। সেই সম্পত্তি দখলৰ বাবে শত্ৰু পক্ষই চেষ্টা নকৰাটোহে অস্বাভাৱিক। সেয়েহে সমগ্ৰ বিশ্বতে বিজয়ী সকলে পৰাভূতৰ ধৰ্মীয় পৰম্পৰাক ধূলিসাৎ কৰি আগৰ ৰজাৰ কৰ্তৃত্বক উপলুঙা কৰাৰ এক ৰীতি প্ৰচলিত আছিল। ইয়াৰ উদ্দেশ্য আছিল সাধাৰণ প্ৰজাৰ মনত নতুন কৰ্তৃত্বৰ প্ৰতি ভীতিৰ সঞ্চাৰ কৰা আৰু বিজয়ীৰ গৰিমা প্ৰকাশ কৰা। অৱশ্যে ইয়াৰ লগতে সকলো শাসকৰে নিজৰ অহংকাৰ চৰিতাৰ্থ কৰাৰ চেষ্টা আৰু ধৰ্মীয় স্থানৰ সম্পত্তি দখল কৰাৰ আকাংক্ষাও জড়িত আছিল।

পশ্চিমত খীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা ৰজা বোৰৰ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰাৰ আগতে তাত অখ্ৰীষ্টিয়ান সকলৰ প্ৰভাৱ আছিল। এওঁলোকক খ্ৰীষ্টিয়ান সকলে বিধৰ্মী বুলি জ্ঞান কৰিছিল। খ্ৰীষ্টিয়ান-অখ্ৰীষ্টিয়ানৰ মাজৰ বিবাদৰ ইতিহাস খুচৰিলে দেখা যায় যে, সকলোৰে প্ৰতি প্ৰেমৰ বাণী প্ৰচাৰ কৰা যীশুৰ উপাসক সকল আৰু এই ধৰ্মত বিশ্বাস নকৰা নানা ধৰণৰ দেৱ-দেৱী উপাসক “বিধৰ্মী” সকল এই দুয়ো পক্ষই পৰস্পৰৰ উপাসনাৰ ঠাই ধ্বংস কৰিছিল। ৰোমান সাম্ৰাজ্যত ৩০৬ খ্ৰীষ্টাব্দৰ পৰা ৩৩৭ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা কনষ্টেনটাইনে অখ্ৰীষ্টিয়ান সকলৰ মন্দিৰ ধ্বংস কৰি তাৰ ঠাইত গীৰ্জা সাজিছিল।

কিন্তু তেওঁ যুক্তি দিছিল যে, খ্ৰীষ্টিয় দ্বিতীয় শতাব্দীত হাৰ্ডিয়া নামৰ অখ্ৰীষ্টান ৰজাই যীশুক ক্ৰছত দিয়া গলগথা পাহাৰত নিজ ধৰ্মৰ মন্দিৰ সাজিছিল। তেওঁৰ মতে এই কাম কৰি অখ্ৰীষ্টিয়ান ৰজাই খ্ৰীষ্টিয়ান ধৰ্মৰ লোক সকলক অপমান কৰাৰ উপৰিও খ্ৰীষ্টিয়ান সম্পত্তিৰ ওপৰত হাৰ্ডিয়াই অনাধিকাৰ কৰ্তৃত্ব খটুৱাইছিল। খ্ৰীষ্টিয়ান সম্পত্তি পুনৰুদ্ধাৰৰ বাবেহে তেওঁ অখ্ৰীষ্টিয়ান মন্দিৰ ধ্বংস কৰিছিল। যুক্তিটো চিনাকি যেন লাগিব পাৰে।

এনে আৰু অনেক উদাহৰণ দিব পাৰি। কিন্তু মূল কথাটো হ’ল সামন্ততন্ত্ৰ আৰু সাম্ৰজ্যৰ দিনত ৰজাই যিহেতু ভগৱানৰ নামত নিজৰ বৈধতা প্ৰতিষ্ঠা কৰিব খুজিছিল, সেই বাবে পৰভূত শক্তিৰ উপাসনাস্থল বোৰ ধ্বংস কৰি নিজ ধৰ্ম আৰু উপাসনা পদ্ধতিক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব খুজিছিল। সেয়েহে যিকোনো ৰজাই আনৰ উপাসন থলী ধ্বংস কৰি তাৰ ঠইত নিজ ধৰ্মৰ উপাসনা স্থলী গঢ়ি তোলাটো একো আচৰিত কথা নাছিল। এইটো ৰাজনীতিৰ এক প্ৰচলিত প্ৰথা আছিল।

ধৰ্ম নিৰ্বিশেষে অতীজৰ ভাৰতৰ ৰজা মহাৰজা বা সম্ৰাট সকলো এই পৰম্পৰাৰ ব্যতিক্ৰম নাছিল। দশম শতিকাৰ ৰাষ্ট্ৰকুট ৰজা তৃতীয় ইন্দ্ৰই শত্ৰু প্ৰতিহাৰৰ ৰাজ বংশই পৃষ্ঠপোষকতা কৰা কালাপিয়াৰ মন্দিৰ ধ্বংশ কৰিছিল। বাৰ শতিকাৰ ৰাজতৰংগিনিত উল্লেখ কৰা হৈছিল যে, অশোকৰ পুত্ৰ জালাউক শিৱৰ ভক্ত হৈ বৌদ্ধ স্তূপ আৰু বৌদ্ধ ভিক্ষু সকলে প্ৰতিষ্ঠা কৰা আশ্ৰম সমূহ ধ্বংশ কৰিছিল। পুষ্যমিত্ৰই বৌদ্ধ ভিক্ষু সকলৰ উপাসনাৰ স্থান কুতটাৰমা ধ্বংশ কৰাৰ কথা বৌদ্ধ পৰম্পৰাগত “সংস্কৃত”ত পোৱা যায়। অশোকৰ দিনৰ পৰা বৌদ্ধ ধৰ্মৰ এক পীঠ হৈ থকা সান্সীত এনে ভগ্নাৱেশেষ পোৱা গৈছে যি প্ৰমাণ কৰে যে, বৌদ্ধ ধৰ্মৰ লগত জড়িত স্মাৰক সমূহক অশোকৰ পিছৰ হিন্দু ৰজা সকলে আক্ৰমন কৰি ধ্বংস কৰিছিল। সাতধাৰা আৰু ডেউৰকোঠাৰ নামৰ ঠাইৰ পৰাও এনে ভগ্নাৱশেষ উদ্ধাৰ হৈছে।

অশোকৰ পিছৰ যুগৰ ভালেমান হিন্দু মন্দিৰ যে বৌদ্ধ স্তূপৰ ওপৰত নিৰ্মিত হৈছিল তাৰ প্ৰমাণ ইতিহাসৰ গৱেষণাত পোৱা গৈছে।গতিকে ভাৰতত কেৱল মোগলেহে এনে দৰে হিন্দু মন্দিৰ ভাঙিছিল বুলি চলোৱা প্ৰচাৰত ভোল যোৱাৰ আগতে আমি অলপ ভাবি চোৱা দৰকাৰ।

সামন্ততন্ত্ৰৰ পতন আৰু পুঁজিবাদী বজাৰ ভিত্তিক অৰ্থনীতিত ভূ-স্বামী সকলতকৈ ব্যৱসায় বাণিজ্যৰ বাবে প্ৰয়োজনীয় উদ্যোগৰ ভূমিকা বেচি গুৰুত্বপূৰ্ণ হোৱা বাবে ব্যক্তিৰ নিজৰ ইচ্ছা অনিচ্ছাৰ ভিত্তিত সমাজ চলোৱাৰ এক প্ৰবৃত্তি আৰম্ভ হৈছিল। এনে পৰিস্থিতিতে ৰেণেছাঁ যুগৰ যুক্তিবাদী আৰু বিজ্ঞান ভিত্তিক ধ্যান ধাৰণাই প্ৰসাৰ লাভ কৰিছিল। আধুনিক জ্ঞান-বিজ্ঞানৰ বিকাশ আৰু গণতান্ত্ৰিক আন্দোলনৰ গতি বাঢ়ি অহাৰ লগে লগে ৰাষ্ট্ৰৰ বৈধতাৰ ভিত্তি হিচাপে ধৰ্মৰ গুৰুত্ব কমি আহিল।

ধৰ্ম নিৰপেক্ষতা, সাংবিধানিক শাসন প্ৰনালীৰ লগতে জনতাৰ সাৰ্বভৌমত্বৰ ধাৰণা সমূহৰ গ্ৰহণযোগ্যতা বাঢ়িল। আধুনিক ৰাষ্ট্ৰ সমূহক নিজৰ বৈধতা প্ৰতিষ্ঠাৰ বাবে ইশ্বৰৰ দোহাই দিয়াৰ প্ৰয়োজন নোহোৱা হল। গণতন্ত্ৰৰ ধাৰণাৰ লগত ব্যক্তিৰ ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা, জড়িত হৈ পৰিল। আগৰ দৰে যুদ্ধ জিকাৰ পিছত নিজৰ প্ৰতিদ্বন্দ্বীৰ ঈশ্বৰ বিশ্বাসত আঘাট হনাটোক ঘৃণনীয় বুলি বিবেচিত হবলৈ ধৰিলে।গতিকে আধুনিক যুগত কণষ্টেনটাইনৰ দৰে আন ধৰ্মৰ ৰজাই আমাৰ উপাসনা স্থলত নিজ মন্দিৰ সজাৰ প্ৰতিশোধ লবলৈ কোনো উপাসনাস্থল ধ্বংস কৰিব খোজাটো মান্ধাতা যুগৰ মনোবৃত্তি। আধুনিক সমাজ ব্যৱস্থাত ইয়াৰ স্থান নাই। ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই পৰিস্থিতিতে পুৰণা উপাসনাস্থল সমূহক সুৰক্ষিত কৰিব খুজিছে৷

ড° অপূৰ্ব কুমাৰ বৰুৱা

ড° অপূৰ্ব কুমাৰ বৰুৱা

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd