বিভিন্ন জাতি, জনজাতি, উপজাতিৰ মিলনভূমি আমাৰ এই অসম। অতীজৰ পৰা বৰ্তমানলৈকে নানা জাতি-উপজাতি আৰু বিশাল সংস্কৃতিৰে গঢ়ি উঠিছে আমাৰ বৃহত্তৰ অসমীয়া জাতি। ইয়াত আহোম, কাৰ্বি, বড়ো, কোচ, কছাৰী, মিচিং, তিৱা, ডিমাচা, চুতিয়া, কৈৱৰ্ত, মৰাণ, মটক, সোণোৱাল, চিংফৌ, ব্ৰাহ্মণ, মুছলমান, থলুৱা বঙালীৰ পৰা| আৰম্ভ কৰি থলুৱা নেপালী, থলুৱা মৈমনছিঙিয়া, চহা জনগোষ্ঠী আদি বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি হোৱাৰ লগতে বিভিন্ন সময়ত অসমলৈ আহি নিগাজিকৈ বাস কৰা মাৰোৱীৰী, বিহাৰী, উড়িয়া, মাদ্ৰাজী, পঞ্জাবী আদি সম্প্ৰদায়ৰ লোকসকলৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্যসমূহো কম-বেছি এই অসম ভূমিতে সুন্দৰভাৱে প্রতিফলিত হৈছে। ইয়াৰ লগতে আৰু অসমকে নিজৰ মাতৃভূমিৰ দৰে আঁকোৱালী লৈছে।
আনহাতে বৃহত্তৰ এই অসমীয়া মানুহখিনিৰ বহুতো ক্ষেত্ৰত যেনে— খেতি-বাতি, শিক্ষা-দীক্ষা, সমাজ-ব্যৱস্থা, বিয়া-বাৰু, ধৰ্মবিশ্বাস, পূজা-পাতল, বিবাহ প্রথা, সাজ-পাৰ, ভাষা-উপভাষা আদিৰ ক্ষেত্ৰত বহুখিনি মিল থাকিলেও বহুকেইটা জাতি-উপজাতিৰ মাজত আকৌ পূজা-পাতল, বিবাহ, সাজ-পাৰ, ভাষা আদিৰ কিছু অমিল দেখা যায়।
খোৱা-বোৱাৰ ক্ষেত্ৰতো সেইদৰে ভাতেই প্রতিটো জাতি, জনজাতি, উপজাতিৰ প্রধান খাদ্য যদিও বাকী তৰি-তৰকাৰি, শাক-পাত, মাছ-মাংস আদিৰ ৰঞ্জন প্ৰকৰণো কিছু ক্ষেত্ৰত সুকীয়া। আনহাতে অসমৰ বিভিন্ন জাতি-জনজাতিৰ মাজত পৰম্পৰাগতভাৱে প্রস্তুত কৰি খোৱা থলুৱা পানীয় বা মদ খোৱাৰ প্ৰচলন আছে। আমাৰ আজি এই প্রবন্ধটোত অসমীয়া বিভিন্ন জাতি-জনজাতিয়ে থলুৱা পানীয় বা মদ ব্যৱহাৰ কৰা সম্পৰ্কে আলোকপাত কৰিম।
আমি প্রথমতে আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত থলুৱা পানীয় সাজ পানীৰ কথাৰে আমাৰ লিখা আৰম্ভ কৰিব বিচাৰিছো। অসমত যুগ-যুগ ধৰি বসবাস কৰা আহোম বা টাই আহোমসকল মূলতে মংগোলীয় গোষ্ঠীৰ পৰা অহা আৰু ১২২৮ খ্ৰীষ্টাব্দত তেওঁলোক বীৰ চুকাফাৰ নেতৃত্বত অসমত প্রৱেশ কৰিছিল বুলি বুৰঞ্জীয়ে কয়। আহোমসকলে ১২২৮ খ্ৰীষ্টাব্দৰ পৰা মুঠ ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। তেওঁলোকে প্রথম অৱস্থাত টাই ভাষাহে ব্যৱহাৰ কৰিছিল যদিও কালক্ৰমত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ লগতে হিন্দুধৰ্ম গ্ৰহণ কৰে।
উল্লেখযোগ্য যে চুকাফাই অসমত প্রৱেশ কৰোতে (সেই সময়ত অৱশ্যে ‘অসম’ নামটো নাছিল, সৌমাৰ অঞ্চল বুলিহে জনাজাত আছিল) ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনিখণ্ডত মৰাণ, মটক, বৰাহী, চুতীয়া আদি জাতিয়ে একোখন সৰু-সৰু ৰাজ্য পাতি বাস কৰিছিল। চুকাফা ৰজাই এই জনজাতি সকলক বশ কৰি এখন বিশাল ৰাজ্য গঢ়ি তুলিছিল। এই আহোমসকলে ভাতৰ বাহিৰেও সাজপানী বা মদ খাইছিল। আহোমৰ সাজপানী, ৰহী আদি (অসমৰ মাইহাং বাটিৰ সোৱাদ ড° ভূপেন হাজৰিকাৰ এটা গীতত এই বাক্যশাৰী উল্লেখ কৰিছিল) অৰ্থাৎ থলুৱা মদৰ সোৱাদ সঁচাই অতুলনীয়া বুলি সকলোৱে কয়।
আজি কিছু বছৰৰ আগতে বিশিষ্ট লেখক আৰু চিকিৎসক ডাঃ মুক্তি প্ৰসাদ গগৈয়ে এবাৰ তেখেতৰ মৰাণৰ পুৰণি নিজাঘৰত অসমৰ মাননীয় প্রাক্তন ৰাজ্যপাল লালন প্রসাদ সিঙক ঘৰতে তৈয়াৰী ‘ৰহী’ৰে আপ্যায়ন কৰাত মাননীয় ৰাজ্যপাল সিঙে হেনো এই বুলি কৈছিল যে বিলাতী দামী স্কটছেও ৰহীৰ লগত ফেৰ মাৰিব নোৱাৰে।
মিচিং জনগোষ্ঠীৰ আপং, ছাইমদ আদি মিচিং জনগোষ্ঠীৰ প্ৰিয় পানীয় হৈছে আপং। আপং অবিহনে মিচিংসকলৰ কোনো পূজা-পাতল, সকাম-নিকাম বা আন মাংগলিক কাৰ্য, উৎসৱ আদি সমাপন নহয়। এই ধৰণৰ আপঙৰ দুটা নাম আছে অৰ্থাৎ দুই ধৰণে ইয়াৰ তৈয়াৰ কৰা হয়। ইয়াৰে এবিধ আপঙৰ নাম হৈছে– ‘নগজিন আপং” (বগা আপং) আৰু আনবিধৰ নাম হৈছে ‘পঃ ৰ আপং’ বা ক’লা আপং (ধোঁৱাবৰণীয়া আপং)। এই দুয়োবিধৰে প্রস্তুত প্ৰণালীও কিছু সুকীয়া যদিও দুয়োবিধ আপঙেই মিচিংসকলৰ অতি প্রিয় পানীয়।
দেউৰী সমাজৰ সাজপানী চুজে
বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী দেউৰীসকলৰ অৱদান অনস্বীকাৰ্য। দেউৰীসকল মূলতঃ অসম আৰু অৰুণাচলৰ বাসিন্দা আৰু তেওঁলোক মূলতঃ কৃষিজীৱী একোটা জনগোষ্ঠী। কৃষিক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে দেউৰীসকলৰ দৈনন্দিন জীৱন পদ্ধতি। ভাতেই তেওঁলোকৰ প্রধান আহাৰ। ভাতৰ লগত তেওঁলোকে নিজ আহি ৰন্ধা কেতবোৰ খাদ্য, যেনে— সিজোৱা বা শুকান মাছৰ ‘চচু্চা’, মেৰেকু জুবুৰা নামৰ বিশেষ পদ্ধতিত ৰন্ধা মাংসৰ তৰকাৰি, কচুগছেৰে (কুমলীয়া কচুগছ) নেফাফু, তিতাফুল আদিৰে ৰন্ধা ‘নিয়ননা’, মেছাঙি শাকৰ মাংসৰে ৰন্ধা আঞ্জা আদি উল্লেখ কৰিব পাৰি।
দেউৰীসকলে নিজা পদ্ধতিত তৈয়াৰ কৰা ‘চুজে’নামৰ সাজপানী বা থলুৱা মদক এক অন্যতম প্রধান পানীয় স্বৰূপে ব্যৱহাৰ কৰি আহিছে। এইবিধ পানীয়ত জীৱনীশক্তি নিহিত হৈ আছে। দেউৰীসকলৰ আদিপুৰুষৰ পৰা এই বিশ্বাসৰ পৰম্পৰা চলি আহিছে। তদুপৰি দেউৰীসকলৰ সকাম-নিকাম, পূজা-পাৰ্বণ, বিয়া-বাৰু, মৃতকৰ শ্ৰাদ্ধ আদিতো এইবিধ ‘চুঁজে’ বা মদ ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে।
জৌ: বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত পানীয়
অসমৰ বিভিন্ন জাতি-জনজাতিৰ দৰে বড়োসকলেও অতীজৰে পৰা সমাজ পাতি বসবাস কৰি আহিছে। তদুপৰি ঐতিহাসিক কালৰ পৰাই বড়োসকলে পৰম্পৰাগতভাৱে তেওঁলোকৰ বিভিন্ন ৰীতি-নীতি, উৎসৱ-পাৰ্বন আদি পালন কৰি অহাৰ লগতে এক স্বকীয় স্থানো বহু কৰি আহিছে। আনহাতে তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰ পৰা পানীয় বা থলুৱাভাৱে প্রস্তুত কৰা মদে এক বিশিষ্ট স্থান লাভ কৰি আহিছে। বড়োসকলে এই ধৰণৰ থলুৱাভাৱে প্রস্তুত কৰা মদ বা পানীয়ক ‘জৌ’ বুলি কয়। এই ধৰণৰ চাউলৰুপৰা প্রস্তুত কৰা জৌক তেওঁলোকে নিতৌ ব্যৱহাৰ কৰাৰ লগতে যিকোনো পূজা-পাৰ্বণ, বিয়া-বাৰু, সকাম-নিকাম আদিতো বেছ আস্থাৰে ব্যৱহাৰ কৰে। তদুপৰি ঘৰলৈ আলহী-অতিথি আহিলেও এই ধৰণৰ মদেৰেই (জৌৰে) আপ্যায়ণ কৰে। ইয়াৰ লগত অৱশ্যে গাহৰি বা কুকুৰা আদিৰ ভজা বা সেকা মাংস নতুবা মাছ পোৰা, শুকান মাছৰ চাট্নি বা আন-আন ব্যঞ্জনো পৰিৱেশন কৰে।
ৰাভা সমাজত মদৰ ব্যৱহাৰ
অসমৰ আন-আন জনগোষ্ঠীৰ দৰে ৰাভা সমাজতো থলুৱা মদৰ প্রচলন অতি প্রাচীন। বিশেষকৈ সমাজ পাতি খেতি-বাতি কৰিবলৈ লোৱাৰ দিনৰে পৰা মদৰ প্রচলন চলি অহা বুলি ক’ব পাৰি। তদুপৰি মদ সকলো ধৰণৰ সামাজিক আৰু ধৰ্মীয় তথা মাংগলিক কামতো ব্যৱহাৰ কৰি অহা হৈছে। অৰ্থাৎ ৰাভাসকলৰ যিকোনো সকাম-নিকাম, বিয়া-বাৰু, মৃতকৰ সৎকাৰ, জন্মৰ অশৌচ খেদা আদি অনেকতা কামত মদ বা পানীয় নহ’লেই নহয়। অৱশ্যে এই ধৰণৰ যিকোনো একোটা কামত অতি ভক্তিভাবেহে মদ আগবঢ়োৱা বা আপ্যায়িত কৰা হয়।
ৰাভাসকলে কেইবাবিধো বিভিন্ন ধৰণৰ পানীয় প্রস্তুত কৰিব জানে যদিও তেওঁলোকৰ মাজত তিনিবিধ বিশেষ মদ বা পানীয়, যেনে–“চকো’, ‘মাখাম’ আৰু ‘ছিনছিনিয়া’ পানীয়ৰ প্রচলনেই সৰ্বাধিক৷ সেইদৰেই প্রত্যেকবিধ পানীয়ও বিশেষ একোটা কামতহে ব্যৱহাৰ কৰা হয় আৰু সেইমতে প্রস্তুতো কৰা হয়।
উদাহৰণস্বৰূপে পূজা-পাৰ্বণত ব্যৱহাৰ কৰা বা উৎসৰ্গা কৰা মদ প্রস্তুত প্ৰণালী কিছু বেলেগ৷ পূজা-পাৰ্বণ অৰ্থাৎ ৰাভাসকলৰ দেৱ-দেৱীৰ (ব্যয়খো, হাছং, খোকছি আদি দেৱ-দেৱীৰ বাবে) বাবে বিশেষ কিছুমান ব্যক্তিয়েহে গা-পা ধুই তিতা বস্ত্ৰ পৰিধান কৰি এই ধৰণৰ মদ বা পানীয় প্ৰস্তুত কৰে। যি কি নহওক অসমৰ আন-আন জনগোষ্ঠীৰ দৰে ৰাভাসকলৰো দুবিধ বিসেষ বস্তু অৰ্থাৎ ভাত আৰু কেতবোৰ বনৌষধিৰে কৰা ‘বাখৰ’ বা বাখৰ পিঠাৰে মদ প্রস্তুত কৰে।
বৰ্ণিল তিৱা সমাজত ‘জ্যু’ৰ প্ৰচলন
অসমৰ অন্যান্য জাতি-জনজাতিৰ দৰে তিৱাসকলৰ মাজতো যুগ-যুগ ধৰি থলুৱাভাৱে প্রস্তুত কৰা মদৰ প্রচলন চলি আহিছে। যিকোনো পূজা-পাৰ্বণ, বিয়া-বাৰু বা উৎসৱ আদিত মদ অবিহনে তিৱাসকলৰ কোনো অনুষ্ঠানেই সম্পাদন নহয়। এই ধৰণৰ থলুৱাভাৱে প্রস্তুত কৰ| পানীয় বা মদক তিৱাসকলে জ্যু’বা ‘চ্যু’ (ঠাইবিশেষে চ্যু) বুলি কয় আৰু এই ‘জ্যু’ প্ৰস্তুত কৰোঁতে পুৰুষতকৈ নাৰীসকলে অগ্ৰণী ভূমিকা লোৱা দেখা যায়।
অসমৰ আন-আন জনগোষ্ঠীৰ পানীয় ইতিমধ্যে আমি এই প্রৱন্ধত অসমৰ বিভিন্ন জনগোষ্ঠীৰ, যেনে— আহোম, মিচিং, তিৱা, বড়ো, ৰাভা, দেউৰী আদিৰ থলুৱা মদৰ নাম আৰু সেই ধৰণৰ মদ কেনেদৰে প্রস্তুত কৰে তাৰ এক থুলমূল আভাস উল্লেখ কৰিছো। অসমত অকল এই সকল জনগোষ্ঠীয়েই নহয়, আন-আন বিভিন্ন জনগোষ্ঠী বা জাতি-উপজাতিসমূহেও নিজ নিজ পদ্ধতিত থলুৱা পানীয় প্রস্তুত কৰে আৰু সৰুৰ পৰা বয়োবৃদ্ধ সকলোৱে এই ধৰণৰ পানীয় নিজে খোৱাৰ লগতে পূজা-পাৰ্বণ, সকাম-নিকাম, বিয়া-বাৰু আদিতো সামাজিকভাৱে ব্যৱহাৰ কৰে। আনকি সমূহীয়াকৈ মাছ ধৰা, চিকাৰ কৰা, ন-খোৱা আদিতো মদৰ প্রচলন দেখা যায়।
আমি আগতে উল্লেখ নকৰা আন-আন জনগোষ্ঠীসকলৰ এই ধৰণৰ কেইবিধমান পানীয় বা থলুৱা মদৰ নাম তলত উল্লেখ কৰিলো।
কাৰ্বি জনগোষ্ঠীৰ থলুৱা মদৰ নাম হৈছে ‘হাৰলাং’। সেইদৰে ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় হৈছে–‘জু-ডিমা’, সোণোৱালসকলৰ ‘সুৰা’, চাহ জনগোষ্ঠীৰ ‘হাড়িয়া’ আদি। তদুপৰি আমাৰ চুবুৰীয়া ৰাজ্যবিলাকতো থলুৱা মদৰ ব্যাপক প্ৰচলন আছে। এই ধৰণৰ পানীয়ৰ নামবোৰ হৈছে- মেঘালয়ৰ খাচীসকলে প্রস্তুত কৰা—কাকিয়াদ’, কুকীসকলৰ ‘জু’, মিজোসকলৰ ‘জু’ আদি।
এই ধৰণৰ থলুৱা মদ তেওঁলোকে (বিভিন্ন জনগোষ্ঠীয়ে) সকলো ধৰণৰ পূজা-পাৰ্বণ, বিবাহ আদি আৰু তৃষ্ণা আঁতৰাবৰ বাবে ব্যৱহাৰ কৰাৰ লগতে ভোক আৰু ভাগৰো আঁতৰি যোৱা অনুভৱ কৰে। ইয়াৰ লগতে বিভিন্ন ধৰণৰ অসুখ-বিসুখ, যেনে— পেটৰ গণ্ডগোল, মূৰৰ বিষ, কাঁহ-পানীলগা, প্ৰসূতি বেদনা আদি লাঘৱ কৰিবলৈও ব্যৱহাৰ কৰা হয়। এই ধৰণৰ থলুৱা পানীয় বা মদ তৈয়াৰৰ মুখ্য উপাদান হৈছে চাউল বা ভাত। ইয়াৰ লগত বিশেষ এবিধ পিঠা তৈয়াৰ কৰি ভাত বা পইতা ভাতৰ স’তে মিহলি কৰি মাটিৰ কলহত ভৰাই মুখখন বন্ধ কৰি তৈয়াৰ কৰা হয়। এই বিশেষ পিঠাটো জাতিভেদে বিভিন্ন বনষৌধি গছৰ পাত, শাক, গুটি আদি ৰ’দত শুকুৱাই গুড়ি কৰি মিহলি কৰি পিঠাটো তৈয়াৰ কৰা হয়। বহুতে ইয়াৰ লগত আন কিছুমান দ্রব্যও মিহলি কৰে আৰু বিভিন্ন পদ্ধতিৰে তৈয়াৰ কৰে। সি যি কি নহওক এই ধৰণৰ পানীয়ৰ ওপৰত বৰ্তমান বিভিন্ন গৱেষণা কৰা হৈছে যদিও আৰু অধিক গৱেষণাৰ প্রয়োজন আছে।
(লেখক ড° সুনীল কুমাৰ শইকীয়া ভাৰত চৰকাৰৰ আই.আই ই. (IIE)ৰ প্রাক্তন সঞ্চালক আৰু বৰ্তমান গুৱাহাটী কৰ্মাৰ্চ কলেজৰ চেষ্টাৰ ফ’ৰ মেনেজমেণ্ট ষ্টাডিজৰ সঞ্চালক, ফোন: ৯৮৫৪০-৫৮৮০০)