• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাড়াতীয়া সেনানী

দ্বিপেন কাকতি by দ্বিপেন কাকতি
July 5, 2023 8:23 pm
ৰাছিয়াৰ ভাড়াতীয়া সেনা বাহিনী ৱাগনাৰ আৰু মুৰব্বী প্ৰিগোজিন।

ৰাছিয়াৰ ভাড়াতীয়া সেনা বাহিনী ৱাগনাৰ আৰু মুৰব্বী প্ৰিগোজিন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতে ৰুছ-ইউক্ৰেইনৰ যুদ্ধখন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া নানা বাদ-বিবাদ, শংকা-সহানুভূতি উজাৰি বাতৰি কাকত-আলোচনীত নানা প্ৰবন্ধ-পাতি ওলাইছিল৷ বৈদ্যুতিন সংবাদ মাধ্যমে ৰহণ চৰোৱা টক শ্ব’বিলাক পাতিছিল৷ দিন যোৱাৰ লগে লগে সেই সকলোবোৰ লাহে লাহে তল পৰিছিল৷ মানুহে যুদ্ধৰ খবৰ পঢ়িবলৈকে বাদ দিয়াৰ দৰে হ’ল৷ যুদ্ধ কিন্তু চলিয়েই থাকিল৷ ইউক্ৰেইন বিধ্বস্ত হৈ গৈছে, তথাপি আত্মসমপৰ্ণ কৰা নাই৷ আমে’ৰিকাৰ নেতৃত্বত “নাটো”ৱে তেওঁলোকক সহায় কৰি আছে৷ বিশ্ববাসীৰ বাবে যুদ্ধৰ এই “নিউ নৰ্মেল” পৰিস্থিতি সহনীয় হৈ গৈছিল আৰু যুদ্ধখন এটা একেবাৰে “আসক্তিহীন ঘটনা” হৈ পৰিছিল৷

কিন্তু আকস্মিকভাৱে দুটা শব্দই ৰুছ-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগই মনৰ ভিতৰত আকৌ এটা উক্‌মুকনিৰ সৃষ্টি কৰিলে৷ “প্ৰিগ’ঝিন” আৰু “ৱেগ্‌নাৰ”৷ জানিব পাৰিলো, ‘ৱেগ্‌নাৰ’ নামৰ সেনা বাহিনীটো ‘ইয়েভ্‌জেনি প্ৰিগ’ঝিন’ নামৰ অধিনায়কজনৰ মালিকানাধীন৷ কিবা কাৰণত হঠাৎ পুতিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ এডোখৰ ভূমিত নিজৰ অধিকাৰ কায়েম কৰি বহিল৷ কেৱল সেয়ে নহয়, মস্কোৰ পৰা দুশ কিলোমিটাৰ দূৰত থিয় হৈ পুতিনক ক্ষমতাচ্যুৎ কৰি মস্কো দখল কৰাৰো হুমকি দিলে৷

সঁচা কথা ক’বলৈ গ’লে, প্ৰথমতে, এজন সাধাৰণ মানুহৰ মনলৈ আহিব পৰা ধাৰণাৰ দৰেই অনুমান কৰিছিলো, ‘ৱেগ্‌নাৰ’ সম্ভৱ ৰুছ সেনাৰ এটা প্লেটুন অথবা ব্ৰিগেডৰ নাম আৰু প্ৰিগ’ঝিন তাৰ অধিনায়ক৷ পাকিস্তান, ব্ৰাজিল, চিলি আদি দেশত হোৱাৰ দৰে তেওঁ শক্তি আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পুতিন চৰকাৰক উৎখাত কৰি দেশখনৰ ৰাজনৈতিক শাসনভাৰ নিজৰ হাতত তুলি ল’বলৈ বিচাৰিছে৷ কিন্তু মনত খু-দুৱনি এটা থাকি গ’ল৷ বিষয়টো সন্দৰ্ভত অলপ বিচাৰ-খোঁচাৰ আৰম্ভ কৰিলো–‘ৱেগ্‌নাৰ’ কেনে ধৰণৰ সেনাবাহিনী? প্ৰিগ’ঝিনৰেই বা কিয়, –ইউক্ৰেইনৰ সৈতে যুদ্ধ চলাই থকাৰ মাজতে–ক্ষমতাৰ ৰাগীয়ে মূৰত ধৰিলেগৈ৷ অ’ত ত’ত চাই লাহে লাহে বিষয়টো পৰিস্কাৰ হ’ল৷

Apply Now

নব্যউদাৰ অৰ্থনীতি ৰূপায়িত হোৱাৰ পাছৰ পৰা চৰকাৰী অফিচ বা উদ্যোগসমূহতেই যে কেৱল স্থায়ী প্ৰকৃতিৰ কামৰ “আউটচ’ৰ্চিং” হোৱা নাই, বৰং প্ৰতিৰক্ষা বিভাগতো হৈছে, সেই কথা বুজি পালো৷ “আউটচ’ৰ্চিং” হ’ল বাহিৰৰ কোনোবা ঠিকাদাৰক নিৰ্দিষ্ট একোটা কাম চলাই যাবলৈ দিয়া ঠিকা৷ প্ৰতিৰক্ষা বিভাগতো যুদ্ধৰ বাবে বাহিৰৰ ঠিকাদাৰক ঠিকা দিয়াৰ ব্যৱস্থা হৈছে৷ আন কথাত, “আউটচ’ৰ্চিং অৱ ৱাৰ” [Outsourcing of war]৷ ‘ৱেগ্‌নাৰ’ হ’ল তেনে এটা ব্যক্তিগত খণ্ডৰ সেনাদল, যি বিপুল অৰ্থৰ বিনিময়ত কোনো দেশৰ হৈ যুদ্ধত অৱতীৰ্ণ হয়৷

চমৎকাৰ কাৰবাৰ! ইয়াত দেশপ্ৰেমৰ কথা নাই; মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ কথা নাই; আছে কেৱল ধনৰ লেন-দেন৷ সম্পূৰ্ণ পেছাদাৰী সেনাদল৷ এই ৱেগ্‌নাৰ বাহিনীত সকলো ধৰণৰ লোক আছে৷ শিক্ষিত আৰু অৰ্ধশিক্ষিত নিবনুৱা, প্ৰাক্তন সৈনিক, দাগী অপৰাধী, চোৰ, ডকাইত, হত্যাকাৰী–সকলো৷ ইমান দিনে তেওঁলোকক পেছাদাৰী ভাড়াতীয়া সৈন্য বুলি কৈ অহা হৈছিল; ইংৰাজীত, ‘মাৰ্চেনেৰী’ [Mercenary]৷ কাৰ্গিল যুদ্ধত কিছু আফগান সৈনিকে পাকিস্তানৰ হৈ যুদ্ধ কৰিছিল৷ তেওঁলোক কোনো সংগঠনৰ সেনা নাছিল৷ এতিয়া এই মাৰ্চেনেৰী গোটক কৰ্প’ৰেট ফৰ্মলৈ উন্নীত কৰি কোম্পানী হিচাপে গঠন কৰা হৈছে৷

আগৰ প্ৰথা মতে, দেশৰ লোকেই সামৰিক বাহিনীত ভৰ্তি হৈ দেশৰ সীমান্ত ৰক্ষাৰ কাম কৰে৷ সামৰিক বাহিনীত ভৰ্তিৰ বাবে এওঁলোকে কঠোৰ অনুশীলন কৰে আৰু সামৰিক বাহিনীত মকৰলৰ বাবে আবেদন কৰে৷ বাছনি পৰীক্ষাত কঠোৰ শাৰীৰিক কছৰতৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ শত্ৰুৰ আক্ৰমণ ৰোধ কৰিবলৈ আৱশ্যক অনুযায়ী যুদ্ধত জঁপিয়াই পৰে৷ তেওঁলোকৰ মনত প্ৰবল দেশপ্ৰেমবোধ থাকে৷ মাতৃভূমিৰ হকে প্ৰাণ দিবলৈ সদাপ্ৰস্তুত থাকে৷

কিন্তু এতিয়া সামৰিক বাহিনী আৰু যুদ্ধৰ সেই কন্সেপ্ত লাহে লাহে সলনি হ’বলৈ লৈছে৷ আজিকালি বহু উন্নত দেশে যুদ্ধক আউটচ’ৰ্চ কৰি ভাড়াতীয়া সৈন্যদলৰ হাতত যুদ্ধৰ দায়িত্ব অপৰ্ণ কৰে৷ সংশ্লিষ্ট দেশখনক যুদ্ধত জয়ী কৰোৱাৰ দায়িত্ব মাৰ্চেনেৰী কোম্পানীৰ হাতত ন্যস্ত থাকে৷ সেইবোৰ দেশে নিয়মীয়া সৈন্যক পোহপাল দি ৰখা পদ্ধতি একপ্ৰকাৰ পৰিহাৰ কৰিছে৷ অপৰিহাৰ্য পৰিমাণৰ মুষ্টিমেয় লোককহে নিয়মীয়া বাহিনীত ৰখা হয়৷ যুদ্ধৰ সময়ত এই ধৰণৰ কৰ্প’ৰেট কোম্পানীক যুদ্ধৰ বাবে ঠিকা দিয়া হয়৷ এওঁলোক স্বাধীন আৰু স্বতন্ত্ৰ৷ মোটা অৰ্থৰ বিনিময়ত এওঁলোকে যিকোনো দেশৰ হৈ যুদ্ধ কৰিব পাৰে৷

২০১৪ চনত গঠন কৰা ‘ৱেগ্‌নাৰ’ত প্ৰথম অৱস্থাত ২৫০ জন সৈনিক আছিল৷ পাঁচ বছৰৰ আগতে প্ৰিগ’ঝিনৰ বাহিনীত ৫,০০০ সৈন্যও নাছিল৷ বৰ্তমান ৱেগ্‌নাৰত ৫০,০০০ৰো অধিক সৈন্য আছে৷ ক’ত পাইছে তেওঁ এই বিপুল সংখ্যক লোক? ৱেগ্‌নাৰৰ পঞ্চাছ হাজাৰ সৈন্যৰ বেছ কিছু হাজাৰ লোক নেপালী সম্প্ৰদায়ৰ৷ আগতে ভাৰতৰ সেনা বাহিনীত “গোৰ্খা ৰেজিমেণ্ট” আছিল৷ মহাৰাজা ৰঞ্জিত সিঙে প্ৰথম শিখ সেনা বাহিনীত গোৰ্খা সৈন্যক অন্তৰ্ভূক্ত কৰিছিল৷ এই গোৰ্খা ৰেজিমেণ্টৰ প্ৰায় সকলো লোক আছিল নেপালী সম্প্ৰদায়ৰ৷ প্ৰিগ’ঝিনৰ ‘ৱেগ্‌নাৰ’ত নেপালীসকলৰ বাহিৰেও আছে ৰাছিয়ান, আলবেনিয়ান, ৰোমানীয়ান, আফ্ৰিকান ইত্যাদি৷ আন কথাত, বিভিন্ন দেশৰ দীন-দৰিদ্ৰসকলক ধনৰ বিনিময়ত নিয়োগ কৰা হৈছে ডাঙৰ আৰু ধনী মানুহৰ হৈ যুদ্ধ কৰিবলৈ৷

সংগঠিত ৰূপত ভাড়াতীয়া সৈন্যৰ ব্যৱসায় গঢ়ি তোলাটো বৰ পুৰণি কথা নহয়৷ এতিয়া গোটেই কাৰবাৰটো সংগঠিত হৈ কৰ্প’ৰেট ফৰ্মলৈ গুচি গৈছে৷ অৱশ্যে ৱেগ্‌নাৰেই ভাড়াতীয়া সৈনিকৰ প্ৰথম  কৰ্প’ৰেট কোম্পানী নহয়; তাৰ আগতে “ব্লেকৱাটাৰ” নামৰ এটা কোম্পানীয়ে আমে’ৰিকাৰ হৈ ইৰাকত যুদ্ধ কৰাৰ নজীৰ আছে৷ এই ভাড়াতীয়া সৈনিকসকলক আগুৱাই দি মাৰ্কিন সৈন্যদলৰ ক্ষয়-ক্ষতি কমোৱা হৈছিল৷ এওঁলোকক নিয়োগকৰ্তা চৰকাৰে নিয়মীয়া বেতন দিয়াৰ কথা নাই; কথা নাই আনুসংগিক সা-সুবিধা আদি প্ৰদান কৰাৰো৷

শক্তি আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ ৰাজনৈতিক ক্ষমতা দখল কৰাৰ সপোন দেখা বিদ্ৰোহী প্ৰিগ’ঝিনক ইতিমধ্যে আত্মসমপৰ্ণ কৰোৱা হৈছে আৰু তেওঁৰ লগত এখন চুক্তি সম্পাদিত হৈছে৷ সম্প্ৰতি তেওঁ বেলাৰুছত নির্বাসনত আছে৷

“Sapiens” নামৰ জনপ্ৰিয় কিতাপখনৰ লেখক ইউভাল হাৰাৰিয়ে আন এখন কিতাপো লিখি উলিয়াইছে৷ কিতাপখনৰ নাম হ’ল–“21 lessons for the 21st Century.” এই কিতাপখনত বিভিন্ন তথ্য-পাতিৰ আলমত তেওঁ ভৱিষ্যৎবাণী কৰিছে যে অতি সোনকালেই পৃথিৱীত “Artificial intelligence” অৰ্থাৎ “কৃত্ৰিম বুদ্ধিমত্তা”ই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিব আৰু তাৰ ফলত অজস্ৰ লোক কৰ্মহীন হৈ পৰিব৷ তেতিয়া অগণন নিবনুৱাক কিদৰে অৰ্থপূৰ্ণ সংস্থান দি নিযুক্ত ৰাখিব পৰা যাব, ভৱিষ্যতৰ ৰাজনৈতিক নেতাসকলৰ বাবে সি হ’ব এটা বৃহৎ প্ৰত্যাহ্বান৷

ইউভাল হাৰাৰিৰ ভৱিষ্যৎবাণী যেন লাহে লাহে ফলিয়াবলৈ আৰম্ভ কৰিছে! আজিৰ তাৰিখত কৃত্ৰিম বুদ্ধিমত্তাই ইতিমধ্যেই অৰ্থনীতিৰ বিভিন্ন পৰ্যায়ত প্ৰসাৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ এটা দশকৰ পাছত হয়তো বৰ্তমান কালত অৰ্থপূৰ্ণ মজুৰিৰে নিযুক্ত লোকৰ অৰ্ধেকক প্ৰয়োজনাধিক [redundant] বুলি গণ্য কৰি চাকৰিৰ পৰা চাটাই কৰাৰ পৰিস্থিতি আহি পৰিব৷ তেওঁলোকে কি কৰিব? প্ৰিগ’ঝিনসকলতো আছেই! তেওঁলোকৰে শৰণাপন্ন হ’ব লাগিব৷ তেওঁলোকে অতি সস্তাত এই নিবনুৱাসকলক ভাড়াতীয়া সৈনিক হিচাপে নিযুক্তি দিয়া আৰম্ভ কৰিব৷ অৰ্থনৈতিক সংকট, জল সংকট আদিয়ে আজিৰ বিশ্বক ক্ৰমাৎ যুদ্ধৰ ফালে ঠেলি নি আছে৷ হিংসাত উন্মত্ত পৃথিৱীক তেতিয়া বিভিন্ন খণ্ডৰ কৰ্প’ৰেট গোষ্ঠীয়ে বিভিন্ন ৰূপত নিয়ন্ত্ৰণ কৰিব৷ যুদ্ধৰ বাবে নিযুক্ত হ’ব “ৱেগ্‌নাৰ” বনাম “ব্লেকৱাটাৰ”হঁত৷ ধনীলোকসকলে আই পি এল খেলৰ দৰে তাক দূৰৰ পৰা উপভোগ কৰিব৷

আমিও খেল চাম ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলৰ দৰে৷ কোনোবাই মোগলৰ পক্ষ ল’ব, আন কোনোবাই ৰাজপুতৰ!!

[লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯]

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd