বহুদিন কিতাপৰ বিষয়ে লিখা নাই। কিন্তু, প্ৰদীপ খাটনিয়াৰ আৰু মোৰ, মহেশ্বৰ নেওগে কোৱাৰ দৰে ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’, বিশ্ববিদ্যালয়খনত, অহৰহ কিতাপৰ চৰ্চা চলি থাকে। মই এটা ইউ টিউবৰ পৰা Sven-Eric Liedmanৰ ‘A World To Win- The Life and Work of Karl Marx’ নামৰ কিতাপখনৰ সম্ভেদ পাইছিলোঁ বুলি আগতেই লিখিছোঁ। এই কিতাপখনৰ বিষয়ে সুকীয়াকৈ লিখিব লাগিব। ই এখন বিশাল আৰু বিস্তাৰিত পটভূমিৰ কিতাপ। কিতাপখন কেৱল ঊনবিংশ শতিকাৰ মাৰ্ক্স আৰু সমসাময়িক সময়ৰ এক গভীৰ অধ্যয়নেই নহয়, ইয়াত বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ সমস্যা কিছুমান উত্থাপন কৰিও, মাৰ্ক্সীয় চিন্তাৰ প্ৰাসংগিকতা আৰু তাৎপৰ্য আলোচনা কৰা হৈছে।
সাম্প্ৰতিক সময়ৰ বহু চৰ্চিত Thomas Pikettyৰ ‘Capital in twenty-first century” ৰ প্ৰসংগও তেওঁ আনিছে। বৰ্তমানৰ আলোকত অতীত। আচৰিত কথা, মাৰ্ক্সে বৰকৈ Honore De Balzacৰ কথা কৈছিল। মাৰ্ক্সৰ সতীৰ্থ এঞ্জেলছে কৈছিল যে তেওঁ ফৰাচী সমাজৰ বিষয়ে পেছাদাৰী ঐতিহাসিক, অৰ্থনীতিবিদ আৰু পৰিসংখ্যাবিদ সকলতকৈও বেছি শিকিছিল বালজাকৰ উপন্যাস পঢ়ি। মাৰ্ক্স বালজাকৰ ইমান গুণমুগ্ধ আছিল যে অৰ্থনীতি বিষয়ক অধ্যয়ন–গৱেষণা শেষ হোৱাৰ পিছত, তেওঁ বালজাকৰ বিষয়ে এলানি প্ৰবন্ধ লিখাৰ কথা ভাবিছিল। Piketty-য়েও বাৰে বাৰে বালজাকৰ কথা কয়। অকল ‘Capital in twenty-first century’তে তেওঁ বালজাকৰ কথা কোৱা নাই, তেওঁ তাৰ পিছৰ ‘Capital and Ideology ’ নামৰ কিতাপখনতো বালজাকৰ প্ৰসংগ আনিছে।
তেওঁৰ উৎপাতত ৰ’ব নোৱাৰিয়ে মই বালজাকৰ ‘Old Man Goriot’ খন কিনিবলৈ বাধ্য হৈছিলোঁ। সি যি কি নহওক, এই Liedmanৰ কিতাপখনে মোক লৈ গ’ল Naomi Klein ৰ ‘This Changes Everything’, Gorman Therborn ৰ ‘The Killing Fields of Inequality’ আৰু Guy Standingৰ The Precariatতলৈ। এইবাৰ Liedmanৰ কিতাপখন ৬১ পৃষ্ঠাতে সামৰি, মই পঢ়িবলৈ ল’লোঁ ‘This Changes Everything’।
এই কিতাপখনৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ যে ই কেৱল এখন কিতাপ নহয়, ই হৈছে আমাৰ সময়ৰ এক কৰ্মসূচী। কিতাপখন পঢ়ি থাকোঁতে তাৰ ১৮৪–৮৫ পৃষ্ঠাত পালোঁ Aldo Leopold ৰ ‘A Sand County Almanac’ আৰু Rachel Carsonৰ ‘Silent Spring’ৰ বিষয়ে। গতিকে এতিয়া মই ‘This Changes Everything’ খন ২৫৭ পৃষ্ঠাতে এৰি, নতুনকৈ পঢ়িবলৈ লৈছোঁ ‘A Sand County Almanac’। নাই, মই যিবোৰ কিতাপ বাটত এৰি আহিছোঁ, সময়ত আকৌ সেইবোৰ কিতাপলৈ উভতি যাম। যাব লাগিবই।
‘A Sand County Almanac’ খন এখন অদ্ভূৎ ধৰণৰ কিতাপ।
মই কিছুদিন আগতে মাটিৰ বিষয়ে সামাজিক মাধ্যমত কিবা এষাৰ লিখিছিলোঁ। তাৰ মূলতে আছিল এই কিতাপখন।জলবায়ু পৰিবৰ্তন বা পৰিবেশ সংৰক্ষণ আন্দোলনৰ বৰ্তমানৰ পশ্চিমীয়া পৰম্পৰাটো যিসকল ব্যক্তিৰ চিন্তা আৰু কৰ্মই প্ৰভাৱিত কৰিছে সেই সকল হ’ল, Ralph Waldo Emerson, Henry David Thoreau আৰু John Ruskin। Ralph Waldo Emerson ৰ ‘Nature and Selected Essays’, Henry David Thoreau ৰ ‘’ আৰু John Ruskinৰ ‘Unto This Last and Other Writings’ কেইখনমান অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ।
এই তিনিওজনৰ লিখনী আৰু চিন্তাৰে মহাত্মা গান্ধী বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। গান্ধীৰ Hind Swaraj ত এওঁলোকৰ চিন্তাৰ প্ৰভাৱ সুস্পষ্ট।এওঁলোকৰ লগতে টলষ্টয়ৰ ‘The Kingdom of God is Within You’ আৰু তাৰ পিছৰ সময়ৰ E F Schumacherৰ ‘small is beautiful’ ৰ উল্লেখেৰে মই প্ৰবন্ধ এটা লিখাৰ কথা আছিল।
সেইটো বাৰু পিছত দেখা যাব। তেওঁলোকৰ পিছত, পশ্চিমীয়া প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ মূল ব্যক্তি দুগৰাকী হ’ল Aldo Leopold আৰু Rachel Carson। Leopold গান্ধীৰ সমসাময়িক আছিল। Rachel Carsonৰ জন্ম হৈছিল ১৯০৭ চনত আৰু মৃত্যু হৈছিল ১৯৬৪ চনত। তেওঁৰ নিশ্চয় গান্ধী চিন্তাৰ লগত পৰিচয় আছিল। কিন্তু তেওঁৰ ‘Silent Spring’ত গান্ধীৰ বিষয়ে ক’তো একো উল্লেখ নাই। তাত মই বেছি আচৰিত হোৱা নাই। কিন্তু ‘This Changes Everything’- ত গান্ধীৰ কিয় উল্লেখ নাই তাতহে মই আচৰিত হৈছোঁ, এইখন সৌ সিদিনা ২০১৫ চনত প্ৰকাশ পোৱা কিতাপ।
নোৱামী ক্লেনৰ বয়স এতিয়া মাত্ৰ ৫২ বছৰ। এই মহিলা গৰাকী দেখিবলৈ ইমান ধুনীয়া! তেওঁ যিবোৰ কথা লিখিছে, সেইবোৰ কথা গান্ধী–চিন্তা আৰু গান্ধী–দৰ্শনৰ লগত প্ৰায় হুবহু মিলে। পশ্চিমীয়া চিন্তাৰ এইটো এটা ডাঙৰ সীমাবদ্ধতা। তেওঁলোকে প্ৰাচ্যৰ কথা বোৰ নাচায়। সেইটো এটা বেলেগ অধ্যায়।
লিওপল্ডৰ কিতাপখনে আপোনাক ভিতৰৰ পৰা জোকাৰি দিব। তেওঁৰ কিতাপখন পঢ়ি থাকোঁতে মোৰ ভাৰতৰ দুজন প্ৰকৃতিবিদলৈ মনত পৰিছে। তেওঁলোক দুজন হ’ল চেলিম আলী আৰু মাধৱ কৃষ্ণন।চেলিম আলীৰ ‘The Fall of a Sparrow’ খন আপুনি পঢ়িছেনে?
কি বঢ়িয়া কিতাপ! চেলিম আলীৰ আত্মজীৱনী। বিষয়বস্তুৰ কি গভীৰতা আৰু কি শক্তিশালী গদ্য ! বেলেগ নালাগে, তাৰ ‘Loke Wan Tho’ৰ বিষয়ে থকা অধ্যায়টো পঢ়ি চাওকচোন। কি ফূৰ্তি পাব! কৃষ্ণনৰ ‘Nature’s Spokesman’ খনৰ OUP সংস্কৰণটো মোৰ আছিল, কিন্তু এতিয়া নাই। কিতাপখন কেনেকৈ মোৰ পঢ়া কোঠাৰ পৰা নোহোৱা হ’ল, সেই ৰহস্যটোহে মই ভেদ কৰিব পৰা নাই। নে ময়ে কিতাপখন বিচাৰি পোৱা নাই ক’ব নোৱাৰোঁ। কিন্তু, ইতিমধ্যে কিতাপখনৰ Penguin সংস্কৰণটো মই অনালোঁ। এতিয়া ‘The Elephant Whisperers’ চলচ্চিত্ৰই নাম কৰিছে।
সকলোতে তাৰ আলোচনা। কিন্তু, আজিৰ পৰা কেইবা দশকো আগতেই, কৃষ্ণনে মানুহে নুবুজা ভাষা হাতীয়ে বুজে বুলি কৈছিল। আচলতে জীৱ–জন্তু আৰু মানুহৰ ভাষা বেলেগ। কিন্তু মানুহ আৰু জীৱ–জন্তুৰ মাজত আবেগ–অনুভূতি আৰু সহজাত প্ৰবৃত্তি(instincts)ৰ ভালেখিনি মিল আছে। এক অবুজ,অস্পষ্ট ভাষা তেওঁলোক আৰু আমাৰ সংযোগৰ মাধ্যম। লিওপল্ডৰ কিতাপখন যিহেতু মই এতিয়া পঢ়ি আছোঁ, সেই কিতাপখনৰ বিষয়ে অলপ লিখি মই এই প্ৰবন্ধটো সামৰিম। লিওপল্ডে কিতাপখনৰ ভূমিকাত কোৱা তলৰ কথাখিনিলৈ মন কৰকচোনঃ
তেওঁ কৈছে, “প্ৰকৃতি সংৰক্ষণৰ মূল বাধা হৈছে আব্ৰাহামিক ধৰ্ম কেইটা, মানে ইহুদি,খৃষ্টান,আৰু ইছলাম ধৰ্মত মাটি সম্পৰ্কে থকা ধাৰণা। এই ধৰ্ম কেইটাত মাটিক পণ্য গণ্য কৰা হয়। মাটি যিহেতু পণ্য, আমি যি খুচি মাটিক তাকে কৰিব পাৰোঁ। তাৰ বিপৰীতে মাটিক যদি আমি এটা সম্প্ৰদায় বুলি গণ্য কৰোঁ, যিটো সম্প্ৰদায়ৰ ভিতৰত আমি আমাকো ধৰো, নিশ্চয় মাটিৰ প্ৰতি আমাৰ মনোভাব সন্মান আৰু প্ৰীতিৰ হ’ব। তাৰ অবিহনে মাটি বাচি নাথাকে। মাটিয়ে যে সাংস্কৃতিক সম্পদৰ জন্ম দিয়ে সেইটো আমি কেতিয়াবাই জানিছিলোঁ, কিন্তু এতিয়া যেন প্ৰায়ে পাহৰি যাওঁ।”
“Conservation is getting nowhere because it is incompatible with our Abrahamic concept of land. We abuse land because we regard it as a commodity belonging to us. When we see land as a community to which we belong, we may begin to use it with love and respect. There is no other way for land to survive the impact of mechanised man, nor for us to reap from it the aesthetic harvest it is capable, under science of contributing to culture.That land is a community is the basic concept of ecology, but that land is to be loved and respected in an extension of ethics. That land yields a cultural harvest is a fact long known, but latterly often forgotten.”
কেনে পালে কথাখিনি? ৰ’ব, সামৰণিৰ আগতে মই আকৌ আব্ৰাহামিক ধৰ্মলৈ উভতি আহিম।
এতিয়া এই কথাখিনিলৈ মন কৰক। হৈছে কি, বজ্ৰপাত পৰি বহু পুৰণি ওক গছ এডাল মৰিল। তাৰপিছত, “এবছৰ ৰ’দত গছডাল শুকাবলে দি শীতকালৰ কোনো এটা দিনত গুৰিতে গছডাল কৰতেৰে কাটিবলৈ লোৱা হ’ল। কৰতেৰে গছডাল কাটি থাকোঁতে কৰতৰ গুৰিবোৰৰ পৰা যেন ইতিহাসৰ সুগন্ধী সময়হে ওলাইছিল। কৰতীয়া দুজনৰ দুফালে বৰফৰ ওপৰত গোটখোৱা কৰতৰ গুৰিবোৰৰ দম দুটা কেৱল কাঠৰ গুৰি নাছিল সেয়া আছিল ইতিহাস– গছডালৰ বাহিৰৰ পৰা ভিতৰলৈ এটা এটাকৈ ঘূৰণীয়া ৰিংবোৰৰ মাজেদি কৰতখন সোমাই গৈ আছিল। ওক গছৰ সেই ৰিংবোৰ আছিল সময়ৰ এক ঘটনাক্ৰমৰ সাক্ষী।” (We let the dead veteran season for a year in the sun it could no longer use, and then on a crips winter’s day we laid a newly field saw to its bastioned base. Fragrant little chips of history spewed from the saw cut, and accumulated on the snow before each kneeling swayer.We sensed that these two piles of sawdust were something more than wood:that they were the integrated transect of a century; that our saw was biting its way, stroke by stroke, decade by decade, into the chronology of a lifetime, written in concentric rings of good oak.)
কওকচোন এই কথাখিনি মিছানে? গছ এডালৰ বয়স আৰু তাৰ শেষ কৃত্যই আমাক জানো ইতিহাসেই কোৱা নাছিল?
শেষ উদ্ধৃতিঃ “সামান্য বৰফ গলা দেখি বসন্তৰ আগজাননী দিয়া বুলবুলিৰ দৰে ৰঙা চৰাইটোৱে নিজৰ ভুল গম পাই আকৌ নিমাত হৈ পৰিব পাৰে। কেৰ্কেটুৱা সদৃশ প্ৰাণীটোৱে ৰ’দ ল’বলৈ ওলাই আহি ঠাণ্ডা বতাহ গাত লগাৰ পিছত আকৌ নিজৰ বিছনা ল’বগৈ পাৰে।কিন্তু, হ্ৰদ এটাত বৰফ গলি ফুটা এটা হোৱাৰ আশাত পৰিভ্ৰমী হাঁহ এটাই ২০০ কিলোমিটাৰ এন্ধাৰ নিশা উৰি আহি ওভতি যোৱাটো ইমান সহজ নহয়। যি আস্থা আৰু বিশ্বাসেৰে সকলো বান্ধোন পৰিত্যাগ কৰি ধৰ্মগুৰু এজনে ঘৰৰ বাহিৰ ওলায় তাৰ লগতহে সেই হাঁহটোৰ বিশ্বাস আৰু আস্থাৰ তুলনা কৰিব পাৰি।”(A cardinal ,whistling spring to a thaw but later finding himself mistaken, can retrieve his error by resuming his winter silence. A chipmunk, emerging for a sunbath but finding a blizzard, has only to go back to bed. But a migrating goose, stalking two hundred miles of back night on the chance of finding a hole in the lake, has no easy chance for retreat. His arrival carries the conviction of a prophet who has burned his bridges.)
ইয়াৰ অৰ্থ এইটোৱে যে আমি মানুহে বহু অধ্যয়ন–গৱেষণাৰ যোগেদি বতৰ বিজ্ঞানৰ সহায়ত যি সিদ্ধান্তলৈ আহোঁ, পৰিভ্ৰমী পখী এটাই নিজৰ সহজাত প্ৰবৃত্তিৰ দ্বাৰা অনায়াসে সেই সিদ্ধান্তলৈ আহিব পাৰে। সেয়ে,বায়ু, পানী, মাটি, পাহাৰ, পৰ্বত, নদ–নদী, বিল, খাল, সাগৰ, গছ–বিৰিখ, হাবি–বননি, জীৱ–জন্তু আৰু মানুহ আমি সকলো সহোদৰ। আমি সকলো সমিলমিলেৰেহে এই পৃথিৱীত বাস কৰা উচিত। সেইকাৰণে আব্ৰাহামিক ধৰ্ম কেইটাৰ লগত প্ৰকৃতি সংৰক্ষণৰ ধাৰণাটো খাপ নাখায়। ইহুদি,খৃষ্টান,আৰু ইছলাম– এই তিনিওটা ধৰ্মৰ লগত The Old Testamentৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে এটা সম্পৰ্ক আছে। The Old Testamentৰ আৰম্ভণিতে কি কোৱা হৈছে– Then God said, “ Let the earth bring forth all kinds of living creatures: cattle, creeping things, and wild animals of all kinds.” And so it happened: God made all kinds of wild animals, all kinds of cattle, and all kinds of creeping things of the earth. God saw how good it was. Then God said: “ Let us make man in our image, after our likeness. Let them have domination over the fish of the sea, the birds of the air, and the cattle, and over all the wild animals and all the creatures that crawl on the ground .” দেখিলে কথাটো কি হ’ল! Domination মানে আধিপত্য। গতিকে প্ৰকৃতিৰ লগত সহযোগিতা, সমিলমিলৰ কথা নাহে।প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰহে কৰিব লাগে।এই কথাটোৰ লগত, মানে আব্ৰাহামিক ধৰ্মৰ এই বাণীৰ লগত আকৌ আওপকীয়া বা পকীয়াকৈ পশ্চিমৰ শিল্প বিপ্লৱ আৰু নৱজাগৰণৰ সম্পৰ্ক, যাৰ লগত সম্পৰ্ক আছে বিজ্ঞান–প্ৰযুক্তিৰ। মনত আছেনে, বৈজ্ঞানিক চিন্তাৰ হোতা Francis Bacon-এ কি কৈছিল? “Knowledge is power”, অৰ্থাৎ জ্ঞানেৰে সকলোকে বশ কৰিব লাগে। দেখিছে কেনেকৈ, কাৰ লগত কি জড়িত? কিন্তু আমাৰ শংকৰদেৱে কৈছে– “কুকুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম/ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।” বৌদ্ধ ধৰ্মৰতো কথাই নাই! এইবোৰক সহজ সৰলীকৰণ বুলি আমি আওকাণ কৰিব পাৰোঁ। কিন্তু, এই পৰম্পৰা আৰু প্ৰশ্নবোৰ জলবায়ু পৰিবৰ্তনৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়নে?