নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ( Citizenship Amendment Bill 2016 ) সম্পৰ্কে যোৱা ৭ মে’ত গুৱাহাটীত অনুষ্ঠিত হোৱা শুনানিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যথেষ্ট সংখ্যক দল-সংগঠনে অংশগ্ৰহণ কৰি বিধেয়কৰ বিৰোধিতা কৰিলে। শুনানি কক্ষৰ বাহিৰতো বিধেয়ক বিৰোধিতাৰে সমবেত হ’ল হাজাৰ হাজাৰ লোক। এয়া আদৰণীয় আৰু গুৰুত্বপূৰ্ণ। গুৰুত্বপূৰ্ণ এই কাৰণেই যে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ মানুহে একমুখে প্ৰতিবাদ সাব্যস্ত কৰিছে।
১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ বিদেশী বহিষ্কৰণৰ দাবীত হোৱা ‘অসম আন্দোলন’ আৰু তাৰ পৰৱৰ্তী সময়ত হোৱা ‘সংযুক্ত মুক্তি বাহিনীৰ আন্দোলন’– এই দুয়োটাই অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ দুটা পৰ্ব। নানান সীমাবদ্ধতা, ভ্ৰান্তি আৰু বহু পৰিমাণে উগ্ৰজাতীয়তাবাদৰ দ্বাৰা আক্ৰান্ত হ’লেও এই দুই আন্দোলনে অৱতাৰণা কৰিছিল কিছুমান প্ৰশ্নৰ যিবোৰৰ মীমাংসা আজি পৰ্যন্ত হোৱা নাই। নাগৰিকত্ব আইন সংশোধনী বিধেয়কে আন বহু দিশৰ লগতে সেই মীমাংসা নোহোৱা প্ৰশ্নটোক পুনৰবাৰ আমাৰ সম্মুখত থিয় কৰাইছে।
প্ৰশ্নটো আছিল কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ বিন্যাসৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ।
সংঘীয় ব্যৱস্থা (Federal Structure)ত এখন ৰাজ্যৰ মানুহৰ সন্মতি অবিহনে কেন্দ্ৰই ৰাজ্যখনক ক্ষতি কৰিব পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰেনে? যদিহে তেনে অধিকাৰ আছে বুলি ৰাষ্ট্ৰই দাবী কৰে, তেন্তে অসমৰ ৰাইজে তাৰ বিৰুদ্ধে মাত মাতিব লাগিব। এই প্ৰশ্নটোক বাৰম্বাৰ উঠাই থাকিব লাগিব। কাৰণ যোৱা সময়ছোৱাত ভাৰতবৰ্ষৰ ৰাজ্যসমূহক ক্ৰমশঃ ক্ষমতাহীন কৰি কেন্দ্ৰ সৰ্বময় কৰ্তৃত্বৰ গৰাকী হৈছে।
সংবিধানে ৰাজ্যসমূহক কৰ্তৃত্ব প্ৰদান কৰা বিষয়সমূহো কেন্দ্ৰই অতি সন্তৰ্পণে নিজৰ কৰ্তৃত্বৰ ভিতৰলৈ নিছে। এই বিষয়ে দীঘলীয়া আলোচনাৰ প্ৰয়োজন, সেয়েহে এই মুহূৰ্তত বিষয়টো উনুকিয়ালো মাত্ৰ। অধিক আলোচনা স্থানান্তৰত কৰা হ’ব।
এতিয়া rhetoric বা বাগাড়ম্বৰপূৰ্ণ ভাষণৰ সময়। অসমীয়া মানুহে rhetoric বেছ ভাল পাওঁ। সেয়েহে নৰেন্দ্ৰ মোডীয়ে চাৰি-পাঁচখন সভাত কৰা উচ্চবাচ্য শুনিয়েই দলে-বলে ভোট দিলোহঁক। এতিয়াও জোৰদাৰ বাগাড়ম্বৰপূৰ্ণ বক্তৃতা চলিছে। যুটীয়া সংসদীয় সমিতি আহিল, আমি ক’লো, তেওঁলোকে শুনিলে আৰু পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি গ’ল। অসমৰ মানুহৰ কথা শুনাৰ পিছত তেওঁলোকে ইয়াৰ পৰিস্থিতিৰ উমান পালে আৰু স্বাভাৱিকতে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ বাবে তেওঁলোকেও কিছুমান সম্ভাৱনীয়তাৰ সৃষ্টি কৰিব আৰু তেনেবোৰ সম্ভাৱনীয়তা সম্পৰ্কে, আমি ভাবো, আমাৰ ফালৰ পৰাও কিছু চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়।
এনেবোৰ চিন্তা-চৰ্চা আমি কৰিছোহঁক নে?
৭ মে’ৰ শুনানিত সমিতিয়ে বিভিন্ন দল-সংগঠনক নানানটা প্ৰশ্ন কৰিছিল। ‘নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ’ৰ প্ৰতিনিধি দলৰ সদস্যৰূপে উক্ত শুনানিত আমিও অংশগ্ৰহণ কৰিছিলো আৰু সেয়েহে সমিতিয়ে কৰা প্ৰশ্ন আৰু সংশোধনী বিধেয়কৰ পক্ষে আগবঢ়োৱা যুক্তি শুনাৰ সৌভাগ্য হৈছিল।
এই সম্পৰ্কে অসমৰ ৰাইজেও জনা ভাল, যাতে সকলোৱে ৰাজহুৱাভাৱে কথাবোৰ আলোচনা কৰিব পাৰে।
শুনানিত সমিতিয়ে প্ৰশ্ন কৰিছিল অসমক বাদ দি যদি বিধেয়কখন অনা হয় তেনেক্ষেত্ৰত আমাৰ বক্তব্য কি হ’ব?
মই ভাবো আগন্তুক দিনবোৰত এনেধৰণৰ এক প্ৰস্তাৱেৰে অসমৰ মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা চলিব। শাসকীয় দলৰ দুই এক নেতাৰ বক্তব্যৰ মাজেদি ইতিমধ্যে এনে সম্ভাৱনা প্ৰকট হৈছে। এনেক্ষেত্ৰত দল-সংগঠনসমূহে কি স্থিতি ল’ব বা লোৱা উচিত সেই সম্পৰ্কে আলোচনাৰ প্ৰয়োজন।
প্ৰথম কথা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰ ক্ষেত্ৰত আমাৰ প্ৰধান যুক্তিটো হ’ল ই ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক গাঁথনিৰ পৰিপন্থী আৰু ভাৰতবৰ্ষ ‘হিন্দুৰ গৃহভূমি’ এই ধাৰণাক আইনী ন্যায্যতা প্ৰদানৰ চেষ্টাৰ অংশ নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক। ‘এক জাতি, এক সংস্কৃতি’ (One nation, one culture) তত্ত্বৰ আধাৰত ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ দিশে ই এক পদক্ষেপ।
‘এক জাতি, এক সংস্কৃতি’ৰ অৰ্থই হ’ল ভাৰতবৰ্ষৰ সাংস্কৃতিক বৈশিষ্ট্যক অস্বীকাৰ কৰা। অৰ্থাৎ অসমৰ দৰে সৰু ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি, জনগোষ্ঠীসমূহৰ চহকী, বৈচিত্ৰ্যময় সংস্কৃতিক ‘হিন্দুত্ব’ৰ মাজত জাহ যোৱোৱা। এনে প্ৰচেষ্টা সফল হোৱাৰ অৰ্থই হ’ল জাতিগতভাৱে আমাৰ স্বকীয় বৈশিষ্ট্য হেৰুৱাই পেলোৱা। আমাৰ সাংস্কৃতিক, জাতিগত বৈশিষ্ট্যৰ স্বাধীনচিতীয়া বিকাশৰ স্বাৰ্থতেই বিধেয়কখন বিৰোধিতা কৰাটো প্ৰতিজন অসমবাসীৰ বাবে প্ৰয়োজনীয়।
সংশোধনী বিধেয়কখন অসমক বাদ দি আনিলেও, আমাৰ লাভটো নহ’বই, বৰঞ্চ লোকচানহে হ’ব। কাৰণ, নাগৰিকত্ব পোৱাৰ পিছত দেশৰ যিকোনো প্ৰান্তৰ পৰা যিকোনো ব্যক্তিয়ে সংবিধানৰ ১৯নং অনুচ্ছেদে প্ৰদান কৰা মৌলিক অধিকাৰৰ অধীনত অসমত আহি বসবাস কৰিব পাৰিব।
এইখিনিতে শেহতীয়াকৈ কিছু ব্যক্তিয়ে কৈ থকা ‘সাংবিধানিক সুৰক্ষা’ৰ বিষয়টোও আলোচনাৰ মাজলৈ অনাটো প্ৰয়োজনীয়।
‘সাংবিধানিক সুৰক্ষা’ৰ ধাৰণাটো খুব সহজ নহয়। ইয়াৰ নানানটা দিশ আছে। এনে সুৰক্ষাৰ ৰূপ কেনে হ’ব কোনেও নাজানে!
তদুপৰি সাংবিধানিক সুৰক্ষা প্ৰদান কৰিলেও নাগৰিকত্ব সংশোধনী বিধেয়কে অনা শংকা দূৰ নহ’ব। তাৰ কাৰণ হ’ল ২০১৫ চনৰ ৭ চেপ্তেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে ‘Passport (Entry into India) Rules 1950’ত অনা সংশোধন কৰি জাৰি কৰা অধিসূচনা।
এই সংশোধনীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই ‘অনুপ্ৰৱেশকাৰী’ৰ সংজ্ঞালৈ পৰিৱৰ্তন আনিছে। এই সংশোধনীৰ পাছত নাগৰিকত্ব আইনত উল্লেখ থকা ভাৰতৰ চুবুৰীয়া দেশ কেইখনৰ পৰা পাৰপত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰা অথবা পাৰপত্ৰ লৈ প্ৰৱেশ কৰা কিন্তু পাৰপত্ৰৰ মিয়াদ উকলি যোৱা ব্যক্তিক ‘অবৈধ প্ৰব্ৰজনকাৰী’ৰূপে গণ্য কৰা নহ’ব। অৰ্থাৎ ৩০ ডিচেম্বৰ, ২০১৪ পৰ্যন্ত অসমত প্ৰৱেশ কৰা অবৈধ প্ৰব্ৰজনকাৰী (মুছলিমৰ বাদে) বৈধৰূপে পৰিগণিত হ’ল। প্ৰব্ৰজনকাৰীৰ অধিকাংশই অসমত থাকিয়ে নাগৰিকত্ব আইনৰ সংশোধনীৰ ‘স্বাভাৱিকীকৰণ’ (Naturalisation)ৰ বাবে প্ৰয়োজন হোৱা ছয় বছৰীয়া বসবাসৰ সীমা অতিক্ৰম কৰিলে।
এনে পৰিস্থিতিত অসমক বাহিৰত ৰাখি সংশোধনী বিধেয়কখন গৃহীত হ’লেও অসমৰ সমস্যা সমাধান নহ’ব।
সাংবিধানিক সুৰক্ষাৰ ৰূপ কেনে হ’ব? আজিপৰ্যন্ত যিবোৰ ৰাজ্যই এনে সুৰক্ষা পাইছে, সেইবোৰ ৰাজ্য এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছেনে?
তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই অধিসূচনাৰ ফলত ১৯৭১ চনৰ পাছত ভাৰতবৰ্ষত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীৰ সতি-সন্ততিসকলৰ বৃহৎসংখ্যকেই ইতিমধ্যেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। কাৰণ অধিসূচনাখনৰ ৩নং ধাৰা অনুযায়ী ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰা যিকোনো ব্যক্তিয়েই ভাৰতবৰ্ষৰ নাগৰিকৰূপে পৰিগণিত হয়। ১৯৮৫ চনত সেই ধাৰাত অনা সংশোধনীৰ জৰিয়তে জন্মসূত্ৰে নাগৰিকত্ব প্ৰাপ্তিৰ বাবে পিতৃ বা মাতৃৰ যিকোনো এজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক কৰা হৈছিল। আনহাতে ২০০৫ চনত অনা সংশোধনীৰ জৰিয়তে জন্মসূত্ৰে নাগৰিকত্বৰ বাবে পিতৃ, মাতৃ দুয়ো ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক কৰা হ’ল। তদুপৰি অধিসূচনাখনৰ ধাৰা ৩(ক), (৩) অনুযায়ী এইক্ষেত্ৰত একধৰণৰ exemption বা হেৰাই দিয়া হ’ল। কোৱা হ’ল যে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্বৰ বাবে পিতৃ বা মাতৃ যিকোনো এজন ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু আনজন অবৈধ প্ৰব্ৰজনকাৰী হ’ব নালাগিব। অৰ্থাৎ ১৯৭১ চনৰ পাছত অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলৰ সতি-সন্ততিবোৰৰ যিসকলে উল্লিখিত চৰ্তসমূহ পূৰণ কৰে তেওঁলোকে ইতিমধ্যেই নাগৰিকত্ব লাভ কৰিলে।
এইখিনিতে আৰু এটা বিষয়ৰ আলোচনী জৰুৰী। ধৰা হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ’ল। তেনেক্ষেত্ৰত, ইতিমধ্যেই উল্লিখিত অধিসূচনাৰ ভিত্তিত ‘বৈধ প্ৰব্ৰজনকাৰী’ৰূপে পৰিগণিত হোৱাসকলৰ ক্ষেত্ৰত আমাৰ স্থিতি কি হ’ব?
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ সময়ত আমি এই বিষয়টো সম্পৰ্কে ভবা চিন্তা কৰা ভাল। আনকি নাগৰিকপঞ্জী উন্নীতকৰণৰ পাছত যিসকল আইনগতভাৱে বিদেশীৰূপে পৰিগণিত হ’ব, সেইসকলৰ ক্ষেত্ৰতো চৰকাৰক নিৰ্দিষ্ট স্থিতি গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰাটো প্ৰয়োজনীয়।
আন এটা কথা। নাগৰিকত্ব সংশোধনী আইনে যদিহে ধৰ্মীয় দৃষ্টিকোণটো এৰাই চলে (যাৰ সম্ভাৱনা তাকৰ) তেনেক্ষেত্ৰত আমাৰ স্থিতি কি হ’ব? নাগৰিকত্ব সম্পৰ্কে আইন প্ৰণয়নৰ সাৰ্বভৌম ক্ষমতা সংসদৰ আছে। সেয়েহে ধৰ্মীয় দৃষ্টিকোণটো এৰাই চলিলে সেই আইন সাংবিধানিকভাৱেই বৈধ হ’ব। তেনে পৰিপ্ৰেক্ষিতত আমাৰ বাবে বিকল্প কি হ’ব পাৰে– সেই সম্পৰ্কেও গভীৰ আলোচনাৰ প্ৰয়োজন।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ মানুহে যি আন্দোলন গঢ়ি তুলিছে সেয়া কেৱল স্ব-ভূমিত নিজৰ অধিকাৰৰ সুৰক্ষা বিচাৰি কৰা আন্দোলন। এই আন্দোলনৰ চৰিত্ৰ এই পৰ্যন্ত ধৰ্মনিৰপেক্ষ আৰু গোষ্ঠী বিদ্বেষমুক্ত (দুই এটা চেগা চোৰোকা উদাহৰণ বাদ দিলে)। অসমৰ সমূহ দল-সংগঠনে আন্দোলনৰ এই চৰিত্ৰ অক্ষুণ্ণ ৰখাটো প্ৰয়োজনীয়। এই আন্দোলনৰ জৰিয়তে অসমীয়াভাষীৰ আধিপত্য প্ৰতিষ্ঠাৰ চেষ্টা নকৰি, সকলো জাতি-জনগোষ্ঠীক সম-মৰ্য্যাদা, সম-অধিকাৰৰ দাবীৰে ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিব লাগিব।
ইতিহাসে এখন সমাজ পুনৰগঠনৰ সুযোগ বাৰে বাৰে নিদিয়ে। কিন্তু অসমৰ মানুহে আজি পুনৰ সেই সুযোগ পাইছে। ধৰ্ম-গোষ্ঠীৰ উৰ্ধ্বলৈ গৈ অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনক সকলোৱে মিলি আগুৱাই নিব লাগিব।
ইতিমধ্যে ‘হিন্দু-মুছলমান’, ‘অসমীয়া-বাঙালী’ মেৰুকৰণেৰে অসমৰ মানুহৰ ঐক্যবদ্ধ প্ৰচেষ্টাক বিভাজিত কৰাৰ চেষ্টা পৰিলক্ষিত হৈছে। কথাচহকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত সেয়া স্পষ্ট হৈ উঠিছে। ১৯৮৫ চনত অসম চুক্তিৰ বিৰোধিতা কৰা মন্ত্ৰীজনে পিছলৈ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হ’ল। ১৯৮৫ৰ পৰা ১৯৯৪ চনলৈকে অসম চুক্তি সমৰ্থন কৰা ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ নেতা হৈ ৰ’ল। কিমান সুবিধাবাদী হ’লে এজন ব্যক্তিয়ে এনে কাম কৰিব পাৰে? সেইজন ব্যক্তিয়ে আজি ক্ষমতাত আৰোহণৰ স্বাৰ্থত যিবোৰ কথা ক’বলৈ আৰম্ভ কৰিছে, সেইবোৰ কথাৰ আঁৰৰ উদ্দেশ্য ৰাইজে বুজি পোৱাটো প্ৰয়োজনীয়।
লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ ই মে’ইল ঠিকনা : [email protected]