এডোৱাৰ্ড চাইডৰ মৃত্যুত মই বৰ দুখ পাইছিলোঁ। মোৰ এনে লাগিছিল মোৰ যেন এজন আত্মীয়হে ঢুকাইছে। চাইডৰ কুৰিখন কিতাপৰ আঠখন মোৰ আছে। চেগাচোৰোগাকৈ প্ৰায় আটাইকেইখনেই পঢ়িছোঁ। কেইখনমান ভালকৈ পঢ়িছোঁ।এখনৰ বিষয়ে এসময়ত এটা প্ৰবন্ধই লিখিছিলোঁ। তেখেতৰ মৃত্যুৰ পিছত ওলোৱা ‘From Oslo to Iraq and the Roadmap’ নামৰ কিতাপখন মই কিনিছিলোঁ ২০০৫ চনৰ ২০ জুলাইৰ দিনা। সেই তেতিয়াই কিতাপখন লিৰিকি বিদাৰি চাই, অলপ অচৰপ পঢ়ি থৈ দিছিলোঁ। ভাবিছিলোঁ পিছত ভালকৈ পঢ়িম! কিন্তু, যোৱা ৭ অক্টোবৰৰ দিনা হামাচে ইজৰাইলৰ ওপৰত কৰা দুৰ্ধৰ্ষ আক্ৰমণৰ পিছত, পশ্চিম এচিয়া আকৌ উত্তপ্ত হৈ পৰে। তেতিয়াৰে পৰা তাৰ ঘটনাবোৰ মই মনোযোগেৰে লক্ষ্য কৰি আছোঁ। এতিয়া, ঐতিহাসিক পটভূমিত সাম্প্ৰতিক ঘটনাবোৰ পুনৰ ভালদৰে বুজাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছোঁ, আৰু ঠিক সেই সময়তে মোৰ এই কিতাপখনলৈ মনত পৰিল। লগে লগে কিতাপখন ৰেকৰ পৰা উলিয়াই আনি পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ ফলত আজি অঞ্চলটোত যি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো এদিনতে হোৱা নাই। সাত অক্টোবৰৰ দিনা হামাচে ইজৰাইলৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিলে, ইজৰাইলে ভবাই নাছিল কেতিয়াবা তেওঁলোক এনে আক্ৰমণৰ সন্মুখীন হ’ব। এই আক্ৰমণত বিভিন্ন বয়সৰ প্ৰায় ১৪০০ মানুহক হত্যা কৰা হয় আৰু প্ৰায় ২০০ মানুহ হামাচে পণবন্দী কৰি লৈ যায়।নিমাখিত, নিৰপৰাধী মানুহৰ ওপৰত হামাচৰ এই আক্ৰমণ সকলোৱে একমুখে গৰিহনা দিছে।
কিন্তু কোনে এই আক্ৰমণৰ পৃষ্ঠভূমি ৰচনা কৰিছিল? আৰু গাজাত এতিয়া ইজৰাইলে কি কৰি আছে? ইজৰাইল ৰাষ্ট্ৰ স্থাপন হৈছিল ১৯৪৮ চনত। সেই তেতিয়াৰেপৰা পেলেষ্টাইনী সকল নিজৰ ঠাইতে ভগনীয়া হোৱা নাই জানো? তেওঁলোকক ঠেলি ঠেলি গাজা আৰু জৰ্দন নদীৰ পশ্চিম পাৰত সীমাবদ্ধ কৰি পেলোৱা হ’ল। তাতো হকে বিহকে ইজৰাইলৰ অত্যাচাৰ।মাজে মাজে পেলেষ্টাইনী সন্ত্ৰাসবাদী সকলে অতৰ্কিতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি এই অত্যাচাৰৰ পোতক লয়। তেতিয়া ইজৰাইলে সমগ্ৰ পেলেষ্টাইনবাসীৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ নমাই আনে।এডোৱাৰ্ড চাইডৰ লিখনিত আমি তাৰ বিশদ বৰ্ণনা পাওঁ।
এইখিনিতে চাইডৰ এই কিতাপখনৰ কথালৈ আহিছোঁ। চাইডৰ মৃত্যু হৈছিল ২০০৩ চনৰ চেপ্তেম্বৰ মাহত। বোধহয় তেখেতৰ শেষ প্ৰবন্ধটো ওলাইছিল ‘Al-Ahram’ আৰু ‘Al-Hayat’ নামৰ দুখন প্ৰখ্যাত সংবাদপত্ৰত ২০০৩ চনৰ ২ জুলাইৰ দিনা। প্ৰবন্ধটোৰ নাম আছিল ‘Dignity and Solidarity’। ‘From Oslo to Iraq and the Roadmap’ কিতাপখনৰ প্ৰবন্ধবোৰ চাইডৰ জীৱনৰ শেষৰ ফালে লিখা। তেতিয়া তেওঁ লিউকোমিয়াত ভুগি আছিল। জীৱনৰ শেষৰ ফালে লিখা তেখেতৰ প্ৰবন্ধবোৰ ওলাইছিল ‘Al-Ahram’, ‘Al-Hayat’ আৰু ‘London Review of Books’ত। গুৰুত্বপূৰ্ণ কথাটো হ’ল- আজি পশ্চিম এচিয়াৰ ইজৰাইল আৰু পেলেষ্টাইনত যি ঘটি আছে সেইবোৰ যেন তেওঁ সেই তেতিয়াই, আজিৰপৰা দুই দশক আগতে দেখা পাইছিল।
নহয়, তাৰ আগেয়েও তেওঁ ‘The Question of Palestine’ আৰু ‘The Prospect of Peace in Palestine And Israel’ নামৰ কিতাপত সবিস্তাৰে এই কথাবোৰ লিখিছিল। ইন্টিফাডা(Intifada) এটা আৰবিক শব্দ। ইয়াৰ অৰ্থ হৈছে গণ বিদ্ৰোহ, আৰু পেলেষ্টাইনী সকলৰ কাৰণে ইজৰাইলী শোষণ, অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ গণ বিদ্ৰোহ। সেই সময়ৰ, মানে ২০০২ চনত ইজৰাইলৰ বিৰোধী দলৰ নেতা এৰিয়েল চাৰণে পেলেষ্টাইনী সকলৰ পৱিত্ৰ পীঠস্থান ‘টেম্পল’ মাউন্ট’ থকা ‘অল-আকচা’ চৌহদত জোৰজৱৰদস্তি প্ৰৱেশ কৰাৰ পিছতে পেলেষ্টাইনী সকলে তাৰ দোৰ্ঘোৰ বিৰোধিতা কৰে। তাত এক গণ আন্দোলন আৰম্ভ হয়। লগে লগে ইজৰাইলী অত্যাচাৰো আৰম্ভ হয়। পেলেষ্টাইনী আত্মঘাতী বোমাৰুৱে ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়, আৰু তাৰপাছতে ইজৰাইলে পেলেষ্টাইনী সকলৰ ওপৰত পাইকাৰী হাৰত আক্ৰমণ আৰম্ভ কৰে।
কেনেকৈ আক্ৰমণ কৰিছিল সেই বিষয়ে চাইডে কি লিখিছিল- “ছব্বিছ ঘন্টা কাৰফিউ জাৰি কৰি, বিদ্যুৎ আৰু খোৱাপানীৰ সংযোগ বিচ্ছিন্ন কৰি দি টুল কৰম চাৰিওফালৰ পৰা ঘেৰি পেলোৱা হৈছে। আঠশ যুৱকক ঘৰৰ পৰা উঠাই নিয়া হৈছে। শৰণাৰ্থীসকলৰ ঘৰ-দুৱাৰ ভাঙি , সা-সম্পত্তি লণ্ড-ভণ্ড কৰি পেলোৱা হৈছে (মই নৈশ ক্লাব বা ষ্টেডিয়ামৰ কথা কোৱা নাই, বাৰে বাৰে নিজৰ ঘৰ -দুৱাৰ হেৰুৱাই বস্তা আৰু এচলীয়া কোনো ৰকমে মূৰ সোমাই থাকিব পৰা জুপুৰীবোৰৰ কথাহে কৈছোঁ) নিৰস্ত্ৰ,অসহায় সাধাৰণ লোকৰ ওপৰত হিংস্ৰ আৰু অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছে, মানুহক গতিয়াই, টঙনিয়াই বগৰাই দিয়া হৈছে, ৰক্তক্ষয় হৈ তেনেকৈ কিমানজনৰ মৃত্যু হৈছে, ইজৰাইলী চেকগেটত অপেক্ষাৰত গৰ্ভৱতী মহিলাই মৃত সন্তান প্ৰসৱ কৰিছে, ‘F-16’ৰ পৰা গাম চুহি থকা ওঠৰ বছৰীয়া সৈনিকে হাত জোকাৰি বুঢ়া, বয়সস্থ মানুহক নাঙঠ হৈ ভৰিৰ চেন্দেল হাতত লৈ চেক পোষ্ট পাৰ হ’বলৈ নিৰ্দেশ দিছে, কিন্তু সেই ‘F-16’ বোৰ আমাৰ কৰৰ পইছাৰে কিনা। বেথলেহেম আৰু তাৰ সদৰ আৰু বিশ্ববিদ্যালয় পাঁচ হাজাৰ ফুট ওখৰ পৰা, সেই একেই আমাৰ পইছাৰে কিনা F-16ৰে ধংসস্তুপত পৰিণত কৰা হৈছে। বালাটা কেম্প, খাদাৰ আৰু হাচামৰ আইডা, ডেহেচিচ আদি সৰু সৰু কিমানবোৰ গাঁও চেপেটা কৰি মাটিৰ লগত মিলাই দিয়া হ’ল। দুই/এক বিৰল ব্যতিক্ৰম বাদ দি এইবোৰ কথা নিউ য়ৰ্কৰ সম্পাদক সকলৰ চকুত পৰিছেনে? হিচাপ নোহোৱাকৈ কিমান মানুহ মৰিছে, কিমান জখম হৈ অসহায়ভাৱে পৰি আছে আৰু হাজাৰ হাজাৰ মানুহ আঘাতগ্ৰস্ত হৈছে! এই সকলোবোৰ নিৰ্দয় আক্ৰমণৰ নিৰ্দেশ আহিছে বহু দূৰৰ,শান্ত,সেউজীয়া পশ্চিম জেৰুজেলেমৰ পৰা। তেওঁলোকৰ বাবে গাজা আৰু পশ্চিমপাৰৰ পেলেষ্টাইনী সকল মানুহ নহয়, গাতত থকা এন্দুৰ, নিগনিহে। তেওঁলোকক এশিকনি দিয়া আৰু বশ কৰি ৰখাটোহে মূল কথা। আজি ১৪০খন টেংকে ৰামাল্লা ধংসস্তুপত পৰিণত কৰিছে, ইতিমধ্যে ইজৰাইলৰ দখলত থকা পেলেষ্টাইন দ্বিতীয়বাৰলৈ পুনৰ দখল কৰা হৈছে।”
এইখিনি কথা ২০০২ চনত ১২ মাৰ্চৰ দিনা চাইডে লিখা ‘What Price Oslo’ নামৰ প্ৰবন্ধটোৰ পৰা ইয়াত তুলি দিয়া হৈছে। সেই সময়ত কোনো ইজৰাইলী সৈন্য বা দুই/এক সাধাৰণ নাগৰিক যে হতাহত হোৱা নাছিল তেনে নহয়। কিন্তু, পেলেষ্টাইনী সকলৰ ক্ষতি আছিল সমূহীয়া।পেলেষ্টাইনী সকলৰ ওপৰত এনেদৰে ইজৰাইলে আজি ৫০/৫৫ বছৰে অত্যাচাৰ কৰি আহিছে। আজি ২০২৩ত তাৰ পুনৰাবৃত্তি হৈ আছে ঠিক একে ধৰণে। পেলেষ্টাইনৰ ওপৰত এনে ধাৰাবাহিক অত্যাচাৰ আৰু আক্ৰমণৰ বিষয়ে আমেৰিকা, ইউৰোপে কি কৰিছে? একো নাই। বৰং আমেৰিকাৰ সহযোগতে ইমান দিনে ইজৰাইলে এই অত্যাচাৰ চলাই আহিছে। সেই কাৰণেই হামাচে এতিয়া ‘খুন কা বদলা খুন’ নীতি লৈছে, যিটো সমৰ্থনযোগ্য নহয়, বা যিটোৱে সমস্যাৰ সমাধানো নকৰে।
আচলতে ঘটনাটো হৈছে কি? এই সন্দৰ্ভত ‘The Arab Condition” নামৰ প্ৰবন্ধটোত চাইডে কি লিখিছে চাওকঃ “In the fifty-plus years since American assumed world dominance, and more so after the end of the cold war, it has run its Middle East policy based on the principles, and two principles alone: the defence of Israel and the free flow of Arab oil, both of which involved direct opposition to Arab nationalism. In all significant ways, with few exceptions, American policy has been contemptuous of and openly hostile to the aspirations of the Arab people, and with surprising success: since Nasser’s demise it has had few challengers among Arab rulers, who have gone along everything required of them.” অৰ্থাৎ, আমেৰিকাৰ নীতি হৈছে আৰৱ জাতীয়তাবাদক অৱজ্ঞা কৰি ইজৰাইলৰ প্ৰতি নিচৰ্ত সমৰ্থন আগবঢ়াই মধ্য প্ৰাচ্যৰ খনিজ তেল শোষণ কৰা। পৰিতাপৰ কথা যে এসময়ৰ ইজিপ্তৰ ৰাষ্ট্ৰপতি নাচাৰৰ বাহিৰে আমেৰিকাক ওভতি ধৰা কোনো আৰৱ নেতা এতিয়ালৈকে ওলোৱা নাই। এইটোৱে হৈছে মূল কথা।
এই কিতাপখনৰ তিনিটা খণ্ড। প্ৰথম খণ্ডটো হৈছে- ‘The Second Intifada Begins, Clinton’s Failure’। ইয়াত ষোল্লখন ৰচনা আছে। দ্বিতীয় খণ্ডটো হৈছে- ‘September 11, the War on Terror, the West Bank and Gaza Reinvaded’, ইয়াত ওঠৰখন ৰচনা আছে আৰু শেষৰ তৃতীয় খণ্ডটো হৈছে- ‘Israel, Iraq, and the United States’। ইয়াৰ প্ৰতিখন ৰচনাই মৰ্মস্পৰ্শী।কিন্তু কিতাপখনত মূলতঃ চাৰিটা বিষয় ভিন্ন ৰূপত বাৰে বাৰে আলোচনালৈ আহিছে। সেই চাৰিটা বিষয় হ’লঃ ১) আমেৰিকাৰ পশ্চিম এচিয়া নীতি সদায় আমেৰিকা আৰু ইজৰাইলৰ স্বাৰ্থৰ লগত লিপিট খাই আছে।ওপৰত ‘The Arab Condition’ৰ পৰা দিয়া উদ্ধৃতিটো তাৰেই চানেকি।
উল্লেখযোগ্য যে আমেকিকাৰ পুৰ্বৰ ৰাষ্ট্ৰপতিদ্বয়,জৰ্জ এইচ ডব্লিউ বুছ আৰু জৰ্জ ডব্লিউ বুছ খাৰুৱা তেলৰ ব্যৱসায়ী আছিল।কেৱল খাৰুৱা তেলৰ স্বাৰ্থতে আমেৰিকাই ইৰাক আক্ৰমণ কৰি দেশখনৰ হাজাৰ হাজাৰ বছৰৰ পুৰণি সংস্কৃতি আৰু সমাজ ধংস কৰি পেলালে ইৰাকে গণবিধংসী মৰণাস্ত্ৰ(Weapons of mass destruction) লুকাই ৰাখিছে বুলি ভুৱা অজুহাত এটা দি। চাদ্দাম হুছেইন বেয়া আছিল।কিন্তু, চাদ্দামক আঁতৰোৱাৰ নামত তোমালোকে ইৰাকখনেই শেষ কৰি দিলা কেৱল খাৰুৱা তেলৰ স্বাৰ্থত। আৰু আধুনিক আফগানিস্থানক কি কৰি আমেৰিকাই মধ্য যুগলৈ ঠেলি পঠিয়ালে! ২) আমেৰিকা আৰু ইজৰাইলৰ এই যৌথ নীতিৰ বাবে গাজা আৰু পশ্চিম পাৰৰ পেলেষ্টাইনী জনসাধাৰণ দশক দশক ধৰি অবৰ্ণনীয় অত্যাচাৰৰ সন্মুখীন হৈ আহিছে।দ্বিতীয় গণ বিদ্ৰোহৰ(Intifada)ৰ সময়ত ইজৰাইলে গাজা আৰু পশ্চিম পাৰ পুনৰ দখল কৰিছিল। আৰু এতিয়া ৭ অক্টোৱৰৰ ঘটনাৰ পিছত ইজৰাইলী আক্ৰমণৰ ফলত ইতিমধ্যে ৭০০০তকৈ বেছি মানুহৰ মৃত্যু হৈছে। গতিকে ২০০২ চনৰ পৰা এতিয়ালৈকে পৰিস্থিতি অপৰিবৰ্তিত হৈয়ে আছে। ৩) পেলেষ্টাইনৰ জনসাধাৰণক নেতৃত্ব দিয়াত আৰৱ ৰাষ্ট্ৰ সমূহৰ নেতৃত্ব বৰ বেয়াকৈ ব্যৰ্থ হৈছে, যদিও গাজা আৰু পশ্চিম পাৰৰ সাধাৰণ মানুহ এতিয়াও ভাগৰি পৰা নাই, তেওঁলোকে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিছে। এই কথাটো চাইডৰ বহু কেইখন ৰচনাত বিভিন্ন ধৰণে আহিছে।
‘Defiance, Dignity, and the Rule of Dogma’ নামৰ ৰচনাখনৰ এই কথাখিনিলৈ লক্ষ্য কৰকঃ “মই বৰ্ণনা কৰা সকলো বিভ্ৰান্তি আৰু দ্বন্দ্ব আৰৱ সমাজৰ গভীৰ ব্যাধিৰ চিন। শিশুসুলভ প্ৰতিৰোধকে যদি আমি প্ৰকৃত প্ৰতিৰোধ বুলি গণ্য কৰোঁ, আমাৰ অজ্ঞতাক যদি আমি এটা ৰাজনৈতিক পদক্ষেপ বুলি ভাবোঁ(সেইটো কেতিয়াও হ’ব নোৱাৰে), আৰু সকলো সময়তে যদি আমি আমেৰিকাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি থাকোঁ, তাৰ অৰ্থ এইটোৱেই যে আমাৰ মৰ্যাদা আৰু আত্ম-সন্মান বোলা একো এটা নাই। হোৱাইট হাউচৰ বাকৰিত ১৯৯৩ চনত ক্লিনটনৰ প্ৰতি গভীৰ আনুগত্য দেখুৱাই আৰাফটে তিনিবাৰকৈ ধন্যবাদ জ্ঞাপন কৰা দেখি কোনে অপমান বোধ নকৰাকৈ আছে? আমেৰিকা আমাৰ শত্ৰু নে আশা ভৰসাৰ থল সেই সিদ্ধান্ত আমাৰ নেতৃত্বই ল’ব নোৱাৰাটোক আমি তেওঁলোকৰ আত্ম-সন্মানহীনতাৰ পৰিচয় বুলি নাভাবিমনে? আদৰ্শ আৰু মাৰ্জিত ব্যৱহাৰৰ ওপৰত ভিত্তি কৰা নীতিৰ সলনি চিন্তাশূন্য ভাবে কৰিব লাগে কাৰণে ইজৰাইলৰ বিৰোধিতা কৰিয়ে আমি ক্ষান্ত হওঁ, অথচ চাৰিওফালৰ পৰা ঘেৰি ৰখা পেলেষ্টানিয়ান সকলৰ বাবে কথাৰ ফুলজাৰি মৰাৰ বাহিৰে কাৰ্যতঃ একো নকৰোঁ।
আমাৰ সন্মুখত কোনো আৰ্হি আৰু আদৰ্শ নাই। আৰৱ বিশ্বত এতিয়া মধ্যমেধা আৰু সুবিধাবাদৰে জয়জয়কাৰ অৱস্থা।আৰৱ নেতৃত্বই প্ৰায় সকলো দিশতে বিফল হোৱা সময়ত বুদ্ধিজীৱী সকলৰ ওপৰত এক গুৰু দায়িত্ব আহি পৰিছে, ৰাজ অনুগ্ৰহ লৈ বা বহুজাতিকৰ তোষামোদকাৰীৰ ভূমিকা লোৱাৰ সলনি তেওঁলোকে ঘটনাবোৰ সঠিকভাবে বিশ্লেষণ কৰি কি সম্ভৱপৰ আৰু ন্যায় সংগত তাক দাঙি ধৰিব লাগিব।” আৰু ৪) পশ্চিম এচিয়ালৈ স্থায়ী শান্তি ঘূৰি আহিবলৈ হ’লে আমেৰিকা আৰু ইজৰাইলে নিজৰ অৱস্থান সলনি কৰিবই লাগিব। অনবৰতে নিজকে অত্যাধুনিক সমৰাস্ত্ৰৰে সুসজ্জিত কৰিও ইজৰাইলে নিজক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিব। যিমানেই কটকটিয়া সুৰক্ষা ব্যৱস্থা নলওক কিয়, পেলেষ্টাইনী সকল অস্থিৰ আৰু উত্তেজিৎ হৈ থকালৈ ইজৰাইল কেতিয়াও নিৰাপদ নহয়। অত্যাধুনিক অস্ত্ৰ, নিচ্ছিদ্ৰ প্ৰহৰী আৰু ওখ দেৱালে নিৰাপত্তা প্ৰদান নকৰে, বৰং অনিৰাপত্তাৰ শংকাহে গভীৰ কৰে।
আনহাতে পেলেষ্টাইনী সকলেও সন্ত্ৰাস আৰু আত্মঘাতী বোমা বাদ দিব লাগিব। চিন্তাশূন্য সন্ত্ৰাসে সমস্যাৰ সমাধান কৰা নাই, নকৰে। এই সন্দৰ্ভত চাইডে ‘Backlash, backtrack’ বোলা প্ৰবন্ধটো কেনেকৈ শেষ কৰিছে চাওকঃ “মই বহু দিনৰ পৰা কৈ আহিছোঁ যে আৰৱ সমাজ হিচাপে এতিয়া আমি সামৰিক শক্তিতকৈ আমাৰ নৈতিক বলৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগিব, মোৰ বোধেৰে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্য আন্দোলনৰ তুলনাত ইজৰাইলে আমাৰ ওপৰত চলোৱা উৎপীড়ণে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱৰাৰ মূল কাৰণটো হ’ল, এতিয়াও আমি আমাৰ লক্ষ্য আৰু পদ্ধতি সম্পৰ্কে স্পষ্ট নহয়, আৰু আমি এতিয়াও সুস্পষ্টকৈ কোৱা নাই যে আমি সহ-অৱস্থানত বিশ্বাসী আৰু সকলোৰে পৰা বিচ্ছিন্ন হৈ আমি কেৱল অতীতৰ অতি কথাত বাস কৰিব নিবিচাৰোঁ। যেনেকৈ আজি বহু আমেৰেকীয় বা ইউৰোপীয়ই তেওঁলোকৰ নীতি, আদৰ্শ বাৰে বাৰে পৰীক্ষা বা পুনৰীক্ষণ কৰি আছে, আমিও কোনো বিলম্ব নকৰাকৈ সেইটো কৰিব লাগিব। বেলেগৰ পৰা আমি যি বিচাৰোঁ নিজৰ পৰাও আমি সেইটো বিচৰা উচিত। আমাৰ নেতৃত্বই আমাক ক’লৈ আৰু কিয় লৈ গৈছে তাক আমি প্ৰশ্ন কৰা উচিত। সন্দেহ আৰু পুনৰমূল্যায়ণ প্ৰয়োজন, বিলাসিতা নহয়।”
এতিয়া, গাজাত ইজৰাইলে অত্যাচাৰ চলাই থকা সময়ত, এই ধৰণৰ আত্ম-সমালোচনা মূলক কথা বেসুৰা যেন লাগিব পাৰে। হয়তো এই সময়ত প্ৰতিৰোধৰ কথা আৰু ভাষাহে বেছি প্ৰাসংগিক।এই ইজৰাইলী বৰ্বৰতা বন্ধ কৰিবলৈ বিশ্ব জনমত গঠন কৰিব লাগিব।বিশ্বৰ সৰহ সংখ্যক ৰাষ্ট্ৰই সেইটোৱে বিচাৰিছে। কিন্তু আজি নহয় কাইলৈ পৰিস্থিতি কিছু নহয় কিছু স্বাভাৱিক হ’ব।তেতিয়া কিন্তু চাইডৰ কথাই আমি শুনিব লাগিব। অচল’ চুক্তিৰ পিছত পি এল ওৰ লগত চাইডে সম্পৰ্ক ছেদ কৰিছিল। ইতিমধ্যে তেওঁৰ দেহাও পৰি আহিছিল। জীৱনৰ শেষৰ ফালে তেওঁ আস্থা প্ৰকাশ কৰিছিল মুচতাফা বাৰঘুটিৰ নেতৃত্বত গঢ়ি উঠা ‘Palestinian National Initiative’ৰ ওপৰত। এই ক্ষেত্ৰত তেওঁ ইজৰাইলৰ পৰা প্ৰকাশ পোৱা ‘Ha’aretz’ৰ স্তম্ভ লেখক গিদিয়ন লেভিৰ কথাও সন্মানেৰে উল্লেখ কৰিছিল। এই দুয়োজন ব্যক্তিৰ লগত অলপতে কৰণ থাপাৰে সাক্ষাৎকাৰ লৈছে।
এটা কথা ঠিক,স্বশাসন আৰু পৰিচয়কেন্দ্ৰিক আন্দোলন গণতন্ত্ৰ, সহনশীলতা আৰু সহাৱস্থান অবিহনে কেতিয়াও সফল হ’ব নোৱাৰে। ইয়াৰ তিনিটা ডাঙৰ উদাহৰণ হৈছে- আমেৰিকাৰ কৃষ্ণাংগ আন্দোলন, দক্ষিণ আমেৰিকাৰ বৰ্ণ বৈষম্য আন্দোলন আৰু ভাৰতৰ স্বাধীনতা আন্দোলন। তাৰ বিপৰীতে এতিয়া এই যে অসমৰে আমাৰ প্ৰায়বোৰ নৃগোষ্ঠীয় আৰু জনজাতীয় আন্দোলন বিফল হৈছে তাৰ মূল কাৰণ সেই আন্দোলনবোৰত এই বৈশিষ্ট্য আৰু উপাদানবোৰৰ অভাৱ। আৰু এটা কথা, এটা আন্দোলন ইমান সহজে শেষ নহয়, সি সময়ত কেৱল বেলেগ বেলেগ ৰূপহে পৰিগ্ৰহ কৰে।মনত ৰাখিব গান্ধীয়ে স্বৰাজ সম্পৰ্কে কি কৈছিল? “The outward freedom that we shall attain will only be in exact proportion to the inward freedom to which we may have grown at a given moment. And if this is the correct view of freedom, our chief energy must be concentrated upon achieving reform within.”(Young India) তেওঁ অন্তৰমুখিতাৰ কথা কোৱা নাছিল জানো? মাৰ্টিন লুথাৰ কিঙে কি সপোনৰ কথা কৈছিল? আৰু মেন্দেলাই কি কৈছিল? চাইডক ২০০১ত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা শিক্ষা সম্পৰ্কীয় সন্মিলন এখনলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। সেই সন্মিলনখন মুকলি কৰি মেন্দেলাই কোৱা কথাখিনি চাইডৰ নিজৰ ভাষাতে পঢ়ক – [Hence, he reminded the audience , “our struggle is not over,” even though – here was the first phrase- the campaign against apartheid “was one of the great moral struggles” that “captured the world’s imagination”. The second phrase was in his description of the antiapartheid campaign not simply as a movement to end racial discrimination but also as means “for all of us to assert our common humanity”. Implied in the words “all of us” is that all of the races of South Arica, including the pro-apartheid whites, were envisaged as participating in a struggle whose goal finally was coexistent, tolerance, and “the realisation of humane values.”]
মই আকৌ কৈছোঁ, গাজা এফালৰ পৰা ইজৰাইলী টেংকে মহতীয়াই নিয়াৰ সময়ত এই কিতাপখনৰ ভালেমান প্ৰবন্ধৰ আত্ম-সমালোচনা মূলক সুৰটো এই মুহূৰ্তত বেসুৰা যেন লাগিব পাৰে।কিন্তু, এটা কথা মই নদি ক’ব পাৰোঁ যে ইজৰাইল-পেলেষ্টাইন সমস্যাৰ স্থায়ী সমাধানৰ পথ চাইডে দেখুৱা পথটোহে। ইতিহাসে এদিন সেইটোকে প্ৰতিপন্ন কৰিব। সময় বাগৰাৰ লগে লগে এডোৱাৰ্ড চাইডৰ চিন্তা আৰু দৰ্শনৰ গুৰুত্ব আৰৱ বিশ্বত নকমে, বাঢ়িবহে। এই প্ৰবন্ধবোৰৰ আন এক আকৰ্ষণ হৈছে তাৰ ভাষা। চাইডৰ ভাষা মাথো এক নিৰ্লিপ্ত বৰ্ণনা নহয়। ই তেওঁৰ উপলব্ধি, বোধ, নিষ্ঠা আৰু আস্থাৰ একক নিদৰ্শন। গভীৰ সমমৰ্মিতা,ন্যায় আৰু নৈতিক বোধৰ পৰাহে এনে সৃষ্টিশীল ভাষাৰ উদ্ভৱ সম্ভৱ।