মহিলা ভোটাৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে দেশৰ ভোটাৰ তালিকাত। কিন্তু তাৰ সমান্তৰালকৈ সংসদত বৃদ্ধি হোৱা নাই মহিলাৰ সংখ্যা। কিয়নো ভোটাৰ তালিকাত মহিলাৰ সংখ্যা বৃদ্ধিৰ অনুপাতে সংসদত মহিলাৰ সংখ্যা বৃদ্ধি হ’বলৈ মহিলাৰ প্ৰাৰ্থীত্ব বৃদ্ধি কৰা নাই দেশৰ ৰাজনৈতিক দল সমূহে।
এছ বি আই ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি ভোটাৰ তালিকাত পুৰুষ-মহিলাৰ ব্যৱধান ক্ৰমাগতভাৱে কমি আহিছে আৰু অহা পাঁচ বছৰত মহিলাসকলে পুৰুষক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতো, আনকি মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছতো এইবাৰো সকলো দলেই মহিলাক টিকট দিয়াৰ ক্ষেত্ৰত আগৰ দৰেই কৃপণালি কৰিছে দলসমূহে।
এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে কৈছে যে পুৰুষ-মহিলা বিচাৰ কৰাৰ সলনি বিজয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থীত্ব প্ৰদানত গুৰুত্ব দিছে ৰাজনৈতিক দল সমূহে।
আনকি একাংশ ৰাজনৈতিক দলে এই যুক্তিও দাঙি ধৰিছে যে মহিলাসকল ভোটদানৰ প্ৰতিহে আগ্ৰহী, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নহয়।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যি ১০২খন আসনৰ বাবে ভোটদান হ’ব, সেই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ১৬২৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১৩৪ গৰাকীহে মহিলা। অৰ্থাৎ মুঠ প্ৰাৰ্থীৰ ৮ শতাংশহে মহিলা প্ৰাৰ্থী।
এছ বি আই ৰিচাৰ্চে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ভোটাৰ তালিকাত লিংগ বৈষম্য হ্ৰাস পাইছে। কেন্দ্ৰীয় চৰকাৰৰ মহিলাকেন্দ্ৰিক কল্যাণমূলক আঁচনিৰ বাবে লোকসভা আৰু বিধানসভা নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা পাঁচ বছৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৩খন ৰাজ্যৰ ভিতৰত ১৮খন ৰাজ্যত পুৰুষতকৈ মহিলাসকলে বেছিকৈ ভোটদান কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক হ’ব। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মুঠ ৮৩.৪ কোটি ভোটাৰৰ ভিতৰত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা আছিল ক্ৰমে ৪৩.৭ আৰু ৩৯.৭ কোটি। এতিয়া ২০২৪ চনত মুঠ ভোটাৰৰ সংখ্যা ৯৬.৮ কোটিলৈ বৃদ্ধি পাইছে। ইয়াৰে পুৰুষৰ সংখ্যা ৪৯.৭ কোটি আৰু মহিলাৰ সংখ্যা ৪৭.১ কোটি। ইয়াৰ পৰা স্পষ্ট যে যোৱা দহ বছৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ছয় কোটি বৃদ্ধি হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে ৭.১ কোটি। অৰ্থাৎ ভোটাৰ তালিকাত লিংগ বৈষম্য দ্ৰুতগতিত হ্ৰাস পাইছে।
গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ, ছত্তীশগড়, উত্তৰাখণ্ড আৰু তেলেংগানাত মহিলা ভোটাৰৰ সংখ্যা আন ৰাজ্যতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে। এই প্ৰতিবেদনত কোৱা হৈছে যে মুঠ ৯৬.৮ কোটি ভোটাৰৰ ভিতৰত ৬৮ কোটি লোকে এই লোকসভা নিৰ্বাচনত নিজৰ ফ্ৰেঞ্চাইজি প্ৰয়োগ কৰিব পাৰিব। ইয়াত ৩৩ কোটি অৰ্থাৎ ৪৯ শতাংশ মহিলা ভোটাৰ হ’ব। প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ৮৫.৩ লাখ মহিলাই।
প্ৰতিবেদন অনুসৰি ২০৪৭ চনৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৫৫ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা ৪৫ শতাংশলৈ হ্ৰাস পাব।
বেংকৰ অর্থনৈতিক গৱেষণা বিভাগে প্রকাশ কৰা এই প্রতিবেদনত ভাৰতৰ ৰাজনৈতিক ক্ষেত্রত মহিলাসকলৰ বর্ধিত অংশগ্রহণ যোৱা দশকৰ অন্যতম গুৰুত্বপূর্ণ বিষয় বুলি কোৱা হৈছে৷ নিৰ্বাচনত এতিয়া পূৰ্বতকৈও অধিক ভূমিকা পালন কৰিছে মহিলা ভোটাৰে। প্ৰতিবেদন অনুসৰি এতিয়া সাক্ষৰতা বৃদ্ধিৰ বাবেই মহিলাসকলে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ এক গুৰুত্বপূৰ্ণ গোট হিচাপে আত্মপ্ৰকাশ কৰিছে।
মহিলা সংৰক্ষণ বিধেয়ক, এল পি জি ৰাজসাহায্য, সস্তীয়া ঋণ, নগদ ধন বিতৰণ আদি ব্যৱস্থাৰে মহিলা ভোটাৰক আকৰ্ষিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ ভোট বৃদ্ধি কৰাত সহায় কৰিছে।
আনহাতে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ৮,০৫৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৭২৬ গৰাকী মহিলা আছিল। অৰ্থাৎ সেই বছৰ মাত্ৰ ৯ শতাংশ টিকট মহিলাক দিয়া হৈছিল। এই মহিলাসকলৰ প্ৰায় এক তৃতীয়াংশই নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০১৪ চনত প্ৰতিদ্বন্দ্বিতা কৰা ৮,২৫১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল মাত্ৰ ৬৬৮ গৰাকী। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভোটদান হ’বলগীয়া ১৯০খন লোকসভা আসনৰ ভিতৰত এইবাৰ ৫৮খন অৰ্থাৎ প্ৰায় এক তৃতীয়াংশ আসনত মহিলা প্ৰাৰ্থী নাই।
উল্লেখ্য সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰা বিজেপিয়ে ৪১৭খন সংসদীয় আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰে মাত্ৰ ৬৮ গৰাকীহে মহিলা প্ৰাৰ্থী। অৰ্থাৎ দলটোৱে মাত্ৰ ১৬ শতাংশ মহিলাৰ ওপৰতহে আস্থা প্ৰকাশ কৰিছে। বিজেপিয়ে ২০০৯ চনত ৪৫ গৰাকী, ২০১৪ চনত ৩৮ গৰাকী আৰু ২০১৯ চনত ৫৫ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কংগ্ৰেছে এই পৰ্যন্ত ঘোষণা কৰিছে ২৪৭ গৰাকী প্ৰাৰ্থী। ইয়াত ৩৫ গৰাকী প্ৰাৰ্থী অৰ্থাৎ ১৪ শতাংশতকৈ অলপ বেছি মহিলা।
২০১৯ চনত কংগ্ৰেছে ৫৪ গৰাকী মহিলা প্ৰাৰ্থীক টিকট দিছিল। পশ্চিমবংগত টিএমচিয়ে ঘোষণা কৰা ৪২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১২ গৰাকী আছিল মহিলা। বিগত লোকসভা নিৰ্বাচনত ৫৪২ গৰাকী সাংসদৰ ভিতৰত ৭৮ গৰাকী মহিলা। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ নিৰ্বাচনত সৰ্বাধিক ১১-১১ গৰাকী মহিলাই জয়লাভ কৰিছিল।
এছ বি আই ৰিচাৰ্চৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা লোকসভাত মহিলা সাংসদৰ সংখ্যা আছিল ১৪.৪ শতাংশ। আনহাতে মেক্সিকোত এই সংখ্যা ৪৮.২, ফ্ৰান্সত ৩৯.৭, ইটালীত ৩৫.৭, ব্ৰিটেইনত ৩২ আৰু জাৰ্মানীত ৩০.৯ শতাংশ। ছুইডেন, নৰৱে আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশৰ ৰাষ্ট্ৰীয় বিধানসভাত মহিলাৰ অংশগ্ৰহণো ৪৫ শতাংশ।
ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত এই সংখ্যা ২১ শতাংশ। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে সকলো ডাঙৰ ৰাজনৈতিক দলৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য আছে। ৰাজনৈতিক দলসমূহে অধিক সংখ্যক মহিলাক টিকট নিদিয়ালৈকে তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি হোৱাৰ কথা কল্পনা কৰিব নোৱাৰি। কিন্তু টিকট বিতৰণৰ সময়ত সকলো দলেই কোনোবা নহয় কোনোবা অজুহাতত মহিলাসকলক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। এই পুৰুষ প্ৰধান মানসিকতা সলনি নহ’লে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছতো দেশৰ ছবিখনৰ বিশেষ পৰিৱৰ্তন নহ’ব।