• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

শ্বহীদ ভগৎ সিং আৰু আমি

নিৰংকুশ নাথ by নিৰংকুশ নাথ
March 23, 2023 1:14 pm
Bhagat Singh
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৩১ চন। ২৩ মাৰ্চৰ দিনটোত ২৩ বছৰীয়া এজন যুৱক ভগৎ সিং আৰু তেওঁৰ দুই সতীৰ্থ- সুখদেৱ আৰু ৰাজগুৰুক ভাৰত চৰকাৰে ফাঁচী কাঠত ওলোমাই হত্যা কৰিছিল। তেওঁলোকৰ দোষ – দেশদ্ৰোহীতা, being Anti-National ! কিয়নো তেওঁলোকে সেই সময়ৰ ব্ৰিটিছ চৰকাৰক প্ৰশ্ন কৰিছিল। ৰাইজৰ কথা নুশুনা কলা অত্যাচাৰী চৰকাৰক এটা বোমা ফুটুৱাই সকীয়াই দি গৰ্জি উঠিছিল ইনকালাব জিন্দাবাদ, Long Live Revolution !! ভাৰতৰ স্বাধীনতা আন্দোলনৰ উজ্জ্বল নক্ষত্ৰ ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকল। এই যুৱক কেইজনক হত্যা কৰা হ’ল যদিও তেওঁলোকৰ চিন্তা আৰু মতাদৰ্শ আজিৰ যুৱ ভাৰতৰ বাবে বেছিকৈ প্ৰাসংগিক হৈ পৰিছে।

স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আজিৰ যুৱ প্ৰজন্মই নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যে তেওঁলোকৰ ‘ইনকালাব’ৰ ধাৰণালৈ ঘূৰি চাব লাগিব। স্বাধীনতাৰ অৰ্থ ভগৎ সিঙ আৰু তেওঁৰ কমৰেডসকলৰ বাবে ইংৰাজৰ পৰা কেইজনমান ভাৰতীয়লৈ ক্ষমতাৰ হস্তান্তৰ নাছিল। স্বাধীনতাৰ অৰ্থ তেতিয়াহে ফলপ্ৰসূ হ’ব বুলি কৈছিল যেতিয়া ই গৰিষ্ঠ সংখ্যক ভাৰতীয়, অৰ্থাৎ কৃষক আৰু শ্ৰমিকৰ অৱস্থাৰ উন্নত কৰিব পাৰিব। তেওঁলোকে এক সমাজতান্ত্ৰিক ব্যৱস্থা গঠন কৰিব বিচাৰিছিল য’ত সকলো অংশৰ লোকৰ সমান অধিকাৰ থাকিব তথা ধৰ্মৰ নামত, জাতিৰ নামত বেহা-বেপাৰ নচলিব। এই দিশত ভাৰতবৰ্ষ আগবঢ়াই নিবলৈ বিপ্লৱীসকলে বিভিন্ন পথ সন্ধান কৰিছিল। সেইসময়ত তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল ৰুচ দেশৰ মহান অক্টোবৰ বিপ্লৱে। লেনিন হৈছিলগৈ পথ প্ৰদৰ্শক।

Apply Now

মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সমান্তৰালভাৱে চলিছিল নৈৰাজ্যবাদী, ছোচিয়েলিষ্ট আৰু কমিউনিষ্টৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ। ব্ৰিটিছক খেদিবলৈ দেশৰ জমিদাৰ শ্ৰেণী আৰু সংঘ পৰিয়ালৰ বাহিৰে সকলোৱে অংশগ্ৰহণ কৰিছিল। জনগণৰ আন্দোলনৰ ফলত দেশ স্বাধীন হ’ল। লগে লগেই ৰাজনৈতিক স্বাধীনতা পালে। জাতি, ধৰ্ম, বৰ্ণ, লিংগ আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো ভাৰতীয়ক সাৰ্বজনীন ভোটাধিকাৰ প্ৰদান কৰি বিশ্বতেই বৃহত্তম গণতন্ত্ৰই ইতিহাস সৃষ্টি কৰিলে। কিন্তু এই ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় অৰ্থনৈতিক আৰু সামাজিক ৰূপান্তৰ সঠিক দিশত আগনাবাঢ়িল। পৰৱৰ্তী সময়ত দেশ শাসন কৰা কংগ্ৰেছ আৰু বিজেপিয়ে বৃহৎ পুঁজিপতিৰ স্বাৰ্থৰক্ষাকাৰী আৰ্থিক নীতিহে গ্ৰহণ কৰিলে।

এনে এক অৱস্থা সম্পৰ্কে সেই তেতিয়াই অনুমান কৰিব পাৰি ভগৎ সিঙে সাৱধান কৰি কৈছিল- “ ভাৰত চৰকাৰৰ নেতৃত্ব লৰ্ড ৰিডিং নে ছাৰ পুৰুষোত্তম ঠাকুৰদাসৰ হাতত আছে, তাক লৈ তেওঁলোকৰ (কৃষক আৰু শ্ৰমিক) তাতে কি আহে যায়? এজন কৃষকৰ বাবে লৰ্ড আৰ্ৱিনৰ ঠাইত ছাৰ তেজ বাহাদুৰ চাপৰু আহিলে কি পাৰ্থক্য এনে!” বৰ্তমান এই অৱস্থা অধিক ভয়াবহ হৈছে। আজি আমি দেখিবলৈ পাইছোঁ কেনেকৈ ভাৰতবর্ষৰ জনগণৰ সম্পত্তি ব্ৰিটিছৰ দৰে বৃহৎ পুঁজিপতি বিজয় মালিয়া, নীৰৱ মোদী আদিয়ে লুটি বিদেশ পাইছেগৈ।

সকলোৰে বিকাশৰ কথা কৈ ভাৰত চৰকাৰে কেৱল আম্বানী, আদানী আদিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে। সেইসময়ৰ দৰে আজিও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কৃষকৰ লং মাৰ্চ, শ্ৰমিকৰ সৰ্বভাৰতীয় হৰতাল। আনকি সময়ে সময়ে সৰু সৰু ব্যৱসায়ী, কৰ্মচাৰী, যুৱক, ছাত্ৰৰ প্ৰতিবাদে দেশ কঁপাই তুলিছে। সমানে সমানে চলিছে দমন। চলিছে sedition, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু ব্ৰিটিছৰ ‘দ্বিভাইড এণ্ড ৰুল’ নীতি। ঐক্যবদ্ধ প্ৰতিবাদ বিনষ্ট কৰিবলৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। ভগৎ সিঙে তেওঁ লিখনি সাম্প্ৰদায়িক সংঘৰ্ষ আৰু তাৰ সমাধান শীৰ্ষক এটি লিখনিত সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়াৰ কথা কৈছে। যুক্তি দিছে কিয় ৰাজনীতি আৰু ধৰ্মক পৃথক কৰাৰ প্ৰয়োজন।

সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা সম্পৰ্কে এইবুলি লিখিছে- ” বাতৰিকাকতসমূহৰ প্ৰকৃত দায়িত্ব হৈছে জনগণক শিক্ষিত কৰা, মনবোৰ নিকা কৰা, ঠেক বিচ্ছিন্নতাবাদী বিভেদৰ পৰা ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক চিন্তাক মষিমূৰ কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণ কৰা।” আজিৰ বহু মিডিয়াৰ বাবে এনে কথা কাৰ্যকৰী কৰাটো দূৰৰ কথা হজম কৰাটোও মস্কিল হ’ব। তেওঁলোকৰ এটা অংশই ‘উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদ’ অৰ্থাৎ যি ৰাষ্ট্ৰীয়তাবাদে দেশৰ সকলো ৰাজ্য, ভাষা, কৃষ্টি, জাতি, ধৰ্মৰ ভিন্নতাৰ মাজতো ঐক্য গঢ়ি তোলে বা এক শব্দত কবলৈ হ’লে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সলনি মোদী আৰু আৰ এছ এছৰ ‘হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদ’ৰ প্ৰবক্তা হৈ পৰিছে।

এনে ‘Godi Media’ সম্পৰ্কে ভগৎ সিঙে লিখিছিল কিদৰে তেওঁলোকৰ “মূল উদ্দেশ্য হৈছে অজ্ঞানতাৰ প্ৰচাৰ কৰা, বিচ্ছিন্নতা আৰু গোড়ামী বিয়পাই জনগণৰ মন-মগজু সাম্প্ৰদায়িক কৰি তুলি সংমিশ্ৰিত সংস্কৃতি আৰু উমৈহতীয়া ঐতিহ্য ধ্বংস কৰা।” অতি নির্জলভাৱে একাংশ মিডিয়াই ‘The nation wants to know’ বুলি চিঞৰি চিঞৰি এইয়াই কৰি থকা নাই জানো? ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ নোলোৱা সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদী আৰ এছ এছ-এ ব্ৰিটিছৰ দৰে ‘সকলো সম্প্ৰদায়ৰ মাজত বিৰাজ কৰা সাধাৰণ ঠেক মনোবৃত্তিক ব্যৱহাৰ কৰে’। আজি দেশৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাকাৰী আৰু সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ প্ৰয়োজন হৈ পৰিছে। এনে বিভেদকামী শক্তি পৰাস্ত কৰাৰ উপায় ভগৎ সিঙৰ লিখনিত পোৱা যায়।

তেওঁ লিখিছিল “এই সকলো সংঘৰ্ষৰ অন্ত কেৱল ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশ পৰিবৰ্তন কৰিহে সম্ভৱ….কিন্তু বৰ্তমানৰ আৰ্থিক নীতি পৰিবৰ্তন কৰাটো কঠিন….সেয়ে জনগণে চৰকাৰ পৰিবৰ্তন নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব লাগিব।” কাৰণ তেওঁ জানিছিল কিদৰে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থতেই বিভেদৰ বীজ সিচে আৰু সেয়ে তেওঁ লিখিছে- “জনতাই যাতে নিজৰ মাজত যুজঁ নকৰে তাৰ বাবে শ্ৰেণী সচেতনতাৰ প্ৰয়োজন। দুখীয়া, শ্ৰমিক শ্ৰেণী আৰু কৃষকক স্পষ্ট কৰিব লাগিব যে পুঁজিবাদ হৈছে তেওঁলোকৰ আচল শত্ৰু।…জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলো দুখীয়াৰ অধিকাৰ একেই। ঐক্যবদ্ধ হৈ সকলো বিভেদ আঁতৰাই ক্ষমতা দখল কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ হ’ব। এই প্ৰচেষ্টাৰে আপোনালোকে একো নেহেৰুৱাই বৰঞ্চ এই চেষ্টাৰে এদিন দাসত্বৰ শৃংখল চিঙিব পাৰিব আৰু অৰ্থনৈতিক স্বাধীনতা অর্জন কৰিব পাৰিব।” এই সঠিক ৰূপৰেখা কাৰ্যকৰী কৰাত আজি সমস্যা জৰ্জৰিত যুৱ সমাজৰ ভূমিকা হ’ব উল্লেখযোগ্য।

যুৱকসকলে নতুন ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰি এক বিকল্প জনমুখী অৰ্থনীতি গঢ়ি তুলিব পৰা ৰাজিনীতিৰ সূত্ৰপাত কৰিব লাগিব। আৰু সেয়ে “আজি আমি যুৱকসকলক পিষ্টল বা বোমা তুলি ল’বলৈ ক’ব নোৱাৰো। আজিৰ ছাত্ৰসকলৰ সন্মুখত ইয়াতকৈ গুৰুত্বপূৰ্ণ কাম আছে। আজি বিপ্লৱৰ বাৰ্তা দেশৰ বিভিন্ন প্ৰান্তলৈ যুৱকসকলে বিয়পাই দিব লাগিব। কল-কাৰখানাৰ বস্তি অঞ্চলৰ আৰু গ্ৰামাঞ্চলৰ কোটি কোটি জনতাক জগাই তুলিব লাগিব যাতে তেওঁলোক স্বাধীন হয় আৰু মানুহৰ মানুহৰ ওপৰত চলা শোষণ অসম্ভৱ হৈ উঠিব।” দেশৰ মুঠ জনসংখ্যাৰ ৬৫% আমি ৩৫ বছৰ বয়সৰ তলৰ যুৱসমাজ।

আমিয়েই ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সম্পূৰ্ণ শক্তি নিয়োজিত কৰিব লাগিব। ভগৎ সিঙৰ দৰেই শাসক শ্ৰেণীক প্ৰশ্ন কৰিব লাগিব। প্ৰশ্ন কৰিব লাগিব কিয় এইবেলি নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ আটাইতকৈ বেছি হৈছে? কিয় চকীদাৰৰ নামত নাটক কৰা চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত চিকিউৰিটি গাৰ্ড সমূহক যোৱা ৫ বছৰে নূন্যতম মজুৰি প্ৰদান কৰিব নোৱাৰিলে? কিয় ভাল দিনৰ সলনি ‘ঘৰ ৱাপচী’, ‘লাভ জিহাড’, ‘গৌ ৰক্ষা’ আদিহে প্ৰদান কৰিলে ? আজি দেশৰ যুৱশক্তিয়ে সংবিধান ৰক্ষা কৰি গণতন্ত্ৰ অধিক শক্তিশালী কৰিব লাগিব। অনবৰতে আগবঢ়াই নিব লাগিব ‘Battle of Ideas’। এই যুঁজত আমি দৃঢ় বিশ্বাসী যে আমাৰ জয় অনিবাৰ্য। কাৰণ ‘সমাজতন্ত্ৰই ভৱিষ্যত আৰু ভৱিষ্যত আমাৰ’!!

নিৰংকুশ নাথ

নিৰংকুশ নাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd