সেইদিনা অধ্যাপক উদয়ন মিশ্ৰই ফোন কৰি এম এছ প্ৰভাকৰ ঢুকোৱা খবৰটো দিছিল। অৱশেষত, এম এছ প্ৰভাকৰৰ মনোকামনা পূৰ্ণ হ’ল। আজি বহু বছৰৰ পৰা প্ৰভাকৰৰ জীৱনৰ প্ৰথম অগ্ৰাধিকাৰ আছিল মৃত্যু। তেওঁ বাচি থাকিব বিচৰা নাছিল। সেয়ে, কোনোবাই তেওঁৰ স্বাস্থ্যৰ খবৰ ল’লে প্ৰভাকৰৰ খং উঠিছিল? কিয়? প্ৰভাকৰে বাহ্যিকতাত বিশ্বাস নকৰিছিল। তেওঁ যি শাৰীৰিক আৰু মানসিক কষ্টত জীৱন কটাইছিল তাক উপলব্ধি নকৰাকৈ অভ্যাসবশতঃ কোনোবাই তেওঁৰ স্বাস্থ্যৰ খবৰ কৰিলে তেওঁ বেয়া পাইছিল।
প্ৰভাকৰে কিয় মৃত্যু কামনা কৰিছিল? তেওঁ শাৰীৰিকভাৱে কিছু পৰিমাণে অক্ষম আছিল।বয়স ভাটি দিয়াৰ লগে লগে নিজৰ দৈনন্দিন কামখিনি কৰাটোও তেওঁৰ কাৰণে কষ্টকৰহৈ পৰিছিল। কিন্তু,তাতোকৈ ডাঙৰ কথা, বাধ্যত পৰি অবিবাহিতহৈ থকা প্ৰভাকৰে মানসিকভাৱে অকলশৰীয়া অনুভৱ কৰিছিল।কৰ্ম জীৱনৰ সৰহখিনি সময় অসমত কটাই, অৱসৰৰ পিছতো অসমতে থাকি যোৱাৰ কথা ভাবি তেওঁ গুৱাহাটীত এটা ঘৰো কিনিছিল। কিন্তু বাংগালোৰৰ ওচৰৰ কোলাৰত পৈতৃক সূত্ৰে পোৱা তেওঁৰ ঘৰ এটা আছিল। সেই ঘৰটোৰ প্ৰতি তেওঁৰ এটা এৰাব নোৱৰা টান আছিল। বোধহয় তেওঁ ভাবিছিল- নিজৰ ল’ৰা-ছোৱালী নাথাকিলেও জীৱনৰ শেষৰ সময়খিনি আত্মীয়-স্বজনৰ মাজত কটাব। সেয়ে, গুৱাহাটীৰ ঘৰটো বিক্ৰী কৰি ২০১০ নে ২০১১চনত তেওঁ কোলাৰলৈ গুছি গৈছিল।কিন্তু, তালৈ যোৱাৰ পিছতে তেওঁ তেওঁৰ সিদ্ধান্তটো ভুল আছিল বুলি অনুভৱ কৰিছিল।তাৰ বাবে প্ৰায়ে তেওঁ অনুশোচনা কৰিছিল।
আকৌ প্ৰশ্ন কৰিছোঁ- প্ৰভাকৰে কিয় মৰিব বিচাৰিছিল? মানুহ এজন কিয় জীয়াই থাকিব বিচাৰে? এক শাৰীৰিক সক্ষমতা, সুস্বাস্থ্য, অৰ্থপূৰ্ণ কাম আৰু মানুহৰ সংগ, আদৰ-সাদৰ- এইবোৰৰ কাৰণে। আগতেই কৈছোঁ প্ৰভাকৰ শাৰীৰিকভাৱে কিছু পৰিমাণে অক্ষম আছিল।শেষৰ ফালে তেওঁ বিচনাতে পৰি থাকিবলগীয়া হৈছিল।আজি ভালেমান বছৰ তেওঁ একো লিখা-মিলা কৰা নাছিল। আৰু মানসিক একাকিত্ব- তেওঁৰ চিনাকি জগতখন লাহে লাহে যেন ক’ৰবাত হেৰাই গৈছিল।এজন এজনকৈ তেওঁৰ বন্ধুবোৰ আঁতৰি গৈছিল। অশোক মিত্ৰ গ’ল।অনিল ৰায়চৌধুৰী গ’ল।মহম্মদ তাহেৰও গ’ল। অন্নদাচৰণ ভাগৱতীও গ’ল।আনকি তেওঁৰ ছাত্ৰী অপৰ্ণা মহন্তও গ’ল।টমাচ মূৰে এনেয়ে লিখিছিলনে?
When I remember all
The friends, so link’d together
I’ve seen around me fall,
Like leaves in wintry weather;
I feel like one
Who treads alone
Some banquet-hall deserted,
Whose lights are fled,
Whose garlands dead,
And all but he departed!
এম এছ প্ৰভাকৰ নিঃসংগ আৰু সংযোগবিহীন হৈ পৰিছিল।এখন অচিনাকি নিদাৰুণ পৃথিৱীত বাচি থকাৰ হাবিয়াস তেওঁ হেৰুৱাই পেলাইছিল।কম ক্ষোভ আৰু বেদনাত তেওঁ এদিন মোক কৈছিল নে- “মই নতুন লেখকৰ কিতাপ পঢ়িব নোৱাৰোঁ।”
ষাঠীৰ দশকৰ আগ-ভাগত এজন চফল ডেকা হিচাপে কৰ্ণাটকৰ পৰা আহি প্ৰভাকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে সোমাইছিল।সেই তেতিয়াই তেওঁৰ তাহেৰ/ভাগৱতী আৰু অন্যান্য সকলৰ লগত বন্ধুত্ব আৰম্ভ হৈছিল।তেওঁ অসমীয়া শিকিব বিচাৰিছিল।মহম্মদ তাহেৰে অসমীয়া শিকিবলৈ লক্ষিমপুৰৰ ভিতৰুৱা ইংৰাজী, হিন্দী ক’ব নজনা কেৱল অসমীয়া ভাষী মানুহৰ গাঁও এখনত কেইমাহমান থকাকৈ তেওঁক যাবলৈ কৈছিল।তাত, মহম্মদ তাহেৰৰ গাঁও ‘খুটাকটীয়া’ৰ ওচৰৰে ‘ফুকনৰ হাট’ নামৰ গাঁও এখনৰ মচজিদ এটাৰ চৌহদত ইমাম গৰাকীৰ অনুমতিক্ৰমে ৰাইজে তেওঁক এটা জুপুৰী সাজি দিছিল। ’ফুকনৰ হাট’ত দুমাহ থাকি অসমীয়া ভাষা শিকি তেওঁ গুৱাহাটীলৈ উভতিছিল।
বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি প্ৰভাকৰে ১৯৭৫ চনত মুম্বাইৰ Economic and Political Weeklyৰ সহকাৰী সম্পাদকৰ দায়িত্ব লয়।তাৰ পিছত তেওঁ The Hinduৰ অসম আৰু উত্তৰ-পূবৰ Special Correspondent হিচাপে কাম কৰে। শেষত, ১৯৯৪ চনত The Hinduৰ South Africa Correspondent হিচাপে তেওঁ দক্ষিণ আফ্ৰিকালৈ যায় আৰু তাৰপৰাই ২০০২চনত অৱসৰ লয়। গুৱাহাটী বিশ্ববিদ্যালয়, মুম্বাইৰ ‘Economic and Political Weekly’ আৰু ‘The Hindu’ত অসম, উত্তৰ-পূব আৰু দক্ষিণ আফ্ৰিকাত কাম কৰা সময়ত তেওঁ অজস্ৰ পণ্ডিত, বিদ্বান আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু তেওঁলোকৰ কাৰো কাৰো লগত তেওঁৰ এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠে। মই জনাত অসমৰ বাহিৰৰ তেনে ব্যক্তি সকলৰ ভিতৰত অশোক মিত্ৰ, এন ৰাম, গোপাল গান্ধী আদি অন্যতম আছিল।
প্ৰভাকৰ এজন গভীৰ অধ্যয়নশীল লোক আছিল। তেখেতৰ অধ্যয়নৰ ক্ষেত্ৰখন আছিল বিশাল। তেখেত একে সময়তে এজন সমাজ বিজ্ঞানী, এগৰাকী সংবেদনশীল সাংবাদিক আৰু এজন কৃতি ঔপন্যাসিক আছিল। সমাজবিজ্ঞানী হিচাপে আমি তেওঁক বিচাৰি পাওঁ ‘Economic and Political Weekly’ ৰ পাতত।সাংবাদিক হিচাপে তেখেতৰ সংবেদনশীলতাৰ স্বাক্ষৰ বহন কৰে সেই সময়ৰ ‘The Hindu’ৰ বাবে তেওঁ কৰা সাংবাদিকতাই। ঔপন্যাসিক বা সৃজনীশীল লেখক হিচাপে আমি তেওঁক বিচাৰি পাওঁ তেখেতৰ কান্নাড়া উপন্যাস ‘কুডুৰে মুত্তে’, ‘আনজিকিনয়াটকায়য়া’ আৰু গল্প সংকলন ‘অণ্ডু তোলা পুনুগু মাট্টু ইথাৰা কাটেগালু’ৰ মাজত।
প্ৰভাকৰক মই কেতিয়া লগ পাইছিলোঁ মনত নাই। কিন্তু, তেওঁ গুৱাহাটীত থকা প্ৰতিটো ঘৰলৈ মই গৈছিলোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰৰ বাহিৰে।তেওঁক লগপোৱা কোনো কোনো মুহূৰ্ত মোৰ এতিয়াও মনত আছে। এদিন, তেতিয়াৰ গোস্বামী চাৰ্ভিচত থকা ‘দৈনিক জনমভূমি’ৰ প্ৰশান্ত ৰাজগুৰুৰ অফিচত তেওঁক লগ পাইছিলোঁ। প্ৰভাকৰে চুইমিং পুলত সাঁতুৰি আহি তাত সোমাইছিল।নানা কথাৰ মাজতে পাচলিৰ দামৰ কথা ওলাইছিল। তেতিয়া, আশীৰ দশক।বিলাহীৰ কিলো ৩০ টকা।প্ৰভাকৰে কৈছিল- মোৰ ৩০টকাত এক কিলো বিলাহী কিনাৰ সামৰ্থ্য আছে।কিন্তু,ৰাইজৰ লগত সমমৰ্মিতা প্ৰকাশ কৰি মই নিকিনো।সেই তেতিয়াৰ পৰা বিলাহী কিন্তু ৪০/৬০/ ৮০ ৰ মাজতে উঠা-নমা কৰি আছে।
এদিন দিল্লী ৰে’লৱে ষ্টেচনত দেউতাই প্ৰভাকৰৰ ফালে চিনাকি মানুহক চোৱাৰ দৰে চাই আছিল।প্ৰভাকৰে কৈছিল- ‘প্ৰভাকৰঅ’। মই ২০০৫চনত গুৱাহাটীলৈ স্থায়ীকৈ ওভতি আহিছিলোঁ। প্ৰভাকৰৰ ঘৰ আমাৰ অফিচৰ ওচৰতে আছিল।তেতিয়াৰেপৰা প্ৰায়ে প্ৰভাকৰক পাইছিলোঁ।মাজে মাজে তেওঁ আমাৰ অফিচলৈ আহিছিল।আৰু ময়ো প্ৰায়ে তেখেতৰ ঘৰলৈ গৈছিলোঁ।সেই সময়তে ২০০৭ চনত তেখেতৰ ‘Words and Ideas’ নামৰ কিতাপ এখন আমি প্ৰকাশ কৰিছিলোঁ।প্ৰভাকৰ কিমান অধ্যয়নশীল মানুহ আছিল এই কিতাপখনেই তাৰ স্বাক্ষৰ।তেওঁৰ বিখ্যাত কান্নাড়া উপন্যাস ‘কুডুৰে মট্টে’ৰ অসমীয়ালৈ অনুবাদ কৰি ‘ঘোঁৰাৰ ডিমা’ নামেৰে আমি ‘অন্বেষা’ৰ পৰা প্ৰকাশ কৰিছিলো।মহেশ ডেকাৰ সহায়লৈ প্ৰভাকৰে অসমীয়ালৈ অনুবাদ কৰা কিতাপখন তুলতুল(তুলতুল বৰুৱা) বাইদেৱে সম্পাদনা কৰি উলিয়াইছিল। আধুনিক কান্নাড় সাহিত্যৰ উৎকৃষ্ট ৰচনাসমূহৰ ভিতৰত ই এখন। কান্নাড় সাহিত্যত এম এছ প্ৰভাকৰৰ তুলনা কৰা হয় বিখ্যাত লেখক এ কে ৰামানুজনৰ লগতহে।
প্ৰভাকৰৰ মৃত্যুত মোৰ কি অনুভৱ হৈছে?এই যে তেওঁ মাজে মাজে স্বভাৱসুলভভাৱে ফোন কৰিছিল- “গুড মৰ্ণিং ছাৰ, কি খবৰ? কেনে আছে?” সেই মাতষাৰ আৰু কেতিয়াও নুশুনো।আৰু মোৰ এই প্ৰবন্ধটো পঢ়ি তেওঁ বা কি ক’লেহেঁতেন? প্ৰভাকৰৰ মৃত্যু মোৰে নহয়, বহুতৰ কাৰণে এক ব্যক্তিগত ক্ষতি। প্ৰভাকৰ, আপুনি অভিমানী আছিল।বিশ্বাস কৰক, আমি বৰকৈ আপোনাৰ অভাৱ অনুভৱ কৰিছোঁ। আপুনি অসমক ভাল পাইছিল।আমিও আপোনাক ভাল পাইছিলোঁ।