পুৰুষ আৰু মহিলাসকলৰ জীৱন আৰু চিন্তাধাৰাৰ যথেষ্ট পাৰ্থক্য আছে। তাতোকৈ পাৰ্থাক্য আছে বিবাহিত আৰু অবিবাহিত সকলৰ জীৱনশৈলী আৰু চিন্তাধাৰাৰ মাজত।
কিয়নো বিয়াৰ পিছতেই নাৰী-পুৰুষ উভয়ৰে জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। সময় আৰু পৰিস্থিতৰ লগত খাপ খুৱাই চলিবলৈ আৰু বৈবাহিক জীৱনত সুখী হৈ থাকিবলৈ দুয়ো যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি নিজকে সলনি কৰিবলগীয়া হয়।
আমাৰ ৰক্ষণশীল আৰু পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলে প্ৰায়ে বিয়াৰ পিছত সৰু-বৰ বিভিন্ন ত্যাগ আৰু যন্ত্ৰণাৰ মাজেৰে জীৱন যাপন কৰে। সকলো মহিলাই এই সমূহ যন্ত্ৰণা লাভ নকৰে যদিও প্ৰায় সকল মহিলাই এনে যন্ত্ৰণাৰ সহ্য কৰিব লগীয়া হয়। সেয়ে, এই ক্ষেত্ৰত স্বামীৰ পৰিয়াল আৰু স্বামী সকলে গুৰুত্ব দিয়া উচিত যাতে মহিলাসকল বৈবাহিক জীৱনত এনে দুখ কষ্টৰ পৰা আঁতৰি থাকিব পাৰে।
আহকচোন জানো, মহিলাসকলে বৈবাহিক জীৱনত লাভ কৰা ৬ টা বিশেষ যন্ত্ৰণাৰ বিষয়ে
১) বিবাহৰ কেইবছৰমানৰ পাছত বহু স্বামীয়ে পত্নীৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। কেতিয়াবা প্ৰেমৰ অভাৱ, কেতিয়াবা কেৱল ব্যস্ততাপূৰ্ণ জীৱন । আনহাতে, দিন বাঢ়ি অহাৰ লগে লগে পত্নীৰ মনোযোগ লাভৰ হেঁপাহ বাঢ়ি যায়। যিকোনো বিবাহিতা মহিলাই জীৱনৰ কোনোবা এটা সময়ত স্বামীৰ গাফিলতিত বেদনা অনুভৱ কৰিবলগীয়া হয়।
২) বিবাহিতা মহিলাৰ জীৱনত শাহুৱেক এটা খুব ডাঙৰ বিষয়। বেছিভাগ ক্ষেত্ৰতে শাহুৱেকৰ বাবে বিবাহিত মহিলাসকলে বিভিন্ন মানসিক আৰু পাৰিবাৰিক সমস্যাত ভুগিবলগীয়া হয় ।
৩) পৃথিৱীত এনে পুৰুষ খুবেই কম, যিয়ে আন নাৰীক চোৱা নাই বা আনৰ প্ৰতি আকৰ্ষিত হৈ পোৱা নাই। বিয়াৰ পিছত কেতিয়াবা স্বামীৰ জীৱনলৈ অন্য মহিলাৰ আগমনৰ লগে লগে পত্নীসকলে কষ্ট পাব লগা হয়।
৪) বিয়াৰ পিছত পুৰুষৰ জীৱনৰ পৰিৱৰ্তনতকৈ নাৰীৰ জীৱনৰ বহু বেছি পৰিবৰ্তন হয়। এগৰাকী নাৰীয়ে নিসংগতা আৰু হতাশাত ভুগিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ অকলেই পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিবলগীয়া হয়।
৫) পিতৃ-মাতৃ আৰু পৰিয়াল এৰি সম্পূৰ্ণ নতুন পৰিয়াল এটাৰ লগত খাপ খুৱাই লোৱাটো কিমান কঠিন সেয়া বিয়াৰ পিছতহে ছোৱালীয়ে বুজি পায়।
৬) বিবাহিত জীৱনত যিমানেই সুখী নহওক কিয়, কেতিয়াবা কোনোবা মুহূৰ্তত মহিলাগৰাকীৰ মনটো দুখবোধ আৰু কিবা এটা হেৰুৱাই পেলোৱাৰ বেদনাই ছানি ধৰে। দায়িত্ববিহীন আনন্দময় জীৱন, সকলো কাম নিজৰ ইচ্ছামতে কৰাৰ স্বাধীনতা, নিজৰ উজ্জ্বল যৌৱন হেৰুৱাই পেলোৱাৰ যন্ত্ৰণা বিবাহিত মহিলাসকলৰ এটা ডাঙৰ কাৰুণ্য।