• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভৱিষ্যৎবাণী

দ্বিপেন কাকতি by দ্বিপেন কাকতি
July 4, 2023 12:34 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জীভাৰ মতে ২০২২ চনৰ তুলনাত ২০২৩ চনৰ বিশ্ব অৰ্থনীতিৰ অৱস্থা অধিক বেয়া হ’ব৷ জৰ্জীভাৰ মতে, এই বছৰটোত বিশ্ব অৰ্থনীতিৰ এক তৃতীয়াংশ এলেকাত মন্দাৱস্থাৰ চাপ প্ৰবল হ’ব৷ এই পৰিস্থিতিৰ বাবে তেওঁ যিকেইটা কাৰকলৈ আঙুলীয়াই দিছে, সেইকেইটা হ’ল– নিৰৱচ্ছিন্নভাৱে চলি থকা ৰুছ-ইউক্ৰেইনৰ যুদ্ধ, উচ্চ হাৰৰ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক স্থৱিৰতা [ইংৰাজীত যাক “ষ্টেগফ্লেচন” [Stagflation] বুলি কোৱা হয়], মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ কৰিবলৈ শিল্পোন্নত বিশ্বৰ ভালেমান দেশত দ্ৰুতবেগত আৰু উচ্চ হাৰত সুদ বৃদ্ধি, আৰু যোগান-শৃংখল দীৰ্ঘ দিন ধৰি স্বাভাৱিক অৱস্থালৈ উভতি আহিব নোৱাৰা৷

২০২২ চনত অৰ্থনৈতিক প্ৰবৃদ্ধিৰ হাৰ আছিল ৩.২ শতাংশ৷ ২০২৩ চনত এই হাৰ ২.৭ শতাংশলৈ হ্ৰাস পাব বুলি তেওঁ সকীয়াই দিছে৷ আন কথাত বিশ্ব অৰ্থনীতি ০.৫ শতাংশ পৰিমাণে সংকুচিত হ’ব৷ সম্প্ৰতি বিশ্ব অৰ্থনীতিৰ আকাৰ, মাৰ্কিন ডলাৰৰ হিচাপত, প্ৰায় ৮৫ ত্ৰিলিয়ন ডলাৰ অৰ্থাৎ ৮৫ লাখ কোটি ডলাৰ৷ সেই হিচাপত ৪২,৫০০ কোটি ডলাৰৰ পৰিমাণৰ অৰ্থনৈতিক কাম-কাজ বিলুপ্ত হৈ যাব৷ সেই অনুপাতে কৰ্মসংস্থান হেৰাব আৰু মুঠ চাহিদাৰ পৰিমাণ আনুপাতিক হাৰত কমি যাব৷

অৱশ্যে তেওঁ এটা ভাল খবৰৰো ইংগিত দিছে৷ সেইটো হ’ল–২০২২ চনৰ ৮.৮ শতাংশ হাৰৰ মুদ্ৰাস্ফীতি ২০২৩ চনত ৬.৫ শতাংশলৈ হ্ৰাস পাব৷  কিন্তু মুদ্ৰাস্ফীতিৰ এই সংকোচনক লৈ আত্মসন্তুষ্টিত ভোগাৰ অৱকাশ নাই৷ কাৰণ অৰ্থনীতিক গতিশীল কৰি তুলিবলৈ বিশ্বৰ বহুবোৰ কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৪.৫ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ নক’লেও চলে, বিশ্ব অৰ্থনীতিৰ বৰ্তমানৰ অস্বাভাৱিক অৱস্থাত, নিয়োগ বৃদ্ধি কৰিব নোৱাৰিলে, মুদ্ৰাস্ফীতিৰ হাৰ অধিক হ্ৰাস কৰিবলৈ সুদৰ হাৰ আৰু বেছি বঢ়াব লাগিব৷

Apply Now

সি যি কি নহওক, আমে’ৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনৰ ১.৬ শতাংশৰ পৰা ২০২৩ চনত ১.১ শতাংশলৈ হ্ৰাস হ’ব বুলি মিচেছ জৰ্জীভাৰ বিবৃতিত প্ৰকাশ৷ ইয়াৰ বিপৰীতে আলোচ্য কালছোৱাত ইউৰোপৰ প্ৰবৃদ্ধিৰ হাৰ বিপুল পৰিমাণে হ্ৰাস পাই ৩.১ শতাংশৰ পৰা ০.৫ শতাংশ পাবগৈ৷ ৰাছিয়াৰ প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনতকৈ উন্নত হ’ব যদিও এই হাৰ নেতিবাচক স্তৰতে থাকিব৷ ২০২২ চনত দেশখনৰ প্ৰবৃদ্ধিৰ হাৰ আছিল [–] ৩.৪ শতাংশ আৰু ২০২৩ চনত এই হাৰ হ’ব [–] ২.৩ শতাংশ৷ এই তথ্যৰ পৰা এই কথা স্পষ্ট যে প্ৰায় ডেৰ বছৰ কাল যুদ্ধত লিপ্ত থকা দেশখনক যুদ্ধই আশংকা কৰাৰ দৰে আক্ৰান্ত কৰিব পৰা নাই৷

ভাৰতৰ ছবিখনো, পৰিচালন সঞ্চালকগৰাকীৰ মতে, ভিন্ন নহয়৷ ভাৰতৰ প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনৰ ৬.৮ [অন্যান্য সমীক্ষাৰ মতে, ৫.৭ ] শতাংশৰ পৰা ৬.১ [অন্যান্য সমীক্ষাৰ মতে, ৪.৫] শতাংশলৈ হ্ৰাস পাব৷ [আই এম এফৰ সমীক্ষাৰ সমান্তৰালভাৱে আন কেতবোৰ সংস্থায়ো সমীক্ষা চলাইছে৷ সেই সংস্থাবোৰৰ প্ৰতিবেদন আমাৰ হাতত নৌ পৰে এথোন৷]

ক’ভিড অতিমাৰীয়ে বিধ্বস্ত কৰা অৰ্থনীতিত প্ৰাণসঞ্চাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিত বিপুল পৰিমাণৰ নগদ ধন বিভিন্ন শিতানত মোকলাই দিয়া হৈছিল৷ কিন্তু এই ব্যৱস্থাই আভ্যন্তৰীণ অৰ্থনীতিলৈ কিছু সকাহ আনিলে ঠিকেই, কিন্তু যোগান-শৃংখলক ক’ভিড-পূৰ্ব অৱস্থালৈ ওভতাই আনিব পৰা নাই৷  সেইকাৰণে ক’ভিডোত্তৰ কালত, পণ্য আৰু সেৱাৰ বাবে বজাৰত অৱদমিত চাহিদা [Pent up demands]ৰ যি উচ্ছলতা আহিল, তাক শান্ত কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পণ্য আৰু সেৱাৰ যোগান ধৰাত অৰ্থনীতি ব্যৰ্থ হোৱাৰ অনিবাৰ্য পৰিণতিত ব্যাপক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক জুৰুলা কৰি পেলাইছে৷ প্ৰত্যাশিত যোগান-শৃংখল আজিও স্বাভাৱিক হোৱা নাই৷

অৱশ্যে এই পৰিঘটনা সমসত্ত্বভাৱে সমগ্ৰ বিশ্বতে হৈছে বুলি ক’লে ভুল হ’ব৷ উল্লেখযোগ্য, বিশ্বজুৰি মুদ্ৰাস্ফীতিৰ যি পৰিঘটনা পৰিলক্ষিত হৈছে, বিভিন্ন দেশত যোগান-চাহিদাৰ অসন্তুলনেই তাৰ অন্যতম কাৰণ বুলি গণ্য কৰা হৈছে৷ প্ৰায়বোৰ কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ বাবে চাহিদাৰ দিশটোক জগৰীয়া কৰিছে৷  এইটো এটা তুলুঙা যুক্তি৷ সুদৰ হাৰ হ্ৰাস কৰাৰ পাছতো মুদ্ৰাস্ফীতি সন্তোষজনক নোহোৱা কথাটোৱে কি সূচায়? চাহিদা কোনে তৈয়াৰ কৰে? গ্ৰাহকে, নে উদ্যোগপতিয়ে? নিয়োগ বৃদ্ধি চাহিদা বৃদ্ধিৰ অন্যতম উপায়৷ আমোদজনকভাৱে, আজিৰ বিশ্বত যোগান আৰু চাহিদা–দুয়োটাই আক্ৰান্ত হৈছে৷

অৰ্থনীতিৰ ছাত্ৰই এই কথা জানে যে যোগান-শৃংখলক স্বাভাৱিক অৱস্থালৈ আনিবলৈ সুদৰ হাৰ হ্ৰাস কৰিব লাগিব ঠিকেই, কিন্তু নিয়োগ বৃদ্ধিতো প্ৰয়োজনীয় গুৰুত্ব দিব লাগিব৷৷ নিয়োগ বৃদ্ধিৰ জৰিয়তে মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণলৈ আনিব পৰা যাব৷ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ যদি সৰলীকৰণ নহয়, তেন্তে অৰ্থনৈতিক প্ৰবৃদ্ধিৰ প্ৰক্ৰিয়া স্বাভাৱিক অৱস্থালৈ সহজে উভতি নাহিব৷ আজিৰ বিশ্ব অৰ্থনীতিৰ ষ্টেগফ্লেচনৰ অন্যতম কাৰণ এইটোও৷ প্ৰতিকাৰৰ উপায় হিচাপে যথাসম্ভৱ সোনকালে যোগান-শৃংখলৰ আসোঁৱাহসমূহ চিনাক্ত কৰি সিহঁতৰ নিৰাময়ৰ ব্যৱস্থা কৰা দৰকাৰ৷ তাৰ বাবে আৱশ্যকীয় বিত্তীয় আৰু মুদ্ৰা নীতি যথোচিতভাৱে ৰূপায়ন কৰিব লাগিব৷ এইবিলাকৰ সমান্তৰালভাৱে বজাৰত চাহিদা সৃষ্টিৰ বাবে চৰকাৰবোৰে উৎপাদনশীল ক্ষেত্ৰসমূহত [হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে নহয়] ৰাজহুৱা ব্যয় সন্তোষজনকভাৱে বৃদ্ধি কৰাটো অতিকে প্ৰয়োজনীয়৷

বিশ্বৰ আন ভালেমান দেশৰ তুলনাত ভাৰতৰ অৱস্থা কিছু পৰিমাণে ভাল৷ চৰকাৰে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নীতি গ্ৰহণ কৰিলে অৰ্থনীতিৰ অধোগতি কিছু পৰিমাণে হ’লেও ৰুধিব পৰা যাব৷

 [লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯]

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd