এখন সেউজীয়া হৃদয়, এহাল তেজোদীপ্ত চকু, কান্ধলৈকে বৈ পৰা চুলি, প্ৰতিটো খোজতে প্ৰৱল আত্মবিশ্বাস আৰু নিজস্ব নীতি-আদৰ্শৰ ক্ষেত্ৰত হিমালয় সদৃশ দৃঢ়তাৰে মৃত্যুৰ অন্তিম মুহূৰ্ত পৰ্যন্ত এখন শ্ৰেণীবিহীন-শোষণমুক্ত সমাজৰ আশা কৰিছিল তেখেতে। সমাজ জীৱনৰ অন্যান্য দিশসমূহৰ লগতে শিশুৰ মুক্ত চিন্তাৰে এনে এখন পৃথিৱীৰ কল্পনা কৰিছিল – নিজ সাধ্য-সাম্যৰ্থৰে কৰ্ম কৰি গৈছিল যিখন পৃথিৱীত ঐক্য, সমন্বয় আৰু সংহতিৰে এখন বিজ্ঞানসন্মত সমাজ তেওঁলোকে গঢ়ি তুলিব। তেওঁৰ সৃষ্ট গীতৰ ভাষাৰে ক’ব পাৰি, “আমি কৰি ল’লো পণ / জনতাৰ চকুলো মচাৰ / যুঁজিম যুগৰ মহাৰণ / নতুনৰ বুৰঞ্জী ৰচাৰ।” তেখেত আছিল ২০১৭ চনত শিশু সাহিত্যৰ বাবে শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক হৰেন্দ্ৰনাথ বৰঠাকুৰ।
১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপকৰ মাজতে ১৬ জুন বুধবাৰৰ দিনাখন শিৱসাগৰ জিলাৰ ডিমৌ চহৰৰ পৰা প্ৰায় ৯ কিঃমিঃ দূৰৈৰ কৃষ্ণবিহাৰী চাহ বাগিচাত হৰেন্দ্ৰনাথ বৰঠাকুৰদেৱৰ জন্ম হৈছিল। মাতৃ গুণৱালা বৰঠাকুৰ আৰু পিতৃ লক্ষীনাথ বৰঠাকুৰ। পিতৃৰ চাকৰিৰ স্থান বদলি হোৱাৰ সূত্ৰে মাৰ্ঘেৰিটাৰ পাব্লিক এল. পি. স্কুল, যোৰহাটৰ প’লিটেকনিক হাইস্কুল আৰু মাকুমৰ গোপালকৃষ্ণ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তিনিচুকীয়া কলেজৰ পৰা স্নাতক হৈছিল। তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল মাৰ্ঘেৰিটাৰ কাষৰ চিংফৌ জনগোষ্ঠীৰ বসতিপ্ৰধান সেইসময়ৰ অত্যন্ত দূৰ্গম কেতেটংত জনজাতি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে। উল্লেখযোগ্য যে, তেতিয়া তাত তেওঁ নিজে নাঙলৰ মুঠিত ধৰি খেতি কৰিছিল চিংফৌ জনজাতিসকলৰ লগত। পৰৱৰ্তী সময়ত কিছুদিন টিংৰাই হাইস্কুলত শিক্ষকতা কৰাৰ পাছত তিনিচুকীয়াৰ চেনাইৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে যোগদান কৰে আৰু উক্ত বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে।
মাকুমৰ গান্ধীনগৰত স্থায়ীভাৱে বাস কৰা বৰঠাকুৰদেৱ একেৰাহে এগৰাকী বিশিষ্ট শিশু-সাহিত্যিক, নাট্যকাৰ, চিত্ৰকৰ, সুৰকাৰ, গীতিকাৰ, ভাস্কৰ আৰু বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজতো বাঁওপন্থী আদৰ্শত দৃঢ় হৈ থকা এক ব্যক্তিত্ব আছিল।
বিগত শতিকাৰ ৬০’ৰ দশকত মাকুমৰে প্ৰয়াত হিৰণ্য হাজৰিকাৰ সৈতে মিলিতভাৱে এখন হাতেলিখা আলোচনী “এমুঠি ধূলিৰ গান” এই সৰু চহৰখনৰ পৰা প্ৰকাশ কৰিছিল। সেইসময়ত তেওঁ চফল যুৱক। উক্ত সময়ত শিলিগুড়িৰ কাষৰ নক্সালবাড়ি গাঁৱৰ পৰা যি জমিদাৰ বিৰোধী, শোষিক-নিপীড়িত কৃষকৰ সংগ্ৰাম আৰম্ভ হৈ পশ্চিম বংগ, বিহাৰ, সমগ্ৰ দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰকে আদি কৰি অসম পৰ্যন্ত স্পৰ্শ কৰিছিল, সেই সংগ্ৰামৰ প্ৰতি ভাৰতবৰ্ষৰ লাখ-লাখ যুৱক-যুৱতী প্ৰভাৱাম্বিত হৈছিল। বাঁওপন্থী আদৰ্শৰ দ্বাৰা বৰঠাকুৰদেৱো প্ৰভাৱাম্বিত হৈছিল। মাৰ্ক্সৰ পথেই শোষিত-নিপীড়িত জনতাৰ মুক্তিৰ পথ বুলি তেওঁ বিশ্বাস কৰিছিল। ১৯৬৯ চনৰ ১ অক্টোৱৰৰ দিনাখন কলিকতাৰ বাঁওপন্থী সংগ্ৰামী চাৰু মজুমদাৰৰ উদ্যোগত চি. পি. আই. (এম. এল.)ৰ গঠন হৈছিল। পত্নী গিনি বৰঠাকুৰ, চাৰিটাকৈ সন্তান ক্ৰমে দিগন্ত, সীমান্ত, পূৰৱী, পাপৰি আৰু চৰকাৰী চাকৰিৰ দায়িত্ব থকাৰ পাছতো একমাত্ৰ আদৰ্শৰ বাবেই সমাজ পৰিৱৰ্ত্তনৰ ধাৰক-বাহক ৰূপে বিশ্বাস কৰা চি. পি. আই. (এম. এল.)ৰ সদস্যৰ পদ গ্ৰহণ কৰিছিল।
সেই সময়বোৰৰ কথা সুঁৱৰি তেওঁ আমাক জনাইছিল যে, পাৰ্টীৰ মিটিংত কেৱল সশস্ত্ৰ ধাৰাটোক সাৱতি ধৰি থকাৰ তেওঁ স্পষ্ট বিৰোধী আছিল। তেওঁ কৈছিল যে কেৱল মাত্ৰ সশস্ত্ৰ ধাৰা এটাই সমাজ পৰিৱৰ্ত্তনৰ আহিলা হ’ব নোৱাৰে। ৰাষ্ট্ৰ এক শক্তিশালী ব্যৱস্থা। গতিকে কৃষক-শ্ৰমিকক মুকলিকৈ গণতান্ত্ৰিকভাৱে সংগঠিত কৰিব লাগিব। ৰাজনৈতিকভাৱে সংগঠিত হোৱা গণতান্ত্ৰিক শ্ৰমিক আন্দোলনেও শ্ৰমিকক বহুখিনি আদায় দিব পাৰে। স্বাভাৱিকতেই এচামে তেওঁৰ স্থিতিক সমৰ্থন কৰিলেও এচামে বিৰোধিতা কৰিছিল।
“চাহ বাগিচাতে মোৰ জন্ম, মাকুমৰ চাৰিওফালে চাহ বাগিচা আৰু পথৰ কাষে-কাষে অসংখ্য প্লাইউড ফেক্টৰী। তাৰ শ্ৰমিকসকল বাস কৰা কোৱাৰ্টাৰসমূহ পাৰ গৰালৰ দৰে। অথচ মালিক-মেনেজাৰবোৰ বাস কৰে প্ৰসাদোপম বাংলাসমূহত। অতি নিম্ন হাজিৰা, নূন্যতম চিকিৎসাৰো ব্যৱস্থা নথকা সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত তেওঁলোকক বাস কৰিবলৈ বাধ্য কৰোৱা হয়। নিবনুৱাৰ অভাৱ নাই। কোনোবা ৰুগীয়া হৈ কাম কৰিব নোৱাৰা হ’লে অথবা মৰিলে আনে আহি সেই স্থান পূৰণ কৰেহি। মোক আটাইতকৈ উদ্বিগ্ন কৰি তুলিছিল যে তেওঁলোকৰ শিশুসকলৰ ভৱিষ্যত কি হ’ব? বেছিভাগ স্কুললৈ নাযায়েই, যি দুই-এটা যায় সিহঁতৰো পইচা আৰু পৰিবেশৰ অভাৱত বেছিদূৰ আগবঢ়াতো সম্ভৱ নহয়। এইটো ঠিক যে এককভাৱে শ্ৰমিকে একো কৰিব নোৱাৰিব পাৰে, কিন্তু সংগঠিত হ’লে সেয়া হৈ পৰে এক অমোঘ শক্তি।”
জনতাৰ ঐক্যবদ্ধ শক্তিৰ প্ৰাসঙ্গিকতা প্ৰতিফলিত হৈছিল তেওঁৰ গীততো। “আজি দিকচৌ পথাৰতো ৰাইজমেল বহিছে মাউখে উটিবৰ হ’ল / বোলো হ’ল নে? / হ’ল, হ’ল, হ’ল।” বহুদিন পূৰ্বেই কৰা এই উক্তিৰ আঁত ধৰি বিগত শতিকাৰ ৭০’ৰ দশকত ঠিক অসমত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মাকুমৰ সেইসময়ৰ সবাতোকৈ ডাঙৰ প্লাইউড ফেক্টৰী মেৰিণ’ প্লাই এণ্ড কেমিকেল প্ৰাইভেট লিমিটেডত জীৱন ধাৰণৰ নূন্যতম সা-সুবিধাৰ দাবীত শ্ৰমিক আন্দোলন আৰম্ভ হৈছিল। সন্মুখৰ পৰা নেতৃত্ব দিছিল শ্ৰমিক নেতা প্ৰয়াত প্ৰদীপ দত্তই। তাৎপৰ্যপূৰ্ণ যে সেই সময়ত “আছু”ৰ মাকুম শাখাইও এই শ্ৰমিক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল। দীৰ্ঘদিন ধৰি অব্যাহত থকা আন্দোলনৰ ফলস্বৰূপে শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিকে ধৰি অন্যান্য সা-সুবিধাসমূহ মালিকপক্ষৰ পৰা আদায় কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, মেৰিণ’ প্লাইৰ সন্মুখৰ অংশত ৰাজপথৰ সিপাৰে শিশুসকলৰ প্ৰাথমিক শিক্ষা আহৰণৰ বাবে এখন প্ৰাথমিক বিদ্যালয় গৃহ-ভূমিসহ উক্ত প্লাইউড কোম্পানীটোৱে ৰাইজক দান স্বৰূপে দিছিল। মাকুমৰ মেৰিণ’ প্লাই এণ্ড কেমিকেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত সংগঠিত উক্ত শ্ৰমিক আন্দোলনটোৱেই আছিল চি. পি. আই. (এম. এল.)ৰ উদ্যোগত গঢ়লৈ উঠা ভাৰতৰ প্ৰথমটো গণতান্ত্ৰিক শ্ৰমিক আন্দোলন। এই আন্দোলনৰ ৰূপৰেখা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ গোপনে মাকুম ভ্ৰমণ কৰি গৈছিলহি সেই সময়ৰ ৰাষ্ট্ৰ “ম’ষ্ট ৱাণ্টেড” নাক্সাল নেতা কানু সন্যালে। এই আন্দোলনটোৰ বিষয়ে সেইসময়ত চি. পি. আই. (এম. এল.)ৰ মুখপত্ৰ “লালঝাণ্ডা”ত সবিশেষ প্ৰকাশ হোৱাৰ লগতে আলোচনা-বিতৰ্কও হৈছিল। বাঁওপন্থীসকলৰ সম্ভ্ৰান্ত সৰ্বভাৰতীয় আলোচনী “আনিক”টো মাকুমৰ শ্ৰমিক আন্দোলন সংক্ৰান্তত লেখা প্ৰকাশ পাইছিল। স্বাভাৱিকতে পাৰ্টীৰ এচামে সপক্ষে স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে আন এচামে এনে কাৰ্যক শোধনবাদী বুলি সমালোচনাও কৰিছিল। মাকুমৰ শ্ৰমিক আন্দোলনৰ পদাংক অনুসৰণ কৰি পৰৱৰ্ত্তী সময়ত কলিকতাৰ দুৰ্গাপুৰৰ তীখা উদ্যোগত পাৰ্টীৰ শ্ৰমিক সংগঠনৰ দ্বাৰা আন্দোলন সংগঠিত হৈছিল। পৰৱৰ্ত্তী সময়ত মাকুম আশে-পাশে থকা ইণ্ডিয়া প্লাইউড, জয়নেৰী প্লাইউড, বেতজান চাহ বাগিছা আদিত শ্ৰমিক সংগঠন আৰু শ্ৰমিক আন্দোলনৰ জৰিয়তে বহুখিনি আদায় কৰিবলৈ সক্ষম হৈছিল। এয়াও অন্য এক বিস্তৃত অধ্যায়।
সেই সময়ৰ এক শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দি আমাক কৈছিল যে, বিহাৰত পুলিচৰ সৈতে হোৱা এটা এনকাউণ্টাৰত চি. পি. আই. (এম. এল.)ৰ অন্যতম সৰ্বোচ্চ নেতা বিনোদ মিশ্ৰ গুলীবিদ্ধ হৈছিল। চোৰাংচোৱাৰ চকুত ধূলি দি পাৰ্টীৰ মানুহে তেওঁক লৈ আহিছিল তিনিচুকীয়ালৈ আৰু তাতে পাৰ্টীৰ অনুগামী ডাক্তৰৰ এটা দলে হিজুগুড়িৰ ৰেলৱে কোৱাৰ্টাৰত পাঁচ বেটেৰীৰ টৰ্চৰ পোহৰত অপাৰেচনৰ দ্বাৰা গুলী উলিয়াই সুস্থ কৰি তুলিছিল।
সভা-সমিতিত বিশিষ্ট ব্যক্তিৰ আসন শুৱনি কৰি নিৰাপদ দূৰত্ব অৱস্থান কৰি বৰ-বৰ কথাৰে ভাষণ দিয়াৰ পৰিৱৰ্ত্তে বাঁওপন্থী আদৰ্শৰ গণতান্ত্ৰিক সংগ্ৰামৰ দ্বাৰা শ্ৰমিক-শিশুসকলৰ উন্নতিৰ বাবে হাতে-কামে লাগিছিল বৰঠাকুৰদেৱ। ৮৩’ৰ জুয়ে পোৰা অবৈধ নিৰ্বাচনৰ সময়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অবিশ্বাস আৰু শত্ৰুতামূলক মানসিকতাৰ সৃষ্টি হৈছিল। “সদৌ অসম জন-সংস্কৃতি পৰিষদ”ৰ উদ্যোগত গোটেই অসমজুৰি সাংস্কৃতিক বাহিনীৰে সেই পৰিৱেশ অৱসানৰ বাবে কৰা চেষ্টাত অন্যান্যসকলৰ সৈতে বৰঠাকুৰদেৱেও অসমৰ অশান্তজৰ্জৰ অঞ্চলসমূহ ভ্ৰমণ কৰিছিল। উল্লেখযোগ্য যে, তেওঁ জীৱনৰ অন্তিম সময় পৰ্যন্ত উক্ত সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিল। তেওঁ ২০১৩ চনত তিনিচুকীয়া জিলাৰ অসম সাহিত্য সভাৰ সভাপতিৰ পদতো অধিস্থিত হৈছিল।
এনেদৰেই অহি পৰিছিল সেনা-অভিযানৰ ৯০’ৰ দশকৰ সেই ভয়াবহ দিনবোৰ। কাষৰ গাঁওৰ নিৰীহ গাঁওবাসীৰ ওপৰত হোৱা সেনা-সন্ত্ৰাসৰ বিৰোদ্ধে ৰাইজক বিশেষকৈ মহিলাসকলক সংগঠিত কৰিছিল। “সদৌ অসম প্ৰগতিশীল নাৰী সন্থা”য়ে প্ৰথম উদ্যোগ গ্ৰহণ কৰি বাৰেকুৰি অঞ্চলৰ মহিলাসকলক ৰাজপথলৈ উলিয়াই আনিছিল। অৱৰোধ কৰা হৈছিল ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰথমবাৰৰ বাবে। সহযোগ কৰিছিল মাকুমৰ “আছু”ৰ আঞ্চলিক সমিতিয়েও।
সময়ৰ কি পৰিহাস! আলফাৰ সশস্ত্ৰ কৰ্মকাণ্ডৰ বাবে আহি পৰা ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰোদ্ধে যিসকলে প্ৰথম প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰে এজন অন্যতম কাণ্ডাৰী অনিল বৰুৱাক এখন মহিলাৰ সভাত নাহৰকটীয়াৰ কাষত আলফাই গুলীয়াই হত্যা কৰিছিল। তাৰিখ আছিল ১৯৯৮ চনৰ ১১ ফেব্ৰুৱাৰী। ১৪ ফেব্ৰুৱাৰীত সেই হত্যাৰ প্ৰতিবাদত হোৱা শোভাযাত্ৰাত শান্ত-শৌম্য ঋষিতুল্য বৰঠাকুৰদেৱৰ খঙাল দূৰ্বাশা মুনিৰ ৰূপ দেখা গৈছিল। মাকুমৰ ৰাজপথত শ-শ শ্ৰমিক-কৃষকক লৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া বৰঠাকুৰদেৱে “আলফা হুঁচিয়াৰ”, “ফেচিষ্ট শক্তি নিপাত যাওঁক” আদি বিভিন্ন অগ্নিবৰ্ষা শ্ল’গান দিছিল। সতীৰ্থ হত্যাত অন্তৰত মৰ্মান্তিক আঘাত পোৱাৰ সমান্তৰালকৈ সেই আদৰ্শ আৰু পথৰ পৰা বিচলিত নোহোৱাৰ মানসিকতা প্ৰতিফলিত হৈছিল তেওঁৰেই গীতত – “তোমাৰ তেজেৰে বুলাই আমাৰ পতাকা / দিলো আমি জনতাক আশ্বাস / গঢ়ি যাম দিনে দিনে প্ৰতিৰোধ দূৰ্গ / নাশিবলৈ দূস্কৃতিৰ সন্ত্ৰাস / তোমাৰ বাট ধৰি আহিছো ওলাই আমি / নিপীড়িত সেনানী কৃষক-বনুৱা / সন্ধিক্ষণৰ হে দূধৰ্ষ ৰণুৱা কমৰেড অনিল বৰুৱা…..।”
ইতিমধ্যে উল্লেখিত গণতান্ত্ৰিক আন্দোলনসমূহৰ বৌদ্ধিক নেতৃত্ব দিয়াসকলৰ ভিতৰত অন্যতম আছিল বৰঠাকুৰদেৱ। বাঁওপন্থী আদৰ্শত বিশ্বাসী তথা অনুগামী হ’লেও সমাজৰ উন্নয়ন আৰু অন্যায়ৰ প্ৰতিবাদৰ বাবে সকলোকে লগত লৈ আগবঢ়াৰ নীতি গ্ৰহণ কৰিছিল। সকলোৰে বক্তব্য মনপুতি শুনিছিল। বিভিন্ন ঘটনা-পৰিঘটনা-সংগ্ৰাম আদিৰ সংক্ৰান্তত তেওঁ এদিন আমাক কৈছিল যে, “এনেয়ে একো ঘটনা সংঘটিত নহয়, তাৰ আঁৰত এক বলিষ্ঠ কাৰক আৰু পৰিৱেশ থাকিবই লাগিব। তুমি চোৱা দান্তেৱাঢ়া, বিজাপুৰ আদি অঞ্চল মাওবাদীসকলৰ দূৰ্গ এইবাবেই হ’ব পাৰিছে যে তাত তেনে হোৱাৰ পৰিৱেশ আৰু পৰিস্থিতি আজিও বিদ্যমান।” আমৃত্যু তেওঁ হিমালয়সদৃশ দৃঢ়তাৰে বাঁওপন্থী আদৰ্শৰে শ্ৰমিক আৰু শিশুসকলৰ বাবে কাম কৰি গ’ল সীমাহীন সীমাবদ্ধতাৰ মাজতো।
ইতিমধ্যে উল্লেখ কৰা সেই বিগত শতিকাৰ ৬০’ৰ দশকৰ পৰাই অৰ্দ্ধশতিকাৰো অধিককাল ধৰি সাহিত্যৰ ক্ষেত্ৰখনলৈ বিশেষকৈ শিশু-সাহিত্যৰ ক্ষেত্ৰখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গ’ল। ১৯৭৮ চনতে মাকুমৰ মহিলা শিল্পীসকলৰ দ্বাৰা ডিব্ৰুগড় ৰেডিঅ’ চেণ্টাৰত “ঘৰজেউতি” অনুষ্ঠানত তেখেতৰ নাটক “সন্তান” বাণীবদ্ধনৰ পাছত প্ৰচাৰিত হৈছিল। একেদৰে ১৯৭৫ চনতে গুৱাহাটী ৰেডিঅ’ চেণ্টাৰৰ পৰা “ন’ জোৱান” অনুষ্ঠানত প্ৰচাৰিত হৈছিল তেওঁৰ গীত। ৮০’ আৰু ৯০’ৰ দশকতো ৰেডিঅ’ৰ বিভিন্ন অনুষ্ঠানত তেওঁৰ নাটক আৰু গীত প্ৰচাৰিত হৈছিল। তেখেতৰ নিজস্ব চহৰ মাকুমতো “নবাৰুণ নাট্যগোষ্ঠী”, “সূৰ্যোদয়” আদিয়ে তাহানিৰ পৰা আজিপৰ্যন্ত নাট্যকাৰজনৰ নাটক মঞ্চস্থ কৰি আহিছে। বিভিন্ন সময়ত তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহৰ একাংশ হ’ল – “বিজ্ঞানে আনিব জোৱাৰ”, শিশু নাট – “অমাতৰ মাত”, “ৰজাৰ দেউল”, “সোণালী দিন-সোণালী ৰাতি”, প্ৰসঙ্গ অসমীয়া শিশু নাট – “ৰতনপুৰ কিমান দূৰ”, “হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশুনাট সমগ্ৰ”, শিশু গল্প – “পোনা-পুতলীৰ সাধু”, গীতৰ সংকলন – “দোকোমকালিৰ বেলি”, সম্পাদিত গ্ৰন্থ – “অনিল বৰুৱাৰ কবিতা”, অনুবাদ গ্ৰন্থ – “পলৰীয়া প্ৰতিধ্বনি”, ভগত সিংৰ – “মই কিয় নাস্তিক হ’লো” ইত্যাদি। তদুপৰি তেখেতে পাঁচশৰো অধিক সমবেত সংগীত আৰু দুশৰো অধিক একক গীতেৰে অসমৰ সংস্কৃতিৰ জগতখনলৈ বিশাল অৱদান আগবঢ়াই থৈ গৈছে।
সুদীৰ্ঘ তিনিটাৰো অধিক দশক ধৰি অব্যাহত থকা সু-সম্পৰ্কৰ আধাৰত তেখেতৰ লগত বহু সময়ত বহু কথাই পতা হৈছিল বিভিন্ন বিষয়ত। শিশু-সাহিত্য আৰু শিশু নাট সম্পৰ্কত তেওঁ আমাক কৈছিল যে শিশু নাটৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱ বিশ্বৰ প্ৰথমজন শিশু নাটৰ নাট্যকাৰ বুলি ভাবে কাৰণ মহাপুৰুষজনাৰ শিশু নাট একোখনত আধুনিক শিশু নাটৰ লক্ষণসমূহ তেতিয়াই যথাৰ্থভাৱে প্ৰতিফলিত হৈছিল। তেখেত কৈছিল যে, ডাঙৰসকলৰ বাবে ৰচিত নাটক শিশুসকলৰ দ্বাৰা মঞ্চস্থ কৰালে নাট অভ্যসনহে হয়, নাট্যচৰ্চাৰ মূল বিষয়সমূহ অন্ধকাৰতে ৰৈ যায়। মনোৰঞ্জনধৰ্মী হ’লেও সমাজৰ বাবে যোগাত্মক বাৰ্ত্তাবহন কৰা নাটৰ নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে। শিশুৰ মনঃস্তত্ব যেনেকৈ সৰল তেনেকৈ অত্যন্ত জটিল আৰু বিশাল। শিশুৱে নিজে-নিজে থিয় হয়, কথা ক’বলৈ আৰম্ভ কৰে, দৌৰে। ডাঙৰে মাত্ৰ সহায়হে কৰে। কিন্তু প্ৰাথমিক শিক্ষা গ্ৰহণৰ আৰম্ভণিৰ পৰাই উজ্জ্বল ভৱিষ্যতৰ আশাত বন্দী অভিভাৱকে শিশুক একপ্ৰকাৰ বন্দী কৰি পিতৃ-মাতৃৰ মতে ডাঙৰ হ’বলৈ বাধ্য কৰা হৈছে। ই শিশুৰ স্বাভাৱিক সৃজনীপ্ৰতিভা বিকাশত হেঙাৰৰ সৃষ্টি কৰে। তাৰ বাবে সমাজৰ, শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্ত্তনৰ প্ৰয়োজন। মধ্যযুগৰ ইউৰোপৰ উদাহৰণ দি তেখেতে কৈছিল যে, গীৰ্জাই যেতিয়া মানুহৰ জীৱন ধাৰণটো বাদেই মুকলি চিন্তাতো নাকী লগাই থৈছিল, তেতিয়া তাত কোনো বিজ্ঞানৰ আৱিস্কাৰ, সাহিত্য-সংস্কৃতিৰ উত্তোৰণ হোৱা নাছিল। যেতিয়াই গীৰ্জাৰ প্ৰভাৱৰ পৰা মানুহৰ চিন্তা মুক্ত হ’ল তেতিয়াই বিজ্ঞানৰ ন-ন আৱিস্কাৰ হ’বলৈ ধৰিলে, সকলো দিশতে ধুমুহাৰ গতিত উত্তোৰণ হ’বলৈ ধৰিলে।
সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ পাছত হোৱা কথা-বতৰাত তেখেতে কৈছিল যে, “পিতৃ-মাতৃৰ নিশ্চিত নিৰাপত্তাৰ মাজত এখিনি শিশুৱে শিক্ষাৰ পৰা আদি কৰি সকলো সুবিধা-অধিকাৰ লাভ কৰাৰ বিপৰীতে গাড়ীৰ গেৰেজ, ইটাভাটা, চাহ বাগিচা আদিত কাম কৰা শিশু, ডাষ্টবিনৰ পৰা খাদ্য বুটলি খোৱা শিশু, লোকৰ ঘৰত চাকৰ খটা শিশু, ৰাষ্টাই-ৰাষ্টাই পুৰণি সামগ্ৰী বুটলি ফুৰা শিশুৰ দৃশ্যই মোৰ হৃদয়ত আঘাত কৰে।”
হয়তো সেইবাবেই তেওঁ কেৱল লিখা-মেলা আৰু মেলে-মিটিঙে বক্তৃতা দিয়াৰ পৰিৱৰ্ত্তে শ্ৰেণীবিহীন, বৈষম্যবিহীন, সম-অধিকাৰপ্ৰাপ্ত এখন সমাজৰ বাবে বাঁওপন্থী আদৰ্শত ৰাজনৈতিক দৰ্শনৰ আধাৰত নিজৰ সাধ্যনুসৰি গণতান্ত্ৰিক সংগ্ৰাম কৰি গ’ল। প্ৰদান কৰি গ’ল বৌদ্ধিক নেতৃত্ব। সেয়া প্ৰতিফলিত হৈছিল তেওঁৰ গীতৰ ভাষাতো – “যি পোহৰে এতিয়াও দেখা দিয়া নাই / সেই পোহৰৰ কৰো সন্ধান….।” তেখেত কৈছিল, “মাৰ্ক্সৰ শ্ৰেণীবিহীন, বৈষম্যহীন সমাজখনৰ আজিও পৃথিৱীত সৃষ্টি হোৱা নাই। হাজাৰ-হাজাৰ বছৰীয়া ৰাজতন্ত্ৰৰ বিৰোদ্ধে লেনিনৰ মাত্ৰ ৮০ বছৰ বৰ্তা প্ৰক্ৰিয়া এটা। উত্থান-পতন, ভুল-ভ্ৰান্তিতো থাকিবই।”
নিজৰ সৃষ্টিৰ ক্ষেত্ৰত তেখেতে কৈছিল, “মই মানুহৰ তাগিদাতহে লিখোঁ। পূৰ্বে উত্তৰ-লক্ষিমপুৰৰ নাট্যগোষ্ঠী “নাবিক”ৰ মানুহে মোৰ ঘৰত থাকি লয়হি। নাটক লিখাই মেলি লৈ যায়। এতিয়া শিৱসাগৰৰ “নাট্যপীঠ”এ মোৰ শিশুনাট মঞ্চস্থ কৰি আহিছে। মোক শিৱসাগৰৰ মোৰ ভনী নিজৰা অথবা প্ৰশান্ত শৰ্মাৰ ঘৰত ৰাখি লয়। বৰ্ত্তমান অৱসৰপ্ৰাপ্ত মানুহ, লেঠা নাই। নাটক লিখো তেওঁলোকৰ তাগিদাৰ কোবত।” এয়া সাহিত্য অকাডেমী প্ৰাপ্তিৰ সময়ৰ কথোপকথনত কৰা বক্তব্যৰ কিয়দাংশ।
“নদীৰ বালিৰ তলৰ মাটি মূৰ্ত্তিকে আদি কৰি মৃন্ময় কৰ্মৰ বাবে অতি উত্তম।” সৈনিক শিল্পী বিষ্ণু ৰাভা, সুধাকণ্ঠ ভূপেন হাজৰিকা আদিৰ তেওঁ নিজহাতে গঢ়া মূৰ্ত্তিৰ ফালে দেখুৱাই আমাক এদিন কৈছিল। সাধাৰণ বাঁহ গছৰ মুঢ়া, গছৰ ডাল, গছৰ শিপা আদিয়েও বিভিন্ন সামগ্ৰীৰ ৰূপত প্ৰাণ পাই উঠিছিল বৰঠাকুৰদেৱৰ শিল্পীসুলভ মন আৰু হাতৰ পৰশত। চিত্ৰপটত বিভিন্ন বিষয়-বস্তু উজ্বলিছিল। তেওঁ আছিল এজন অতি নিপুণ চিত্ৰকৰ। সভাই-সমিতিয়ে তেওঁ প্ৰদান কৰা বক্তব্য আছিল অতি মনোগ্ৰাহী। সভাস্থলীসমূহত উপস্থিত ৰাইজে মনপুতি তেওঁৰ বক্তব্য শুনিছিল। কেৱল সেয়াই নহয়, বিদ্যালয়ত পাঠদানো ইমানেই আকৰ্ষণীয় আছিল যে আন শ্ৰেণীৰ ল’ৰাই আহি তেখেতৰ পাঠদান মনপুতি শুনিছিলহি তাহানিতে।
মনত পৰে বহুদিনৰ পূৰ্বে এদিন তেওঁ আমাক কৈছিল, “তুমি জানানে যে আন ফুলতকৈ বকুল ফুল কিয় পৃথক? বকুল ফুল চিঙি অনাৰ পাছত শুকাই মৰহি গ’লেও তাৰ সুৱাস থাকি যায়। যিটো তুমি আন ফুলৰ ক্ষেত্ৰত নোপোৱা।”
হৰেন্দ্ৰনাথ বৰঠাকুৰদেৱ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱা চাওঁতে চাওঁতে আজি ২৪ জুনত এটা বছৰেই হ’লহি। কিন্তু আমি নিশ্চিত যে, তেখেতৰ চিন্তা-আদৰ্শ, কৰ্মৰাজি আৰু সৃষ্টিৰাজিয়ে সমাজত বকুল ফুলৰ দৰে সুৱাস বিলাই যাব চিৰদিন-চিৰকাল।