• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰজ্ঞানৰ চন্দ্ৰত অৱতৰণৰ ঐতিহাসিক ভিডিঅ’ ওলাল; কিমান দূৰ আগবাঢ়িলে ৰ’ভাৰ, জনালে ইছৰোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2023 8:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লেণ্ডাৰ ‘বিক্ৰমে’ ইয়াৰ পেটৰ ভিতৰৰ পৰা কেনেকৈ লাহে লাহে পেটৰ পৰা ওলাই আহি ৰ’ভাৰ ‘প্ৰজ্ঞান’ চন্দ্ৰৰ মাটিত ভৰি দিছিল, সেই ভিডিঅ’টো পঠিয়াইছিল,।  এতিয়া ঠিক কিমান দূৰলৈকে ‘প্ৰজ্ঞান’ চন্দ্ৰৰ মাটিত উপনীত হৈছে সেয়া শুকুৰবাৰে সন্ধিয়া ইছৰোৱে জনালে। ইয়াৰ উপৰিও ইয়াৰ অগ্ৰগতিৰ বিষয়েও ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে। ক’তো বিচ্যুতি ঘটা নাই। ইছৰোৰ পৰিকল্পনা অনুসৰিয়েই ভাৰতৰ তৃতীয়টো মানৱবিহীন চন্দ্ৰ অভিযান এতিয়ালৈকে আগবাঢ়িছে।

শুকুৰবাৰে সন্ধিয়া ISRO-য়ে জনায় যে ৰ’ভাৰখন কেৱল চন্দ্ৰৰ মাটিত অৱতৰণ কৰাই নহয়, সঞ্চালনো আৰম্ভ কৰিছে। ইছৰ’ই জনোৱা মতে ‘প্ৰজ্ঞান-য়ে ৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। এতিয়া ইয়াৰ কেৱল আগবাঢ়ি যোৱাৰ সময়।

শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:১৯ বজাত ইছৰো টুইটাৰত কয় যে পৰিকল্পনা অনুসৰি ৰ’ভাৰ ‘প্ৰজ্ঞান’ চলাচল কৰিবলৈ আৰম্ভ কৰিছে। সফলতাৰে ৮ মিটাৰ অতিক্ৰম কৰিছে ৰ’ভাৰখনে। প্ৰজ্ঞানৰ পেলোড ‘LIBS’ আৰু ‘APXS’ মুকলি কৰা হৈছে।

Apply Now

চন্দ্ৰৰ দক্ষিণ মেৰু ইমান দিনে পৃথিৱীবাসীয়ে অন্বেষণ নকৰাকৈয়ে আছিল। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন মহাকাশযান হ’ল ভাৰতৰ। তাৰ লগতে ভাৰতৰ নাম চন্দ্ৰত ‘মসৃন অৱতৰণ’ কৰাৰ ক্ষেত্ৰত সফল দেশৰ ‘এলিট’ তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পূৰ্বে এই কৃতিত্ব কেৱল আমেৰিকা, ৰাছিয়া আৰু চীনৰ হাতত আছিল।

চন্দ্ৰপৃষ্ঠত খোজ কাঢ়িছে প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত ‘প্ৰজ্ঞান’ নামৰ ৰ’ভাৰখনে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। ইছৰোৰ পৰিকল্পনা অনুসৰি ই আগবাঢ়িছে। ইতিমধ্যে চন্দ্ৰৰ শৈলপৃষ্ঠত ৮ মিটাৰ অতিক্ৰম কৰিছে। অৱশ্যে এইদৰে আগবাঢ়ি যোৱাৰ লগে লগে ই চন্দ্ৰৰ মাটিৰ বৈশিষ্ট্য বিতংভাৱে চাইছে। পৃথিৱীৰ উপগ্ৰহটোৰ ভূ-প্ৰকৃতি অন্বেষণো কৰিছে। সেই ইংগিত ইছৰোৰ বাৰ্তাতো পোৱা গৈছে।

Chandrayaan-3 Mission:

All planned Rover movements have been verified. The Rover has successfully traversed a distance of about 8 meters.

Rover payloads LIBS and APXS are turned ON.

All payloads on the propulsion module, lander module, and rover are performing nominally.…

— ISRO (@isro) August 25, 2023

প্ৰজ্ঞানৰ ভিতৰত দুটা পেলোড উৎক্ষেপণ কৰা হৈছে — ‘LIBS’ আৰু ‘APXS’ বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে। প্ৰজ্ঞানেতো চন্দ্ৰৰ মাটিত খোজ কাঢ়ি ফুৰিব, তেন্তে পেলোডৰ কাম কি? বিশেষজ্ঞসকলে জনোৱা মতে, চন্দ্ৰৰ মাটিৰ ৰাসায়নিক গঠন আৰু পৃষ্ঠৰ তলত লুকাই থকা খনিজ পদাৰ্থৰ গঠন বিজ্ঞানসন্মতভাৱে অনুমান কৰিব পৰাকৈ এপিএক্সএছ বা আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰ’মিটাৰ নিৰ্মাণ কৰা হৈছে। এতিয়াৰ বাবে এপিএক্সএছে সেই কামটো কৰিবলৈ আৰম্ভ কৰিছে।

এপিএক্সএছৰ উপৰিও কামত আন এটা পেলোড আছে। অৰ্থাৎ ‘LIBS’ বা ‘লেজাৰ-ইনডিউছড্ ব্ৰেকডাউন স্পেকট্ৰস্কোপ’। এই পেলোডে চন্দ্ৰৰ মাটি আৰু শিলৰ মূল গঠন অৰ্থাৎ মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, টাইটানিয়াম আৰু ভূ-ৰাসায়নিক গঠন নিৰ্ণয় কৰিব।

বিক্ৰমে যেতিয়া চন্দ্ৰত ভৰি দিছিল, তেতিয়া মাত্ৰ কাহিলী পুৱা হৈছিল। পৃথিৱীৰ সময় অনুযায়ী আগন্তুক ১৪ দিনলৈ দিনৰ পোহৰ থাকিব। এই সময়ছোৱাত ৰ’ভাৰখনে চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে ঘূৰি ফুৰি তথ্য সংগ্ৰহ কৰিব। ‘বিক্ৰম’ই সেই তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিব। ‘বিক্ৰম’ আৰু ‘প্ৰজ্ঞান’-য়ে সৌৰশক্তিৰ নিৰ্ভৰ কৰি কাম কৰিব। সদ্যহতে বিক্ৰম অৱতৰণ কৰা স্থানতে থাকিব। ভাৰতৰ পৰা যোৱা সকলো বাৰ্তা পোনপটীয়াকৈ বিক্ৰমৰ ওচৰলৈ যাব। ইয়াৰ পিছত ‘বিক্ৰম’-য়েই সেই বাৰ্তা স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচন কৰি প্ৰয়োজন অনুসৰি চন্দ্ৰপৃষ্ঠত ঘুৰি থকা ৰ’ভাৰ প্ৰজ্ঞানলৈ প্ৰেৰণ কৰিব। অৰ্থাৎ ভাৰতৰ মাটিত বহি থকা বিজ্ঞানীসকলে চন্দ্ৰৰ মাটিত চলাচল কৰা ৰ’ভাৰখন নিয়ন্ত্ৰণ কৰিব।

… … and here is how the Chandrayaan-3 Rover ramped down from the Lander to the Lunar surface. pic.twitter.com/nEU8s1At0W

— ISRO (@isro) August 25, 2023

ইয়াৰ বাহিৰেও ‘বিক্ৰমে’ আৰু এটা কাম কৰিব পাৰে – সেয়া হ’ল সমগ্ৰ পৰিস্থিতিৰ প্ৰতিটো মুহূৰ্ত বন্দী কৰা।  যেনেকৈ ‘প্ৰজ্ঞান’ বিক্ৰমৰ পেটৰ পৰা ওলাই চন্দ্ৰত নামি চলাচল কৰিবলৈ ধৰিলে, তেনেকৈয়ে ই ৰ’ভাৰৰ প্ৰতিটো মুহূৰ্তৰ গতিবিধিৰ স্থিৰচিত্ৰ আৰু ছবি বন্দী কৰিব। ইছৰোৱে লগতে কয় যে ৰ’ভাৰখনৰ প্ৰপালচন মডিউল, লেণ্ডাৰ মডিউল আৰু সকলো পেলোড তললৈ নামি গৈছে। অৰ্থাৎ ইছৰোৰ বিজ্ঞানীসকলৰ পৰিকল্পনা অনুসৰি চন্দ্ৰযান-৩-য়ে চন্দ্ৰৰ মাটিত কাম আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd