আজি কেইদিনমান হ’ল, মই গুৱাহাটী শ্বিলং পথৰ দাঁতিৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান এখনত সোমাইছিলোঁ। শ্ৰীমতীয়ে তেওঁৰ ভনীয়েকৰ কাৰণে টিভি এটা চাব বিচাৰিছিল। সময়টো আছিল সন্ধিয়া। মানুহে বজাৰ,হাট কৰা সময়। দোকানখনত সোমাই মই আচৰিত হৈছিলোঁ। তাত আমি দুজনৰ বাহিৰে আন কোনো গ্ৰাহক নাছিল। দোকানৰ কৰ্মচাৰী সকলে বিমৰ্ষহৈ জুমাজুমি কৰি আছিল। কৰ্মচাৰীৰ সংখ্যালৈ চাই এসময়ত দোকানখনৰ অৱস্থা যে বেছ ৰমৰমীয়া আছিল সেইটো অনুমান কৰিব পাৰি। কৰ্মচাৰী সকলৰ সকলোৰে মুখত কিবা এক অজান আশংকা! তাৰ পিছত, দোকানখনৰ পৰা ওলাই পদপথেৰে গৈ থাকোতে মই ৰাস্তাৰ দাঁতিৰ আন দোকানবোৰলৈও ভূমুকিয়াইছিলোঁ। কাশ্চিৎ কোনোবা এখন দোকানতহে এজন কি দুজন গ্ৰাহক চকুত পৰিছিল। বেছিভাগ দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানেই উদংহৈ আছিল।
তাৰ পিছত মোৰ মনত পৰিছিল পিঠিত বেগ ওলোমাই দুচকীয়া বাহনত ৰাস্তাত গাড়ীৰ ফাকেৰে বাট উলিয়াই আগুৱাই যোৱা ডেকা ল’ৰাছোৱালীবোৰলৈ। মনত পৰিছিল চাইকেলেৰে চুইগি আৰু জামাটোৰ খাদ্যৰ টোপোলা কঢ়িওৱা ক্ষীণাংগী ডেকা ল’ৰাবোৰলৈ। আৰু মনত পৰিছিল পদপথেৰে পিঠিত বেগ এটালৈ অলস দৃষ্টিৰে খোজকাঢ়ি গৈ থকা পদচাৰী যুৱক-যুৱতী সকললৈ, ফ্লাই অভাৰৰ তলত দিনটোৰ মজুৰী বেচিবলৈ উদাস দৃষ্টিৰে ৰৈ থকা দিন মজুৰ সকললৈ।
অৰ্থনীতি সম্পৰ্কে দুটা দৃষ্টিভংগী ল’ব পাৰি। এটা হ’ল অৰ্থনৈতিক কাৰ্যকলাপৰ এক গাণিতিক ব্যাখ্যা। এইটোক অসমীয়াত ‘অৰ্থমিতি’ বুলি কোৱা হয় আৰু ইংৰাজীত ইয়াক ‘econometrics’ বুলি কোৱা হয়। ই হ’ল,মানে অৰ্থমিতি(econometrics) হ’ল ব্যক্তি নিৰপেক্ষ এক অৰ্থনৈতিক ব্যাখ্যা। কিন্তু, অৰ্থনীতিৰ মূল লক্ষ্য অৰ্থনৈতিক কাৰ্যকলাপৰ গাণিতিক ব্যাখ্যা নহয়। তাৰ মূল লক্ষ্য হ’ল মানবকল্যাণ। সেই কাৰণেই অৰ্থনৈতিক নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কেৱল অৰ্থনৈতিক কাৰকবোৰ ললেই নহ’ব। অৰ্থনীতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাবে জড়িত সকলো কথা বিবেচনা কৰিব লাগিব। এই যে আজিকালি দোকানে পোহাৰে,বাটে ঘাটে এটা হতাশাজনক পৰিবেশ, তাৰ কাৰণ কি?
এইবোৰ কথা ভাবি থাকোতে নবেম্বৰ মাহৰ ২ তাৰিখে The Hinduৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা কৈশিক বসুৰ The Truth About ‘The Indian Story’ নামৰ প্ৰবন্ধটোলৈ মোৰ মনত পৰি গ’ল। মই প্ৰবন্ধটোৰ কথাবোৰৰ পোহৰত মোৰ চকুৰ আগত ভাহি থকা দৃশ্যবোৰৰ অৰ্থ কৰিবলৈ আৰম্ভ কৰিলোঁ। কি আছিল এই প্ৰবন্ধটোত? তাৰ আগতে আমি জনা উচিত কৌশিক বসুনো কোন? তেওঁ এজন বিশ্ববিশ্ৰুত অৰ্থনীতিবিদ। তেওঁ এসময়ত ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিল। এতিয়া তেওঁ Cornell University ৰ অৰ্থনীতিৰ অধ্যাপক। আলোচিত প্ৰবন্ধটোত তেওঁ ভাৰতৰ অৰ্থনীতিৰ এটা সাধাৰণ ৰূপৰেখা দাঙি ধৰিছে।
এটা কথা ঠিক ক’ভিদ অতিমাৰীয়ে বিশ্ব অৰ্থনীতি বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। ভাৰতো তাৰ পৰা বাচি যোৱা নাই। কিন্তু, এতিয়া পৰিস্থিতি স্বাভাবিক হৈ আহিছে। এতিয়া আমাৰ অৰ্থনীতি কোন দিশে? ইয়াতো নানা মুণিৰ নানা মত। কাৰোমতে আমাৰ অৰ্থনীতিৰ অৱস্থা কাহিল। কাৰোমতে আমাৰ অৰ্থনীতি ৰমৰমীয়া। কিন্তু এই দুই বিপৰীত মেৰুৰ মাজতহে বোধহয় প্ৰকৃত সত্য নিহিত। সেয়ে দৃষ্টীভংগীৰ সলনি আমি তথ্যৰ সহায়ত আমাৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন চোৱা উচিত। ভাৰতীয় টকাৰ মূল্য যে ডলাৰৰ তুলনাত বহু নিম্নগামী হৈছে তাত কাৰো দ্বিমত নাই। মুদ্ৰাস্ফিতি যে বাঢ়িছে তাতো কাৰো দ্বিমত নাই। কিন্তু, এইটোও সঁচা যে সম্প্ৰতি কম বেছি পৰিমাণে বিশ্বৰ সকলো ঠাইতে সেইটো হৈছে। কিন্তু, এতিয়া আমাৰ আটাইতকৈ ডাঙৰ দুৰ্দশা হৈছে নিবনুৱা সমস্য। International Labour Organisationৰ তথ্য মতে চাকৰি নোপোৱা ডেকা ডেকেৰীৰ সংখ্যা ভাৰতত এতিয়া ২৮.৩%। অৰ্থাৎ ভাৰততে এতিয়া বিশ্বৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱা।
এই পৰিসংখ্যাটো পশ্চিম এচিয়াৰ বিধস্ত দেশবোৰৰ লগত ভাৰতক মিলাই দিলে। আনকি সেইবোৰ দেশতকৈও ভাৰতৰ অৱস্থা বেয়াহে, যেনে ইৰাণ(২৭.২%),ইজিপ্ত(২৪.৩%),চিৰিয়া (২৬.২%),ইন্দোনেচীয়া(১৬%),মালচীয়া(১৫.৬%) আৰু বাংলাদেশ(১৪.৭%)। গতিকে আৰম্ভণিতে উল্লেখ কৰা হতাশাজনক ছবিখনৰ পটভূমি হ’ল এই তথ্যবোৰ। আৰু এটা কথা,দেখাত ৮.৭% ২০২১-২২ৰ ভাৰতৰ মুঠ ঘৰুৱা আয় পৃথিৱীৰ ভিতৰতে বেছি। কিন্তু, এই বৃদ্ধি চকুত লগা হৈছে ২০২০-২১ বৰ্ষৰ লগত তুলনা কৰা বাবেহে, কিয়নো সেই বছৰটোত আমাৰ মুঠ ঘৰুৱা আয় বৃদ্ধিৰ হাৰ আছিল -৬.৬%।
আমাৰ কাৰণে দুশ্চিন্তাৰ কাৰণ দুটা। এটা হ’ল, আমাৰ মুঠ ঘৰুৱা আইৰ সিংহভাগ আহে দেশৰ দহ/বাৰগৰাকী ওদ্যোগপতিৰ পৰা। বাকীখিনি সামান্য অংশ থাকেগৈ সাধাৰণ মানুহৰ হাতত। গতিকে তাৰ সুফল ভোগ কৰে ধনী ওদ্যোগপতিবোৰে । গৰীৱ তাৰ দ্বাৰা উপকৃত নহয়। অইন কথাটো হৈছে বৃদ্ধিৰ হাৰ। স্বাধীনতাৰ পিছৰ দশক কেইটাত আমাৰ দেশৰ বিকাশৰ হাৰ অতি মন্থৰ আছিল। কিন্তু, ১৯৯১চনৰ পৰা ই বাঢ়িবলৈ লৈছিল, আৰু ২০০৫-২০০৮ত বিশ্বৰ দ্ৰুত হাৰত অৰ্থনৈতিক বৃদ্ধি হোৱা দেশ সমূহৰ ভিতৰত ভাৰত অন্যতম আছিল। কিন্তু, এতিয়া ভাৰতৰ সেই অৱস্থা নাই।
কোনোবাই ক’ব পাৰে ক’ভিদৰ বাবে আমাৰ এই অৱস্থা হৈছে। নাই কথাটো সঁচা নহয়। ক’ভিদৰ আগতেই আমাৰ অৰ্থনীতি পৰি আহিছিল। গতিকে কি হৈছে ? আমাৰ অৰ্থনীতিৰ যি ধৰণে বিকাশ হ’ব লাগিছিল সেই ধৰণে হোৱা নাই। আৰু যিখিনি হৈছে তাৰ দ্বাৰাও উপকৃত হৈছে অতি মুষ্টিমেয় আদানি/আম্বানীৰ দৰে ধনী মানুহবোৰ। ভাৰতবৰ্ষ এখন বিশাল আৰু সম্পদশালী দেশ। আমাৰ দেশত মেধাবী যুৱক যুৱতীৰো অভাব নাই। কিন্তু, দেশৰ অৰ্থনৈতিক নীতি নিৰ্দ্ধাৰণ কৰোতে মুষ্টিমেয় ধনী মানুহ কেইজনৰ কথা ভবাতকৈ ক্ষুদ্ৰ ব্যৱসায়ী, খেতিয়ক, শ্ৰমিক আৰু উঠি অহা ডেকা ল’ৰাছোৱালীবোৰৰ কথা মনত ৰাখিব লাগিব। তেতিয়াহে সৰহ সংখ্যকৰ কৰ্মসংস্থান আৰু উপাৰ্জনৰ পথ মুকলি হ’ব। তেওঁলোকৰ মুখত হাঁহি বিৰিঙিব।