• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

T-20 World Cup 2024: শিহৰণকাৰী মেচত দক্ষিণ আফ্ৰিকাই ১ ৰানত পৰাস্ত কৰিলে নেপালক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2024 11:52 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু অলপ হ’লেই নেপালে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ক্ৰিকেট জগতত ভূমিকম্প আনিলেহেঁতেন! কিন্তু শেষত মাত্ৰ ১ ৰাণত পৰাস্ত হ’বলগীয়া হ’ল। বিশ্বাস কৰক বা নকৰক, শেষ পৰ্যন্ত দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দল এটাক ৰঙা চকু দেখুৱাইও নেপালীসকলৰ অন্তৰ ভাঙি পেলালে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই বেটিং কৰি ৭ উইকেটত ১১৫ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণ কৰি নেপালক শেষৰ দুটা অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল। তেতিয়াই নাটকীয়তাৰে ভৰি পৰিল মেচখন। ১৯ অভাৰত কুশল মাল্লাক হেৰুৱাই নেপালে ৮ ৰান কৰিবলৈ সক্ষম হয়। জয়ী হ’বলৈ শেষ অভাৰত ৮ ৰানৰ প্ৰয়োজন হৈছিল। অটনিল বাৰ্টমেনে বল কৰা শেষৰ অভাৰৰ প্ৰথম ৫টা বলত এটা চাৰিকে ধৰি গুলচন ঝাই ৬ ৰান সংগ্ৰহ কৰে।

অৱশেষত জয়ী হ’বলৈ শেষৰ বলৰ পৰা ২ ৰানৰ প্ৰয়োজন হৈছিল। দুৰ্ভাগ্যজনকভাৱে ঝাই শেষ বলটো স্পৰ্শই কৰিব নোৱাৰিলে। দৌৰি এক ৰাণ লৈ মেচখন টাই কৰিবলৈ চেষ্টা কৰিলে। কিন্তু নন ষ্ট্ৰাইকত অলপ দূৰত্বৰ বাবে ৰান আউট হয় ঝা। মাত্ৰ ১ ৰানৰ জয়ৰ এই খেলখনত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলৰ ঘাম বাহিৰ হৈ গৈছে!

Apply Now
ফটো সৌজন্যঃ আইচিচি।

বাৰ্টমেনে শেষৰ বলত বাউন্সাৰ মাৰে। ঝাই বেটিং কৰাত ব্যৰ্থ হ’লেও আনটো মূৰৰ পৰা দৌৰিছিল সোমপালে। ঝাই নন ষ্ট্ৰাইক দিশলৈ দৌৰি ১ ৰান লবলৈ চেষ্টা কৰে। কিন্তু তাৰ আগতে প্ৰটিয়াৰ উইকেটকীপাৰ কুইণ্টন ডি ককে বলাৰৰ দিশলৈ বলটো থ্ৰ কৰে। দৌৰত থকা ঝাক খুন্দা মাৰি বলটো ক্ৰীজৰ ওচৰত থকা হেইনৰিখ ক্লাচেনৰ হাতলৈ যায়। যেতিয়া তেওঁ বলটো ধৰি ওচৰৰ পৰা ষ্টাম্প ভাঙি পেলায়, তেতিয়া নেপালৰ ইনিংছ ৭ উইকেটত ১১৪ ৰানত বন্ধ হৈ পৰে।

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰে। ৰিজা হেণ্ড্ৰিক্সে কঠিন উইকেটত প্ৰটিয়াছৰ ইনিংছ ধৰি ৰাখিবলৈ চেষ্টা কৰে। ১৬ নং অভাৰত আউট হোৱাৰ পূৰ্বে তেওঁ ৪৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। প্ৰটিয়াছৰ হৈ আন কোনোৱে চল্লিশৰ ওপৰত ইনিংছ খেলিব নোৱাৰিলে। ছয়লৈ নামি অহা ট্ৰিষ্টান ষ্টাবছে শেষত ১৮টা বলত ১টা ছয় আৰু ২টা চাৰিৰে অপৰাজিত ২৬ ৰাণ নকৰিলে দক্ষিণ আফ্ৰিকাই ১১৫ ৰান কৰিব নোৱাৰিলেহেঁতেন।

অৱশ্যে নেপালৰ বলাৰকো প্ৰশংসা কৰিব লাগিব। দললৈ উভতি অহা তাৰকা লেগ স্পিনাৰ সন্দীপ লামিচানে এটাও উইকেট নাপালেও ৪ অভাৰত মাত্ৰ ১৮ ৰানহে দিয়ে। অৱশ্যে আন এজন লেগ স্পিনাৰ কুশল ভুৰটেলে দক্ষিণ আফ্ৰিকাৰ বেটছমেনক কঁপাই তোলে। তেওঁ মাত্ৰ ১৯ ৰানত ৪ টা উইকেট দখল কৰে। পেচাৰ দীপেন্দ্ৰ সিঙে ২১ ৰানত ৩টা উইকেট দখল কৰে।

ফটো সৌজন্যঃ আইচিচি।

চেজ কৰিবলৈ নমা নেপালৰ ইনিংছতো মাত্ৰ এটাই চল্লিশৰ ওপৰত ইনিংছ। উইকেটকীপাৰ আছিফ শ্বেখে ৪৯টা বলত ৪২ ৰান কৰি আউট হয়। তেওঁ ১৮ নং অভাৰৰ অন্তিম বলত ১০০ ৰানত আউট হয়। ইয়াৰ পূৰ্বে অনিল শ্বাহে আছিফৰ সৈতে তৃতীয় উইকেটত ৫০ ৰানৰ পাৰ্টনাৰশ্বিপেৰে নেপালক সঠিক পথত ধৰি ৰাখিছিল। অনিলে ২৪টা বলত ২৭ ৰান সংগ্ৰহ কৰি আউট হয়। নেপালক জয়ী হ’বলৈ শেষৰ ৩ অভাৰত ১৮ ৰানৰ প্ৰয়োজন হৈছিল। অৰ্থাৎ প্ৰতি অভাৰত গড়ে ৬ ৰানৰ প্ৰয়োজন হৈছিল।

এই পৰ্যায়ত প্ৰটিয়াৰ বলাৰসকলে টাইট বলিং আৰম্ভ কৰে। ১৮ নং অভাৰত স্পিনাৰ টাব্ৰেইজ শ্বামছিয়ে ২ ৰানত মাত্ৰ ২ টা উইকেটৰে খেলখনত নিয়ন্ত্ৰণ আনে। ১৯ নং অভাৰত প্ৰটিয়াৰ পেচাৰ এনৰিচ নৰ্কিয়াই এটা ছয়সহ ৮ ৰান দিছিল যদিও বিপজ্জনক মাল্লাক আউট কৰে। ইয়াৰ পিছত শেষৰ অভাৰত গুলচন ঝাই যুঁজ দিবলৈ চেষ্টা কৰিছিল যদিও শেষত খেলখনৰ ফলাফল তেওঁলোকৰ পক্ষত আনিব নোৱাৰিলে। যদি তেওঁ তেনেকুৱা কৰিব পাৰিলেহেঁতেন তেন্তে নেপাল নিশ্চয় আনন্দত আত্মহাৰা হৈ পৰিলহেঁতেন। অৱশ্যে টী-২০ বিশ্বকাপত বয়সৰ ফালৰ পৰা আটাইতকৈ কনিষ্ঠ দল হিচাপে নেপালে দক্ষিণ আফ্ৰিকাৰ দৰে অভিজ্ঞ দলক ভালকৈয়ে জোকাৰিলে।

South Africa survive 😲#T20WorldCup | #SAvNEP 📲 https://t.co/AIFzQo3XNF pic.twitter.com/SHaairZi1E

— ICC (@ICC) June 15, 2024

৩খন খেলৰ পৰা মাত্ৰ ১ পইণ্ট লাভ কৰি গ্ৰুপ ‘ডি’ৰ চতুৰ্থ স্থানত থকা নেপাল এই পৰাজয়ৰ সৈতে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। বাংলাদেশৰ বিৰুদ্ধে তেওঁলোকে অন্তিমখন খেল খেলিব। ইতিমধ্যে ছুপাৰ এইট দখল কৰা দক্ষিণ আফ্ৰিকাই ৪খন মেচতে জয়লাভ কৰি মুঠ ৮ পইণ্ট লাভ কৰি গ্ৰুপৰ শীৰ্ষত আছে। ৩খন খেলত ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে বাংলাদেশ। নেপালৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হ’লে বাংলাদেশে ছুপাৰ এইটত প্ৰৱেশ কৰিব। ৩ খন মেচৰ পৰা ২ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে নেদাৰলেণ্ড। পূৰ্বে বাহিৰ হোৱা শ্ৰীলংকাই ৩খন খেলৰ পৰা ১ পইণ্ট লাভ কৰি গ্ৰুপৰ তলৰ স্থানত আছে।

সংক্ষিপ্ত স্ক’ৰ:

দক্ষিণ আফ্ৰিকাঃ ২০ অভাৰত ১১৫/৭ (হেণ্ড্ৰিক্স ৪৩, ষ্টাবছ ২৭*, মাৰ্ক্ৰাম ১৫, ডি কক ১০, মিলাৰ ৭; কুশাল ৪/১৯, দিপেন্দ্ৰ ২১/৩, লামিচানে ১৮/০, অবিনাশ ০/১৯)

নেপালঃ ২০ অভাৰত ১১৪/৭ (আছিফ ৪২, অনিল ২৭, কুশল ১৩, দিপেন্দ্ৰ ৬, ঝা ৬, মল্ল ১, ৰোহিত ০; ছামছি ৪/১৯, নৰ্কিয়া ১/২৭, মাৰ্কৰাম ১/৮)

দক্ষিণ আফ্ৰিকা ১ ৰানত জয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd