আজি কিছুদিন আগতে প্ৰদীপ খাটনিয়াৰে মোলৈ এটা প্ৰবন্ধ পঠিয়াইছিল। প্ৰবন্ধটোৰ নাম আছিল ‘5 Homegrown Writers Who Are Reclaiming The English Language From Its Colonial Legacy’। তাত উল্লেখ কৰা লেখক সকল আছিল, নাজিম ইজিকেল, অৰুণ কলটকাৰ, চালমান ৰুশ্বদি, উপমন্যু চেটাৰ্জী, আৰু অৰুন্ধতী ৰয়। প্ৰবন্ধটো পঢ়ি, তৎক্ষণাৎ, অৰুণ কলেটকাৰে কাষলতিৰ তলত মোনা এখন লৈ দিল্লীৰ, ‘ইণ্ডিয়া ইন্টাৰনেশ্যনেল চেন্টাৰ’ত ঘূৰি ফুৰা ছবি এখনলৈ মনত পৰিছিল। লগে লগে মোৰ লগত তেওঁৰ কবিতাৰ কিবা কিতাপ আছে নেকি বিচাৰিবলৈ ধৰিছিলোঁ। অৰবিন্দ কৃষ্ণ মেহৰ’ট্ৰাৰ নিৰ্বাচিত আৰু সম্পাদিত কবিতা পুথি ‘The Oxford India Anthology of Twelve Modern Indian Poets’ খন বিচাৰি পালোঁ।
যি সকল আধুনিক ভাৰতীয় কবিয়ে ইংৰাজীত কবিতা লিখিছে, তেওঁলোকৰ কবিতাৰ বিষয়েই এইখন এখন মূল্যবান সংকলন। তাত তেওঁৰ ২০ টা কবিতা আছে। এই কিতাপখন পঢ়ি, পাত লুটিয়াই থাকোঁতে উপলব্ধি কৰিলোঁ যে ইংৰাজীত লিখিলেও এওঁলোক আটাই কেইগৰাকী কবিৰ কথা আৰু ভাষাও ভাৰতীয়। অৱশ্যে, কথা ভাৰতীয় হ’বই লাগিব। কিন্তু, ভাৰতীয় কথা প্ৰকাশ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰা ইংৰাজী ভাষাটোতো এটা ভাৰতীয় কালিমা লিপিতখাই আছে। এই ক্ষেত্ৰত এটা বৈপৰীত্যও আমি লক্ষ্য কৰোঁ।
এই বৈপৰীত্যটোনো কি তাক বুজিবলৈ মেহৰ’ট্ৰাৰ পাতনিৰ পৰা তুলি দিয়া তলৰ কথাখিনি লক্ষ্য কৰকঃ ‘Three Cups of Tea’ suggests the idea that all languages are perhaps one language. It also makes you ask if language is not in the end superfluous to poetry. Kolatkar himself appears to believe it is so ,for in matters linguistic he is a monk, renouncing all but the most essential words, keeping punctuation to a minimum, and shunning the excitement of the first person singular’, কিন্তু, ভাষা যদি ‘superfluous’ উপৰুৱা, কবিতাতো ভাষাৰেই লিখা হয়? কলটকাৰে উত্তৰ দিছে- (renouncing all but the most essential words, keeping punctuation to a minimum, and shunning the excitement of the first person singular,) যিখিনি প্ৰয়োজন, তাতকৈ এটা শব্দও যাতে বেছিকৈ ব্যৱহাৰ কৰা নহয়, যতি চিহ্ন যিমান পাৰি কমাই আৰু পৰা পৰিশ্ৰমত প্ৰথম পুৰুষ, প্ৰথম বচন বৰ্জন কৰি। এইখিনিতে এজৰা পাওণ্ডৰ কথা এষাৰ আমাৰ মনত পৰি যায়: ‘Use no superfluous word, no adjective which does not reveal something’।
গতিকে ভাব, কথা আৰু পৰিদৃশ্যমান চৌপাশটো গুৰুত্বপূৰ্ণ। তাক প্ৰকাশ কৰিবলৈ যি মৌলিক শব্দ বা ভাষাৰ প্ৰয়োজন, কেৱল সেই ভাষাহে কবিয়ে ব্যৱহাৰ কৰিব লাগিব, যিটো ভাষাৰ বিশ্বজনীন চৰিত্ৰ।কিন্তু, ভাৰতীয় বাস্তৱতা মানে ভাৰতীয় সংস্কৃতিও। ভাষা কি, সংস্কৃতি নহয় জানো? এই সন্দৰ্ভত মেহৰ’ট্ৰাৰ মন্তব্য তাৎপৰ্যপূৰ্ণঃ ‘Each poet’s ‘continuous’ language or idiolect is constituted differently: Ramanujan is English-Kannada-Urdu, Mahapatra’s of English-Oriya, and Jussawala has in an interview spoken of ‘various languages crawling around inside(his) head’. The Continuity may not always be with another Indian language. Eunic de Souza makes hers continuous with a variety of English itself, a pidgin spoken only in the suburbs of Bombay.’ সেয়ে, ভাষা সাৰ্বজনীন হৈও বিশেষ।
এইবোৰ পঢ়ি থাকোঁতেই জয়ন্ত মহাপাত্ৰ ঢুকোৱাৰ খবৰটো আহিল। জয়ন্ত মহাপাত্ৰৰ কথা প্ৰথম শুনিছিলোঁ কৃতি অনুবাদক নীৰেন ঠাকুৰীয়াৰ পৰা।ইংৰাজী সাহিত্যৰ আন এক নিষ্ঠাবান পঢ়ুৱৈ দিব্যইও (দিব্যৰঞ্জন খাটনিয়াৰ) আজি কেইমাহমান আগতে অনুবাদৰ প্ৰসংগত তেখেতৰ কথা উল্লেখ কৰিছিল। মহাপাত্ৰই দিব্যলৈ দিয়া ধুনীয়া চিঠিবোৰৰ কেইখনমান তেওঁ এতিয়া বিচাৰি পোৱা নাই। পিছত জানিব পাৰিলোঁ, অসমৰ কেইবাজনো কবিৰ লগত, আনকি ডেকা কবি সকলৰ ভালেকেইজনৰ লগতো তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।
মহাপাত্ৰৰ মৃত্যুৰ পিছত তেখেতৰ কবিতা পঢ়িবলৈ চেষ্টা কৰিছোঁ। মহাপাত্ৰৰ কবিতা জটিল। আমি ইতিমধ্যে এজৰা পাউণ্ডে কবিতা লিখোঁতে ভাষাৰ অতিশোয়ক্তি এৰাই চলিবলৈ যোৱাৰ কথা উল্লেখ কৰিছোঁ । কিন্তু মেহৰ’ট্ৰাৰ মতে ‘He is a master of the superfluous word, and is constantly mixing the abstract with the concrete.’। এখেতৰ কবিতা পঢ়ি থাকোঁতে সঁচাই বাৰে বাৰে মনলৈ আহিছিল- কবিতানো কি? মূৰ্ত বাস্তৱত অমূৰ্ত প্ৰতীকেৰে সৃষ্টি কৰা অৰ্থৰ কলা নহয়নে? সেইটোৱেই আধুনিক কবিতা। তেখেতৰ কবিতাত আমি কেৱল চিত্ৰকল্পই বিচাৰি নাপাওঁ, সেই চিত্ৰকল্প সমূহত কেতিয়াবা আচৰিত ধৰণৰ বৈপৰীত্য আৰু দ্বন্দ্বও দেখা পাওঁ।
কিন্তু,মহাপাত্ৰৰ কবিতা বুজিবলৈ মেহৰ’ট্ৰাই আমাক কিছু পহ দিছে। যেনে, তেওঁৰ কবিতাত ‘লো’ৰ অৰ্থ মহা বিপৰ্যয়, কেতিয়াবা ই ব্যক্তিগত বিপৰ্যয়ো হ’ব পাৰে, ‘বৰষুণ’ৰ অৰ্থ বাৰে বাৰে মনলৈ অহা অতীতৰ পীড়াদায়ক অভিজ্ঞতা; ‘হাত’ এসময়ত ভালপোৱা, কিন্তু আৰম্ভণিৰে পৰা ঢুকি পোৱাৰ সম্ভাৱনা নথকা প্ৰেয়সী, ‘অস্পষ্ট’ নিজৰ মানসপটৰ কল্পনাই হঠাৎ আনি দিয়া এক নিশ্বাস; ‘দুৱাৰ’ মুখামুখী হ’ব নোৱৰা আৰু অপ্ৰকাশ্য, ‘আয়না’ শৈশৱৰ নিষ্কলুষতা, ‘খিৰিকি’ নিত্যনৈমত্তিকতা। এইবোৰকে সাৰথি কৰি জয়ন্ত মহাপাত্ৰৰ কবিতা পঢ়িবলৈ আমি চেষ্টা কৰিব পাৰোঁ। কম আয়তনৰ কলা কবিতা। কিন্তু ভাল কবিতা এটা পঢ়োঁতে সময় লাগে। এনে লাগে এদিনত যেন এটা কবিতাহে পঢ়িব পাৰি।
সংকলনখনৰ প্ৰথম কবিতাটোৰে আৰম্ভ কৰোঁচোন। এই কবিতাটোৰ নাম ‘A Rain of Rites’ ।Sometimes a rain comes/ slowly across the sky, that turns/ upon its grey cloud, breaking away into light/ before it reaches its objective. # The rain I have known and traded all this life/ is thrown like kelp on the beach./Like some shape of conscience I cannot look at,/ a malignant purpose in a nun’s eye.# Who was the last man on earth,/ to whom the cold cloud brought the blood to his face?/Numbly I climb to the mountain-tops of ours/where my own soul quivers on the edge of answers# Which still, stale air sits on an angel’s wings? What holds my rain so it’s hard to overcome? ইয়াত মূৰ্ত, বিমূৰ্ত সানমিহলি হৈ থকা নাই জানো? কেতিয়াবা বৰষুণ পৰিলে হঠাৎ আমি এচাটি পোহৰ নেদেখোঁনে? কিন্তু, ইমান দিন ধৰি পুহি ৰখা অভিজ্ঞতা এটা যদি অৰ্থহীন হৈ যায় কেনে লাগিব? নান এগৰাকী দয়া, মমতাৰ অৱতাৰ, তেওঁৰ চকুত ৰৌদ্ৰ্য মূৰ্তি কেনে কথা? মানুহৰ মৰ্যাদাৰে ভূষিত শেষ মানুহজনৰ মৃত্যু কেতিয়া হ’ল- অকলশৰে পৰ্বতৰ চূড়াৰ সীমনাত থিয় হৈ এই কথাবোৰৰ উত্তৰ বিচাৰি মই কি পাওঁ?
মহাপাত্ৰৰ কবিতা সুনিৰ্মিত,ভাবঘন। তেওঁৰ কবিতাৰ এটা পংক্তিয়েও আমাৰ মনত বিস্ময়ৰ সৃষ্টি কৰে। ‘Hunger’, ‘ক্ষুধা’ কবিতাটোৰ এই শাৰী কেইটালৈ মন কৰকচোনঃ I heard him say: my daughter, she‘s just turned fifteen…. / Feel her. I’ll be back soon, your bus leaves at nine/The sky fell on me, and a father’s exhausted wile./ Long and lean, her years were cold as rubber./ She opened her wormy legs wide. I felt the hunger there, the other one, the fish slithering, turning inside. এজন দুখীয়া মাছমৰীয়া। ক্ষুধা নিবাৰণৰ বাবে তেওঁ নিজৰ ১৫ বছৰীয়া জীয়েকৰ দেহ বিক্ৰী কৰিবলৈ বাধ্য হৈছে। তেওঁ কবিক কৈছে- মই সোনকালে ওভতি আহিম,তাৰ আগতে তুমি তাইক সম্ভোগ কৰা- কি এক অৱস্থা! ছোৱালীজনীয়ে যেতিয়া তাইৰ ভৰি দুখন মেলি দিলে, তাত তেওঁ যৌন উত্তেজনাৰ সলনি দেখা পাইছে ক্ষুধা। কি এটা কবিতা!
আন এটা কবিতা ‘Hands’ – ‘হাত’ মানে ব্যৰ্থ প্ৰেম। এক নিজান পৰিবেশত গভীৰ জলৰাশিত প্ৰবেশ কৰিলে কেনে লাগে? গভীৰ পানীৰ উপৰিভাগত বতাহৰ সেউজীয়া ঢৌবোৰক কেতিয়াবা ঘাঁহনি যেন নালাগে জানো? মহাপাত্ৰৰ বহুচৰ্চিত বিখ্যাত কবিতা ‘Dawn At Puri’ৰ বিষয়ে ইয়াত আলোচনা নকৰোঁ বুলি ভাবিছোঁ। এই কবিটাটোৰ বিষয়ে ইতিমধ্যে বহু আলোচনা হৈছে। ‘Kind of Happiness’ নামৰ কবিতাটিৰ আৰম্ভণিৰ পংক্তিৰে এই সৰু প্ৰবন্ধটো সামৰোঁ বুলি ভাবিছোঁ।The boat I’ve laid my mind on/ is adrift, moving slowly up an ageless creek, through water still and colourless as time,/ among drifts of uncomprehending silent reeds- কি অপূৰ্ব এক পংক্তি ! ক’লৈ যাম? নিচ্ছল, ৰংহীন, ক্লান্ত, শ্ৰান্ত সৰু সুঁতিটোৰ পানীৰে, অবুজ নল-খাগৰীৰ মাজে মাজে ধীৰে ধীৰে গৈ থকা নাওখনেৰে! চিত্ৰকল্পটো কিমান স্পষ্ট, যেন এখন সুন্দৰ ৰঙীন ছবিহে। কিন্তু ই আমাৰ মনত কি ভাবৰ উদ্ৰেক কৰে? কবিতাৰ পিছৰচোৱাৰ পৰাও কোনো সুস্পষ্ট সিদ্ধান্ত ওলাই নাহে। প্ৰেম, আশা, সুখ, সাগৰলৈ কৰা যাত্ৰাৰ উল্লেখহে আমি পাওঁ, কিন্তু সকলো অসিদ্ধান্ত চিত্ৰতে ওলমি ৰয়। সেইকাৰণেই কবিতাটো শেষ হয়- What would you tell me at last where I belong? The cracking keel, the bold green moss? জয়ন্ত মহাপাত্ৰৰ যি কোনো এটা কবিতাতে বিচিত্ৰ অভিজ্ঞতা, উপলব্ধি আৰু একাধিক সম্ভাৱনা নিহিত।
তেওঁৰ এটা কবিতা নহয়, এটা পংক্তি নহয়, এটা শাৰীকে মনৰ মাজত পাগুলি, তাৰ একাধিক ব্যাখ্যা আৰু সম্ভাৱনাত, আমি বহুপৰ মছগুল হৈ থাকিব পাৰোঁ। জয়ন্ত মহাপাত্ৰৰ প্ৰায় প্ৰতিটো কবিতাৰে একাধিক ব্যাখ্যা সম্ভৱ। প্ৰকৃতি আৰু ভৌতিক জগত সম্পৰ্কে তেওঁৰ বোধ আৰু উপলব্ধিয়েও মহাপাত্ৰৰ কবিতাত অন্য এক মাত্ৰা সংযোজন কৰিছে।