• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

বিফ’ৰ স্প্ৰীঙ : শ্ৰুতিস্মৃতি চাংকাকতিৰ এখন অনন্য চিনেমা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
April 2, 2024 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক,ইটো মনৰেই কথা। বিফ’ৰ স্প্ৰীঙ এনে এখন চলচ্চিত্ৰ-য’ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান ব্যক্তি বা চৰিত্ৰৰ জীৱনৰ কিছু সময় আৰু ঘটনা প্ৰবাহক তুলি ধৰা হৈছে। আটাইকেইটা চৰিত্ৰই আন্তঃসংযুক্ত। গত ২০২৩ চনৰ অক্টোবৰ মাহত জিঅ’ মামি ফিল্ম ফেষ্টিভেল(মুম্বাই)ত আনুষ্ঠানিকভাৱে প্ৰিমিয়াৰ হোৱা এই ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা শ্ৰুতিস্মৃতি চাংকাকতিৰ। অন্যান্য চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতেই গত জানুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা প্ৰদান অনুষ্ঠানত বিফ’ৰ স্প্ৰীঙে শ্ৰেষ্ঠ ছবি,শ্ৰেষ্ঠ চিত্ৰনাট্য,শ্ৰেষ্ঠ চিনেমে’ট’গ্ৰাফী,শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ অভিনেতাৰ মুঠ পাঁ‌চটিকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হয়। লগতে প্ৰাগ চিনে এৱাৰ্ডতো কেইবাটাও বঁ‌টা লাভ কৰে। 

আমি প্ৰত্যেকেই জীৱনকালত ভিন্ন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হওঁ। কেতিয়াবা প্ৰেম যদি,কেতিয়াবাৰ মোহাচ্ছন্নতা ইয়াৰ নাম হ’ব পাৰে। অথবা সম্পৰ্ক আৰু সম্পৰ্কৰ আঁ‌ৰৰ তিতা-মিঠা বহু কথাই এইখিনিৰ সৈতে সংযুক্ত হৈ থাকে। মাজনী,জোনমণি,বা মণিৰ জীৱনৰ কথাবোৰো অলপ তেনেকুৱাই। অৱশ্যে মণিৰ কিছু ভিন্ন,হ’লেও শেষান্তৰ যাত্ৰালৈকে তেওঁলোকৰ গতি একেধৰণেই। এনেধৰণৰ সম্পৰ্কৰ আন্তঃ-সংযুক্তিৰে পূৰ্বে বহু ছবিয়েই নিৰ্মিত হৈছে। তেন্তে বিফ’ৰ স্প্ৰীঙ পৃথক কিদৰে? বিফ’ৰ স্প্ৰীঙৰ কাহিনী,চিত্ৰনাট্য,ইয়াৰ চিনেমেটিক ট্ৰিটমেন্ট,নিৰ্দেশনাৰ বাবে বিফ’ৰ স্প্ৰীঙ পৃথক। বিশাল বৰলুইতৰ পাৰৰ এটি ৱাইড এংগল শ্বটেৰে বিফ’ৰ স্প্ৰীঙৰ আৰম্ভণি ঘটে। ক্ৰমশঃ কেমেৰা পাৰৰ দিশলৈ আগুৱাই। এই আৰম্ভণিৰ শ্বটটো সুন্দৰ হোৱাৰ লগতেই অৰ্থৱহও। ওপৰৰ পৰা লুইত আৰু লুইতৰ পাৰক দৰ্শোৱা হয়,যিদৰে ছবিৰ মুল চৰিত্ৰবোৰে এসময়ত পাৰ বা তট পাই,ঠিক সেইদৰেই। দুই যুটিৰ প্ৰথম যৌৱনৰ একপক্ষীয় প্ৰেম বা মোহাচ্ছন্নতা,মোহভংগ বা হৃদয়ভঙাৰ প্ৰতিফলন চৰিত্ৰ তথা ঘটনাৱলীৰ মাজেৰে সুন্দৰকৈ চিত্ৰায়ণ কৰা হৈছে। কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়া সময়ৰ কালছোৱাৰ প্ৰেম বা মোহাচ্ছন্নতা অন্য এক ভিন্ন তথা শক্তিশালী আৱেগ,যাক আমি হয়তো কোনেও নুই কৰিব নোৱাৰো। যদিওবা খুব ডাঙৰ বা অস্বাভাৱিক কোনো কথা ই নহয়,তথাপিও,এনে আৱেগৰ ধামখুমীয়ানিত মাজনী আৰু জোনে কিদৰে যুঁ‌জে,সেইখিনিৰ উপস্থাপন খুবেই সুন্দৰকৈ কৰা হৈছে। যিদৰে বয়স্ক, হতাশ,নিঃসংগ মণি(ৰেখাৰ পিতৃ\দীপজ্যোতি কাকতি)ৰ শেষ বিশ্বাসকণো ভঙাৰ দৃশ্যাংশক অকণো নাটকীয়তাবিহীন ভাৱে খুব তুলি ধৰিছে,সেয়া পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ এক অতি প্ৰশংসনীয় দিশ। ঠিক যিদৰে জোনমণিৰ অস্থিৰ,উদ্বাউল তথা উত্তেজনাপূৰ্ণ সময়ছোৱাত যদিওবা কেমেৰাৰ মুল বিষয়বস্তু জোনমণি আছিল,পিছে বেকগ্ৰাউণ্ডত কেনিবা দূৰণিত দীঘলীয়াকৈ চাইৰেণ বজাৰ শব্দৰ প্ৰয়োগো একে সময়তে কৰিছে পৰিচালকে। একেদৰেই আকৌ টিউচন শিক্ষক প্ৰদীপৰ স্কুটীৰ পিছে পিছে চাইকেল লৈ গৈ থকা মাজনীৰ মনৰ হাহাকাৰ, অস্থিৰতাক বুজাবৰ বাবে আৱহ-সংগীতত নাগাৰা-নামৰ ব্যৱহাৰ আন এক যথোপযুক্ত দিশ। সংলাপৰ ব্যৱহাৰ খুব কম সমগ্ৰ ছবিখনতেই,পিছে ক’তো সংলাপৰ অভাৱ অনুভৱ হোৱা নাই। এনেধৰণৰ দৃশ্যাংশসমূহে ছবিখনক তুলি ধৰিছে। বিফ’ৰ স্প্ৰীঙৰ আন এটি অনবদ্য দিশ হৈছে ইয়াৰ চিনেমেট’গ্ৰাফী। জয়ন্ত চেথু মাধৱনৰ সুন্দৰ চিনেমেট’গ্ৰাফীৰ কামে ছবিখনক আন এক দিশৰ পৰা প্ৰাণ দিছে। ঠিক একেদৰেই অভিক্ষীতা কাইলাৰ সম্পাদনাৰ কামো উল্লেখনীয়। আন এটি দিশ হৈছে শব্দ গ্ৰহণ আৰু শব্দ সংমিশ্ৰণৰ কাম। এই দুয়োটা দিশতেই খুন সাৱলীল আৰু অৰ্থৱহ কাম কৰিছে কালেশ লক্ষ্মণন আৰু আৰ্চিস্মান মূখাৰ্জীয়ে। বসন্ত অহাৰ পূৰ্বে বেকগ্ৰাউণ্ডত সময়,পৰিস্থিতি সাপেক্ষে এই সময়ৰ ভিন্ন চৰাইৰ মাতৰ ব্যৱহাৰ,ফাগুন-চ’ত মাহৰ বতাহ আদিৰ ব্যৱহাৰ সমুচিত। মাজনীৰ বাবে কথাবোৰ পৰিষ্কাৰ হৈ পৰাৰ পিছত বৰষুণৰ ব্যৱহাৰ অৰ্থৱহ বা প্ৰতীকী। পিছে এই সকলোবোৰ নাটকীয়তাহীনভাৱে কৰা উপস্থাপন। তেনে আন এটি দৃশ্যাংশ হৈছে-মণি(দীপজ্যোতি কাকতি)য়ে নিজ পত্নীৰ অভিসাৰৰ বিষয়ে জানিব পৰাৰ পিছত তেওঁৰ চেহেৰা,কথা-বতৰাত তেনে কোনো ভাবগধুৰতা বা পৰিৱৰ্তন দেখিবলৈ পোৱা নেযায়। স্বাভাৱিকভাৱেই সকলো কৰি থাকি,নাইট ডিউটিত থকা অৱস্থাত(ছিকিউৰিটি গাৰ্ড) গাড়ীবোৰৰ মাজে মাজে ইফালে-সিফালে কি কৰো,নকৰোকৈ ধৰফৰাই ঘূৰি ফুৰাৰ দৃশ্যটোৱে “ড্ৰাইভ মাই কাৰ ছবিখনৰ প্ৰায় একে পৰিস্থিতিৰ এক দৃশ্যাংশলৈ মনত পেলা দিয়ে। ড্ৰাইভ মাই কাৰত পুৰুষজনৰ অভিব্যক্তিত কোনো পৰিৱৰ্তন দেখুওৱা হোৱা নাছিলে চিনেমাখনত,মাথোঁ আন পুৰুষৰ লগত সংগমৰত অৱস্থাত পত্নীক দেখি অহাৰ পিছত একেও শীতলতাৰে চিগাৰেটত অগ্নিসংযোগ কৰিবলৈ কৰা চেষ্টা বাৰম্বাৰ বিফল হৈছিল,লাইটাৰটো তেওঁ বাৰে বাৰে জ্বলাইছিলে-ইয়েই তেওঁৰ মনৰ হাহাকাৰখিনি বা অস্থিৰতাখিনিক খুব সুন্দৰকৈ প্ৰকট কৰিছিলে। বিফ’ৰ স্প্ৰীঙত পৰিচালকে দীপজ্যোতি কাকতিৰ চৰিত্ৰটিক দিয়া এই পৰিপক্ক ট্ৰিটমেন্টে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ অকাডেমী বঁ‌টাপ্ৰাপ্ত ড্ৰাইভ মাই কাৰ ছবিখনৰ কথা সোঁ‌ৱৰালে। এই কথা উল্লেখ কৰাৰ কাৰণ এয়ে যে-এনেবোৰ দিশে পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ ছবি অধ্যয়নৰ দিশটোৰ কিমান প্ৰগাঢ় তাক দৰ্শাই।

Apply Now

বিফ’ৰ স্প্ৰীঙৰ মুল চৰিত্ৰ মাজনী(উপাসনা প্ৰিয়ম),জোনমণি(অভিজিত ৰয়)আৰু মণি(দীপজ্যোতি কাকতি)এওঁলোক তিনিওজনৰে অভিনয়ৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব। যিদৰে এখন চিনেমাত একেধৰণৰ অভিব্যক্তি সকলো সময়তে ধৰি ৰখা এক জটিল কাম,ঠিক তেনেদৰেই ভিন্ন সময়ত ভিন্নৰূপত ধৰা দিয়াও অভিনয়ৰ আন এক জটিল কামেই। এই দুয়োবিধ কামেই পিছে নিখুঁতকৈ কৰিছে এই তিনিওজন অভিনেতাই। উপাসনা প্ৰিয়মে আৰু দীপজ্যোতি কাকতিয়ে সমগ্ৰ ছবিখনতে একেধৰণৰ অভিব্যক্তি ধৰি ৰাখিবলৈ সক্ষম হৈছে,যি প্ৰশংসনীয় আৰু অভিজিত ৰয়ে সমগ্ৰ ছবিখনত পৰিস্থিতি অনুযায়ী ভিন্ন অভিব্যক্তিৰ প্ৰকাশ ঘটাইছে,একাত্ম হৈ পৰিছে নিজ চৰিত্ৰৰ সৈতে,যি অনবদ্য। আৱহ-সংগীত ছবিখনৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা। সৰ্বশেষত তিনিও মুল চৰিত্ৰই একেখন নাৱতে একেলগে নিজ নিজ দিশ(মানসিক) অনুসৰি এক অনিৰ্দ্ধাৰিত যাত্ৰা কৰাৰ দৃশ্যটোও অৰ্থৱহ অন্তৰ এক দৃশ্য। পচ্ছাদত পিয়ান’ৰ সংগীতৰ ব্যৱহাৰৰ লগত আকৌ বিশাল লুইতৰেই এই দৃশ্যটোক সম্পূৰ্ণ কৰি তোলা হৈছে। মুঠতে এক কথাত ক’বলৈ গ’লে এচাটি সজীৱ বতাহৰ দৰে অনুভৱ হ’ব বিফ’ৰ স্প্ৰীঙ চালে।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am
‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd