জীৱ-জগতৰ আটাইতকৈ ধুনীয়া সৃষ্টি হৈছে-মাছ। এই সুন্দৰতম জীৱবিধৰ জীৱন পানীতেই আৰম্ভ আৰু পানীতেই শেষ। সেই পানী স্থিৰেই হওক বা গতিশীল, এই জীৱবিধে নিজকে সুন্দৰকৈ খাপ খুৱাই ল’ব পাৰে। লগতে এই কথাও উনুকিয়াই থ’ব লাগিব যে মাছৰ প্ৰজাতিৰ ভিন্নতাৰ দৰে, এই বিলাকৰ আৱাস স্থলো বহু সময়ত ভিন ভিন হোৱা দেখা যায়। নদ-নদী, খাল-বিল, জলাশয়, জান-জুৰি, পুখুৰীৰ পৰা আৰম্ভ কৰি বিশাল সাগৰলৈ ইহঁতৰ বিস্তৃতি।
কেতিয়াবা একেবিধ মাছকে ভিন্ন ভিন্ন পৰিৱেশত পোৱা যায়। আন কিছুমান আকৌ নিজৰ নিৰ্দিষ্ট আৱাসস্থলৰ পৰা আন স্থানলৈ নাযায়। মাছৰ এই প্ৰব্ৰজন কেই মিটাৰমানো হ’ব পাৰে বা হাজাৰ হাজাৰ কিলোমিটাৰে হ’ব পাৰে। কিছুমান মাছে আকৌ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰব্ৰজন কৰে। আন কিছুমানে বছৰি প্ৰব্ৰজন কৰে।
সাধাৰণতে প্ৰতিকূল পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি, অথবা মৎস্যৰ সন্ধানত বা প্ৰজননৰ বাবে উপযুক্ত আশ্ৰয়স্থল বিচাৰি মাছে প্ৰব্ৰজন কৰে বুলি গৱেষণাই কয়। এই প্ৰব্ৰজনক আমি দুটা ধৰণে ভাগ কৰিব পাৰো। এন’ড্ৰ’মাচ’(Anadromous) আৰু কেতাড্ৰ’মাচ(Catadromous)। যেতিয়া সাগৰত থকা মাছ এবিধে প্ৰজননৰ বাবে নদীলৈ যায়, তাক আমি এন’ড্ৰ’মাচ’ বুলি কওঁ। আনহাতে নদীত থকা মাছ এবিধে যেতিয়া প্ৰজননৰ বাবে সাগৰলৈ যায়- তাক আমি কেতাড্ৰ’মাচ বুলি কওঁ। আমি সচৰাচৰ জনা মাছবোৰৰ ভিতৰত ‘চেলমন’ (Salmon) হৈছে ‘এন’ড্ৰ’মাচ’ আৰু অলুণীয়া বামী (Eel) প্ৰজাতিৰ হৈছে কেতাড্ৰ’মাচ।
এই প্ৰব্ৰজন কৰা মাছবোৰে নিজৰ জীৱনচক্ৰটো সম্পূৰ্ণ কৰিবলৈ নদীত জীৱনকালৰ বহু অংশ পাৰ কৰে অখবা আমি এনেদৰেও ভাবিব পাৰো যে এই প্ৰব্ৰজনকাৰী মাছসমূহেই সমগ্ৰ বিশ্বৰ নদীসমূহৰ মাজত এক যোগসূত্ৰ স্থাপন কৰিছে। এই মাছবোৰে বিশ্বৰ বহু সংখ্যক লোকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱিকাৰ সুযোগ দিছে।
কিন্তু ক্ৰমাগতভাৱে দ্ৰুতগতিত বাঢ়ি অহা জনসংখ্যা আৰু উন্নত জীৱন-যাপনৰ প্ৰকোপত প্ৰকৃতিৰ অনুপম সৃষ্টি এই নদীসমূহৰ মুক্ত প্ৰৱাহত বাধা আৰোপ কৰিছে। ঠায়ে ঠায়ে বান্ধ নিৰ্মাণ, ঔদ্যোগিক প্ৰদূষণ বা আন কাৰণত হোৱা আৱাসস্থলৰ পৰিৱৰ্তনে প্ৰব্ৰজনকাৰী মাছবোৰৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱাৰ লগতে গোটেই পৰিৱেশতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে।
এই মাছবোৰৰ সুৰক্ষাৰ স্বাৰ্থতে গঠন হৈছিল ‘ৱৰ্ল্ড ফিচ মাইগ্ৰেইশ্যন ফাউণ্ডেইশ্যন’ (World Fish Migration Foundation) কোনো সমস্যাৰ প্ৰকৃত সমাধানৰ বাবে জনসাধাৰণক সচেতন কৰাই উত্তম পথ বুলি ধৰি লৈ এই সংস্থাই আন কিছুমান সংস্থাৰ লগ লাগি ২০১৪ চনৰ পৰা ২৪ মে’ত প্ৰথমবাৰৰ বাবে ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’ৰ আয়োজন কৰে।
মুখ্যতঃ প্ৰব্ৰজন কৰা মাছসমূহৰ গুৰুত্বৰ বিষয়ে জনগণক সজাগ কৰা, লগতে নদীৰ সুস্থ পৰিৱেশতন্ত্ৰ ৰক্ষাৰ প্ৰয়োজনীয়তা, নদী আৰু মাছক জীৱন ধাৰণৰ আহিলা কৰি লোৱা নদীকেন্দ্ৰিক লোকসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ এই বিশ্বজোৰা প্ৰচেষ্টাত অংশ ল’লে অসমৰে তেজপুৰত অৱস্থিত ‘আসাম এংগ্লিং এণ্ড কনজাৰভেইশ্যন এছ’চিয়েশ্যন’ (Assam (Bhorelli) Angling & Conservation Association) নামৰ সংগঠনটোৱে।
মৎস্য সংৰক্ষণ আৰু পৰ্যটনৰ ওপৰত খুব নীৰৱে কাম কৰি যোৱা নৌচাদ আলীৰ নেতৃত্বত অসমৰ নামেৰিস্থিত ইক’কেম্পত প্ৰথমবাৰৰ বাবে উদযাপিত হ’ল ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস।‘ উত্তৰ-পূৰ্বাঞ্চলৰ বহু জ্ঞানী-গুণী লোকৰ অংশ গ্ৰহণেৰে ২০১৪ চনৰ পৰা এই মৎস্য প্ৰব্ৰজন দিৱস একেৰাহে নামেৰিৰ ইক’কেম্পত উদযাপিত হৈ আহিছে। উল্লেখযোগ্য যে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নামেৰিৰ ইক’কেম্পতে এই দিৱস উদযাপন কৰি থকা হৈছে।
উল্লেখযোগ্য যে প্ৰব্ৰজন কৰা মাছ বুলিলে কেৱল চেলমন(Salmon) বা বামী(Eel) বুলিয়েই ভবা কথাটো সম্পূৰ্ণ সত্য নহয়। অসমীয়াত এষাৰ কথা আছে-‘মাছৰ উজান উঠা’। বাৰিষাৰ প্ৰথমজাক বৰষুণ পালেই অসমৰ থলুৱা মাছবোৰ খাল-বিলৰ পৰা ওলাই আহে। সেই সুযোগ আমাৰ মাছমৰীয়াসকলে কেতিয়াও নেৰে।
আকৌ বৰষুণৰ পানীৰে পথাৰ উপচি পৰা সময়ত গাঁৱত ফাঁচি জাল পতাৰ আমেজেই বেলেগ। এই যে ফাঁচি জালত লাগে- শিঙী, মাগুৰ কাৱৈবোৰ আমি কেতিয়াবা ভাবিছোনে বাৰু এয়াও এক প্ৰকাৰৰ প্ৰব্ৰজনৰে ফল। আকৌ আমাৰ ৰৌ, বাহু মিৰিকা, কুঢ়ি, মালী মাছবোৰে ইয়াতেই পোৱালি দিয়ে। যোৱা সাত বছৰে কৰা আমাৰ ব্যক্তিগত অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে শীতকালি কিছুমান পাহাৰীয় জুৰিত থকা মাছে পানী নথকা কাষৰীয়া বাম পথাৰ(একেবাৰেই শুকান মাটিলৈ)ত আশ্ৰয় লৈ থাকে। তুলাজী নামৰ শিঙীৰ দৰে দেখা এই মাছবিধক খুব কম মানুহেই চিনি পায়। অৱশ্যে শীতৰ পৰা ৰক্ষা পোৱাৰ বাবেও আন কিবা কাৰণ আছে যদিও আমি এতিয়ালৈকে জানিব পৰা নাই।
লেখিকা এগৰাকী মৎস্য জীৱবিজ্ঞানী (Fisheries Biologist) আৰু একুৱা কালচাৰ, আৰ্দ্ৰভূমি, জীৱিকা আৰু বতৰ পৰিৱৰ্তন বিষয়ৰ কৰ্মী তথা পৰামৰ্শদাতা।