অৱশেষত শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পাছত আজি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি ল’লে বৰিছ জনছনে। জনছনৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ তুলি কেইবাগৰাকীও মন্ত্ৰীয়ে যোৱা তিনি দিনৰ ভিতৰত পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ’ল জনছন।
পদত্যাগী প্ৰধানমন্ত্ৰী জনছনে লগতে ব্ৰিটেইনৰ কনজাৰ্ভেটিভ দলৰ নেতা পদৰ পৰাও পদত্যাগ কৰে। কিছু সময় পূৰ্বে ১০ ডাউনিং ষ্ট্ৰীটৰ বাহিৰত পদত্যাগ ঘোষণা কৰে জনছনে।
জনছনে কয় যে তেওঁৰ নেতৃত্বৰ প্ৰতিবাদত কেইবাগৰাকীও শীৰ্ষ নেতাই পদত্যাগ কৰাৰ বাবে তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে। অৱশ্যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থাকিব।
উল্লেখ্য যে কনজাৰ্ভেটিভ পাৰ্টিৰ কেইবাগৰাকীও নেতাই জনছনৰ বিৰুদ্ধে কেলেংকাৰীৰ লগতে শাসনৰ বাবে উপযুক্ত নহয় বুলি অভিযোগ কৰি পদত্যাগ কৰিছে।
জনছনৰ বিৰোধিতাৰে মঙলবাৰৰ পৰা ৩ জন কেবিনেট মন্ত্ৰীসহ ৫০ জনতকৈও অধিক মন্ত্ৰীয়ে চৰকাৰ ত্যাগ কৰিছে।
আজি দিনৰ ভাগতো দুঘণ্টাৰ ভিতৰতে দুজন ৰাজ্যিক সচিবকে ধৰি আঠজন মন্ত্ৰীয়েও নিজৰ পদ ত্যাগ কৰিছিল।
এনে পৰিস্থিতিত সম্পূৰ্ণ বিচ্ছিন্ন আৰু শক্তিহীন হৈ পৰা জনছনে এই বিৰোধিতাৰ ওচৰত নতি চিকাৰ কৰি আজি পদত্যাগ ঘোষণা কৰিবলৈ সাজু হৈছে বুলি ১০ ডাউনিং ষ্ট্ৰীটৰ এক বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰিছিল।
আনহাতে জনছনৰ পদত্যাগৰ পিছতে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় মূলৰ ৰাজনীতিবিদ ঋষি চুনাকৰ নাম চৰ্চালৈ আহিছে।
চুনাকে চেঞ্চেলৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে সমূহীয়া বিৰোধৰ সন্মুখীন হৈছিল জনছন।