(১)
যোৱা ফেব্ৰুৱাৰী মাহত বন্ধু দুজনমানৰ সৈতে সপৰিবাৰে মানাহলৈ গৈছিলোঁ; বৰপেটাৰ বন্ধুজনৰ ঘৰত সুন্দৰ প্ৰাতৰাশ ( ব্ৰেকফাষ্ট )গ্ৰহণ কৰি অলপ দূৰ যোৱাৰ পিচতে, শিমলু আৰু পলাশ ফুলৰ শাৰী শাৰী গছৰ চকুজুৰোৱা মিছিল আৰম্ভ হৈ গ’ল। মানাহ গৈ পোৱাৰ পিচতো, ডেপুটী ৰে’ঞ্জাৰজনৰ সহৃদয়তা আৰু আতিথ্যৰে আমাৰ ভ্ৰমণটো ভাল দৰেই আৰম্ভ হ’ল (মোৰ এজন বন্ধু তেওঁৰ শিক্ষাগুৰু হোৱা বাবেও হয়তো উষ্ণ আদৰণি লাভ কৰিছিলোঁ )। ডেপুটী ৰে’ঞ্জাৰজনৰ বিশেষ অনুৰোধত আমি প্ৰথমেই এটা বন্দী অৱস্থাত থকা ভালুক চাবলৈ জীপচীখনৰ পৰা নামিলোঁ । সেই দৃশ্যইহে পিছে মনটো সেমেকাই পেলালে: গড়ালত ভৰাই থোৱা কিশোৰ অৱস্থাৰ ভালুকটোৰ আগ ঠেঙৰ হাতোৰা এখন কটা। খবৰ লোৱাত গম পালোঁ যে কেই দিনমানৰ আগতে, সম্ভৱতঃ ক্ষুধাৰ তাড়নাত সি হাবিৰ পৰা ওলাই আহি এখন গাঁৱত প্ৰৱেশ কৰিছিল আৰু তেতিয়াই তাৰ হাতোৰাখন কাটা তাঁৰৰ বেৰত বেয়াকৈ লাগি ধৰে; তাৰ পিচত বন বিভাগৰ কৰ্মীয়ে গৈ তাক উদ্ধাৰ কৰিলে আৰু স্বাস্থ্যৰ অধিক ক্ষতিৰ পৰা তাক বচাবৰ বাবে অস্ত্ৰোপচাৰৰ যোগেদি আগ হাতোৰা এখন কাটিবলগীয়া হ’ল।
সি যি কি নহওক, মানাহৰ মাজেদি আগ বাঢ়িলোঁ আৰু দুপৰীয়াৰ আহাৰ খোৱাৰ সময়ত মঠনগুৰিত মানাহ নদীৰ নয়নাভিৰাম দৃশ্য চকুত পৰিল। নদীখনৰ সিপাৰে ভূটানৰ পাহাৰ; নদীৰ ফটফটীয়া ঠাণ্ডা পানীত অকণমান নামি গা মন শাঁত পেলাই, মধ্যাহ্নাহাৰ গ্ৰহণ কৰি মানাহৰ বাকীখিনি দৰ্শনো সম্পূৰ্ণ কৰিলোঁ ।
অৰ্থাৎ পৰিবেশ সম্পূৰ্ণ বিনষ্ট হোৱা নাই; কিন্তু ইয়াৰ ওপৰত মানুহৰ ভয়ংকৰ অনিষ্টকাৰী প্ৰভাৱ পৰিছে। আৰু, পৰিবেশ সংৰক্ষণৰ বাবে মানুহে কিমান কৃতিত্ব দাবী কৰিব পাৰে সেইটো সন্দেহৰ বিষয়; “ভগৱান ভৰসা”বা প্ৰকৃতিত অন্তৰ্নিহিত শক্তিৰ যোগেদিহে ইয়াৰ প্ৰতিপালন হৈ থকা যেন লাগে। কাকতালীয়ভাৱে, মানাহৰ পৰা ঘূৰি অহাৰ পিচতেই, এদিন ৰাতিপুৱা শুই উঠিয়েই দেখিলোঁ যে মোৰ বাসস্থানৰ ওচৰতে থকা কোল ইণ্ডিয়াৰ সুন্দৰ অতিথিশালাটোৰ সন্মুখত থকা দেৱদাৰু গছ কেইডালৰ জোপোহা শীৰ্ষভাগ কেইটাত কলম দিছে; যদিও নিয়মমাফিক কৰা এটা কাম আৰু কেইমাহমানৰ ভিতৰতে আকৌ পাত ওলাবই, তথাপিও বৰ নিৰ্দয় যেন লাগিল; মানাহৰ সেই ভালুকটোলৈ মনত পৰি গ’ল। দাৰ্শনিকৰ সুৰত ভাবিবলৈ মন গ’ল যেন গছকেইজোপা প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল বাবে প্ৰকৃতিয়ে মাকে কেচুৱাৰ যতন লোৱাৰ দৰে যিকোনো ক্ষয়-ক্ষতি মেৰামতি কৰি দিয়ে । কিন্তু ভালুকটোৰ, গতিবিধিকে আদি কৰি কিছু স্বতন্ত্ৰতা আছে বাবে, প্ৰকৃতিয়ে ইয়াৰ কটা হাতোৰাখন মেৰামতি কৰি নিদিয়ে ।
(২)
পাঁচ জুন আকৌ আহি পালে; অন্য একো কৰিব নোৱাৰিলেও, আকৌ এবাৰ খতিয়ান লোৱাৰ সময় আহি পাইছে। লানি নিছিগা বেয়া খবৰৰ মিছিলৰ মাজত ভাল খবৰৰ সন্ধান কৰিবলৈ আমি চেষ্টা কৰোঁ । ব্যাপক স্তৰত চলি থকা নিৰ্বনীকৰণ, জীৱাশ্ম-ইন্ধনৰ অসীমিত ব্যৱহাৰ, জীৱ-বৈচিত্ৰ্যৰ হনন, ভূজলৰ অবাধ নিষ্কাশন আৰু তাৰ যোগেদি মাটিৰ গুণৱত্তা হ্ৰাস, পাহাৰ কাটি টকলা কৰা, মহানগৰ আদিত মুকলি ঠাইৰ ক্ৰমাৎ হ্ৰাস হোৱা, বৃহৎ নদীবান্ধ, নদীসংযোগ আদিৰ দৰে অবৈজ্ঞানিক আঁচনি ৰূপায়নৰ বাবে চেষ্টা আদি কৈ শেষ কৰিব নোৱৰা এক বিষাদজনক গাথা ।
কিন্তু এনে ধৰণৰ পৰিবেশ সম্বন্ধীয় সমস্যাসমূহৰ প্ৰতি প্ৰথম বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল আজিৰ পৰা অৰ্ধশতিকাৰ আগতে চুইডেনৰ ৰাজধানী ষ্ট’কহ’মত ১৯৭২ চনত ( ৫ জুনৰ পৰা ১৬ জুনলৈ ) আহ্বান কৰা এক বৈশ্বিক অধিবেশনত । অধিবেশনখনৰ অন্য এটা তাৎপৰ্য আছিল এই যে ইয়াত চুইডেনৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ওলাফ পালমেক ( Olaf Palme ) বাদ দি একমাত্ৰ অন্য দেশপ্ৰধান হিচাপে যোগ দিছিলে ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে । তেখেতে অধিবেশনৰ মূল বৈঠকত ভাষণ দি কৈছিল, “আমি পৰিবেশৰ অধিক অৱনতি হবলৈ দিব নোৱাৰোঁ আৰু তৎস্বত্বেও এক মুহূৰ্তৰ কাৰণেও বহুসংখ্যক জনসাধাৰণৰ ভয়ানক দৰিদ্ৰতাৰ কথাও পাহৰিব নোৱাৰোঁ “। মানৱ জাতিৰ সন্মুখত থকা সংকটৰ বৰ্ণনা দি তেওঁ ক’লে: “ দৰিদ্ৰতাত মানুহ অপৰিপুষ্টি আৰু বেমাৰ-আজাৰৰ ভাবুকিৰ সন্মুখীন হয়, সামৰিক শক্তিত দুৰ্বল হ’লে যুদ্ধৰ ভাবুকিৰ সন্মুখীন হয় আৰু সম্পদশালী হ’লে প্ৰাচুৰ্যই সৃষ্টি কৰা প্ৰদূষণৰ ভাবুকিৰ সন্মুখীন হয় “। এই অধিবেশনখনৰ তাৎপৰ্য বুজিবলৈ এটা কথাৰ উল্লেখ কৰিব পাৰি যে, ইয়াৰ পূৰ্বে পৃথিবীৰ কোনো দেশৰ চৰকাৰতে পৰিবেশ মন্ত্ৰ্যালয় এটা নাছিল; পৰিবেশে বিশ্বজুৰি এটা প্ৰধান সমস্যাৰ ৰূপত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল ষ্ট’কহ’ম অধিবেশনৰ পিচতহে ।
বিছ বছৰৰ পিচত, ১৯৯২ চনত বিশ্বৰ নেতাসকল আকৌ ব্ৰাজিলৰ ৰিও ডি জেনেৰিও মহানগৰীত সমবেত হোৱাৰ সময়ত এটা প্ৰধান পৰিবেশজনিত সমস্যাৰ ৰূপত দেখা দিছিল বায়ুমণ্ডলৰ অ’জন স্তৰত সৃষ্টি হোৱা এটা ফুটা ( Ozone Hole ) । ইয়াৰ মূল কাৰণ আছিল শীততাপ-নিয়ন্ত্ৰক যন্ত্ৰ আৰু অন্যত্ৰ ব্যৱহৃত ৰাসায়ণিক দ্ৰব্য কেইটামান ( ক্লোৰোফ্লোৰো কাৰ্বন আদি ) । অ’জ’ন স্তৰত হোৱা এই ফুটাই বিশ্বৰ মানুহক বুজাই দিলে যে পাৰিবেশিক সমস্যাবিলাক এতিয়া কোনো দেশৰ একক সমস্যা হৈ থকা নাই; সকলো দেশৰ সামগ্ৰিক প্ৰচেষ্টাৰেহে এইবিলাকৰ সমাধান সম্ভৱ। এই সময়তে জলবায়ু পৰিবৰ্তনৰ বিষয়টো মানুহৰ বোধগম্য হ’ল । কিন্তু একে সময়তে ধনী আৰু দুখীয়া দেশসমূহৰ মাজৰ জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত থকা মতদ্বৈধতাও ফুটি উঠিল: ধনী দেশসমূহে বহনক্ষমতাৰ ( Sustainability ) কথা কবলৈ ধৰিলে ( প্ৰসংগক্ৰমে, ব্ৰাজিলৰ এই অধিবেশনতে বহনক্ষমতা শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল ) আৰু দুখীয়া দেশবিলাকে উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিবলৈ ধৰিলে ।
উন্নয়নশীল দেশবিলাকে বিচাৰিছিলে যে উন্নয়নৰ লগতে পৰিবেশ-সংৰক্ষণৰ বাবে কাম কৰি যাবলৈ প্ৰয়োজনীয় ধন আৰু প্ৰযুক্তি উন্নত দেশসমূহে যোগান ধৰিব লাগে । কিন্তু এনে নহ’ল । তাৰ ফলত, যোৱা তিনিটা দশক চিঞৰ-বাখৰ, কাজিয়া-পেচালতে পাৰ হ’ল আৰু আমি এতিয়া বিশাল হাৰত হোৱা জীৱবৈচিত্ৰ্যৰ ধ্বংস আৰু জলবায়ু সংকটৰ মোকাবিলা কৰিবলগীয়া হৈছে । গতিকে, পাঁচ দশকৰ পিচত আকৌ যেতিয়া ষ্ট’কহ’মত দেশসমূহ মিলিত হ’ব, বিগত সময়ৰ শিক্ষা মনত ৰাখিব লাগিব ।
(৩)
পৰিসংখ্যাৰ দপদপনিত আজিকালি সত্য বহু সময়ত হতাহত হয় । আপাততঃ সকলোতে দেখিবলৈ পোৱা আৰু শুনিবলৈ পোৱা অৰণ্যৰ ধ্বংসৰ প্ৰক্ৰিয়াটোৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ভাৰতীয় বনাঞ্চল জৰীপ সংস্থাই ( Forest Survey of India ) অলপতে ( জানুৱাৰী ২০২২ ) প্ৰকাশ কৰা এখন প্ৰতিবেদনত ( India State of Forest Report 2021 ) দাবী কৰিছে যে দেশখনৰ বনাঞ্চল যোৱা ১৯৮৭ চনমানৰ পৰাই বছৰি বছৰি বৃদ্ধি পাই আহিছে । উদাহৰণস্বৰূপে, যোৱা ১১ জানুৱাৰীত প্ৰকাশিত ২০২১ চনৰ ৰিপ’ৰ্টখনত ২০১৯ চনৰ ৰিপৰ্টখনতকৈ দেশত বনাঞ্চল ১,৫০০ বৰ্গ কিলোমিটাৰ ( যিটো দিল্লী ৰাজ্যখনৰ মাটিকালিতকৈ অলপ বেছিহে ) বৃদ্ধি পোৱা বুলি দাবী কৰিছে । ২০২১ ৰ প্ৰতিবেদন মতে, দেশখনৰ মুঠ বনাঞ্চলৰ মাটিকালি হ’ল ৭,১৩,৭৮৯ বৰ্গ কিলোমিটাৰ, যিটো হ’ল দেশৰ মুঠ মাটিকালিৰ ২১.৭১ শতাংশ । ইয়াৰে ঘন অৰণ্যৰ (মানে, ভাল অৰণ্য) মাটিকালি ৪,০৬,৬৬৯ বৰ্গ কিলোমিটাৰ আৰু মুক্ত অৰণ্যৰ ( মানে, বেয়া বা সেৰেঙা অৰণ্য ) মাটিকালি ৩,০৭,১২০ বৰ্গ কিলোমিটাৰ । তুলনামূলকভাৱে, ২০০১ চনৰ প্ৰতিবেদনত, মুঠ বনাঞ্চল ৬,৭৫,৫৩৮ বৰ্গ কিলোমিটাৰ আৰু তাৰে ঘন অৰণ্য ৪,১৬,৮০৯ বৰ্গ কিলোমিটাৰ আৰু মুক্ত অৰণ্য ২,৫৮,৭২৯ বৰ্গ কিলোমিটাৰ দেখুওৱা হৈছিল । গতিকে, দেখদেখকৈয়ে, যোৱা দুটা দশকত দেশৰ বনাঞ্চল ৩৮,২৫১ বৰ্গ কিলোমিটাৰ বৃদ্ধি পালে (যিটো কেৰেলা ৰাজ্যখনৰ সমান) । কিন্তু একে সময়তে, ঘন বনাঞ্চল ১০,১৪০ বৰ্গ কিলোমিটাৰ হ্ৰাস পালে (যিটো ত্ৰিপুৰা ৰাজ্যখনৰ সমান) আৰু মুক্ত বনাঞ্চল ৪৮,৩৯১ বৰ্গ কিলোমিটাৰ বৃদ্ধি পালে (যিটো পঞ্জাব ৰাজ্যখনৰ সমান)। গতিকে এই সময়খিনিত মুঠ বনাঞ্চল বৃদ্ধি পালেও, ভাল অৰণ্য হ্ৰাস পাইছে আৰু সেৰেঙা বা বেয়া অৰণ্য বৃদ্ধি পাইছে ।
প্ৰয়োজন আছে যিমান সোনকালে পাৰি, কয়লা, খনিজ তেল আদি জীৱাশ্ম-ইন্ধনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা কমাই সৌৰশক্তি, পৱনশক্তি আদি নৱীকৰণীয় শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা । কিন্তু এতিয়াও আমাৰ কয়লাৰ ওপৰত নিৰ্ভৰশীলতা ইমানেই বেছি যে, অলপতে তাপশক্তি কেন্দ্ৰসমূহলৈ কয়লা সৰবৰাহত ব্যাঘাত ঘটোঁতে গোটেই দেশজুৰি হূলস্থুল হৈছিল । এতিয়াও, ভাৰতৰ জনসংখ্যাৰ আশী শতাংশ কয়লা, খনিজ তেল বা গোটা বায়’মাছৰ ( bio-mass ) ওপৰত নিৰ্ভৰশীল । ইয়াৰ কাৰণেই, কাৰ্বন ডাই অক্সাইডৰ দৰে গ্ৰীনহাউচ গেচৰ নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত তৃতীয় । নৱীকৰণীয় শক্তি এতিয়াও একৈছ শতাংশ মানতে সীমিত হৈ আছে যদিও চৰকাৰৰ পৰিকল্পনামতে ২০২৯-৩০ মানলৈকে ইয়াৰ পৰিমাণ ৪৪.৭ শতাংশলৈ বৃদ্ধি পাব । প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত বৈশ্বিক উষ্ণতা-বৃদ্ধি ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত সীমিত ৰখাৰ বাবে জীৱাশ্ম-ইন্ধন নৱীকৰণীয় শক্তিৰে অপসাৰিত কৰাটো অতি দৰকাৰী কথা ।
সাম্প্ৰতিক চলোৱা এটা অধ্যয়নত প্ৰকাশ যে বৈশ্বিক উষ্ণতা-বৃদ্ধি ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত ৰখাৰ বাবে কাৰ্বন-ডাই-অক্সাইডৰ উপৰিও অন্য গ্ৰীনহাউচ গেচ ( যেনে মীথেইন, নাইট্ৰাচ অক্সাইড, চালফাৰ হেক্সাফ্ল’ৰাইড আদি ) ৰ নিৰ্গমনো সীমিত কৰাৰ প্ৰয়োজনীয়তা আছে । কিয়নো বৈশ্বিক উষ্ণায়নৰ প্ৰতি এই গেচবিলাকেও প্ৰায় ২৬% বৰঙণি আগবঢ়ায় ( উল্লেখযোগ্য যে, কাৰ্বন-ডাই-অক্সাইডৰ বৰঙণি প্ৰায় ৫৩ শতাংশ ) ।
বৃহৎ মহানগৰসমূহৰ বিকাশৰ ফলত, পৰিবহন ক্ষেত্ৰই বায়ু প্ৰদূষণৰ ক্ষেত্ৰত এটা প্ৰধান ভূমিকা লৈছে । বৈদ্যুতিক যানবাহনৰ প্ৰয়োজনীয়তাৰ ওপৰত এতিয়া বহুখিনি গুৰুত্ব আৰোপ কৰা দেখা গৈছে । ইয়াত ব্যৱহৃত বৈদ্যুতিক বেটেৰীৰ খৰছ আগতকৈ বহুপৰিমাণে হ্ৰাস পাইছে । কিন্তু বৈদ্যুতিক যানবাহনত ব্যৱহৃত তাম, লিথিয়াম আদি ধাতুৰ নিষ্কাষণ আগতকৈ অধিক হাৰত কৰাৰ দৰকাৰ হৈছে; ই যাতে বহনক্ষমতাৰ সীমা পাৰ নহয় তাৰ বাবেও চকু দিয়াৰ দৰকাৰ হৈছে ।
হৰিৎ বা নিকা শক্তিৰ অফুৰন্ত ভাণ্ডাৰ হিচাপে বৈজ্ঞানিকসকলে উচ্চস্তৰৰ প্ৰযুক্তিৰ কথাও কৈছে; ইয়াত তাপ-নিউক্লীয় বিক্ৰিয়া বা ফিউশ্যন আৰু হাইড্ৰ’জেন-ইন্ধনৰ বিষয়ে উল্লেখ কৰিব পাৰি । কিন্তু এইবিলাক সম্ভৱপৰ হৈ উঠালৈকে আৰু কেই দশকমান লগাৰ সম্ভাৱনা আছে । তথাপিও, এইবিলাক ক্ষেত্ৰত গৱেষণা আৰু প্ৰয়োজনীয় সম্পৰীক্ষা আদি চলাই ৰাখিব পৰাকৈ চৰকাৰে দৰকাৰী অৰ্থসাহায্যৰ যোগান দি থাকিব লাগে ।
( লেখক ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ প্ৰাক্তন উপ-সঞ্চালক-প্ৰধান আৰু এজন নিবন্ধকাৰ। ফোন: ৯৪৩৫৫৪১৩০০)