• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱা কাণ্ড সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ প্ৰতিক্ৰিয়াৰ পিছত কি হ’ব?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 19, 2022 2:45 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰৱা কাণ্ডৰ বিষয়ে দুদিন আগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনিতে ‘বটদ্ৰৱা কাণ্ড’ৰ পিছতে সেই সময়ত নৰ্থ-ইষ্ট নাওৰ সম্পাদকীয় এটাত আমি কি কৈছিলোঁ সেইটো আজি আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। তেতিয়া আমি  কৈছিলোঁ- “তাৰ পিছত আমি দেখিলোঁ যে যিসকল লোকক পুলিচ থানাখন জ্বলোৱা বুলি সন্দেহ কৰা হৈছিল- তেওঁলোকৰ ঘৰ বুলডজাৰ লগাই ভাঙি পেলোৱা হ’ল৷ এইটো আকৌ কেনে কথা? পুলিচৰ জিম্মাত মানুহজন কেনেকৈ ঢুকাল তাৰ বিচাৰ হ’ব লাগে৷ যিবোৰ মানুহে পুলিচ থানাখন জ্বলাই দিলে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব লাগে৷ তেওঁলোকে যথোপযুক্ত শাস্তি পাব লাগে৷ তাত কাৰো আপত্তি থকাৰ কথা নহয়৷

কিন্তু, যিসকল মানুহে থানাখন জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছে তেওঁলোকৰ ঘৰ ভাঙি দিয়া হ’ল৷ এই কামটো পুলিচে কি নিয়ম মানি কৰিলে? পুলিচ থানাখন উগ্ৰ,উন্মত্ত মানুহবোৰে জ্বলাই দিবলৈ উদ্যত হওঁতে তেওঁলোকক যদি পুলিচে বাধা দিলেহেঁতেন৷ থানাখন ৰক্ষা কৰিবলৈ বা আত্মৰক্ষাৰ কাৰণে পুলিচে যদি বন্দুক চলালেহেঁতেন, সেইটোও বেলেগ কথা আছিল৷ কিন্তু, ঘটনা ঘটি যোৱাৰ পিছত,ঠাণ্ডা মগজুৰে সিদ্ধান্ত লৈ প্ৰশাসনে কেনেকৈ  কোনখন আইনৰ আধাৰত এই উচ্ছেদ চলালে সেইটোহে এটা আচৰিত কথা৷

তাতোকৈ আচৰিত কথা, এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা ভাষ্যটো৷ বাতৰিকাকতত প্ৰকাশিত তেওঁৰ ভাষ্যটো হৈছে- যি সকল লোকে অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ আৰু আইনসংগত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ তাৰ আগতে এই কামটো বাংলাদেশী লোকৰ প্ৰৰোচনাত হোৱা বুলি তেওঁ মন্তব্য কৰিছে৷ বাংলাদেশীৰ প্ৰৰোচনা আৰু উচ্ছেদ- মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত এইটো বাংলাদেশী লোকৰ প্ৰৰোচনাত ঘটা ঘটনা বুলি যে ক’লে, তাৰ কোনো প্ৰমাণ তেওঁৰ হাতত আছেনে? অইন মতলববাজ মানুহৰ কথা নকওঁ, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এজনে এনেকুৱা কথা কোৱাটো কেনে কথা? গৰুখুঁটিত যে উচ্ছেদ চলোৱা হৈছিল, তেতিয়াও সেই মানুহবোৰক বিদেশী বাংলাদেশী বুলি অপযশ দিয়া হোৱা নাছিল জানো? তাৰ পিছত কি হ’ল? সেই মানুহবোৰ দেশী বুলি প্ৰমাণ হ’লত তেওঁলোকক অইন ঠাইত মাটি আৱন্টন দিয়া নহ’ল জানো? একাংশ মানুহে যেনেকৈ নিজৰ সংস্কাৰ আৰু গোড়ামিৰ বাবে এচাম লোকক হোৱাই নোহোৱাই বাংলাদেশী বুলি অপযশ দিয়ে, ঠিক তেনেদৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এজনে এনে কথা কোৱাটো কিমান বিপজ্জনক কথা?”

Apply Now

এতিয়া, এই মোকৰ্দমাটো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰী পক্ষই দাখিল কৰা শপতনামা সম্পৰ্কে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কি কৈছে শুনক “ তদন্তৰ নামত নীতি-বহিৰ্ভূতভাৱে ঘৰত বুলডজাৰ চলোৱাৰ কোনো নিয়ম ফৌজদাৰী আইনত নাই। এটা অপৰাধৰ তদন্তৰ নামত আৰক্ষীয়ে বুলডজাৰ লগাই এটা ঘৰ ভাঙি পেলাব পাৰেনে? কালি কিবা আছে বুলি কৈ আৰক্ষীয়ে আদালতৰ কক্ষও খান্দি পেলাব নেকি? নীতি বহিৰ্ভূতভাৱে বুলডজাৰ লগাই ঘৰ ভঙাৰ অনুমতি কোনেও দিব নোৱাৰে।যদি সেইটো হয় এইখন দেশত মানুহ কেনেকৈ থাকিব? কি আইনৰ ভিত্তিত আপোনালোকে এই কামটো কৰিছিল? এয়া গুণ্ডামি নে আৰক্ষীৰ তদন্ত? অভিযুক্তই কৰা অপৰাধৰ বাবে তেওঁক শাস্তি বিহক।সেইটো ঠিকে আছে।কিন্তু বুলডজাৰ লগাই ঘৰ ভাঙি দিয়াৰ ক্ষমতা এচ পিক কোনো দিলে?”

এতিয়া কওকচোন, ঠিক একে কথাই আমি আমাৰ ২৪ মেৰ সম্পাদকীয়টোত কোৱা নাছিলোঁনে? উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে যিখিনি কথা ক’লে, আইন কানুনৰ সাধাৰণ জ্ঞান থকা যি কোনো মানুহ এজনেই এনে এটা ঘটনাৰ সন্দৰ্ভত সেইখিনি কথা ক’ব।কিন্তু, মন কৰিবলগীয়া কথা হ’ল এই গোটেই ঘটনাটোৰ বাবে কেৱল অঞ্চলটোৰ পুলিচ প্ৰশাসনক জগৰীয়া কৰিলেই নহ’ব।ৰাজ্য চৰকাৰৰ পৰা, বিশেষকৈ মুখ্যমন্ত্ৰীজনৰ পৰা সেউজ সংকেত নোপোৱাকৈ স্থানীয় পুলিচে কেতিয়াও এনে এটা কাম কৰিব নোৱাৰে।এই বিষয়ে আমি কি ক’ম? কি চিন্তা কৰিম? প্ৰশাসনৰ মুৰব্বীজনে যেতিয়া আইনৰ শাসন মানি নচলিবলৈ আইন ৰক্ষাৰ দায়িত্বত থকা সকলক উচতনি দিয়ে, তেতিয়া আমি কি কৰিম? এইটো এটা ভংকৰ অৰাজক অৱস্থা নহয়নে? এইটো কেৱল আমাৰে কথা বা উপলব্ধি নহয়, উচ্চ ন্যায়ালয়ৰ বক্তব্যইও তাৰেই ইংগিত দিছে।গতিকে  আপোনালোকে ভাবি চাওক শাসনৰ বাঘজৰী এতিয়া কাৰ হাতত আছে, কেনে মানুহৰ হাতত আছে!

প্ৰশ্ন হ’ল, উচ্চ ন্যায়ালয়ে পুলিচ প্ৰশাসনক এনেদৰে ভৰ্ৎসনা কৰাৰ পিছত কি হ’ব? পুলিচৰ সমালোচনা আৰু ভৰ্ৎসনাতে ইয়াৰ সামৰণি পৰিব নে এই অন্যায়ৰ প্ৰতিকাৰৰ কিবা ব্যৱস্থাও হ’ব? আমি আশা কৰিম, এই বেআইনী কাৰ্যৰ লগত যি সকল আৰক্ষীৰ লোক জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে ন্যায়ালয়ে শাস্তিমূলক ব্যৱস্থা লোৱাৰ নিৰ্দ্দেশ দিয়ক আৰু ভৱিষ্যতে যাতে আৰক্ষী প্ৰশাসন এনে কাৰ্যৰ পৰা বিৰত থাকে তাৰ বাবেও ন্যায়ালয়ে কঢ়া সকীয়নি আৰু সতৰ্কীকৰণ জাৰি কৰক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd