আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতে ৰুছ-ইউক্ৰেইনৰ যুদ্ধখন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া নানা বাদ-বিবাদ, শংকা-সহানুভূতি উজাৰি বাতৰি কাকত-আলোচনীত নানা প্ৰবন্ধ-পাতি ওলাইছিল৷ বৈদ্যুতিন সংবাদ মাধ্যমে ৰহণ চৰোৱা টক শ্ব’বিলাক পাতিছিল৷ দিন যোৱাৰ লগে লগে সেই সকলোবোৰ লাহে লাহে তল পৰিছিল৷ মানুহে যুদ্ধৰ খবৰ পঢ়িবলৈকে বাদ দিয়াৰ দৰে হ’ল৷ যুদ্ধ কিন্তু চলিয়েই থাকিল৷ ইউক্ৰেইন বিধ্বস্ত হৈ গৈছে, তথাপি আত্মসমপৰ্ণ কৰা নাই৷ আমে’ৰিকাৰ নেতৃত্বত “নাটো”ৱে তেওঁলোকক সহায় কৰি আছে৷ বিশ্ববাসীৰ বাবে যুদ্ধৰ এই “নিউ নৰ্মেল” পৰিস্থিতি সহনীয় হৈ গৈছিল আৰু যুদ্ধখন এটা একেবাৰে “আসক্তিহীন ঘটনা” হৈ পৰিছিল৷
কিন্তু আকস্মিকভাৱে দুটা শব্দই ৰুছ-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগই মনৰ ভিতৰত আকৌ এটা উক্মুকনিৰ সৃষ্টি কৰিলে৷ “প্ৰিগ’ঝিন” আৰু “ৱেগ্নাৰ”৷ জানিব পাৰিলো, ‘ৱেগ্নাৰ’ নামৰ সেনা বাহিনীটো ‘ইয়েভ্জেনি প্ৰিগ’ঝিন’ নামৰ অধিনায়কজনৰ মালিকানাধীন৷ কিবা কাৰণত হঠাৎ পুতিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ এডোখৰ ভূমিত নিজৰ অধিকাৰ কায়েম কৰি বহিল৷ কেৱল সেয়ে নহয়, মস্কোৰ পৰা দুশ কিলোমিটাৰ দূৰত থিয় হৈ পুতিনক ক্ষমতাচ্যুৎ কৰি মস্কো দখল কৰাৰো হুমকি দিলে৷
সঁচা কথা ক’বলৈ গ’লে, প্ৰথমতে, এজন সাধাৰণ মানুহৰ মনলৈ আহিব পৰা ধাৰণাৰ দৰেই অনুমান কৰিছিলো, ‘ৱেগ্নাৰ’ সম্ভৱ ৰুছ সেনাৰ এটা প্লেটুন অথবা ব্ৰিগেডৰ নাম আৰু প্ৰিগ’ঝিন তাৰ অধিনায়ক৷ পাকিস্তান, ব্ৰাজিল, চিলি আদি দেশত হোৱাৰ দৰে তেওঁ শক্তি আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পুতিন চৰকাৰক উৎখাত কৰি দেশখনৰ ৰাজনৈতিক শাসনভাৰ নিজৰ হাতত তুলি ল’বলৈ বিচাৰিছে৷ কিন্তু মনত খু-দুৱনি এটা থাকি গ’ল৷ বিষয়টো সন্দৰ্ভত অলপ বিচাৰ-খোঁচাৰ আৰম্ভ কৰিলো–‘ৱেগ্নাৰ’ কেনে ধৰণৰ সেনাবাহিনী? প্ৰিগ’ঝিনৰেই বা কিয়, –ইউক্ৰেইনৰ সৈতে যুদ্ধ চলাই থকাৰ মাজতে–ক্ষমতাৰ ৰাগীয়ে মূৰত ধৰিলেগৈ৷ অ’ত ত’ত চাই লাহে লাহে বিষয়টো পৰিস্কাৰ হ’ল৷
নব্যউদাৰ অৰ্থনীতি ৰূপায়িত হোৱাৰ পাছৰ পৰা চৰকাৰী অফিচ বা উদ্যোগসমূহতেই যে কেৱল স্থায়ী প্ৰকৃতিৰ কামৰ “আউটচ’ৰ্চিং” হোৱা নাই, বৰং প্ৰতিৰক্ষা বিভাগতো হৈছে, সেই কথা বুজি পালো৷ “আউটচ’ৰ্চিং” হ’ল বাহিৰৰ কোনোবা ঠিকাদাৰক নিৰ্দিষ্ট একোটা কাম চলাই যাবলৈ দিয়া ঠিকা৷ প্ৰতিৰক্ষা বিভাগতো যুদ্ধৰ বাবে বাহিৰৰ ঠিকাদাৰক ঠিকা দিয়াৰ ব্যৱস্থা হৈছে৷ আন কথাত, “আউটচ’ৰ্চিং অৱ ৱাৰ” [Outsourcing of war]৷ ‘ৱেগ্নাৰ’ হ’ল তেনে এটা ব্যক্তিগত খণ্ডৰ সেনাদল, যি বিপুল অৰ্থৰ বিনিময়ত কোনো দেশৰ হৈ যুদ্ধত অৱতীৰ্ণ হয়৷
চমৎকাৰ কাৰবাৰ! ইয়াত দেশপ্ৰেমৰ কথা নাই; মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ কথা নাই; আছে কেৱল ধনৰ লেন-দেন৷ সম্পূৰ্ণ পেছাদাৰী সেনাদল৷ এই ৱেগ্নাৰ বাহিনীত সকলো ধৰণৰ লোক আছে৷ শিক্ষিত আৰু অৰ্ধশিক্ষিত নিবনুৱা, প্ৰাক্তন সৈনিক, দাগী অপৰাধী, চোৰ, ডকাইত, হত্যাকাৰী–সকলো৷ ইমান দিনে তেওঁলোকক পেছাদাৰী ভাড়াতীয়া সৈন্য বুলি কৈ অহা হৈছিল; ইংৰাজীত, ‘মাৰ্চেনেৰী’ [Mercenary]৷ কাৰ্গিল যুদ্ধত কিছু আফগান সৈনিকে পাকিস্তানৰ হৈ যুদ্ধ কৰিছিল৷ তেওঁলোক কোনো সংগঠনৰ সেনা নাছিল৷ এতিয়া এই মাৰ্চেনেৰী গোটক কৰ্প’ৰেট ফৰ্মলৈ উন্নীত কৰি কোম্পানী হিচাপে গঠন কৰা হৈছে৷
আগৰ প্ৰথা মতে, দেশৰ লোকেই সামৰিক বাহিনীত ভৰ্তি হৈ দেশৰ সীমান্ত ৰক্ষাৰ কাম কৰে৷ সামৰিক বাহিনীত ভৰ্তিৰ বাবে এওঁলোকে কঠোৰ অনুশীলন কৰে আৰু সামৰিক বাহিনীত মকৰলৰ বাবে আবেদন কৰে৷ বাছনি পৰীক্ষাত কঠোৰ শাৰীৰিক কছৰতৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ শত্ৰুৰ আক্ৰমণ ৰোধ কৰিবলৈ আৱশ্যক অনুযায়ী যুদ্ধত জঁপিয়াই পৰে৷ তেওঁলোকৰ মনত প্ৰবল দেশপ্ৰেমবোধ থাকে৷ মাতৃভূমিৰ হকে প্ৰাণ দিবলৈ সদাপ্ৰস্তুত থাকে৷
কিন্তু এতিয়া সামৰিক বাহিনী আৰু যুদ্ধৰ সেই কন্সেপ্ত লাহে লাহে সলনি হ’বলৈ লৈছে৷ আজিকালি বহু উন্নত দেশে যুদ্ধক আউটচ’ৰ্চ কৰি ভাড়াতীয়া সৈন্যদলৰ হাতত যুদ্ধৰ দায়িত্ব অপৰ্ণ কৰে৷ সংশ্লিষ্ট দেশখনক যুদ্ধত জয়ী কৰোৱাৰ দায়িত্ব মাৰ্চেনেৰী কোম্পানীৰ হাতত ন্যস্ত থাকে৷ সেইবোৰ দেশে নিয়মীয়া সৈন্যক পোহপাল দি ৰখা পদ্ধতি একপ্ৰকাৰ পৰিহাৰ কৰিছে৷ অপৰিহাৰ্য পৰিমাণৰ মুষ্টিমেয় লোককহে নিয়মীয়া বাহিনীত ৰখা হয়৷ যুদ্ধৰ সময়ত এই ধৰণৰ কৰ্প’ৰেট কোম্পানীক যুদ্ধৰ বাবে ঠিকা দিয়া হয়৷ এওঁলোক স্বাধীন আৰু স্বতন্ত্ৰ৷ মোটা অৰ্থৰ বিনিময়ত এওঁলোকে যিকোনো দেশৰ হৈ যুদ্ধ কৰিব পাৰে৷
২০১৪ চনত গঠন কৰা ‘ৱেগ্নাৰ’ত প্ৰথম অৱস্থাত ২৫০ জন সৈনিক আছিল৷ পাঁচ বছৰৰ আগতে প্ৰিগ’ঝিনৰ বাহিনীত ৫,০০০ সৈন্যও নাছিল৷ বৰ্তমান ৱেগ্নাৰত ৫০,০০০ৰো অধিক সৈন্য আছে৷ ক’ত পাইছে তেওঁ এই বিপুল সংখ্যক লোক? ৱেগ্নাৰৰ পঞ্চাছ হাজাৰ সৈন্যৰ বেছ কিছু হাজাৰ লোক নেপালী সম্প্ৰদায়ৰ৷ আগতে ভাৰতৰ সেনা বাহিনীত “গোৰ্খা ৰেজিমেণ্ট” আছিল৷ মহাৰাজা ৰঞ্জিত সিঙে প্ৰথম শিখ সেনা বাহিনীত গোৰ্খা সৈন্যক অন্তৰ্ভূক্ত কৰিছিল৷ এই গোৰ্খা ৰেজিমেণ্টৰ প্ৰায় সকলো লোক আছিল নেপালী সম্প্ৰদায়ৰ৷ প্ৰিগ’ঝিনৰ ‘ৱেগ্নাৰ’ত নেপালীসকলৰ বাহিৰেও আছে ৰাছিয়ান, আলবেনিয়ান, ৰোমানীয়ান, আফ্ৰিকান ইত্যাদি৷ আন কথাত, বিভিন্ন দেশৰ দীন-দৰিদ্ৰসকলক ধনৰ বিনিময়ত নিয়োগ কৰা হৈছে ডাঙৰ আৰু ধনী মানুহৰ হৈ যুদ্ধ কৰিবলৈ৷
সংগঠিত ৰূপত ভাড়াতীয়া সৈন্যৰ ব্যৱসায় গঢ়ি তোলাটো বৰ পুৰণি কথা নহয়৷ এতিয়া গোটেই কাৰবাৰটো সংগঠিত হৈ কৰ্প’ৰেট ফৰ্মলৈ গুচি গৈছে৷ অৱশ্যে ৱেগ্নাৰেই ভাড়াতীয়া সৈনিকৰ প্ৰথম কৰ্প’ৰেট কোম্পানী নহয়; তাৰ আগতে “ব্লেকৱাটাৰ” নামৰ এটা কোম্পানীয়ে আমে’ৰিকাৰ হৈ ইৰাকত যুদ্ধ কৰাৰ নজীৰ আছে৷ এই ভাড়াতীয়া সৈনিকসকলক আগুৱাই দি মাৰ্কিন সৈন্যদলৰ ক্ষয়-ক্ষতি কমোৱা হৈছিল৷ এওঁলোকক নিয়োগকৰ্তা চৰকাৰে নিয়মীয়া বেতন দিয়াৰ কথা নাই; কথা নাই আনুসংগিক সা-সুবিধা আদি প্ৰদান কৰাৰো৷
শক্তি আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ ৰাজনৈতিক ক্ষমতা দখল কৰাৰ সপোন দেখা বিদ্ৰোহী প্ৰিগ’ঝিনক ইতিমধ্যে আত্মসমপৰ্ণ কৰোৱা হৈছে আৰু তেওঁৰ লগত এখন চুক্তি সম্পাদিত হৈছে৷ সম্প্ৰতি তেওঁ বেলাৰুছত নির্বাসনত আছে৷
“Sapiens” নামৰ জনপ্ৰিয় কিতাপখনৰ লেখক ইউভাল হাৰাৰিয়ে আন এখন কিতাপো লিখি উলিয়াইছে৷ কিতাপখনৰ নাম হ’ল–“21 lessons for the 21st Century.” এই কিতাপখনত বিভিন্ন তথ্য-পাতিৰ আলমত তেওঁ ভৱিষ্যৎবাণী কৰিছে যে অতি সোনকালেই পৃথিৱীত “Artificial intelligence” অৰ্থাৎ “কৃত্ৰিম বুদ্ধিমত্তা”ই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিব আৰু তাৰ ফলত অজস্ৰ লোক কৰ্মহীন হৈ পৰিব৷ তেতিয়া অগণন নিবনুৱাক কিদৰে অৰ্থপূৰ্ণ সংস্থান দি নিযুক্ত ৰাখিব পৰা যাব, ভৱিষ্যতৰ ৰাজনৈতিক নেতাসকলৰ বাবে সি হ’ব এটা বৃহৎ প্ৰত্যাহ্বান৷
ইউভাল হাৰাৰিৰ ভৱিষ্যৎবাণী যেন লাহে লাহে ফলিয়াবলৈ আৰম্ভ কৰিছে! আজিৰ তাৰিখত কৃত্ৰিম বুদ্ধিমত্তাই ইতিমধ্যেই অৰ্থনীতিৰ বিভিন্ন পৰ্যায়ত প্ৰসাৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ এটা দশকৰ পাছত হয়তো বৰ্তমান কালত অৰ্থপূৰ্ণ মজুৰিৰে নিযুক্ত লোকৰ অৰ্ধেকক প্ৰয়োজনাধিক [redundant] বুলি গণ্য কৰি চাকৰিৰ পৰা চাটাই কৰাৰ পৰিস্থিতি আহি পৰিব৷ তেওঁলোকে কি কৰিব? প্ৰিগ’ঝিনসকলতো আছেই! তেওঁলোকৰে শৰণাপন্ন হ’ব লাগিব৷ তেওঁলোকে অতি সস্তাত এই নিবনুৱাসকলক ভাড়াতীয়া সৈনিক হিচাপে নিযুক্তি দিয়া আৰম্ভ কৰিব৷ অৰ্থনৈতিক সংকট, জল সংকট আদিয়ে আজিৰ বিশ্বক ক্ৰমাৎ যুদ্ধৰ ফালে ঠেলি নি আছে৷ হিংসাত উন্মত্ত পৃথিৱীক তেতিয়া বিভিন্ন খণ্ডৰ কৰ্প’ৰেট গোষ্ঠীয়ে বিভিন্ন ৰূপত নিয়ন্ত্ৰণ কৰিব৷ যুদ্ধৰ বাবে নিযুক্ত হ’ব “ৱেগ্নাৰ” বনাম “ব্লেকৱাটাৰ”হঁত৷ ধনীলোকসকলে আই পি এল খেলৰ দৰে তাক দূৰৰ পৰা উপভোগ কৰিব৷
আমিও খেল চাম ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলৰ দৰে৷ কোনোবাই মোগলৰ পক্ষ ল’ব, আন কোনোবাই ৰাজপুতৰ!!
[লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯]