আমাৰ দেশত তথ্য জনাৰ অধিকাৰক আইনগত অধিকাৰ ৰুপে স্বীকৃতি দিছিল ২০০৫ চনত ৷ এই চনতে সংসদে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ খন প্ৰণয়ন কৰিছিল ৷ তথ্য জনাৰ অধিকাৰৰ এই আইনগত স্বীকৃতিৰ বাবে যুঁজ দিয়া মানুহৰ ভিতৰত অন্যতম আছিল অৰুণা ৰয়, নিখিল দে আৰু অৰবিন্দ কেজৰিয়াল ৷ এই গুৰুত্বপূৰ্ণ আইনখনৰ জুমুঠিটোও এখেতসকলেই তৈয়াৰ কৰিছিল ৷
২০০৫ চনত এই আইন প্ৰয়োগ হোৱাৰ সময়ত আমি পেচাগত উকালতি আৰম্ভ কৰা চাৰি বছৰমান হৈছিল ৷ আইনখন অহা দেখি আমাৰো উৎসাহ জাগিল আইনখনৰ ওপৰত এক কৰ্মশালা কৰাৰ ৷ সেই সময়ত গুৱাহাটীত আছিল অধিবক্তা সাইট’ বসুমতাৰী ৷ এতিয়া কোকৰাঝাৰ আদালতৰ অধিবক্তা ৷ সাইট’ তেতিয়া বোধহয় Action Aid ৰ লগত জড়িত ৷ সইট’ই পৰামৰ্শ দিলে কৰ্মশালাৰ বাবে অৰবিন্দ কেজৰিয়ালক সমল ব্যক্তি ৰুপে আমন্ত্ৰণ কৰাৰ ৷ তেওঁ নিজৰ সুত্ৰৰ দ্বাৰা অৰবিন্দ কেজৰিয়ালৰ লগত যোগাযোগ কৰিলে আৰু কেজৰিয়াল ডাঙৰীয়াৰ সুবিধা মতেই কৰ্মশালাৰ দিন থিক কৰা হ’ল ৷ সেই সময়ত অৰবিন্দ কেজৰিয়াল পৰিৱৰ্তন নমৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ মুৰব্বী ৷
কৰ্মশালা খন হৈছিল কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ৷ উদ্বোধক আছিল সেই সময়ৰ মেঘালয়ৰ ৰাজ্যপাল ৰন্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া আৰু সঞ্চালক আছিল অসমৰ প্ৰাক্তন মুখ্য সচিব জ্যোতি প্ৰসাদ ৰাজখোৱা ৷
কেজৰিয়াল ডাঙৰীয়া কৰ্মশালাৰ আগদিনাখন আহি পালে আৰু তেওঁৰ থকাৰ ব্যৱস্থা কৰা হৈছিল উজান বজাৰৰ হোটেল ব্লু মুনত ৷ সন্ধিয়া মই আৰু চাইট’ তেখেতক লগ কৰিবলৈ গ’লো ৷ সাধাৰণ বেশ ভুষাৰ মানুহ ৷ পিন্ধনত এটা ছাঁই ৰঙৰ চুৱেটাৰ আৰু এজোৰ ছামৰাৰ চেণ্ডেল ৷ ডিঙিত মাফলাৰ ৷ সেইদিনা সন্ধিয়া তেঁও তথ্য জনাৰ অধিকাৰ আইন আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত বহু কথা আমাক কৈছিল ৷ কথা প্ৰসংগতহতেঁওক মই ৰাজনীতিত যোগদান কিয় নকৰে বুলি প্ৰশ্ন কৰিলো ৷ লগতে সুধিচিলো তেওঁৰ আদৰ্শগত অৱস্থানৰ সম্পৰ্কে ৷ তেওঁৰ উত্তৰ টো আছিল interesting ৷
সেই সময়ত ৰাজস্থানত বসুন্ধৰা ৰাজে সিন্ধিয়াৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰ আৰু মধ্যপ্ৰদেশত দ্বিগবিজয় সিঙৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ ৷ দুয়োখন চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থা ৰাজ্যদুখনত ভালদৰে ৰুপায়ন কৰিছে বুলি সেই সময়ত বিভিন্ন প্ৰতিবেদন প্ৰকাশিত হৈছিল ৷ সেই কথাটোলৈ আঙুলিয়াই দি কেজৰিয়ালে মোৰ প্ৰশ্নৰ উত্তৰ দিছিল ৷
তেওঁৰ উত্তৰটোৰ সাৰমৰ্ম আছিল এনেধৰণৰ- আদৰ্শটো বৰ গুৰুত্বপূৰ্ণ কথা নহয়, কাম কৰাটোহে গুৰুত্বপূৰ্ণ ৷ বসুন্ধৰা ৰাজে আৰু দ্বীগবিজয় সিঙ ভিন্ন আদৰ্শত বিশ্বাসী হৈও দুয়োজনে পঞ্চায়তী ব্যৱস্থাৰ ৰুপায়নত ভাল কাম কৰিছে ৷ বহুসময়ত কাম কৰাৰ ক্ষেত্ৰত বিশেষ আদৰ্শৰ প্ৰতি আনুগত্য বাধা ৷
সেই দিনটোৰ পৰা আজি বহুবছৰ পাৰ হৈ গ’ল ৷ ৰাজনীতিৰ পৰা দূৰত থাকিম বুলি ভবা কেজৰিয়াল এতিয়া সক্ৰিয় ৰাজনীতিবিদ ৷ তেওঁৰ দল এতিয়া দুখন ৰাজ্যৰ শাসনত ৷ কেজৰিয়ালৰ দল আপো কোনো বিশেষ আদৰ্শত বিশ্বাসী নহয় ৷ অৰ্থাৎ দলটোকো কেজৰিৱাল ডাঙৰীয়াই নিজৰ চিন্তাৰ সাঁচত গঢ় দিছে ৷ তেওঁলোকে সমস্যাৰ pragmatic solutionত বিশ্বাসী ৷
ব্যক্তিগত ভাবে মই এনে এক ৰাজনীতি দীৰ্ঘকালিন সময়ত সফল হ’ব বুলি নাভাবো , যদিও এনে ৰাজনীতিৰ হ্ৰস্বকালিন আকৰ্ষণ থাকে ৷
এক নিৰ্দিষ্ট আদৰ্শগত অৱস্থান অবিহনে সমাজে সন্মুখীণ হোৱা সামাজিক, ৰাজনৈতিক প্ৰশ্নবোৰৰ সমাধাণৰ পথৰ সন্ধান সম্ভৱ নহয় ৷ বহুসময়ত এনে ৰাজনীতি সুবিধাবাদী অৱস্থান এটাৰ ফালে যোৱাৰ সম্ভাৱনা থাকে৷ সন্দেহ নাই নাগৰিকক সেৱা প্ৰদান চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কাম, কিন্তু একে সময়তে এয়াও সত্য যে চৰকাৰৰ দায়িত্ব অকল তাতেই সীমাবদ্ধ নহয় ৷ সমাজে সন্মুখীন হোৱা ৰাজনৈতিক আৰু সামাজিক সমস্যাবোৰৰ সমাধানো জৰুৰী ৷ এনে সমস্যাৰ মোকামিলা চৰকাৰেও এক সুনিৰ্দিষ্ট এক আদৰ্শগত অৱস্থানৰ পৰাহে কৰিব পাৰে ৷
অৰবিন্দ কেজৰিয়াল বা আপৰ ৰাজনীতিৰ মোৰ দৃষ্টিত এয়া সীমাবদ্ধতা ৷ এনে সীমাবদ্ধতাৰ বাবেই হয়তু বিলকিচবানুৰ ধৰ্ষণৰ অভিযুক্তৰ মুক্তি, কা বিৰোধী প্ৰতিবাদ আদি বিষয়ত আপৰ স্থিতি অস্পষ্ট ৷ এয়া মোৰ ব্যক্তিগত অভিমত ৷
ইয়াৰ পাচতো দুবাৰমান কেজৰিয়ালক কমসময়ৰ বাবে ওচৰৰ পৰা পাইচো ৷ কেজৰিয়াল সুবক্তা, সক্ষম strategist আৰু কেৰিজ্মা থকা নেতা ৷ তেওঁৰ নেতৃত্বত আপৰ উথ্থান চমকপ্ৰদ ৷ কিন্তু এনে উথ্থানে স্থায়িত্ব লাভ কৰিবনে নাই সেয়া চাবলগীয়া কথা হ’ব ৷ নে অৰবিন্দ কেজৰিয়ালৰ ৰাজনীতিয়ে হ’ব বহুতে ক’ব বিচৰা post ideological সমাজৰ ৰাজনীতি ৷ পঢ়া শুনা কৰা মানুহে এইবোৰ কথা আলোচনা কৰিব৷