ভাৰতৰ ইতিহাসৰ এখন প্ৰাচীন মহাকাব্যিক উপন্যাস হৈছে ৰামায়ণ। সততে বাল্মিকীয়ে লিখা বুলি কোৱা হয় যদিও বিভিন্ন ঠাইত ৰামায়ণ্ৰ বিভিন্ন প্ৰাচীন সংস্কৰণ পোৱা যায়। এই সংস্কৰণ সমূহৰ মূল কাহিনী একেই যদিও ইয়াৰ মাজত কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায়।
ৰামায়ণৰ বিভিন্ন চৰিত্ৰ যেনে ৰাম, লক্ষণ, সীতা, হনুমান, ৰাৱণ আদি চৰিত্ৰসমূহৰ মূল্যাংকন হৈছে যদিও কিছুমান চৰিত্ৰ এতিয়ালৈকে ভালকৈ মূল্যাংকন হোৱা নাই । যাৰ বাবে এইবোৰ চৰিত্ৰ সম্পৰ্কে বহুতেই ভালকৈ নাজানে।
সততে চৰ্চাত নথকা তেনে এটা চৰিত্ৰ হৈছে ৰাৱণৰ পত্নী মন্দোদৰী। মন্দোদৰী আছিল লংকাপতি ৰাৱণৰ পত্নী। অৱশ্যে তেওঁৰ ইমান গৌৰৱ নাছিল। ৰাৱণৰ মহিমাৰ পৰা নিৰ্ভীক হৈ তেওঁৰ নিজৰ চিন্তা আৰু মতামত প্ৰকাশ কৰাৰ ক্ষমতা সদায় আছিল। লগতে তেওঁ ৰাৱণক প্ৰতিটো খোজতে ভাল উপদেশ দিছিল। মন্দোদৰী আৰম্ভণিৰে পৰা সীতাক অপহৰণ কৰাৰ বিৰোধী আছিল।
মন্দোদৰীয়ে ৰাৱণক বাৰে বাৰে অনুৰোধ কৰিছিল যে সীতাক ৰামৰ ওচৰলৈ মৰ্যাদাৰে ঘূৰাই পঠাব লাগে।
ৰামায়ণৰ মতে মন্দোদৰী ৰাৱণৰ পত্নী হোৱাৰ পূৰ্বে স্বৰ্গৰ অপ্সৰা মাধুৰা হিচাপে খ্যাত আছিল। মধুৰা আছিল শিৱৰ ভক্ত। এদিন মাধুৰা অৰ্থাৎ মন্দোদৰীয়ে পাৰ্বতীৰ অনুপস্থিতিত কৈলাশ পৰ্বতলৈ গৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল। পাৰ্বতী উভতি আহি মধুৰাৰ শৰীৰত মহাদেৱৰ গাত ছাঁই প্ৰত্যক্ষ কৰিছিল।
মাধুৰাৰ এই কাণ্ড দেখি ক্ষুব্ধ হৈ পাৰ্বতীয়ে মধুৰাক ১২ বছৰ এটা কুঁৱাত ভেকুলী হৈ থাকিব লাগিব বুলি অভিশাপ দিলে। শাপৰ ফলত তেনেকৈয়ে ১২ বছৰ এটা কুঁৱাত ভেকুলী হৈ কটোৱাৰ পিছত এদিন তাই কুঁৱাত নিজৰ ভাগ্যৰ কথা ভাবি কান্দি থাকোঁতে সেইফালেদি পাৰ হৈ যোৱা অসুৰ ৰজা মায়াসুৰ আৰু মায়াসুৰৰ পত্নীয়ে তাইৰ কান্দোন শুনিলে। তেওঁলোকে মাধুৰাক নিজৰ কন্যা বুলি মানি লৈ ৰাজপ্ৰসাদলৈ লৈ আহিল আৰু তেতিয়াৰ পৰাই স্বৰ্গৰ প্ৰাক্তন অপেশ্বৰী মাধুৰাক মন্দোদৰী নামেৰে অভিহিত কৰা হ’ল।
লংকাৰ ৰজা ৰাৱণ আছিল মায়াসুৰৰ ভাল বন্ধু। এদিন ৰাৱণে বন্ধু মায়াসুৰক লগ কৰিবলৈ আহি মন্দোদৰী ৰূপত আপ্লুত হৈ পৰে। ৰাৱণে মায়াসুৰক মন্দোদৰীৰ লগত বিয়া কৰোৱাৰ বাবে প্ৰস্তাৱ দিয়ে। কিন্তু যেতিয়া মায়াসুৰে সেই প্ৰস্তাৱ নাকচ কৰিলে, তেতিয়া ৰাৱণে মন্দোদৰীক বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যায়। অৱশ্যে, দুয়োখন ৰাজ্যৰ মাজত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’লে পিতৃ মায়াসুৰে ৰাৱণক প্ৰতিহত কৰিব নোৱাৰিব বুলি মন্দোদৰীয়ে এই বিবাহৰ প্ৰস্তাৱত সন্মতি দিয়ে।
ৰামায়ণৰ কাহিনী অনুসৰি ৰাৱণৰ মৃত্যুৰ পিছত ৰামে মন্দোদৰীক আশীৰ্বাদ দিয়ে যে তেওঁ কেতিয়াও বিধৱা জীৱন কটাব নালাগে, মন্দোদৰীৰ শিৰৰ সেন্দুৰ কেতিয়াও মোচ নাখায়। সেইবাবেই ৰাৱণৰ চিতাৰ জুইকুৰা আজিও জ্বলি আছে বুলি বিশ্বাস কৰা হয়।
অৱশ্যে ৰামায়ণৰ আন এক সংস্কৰণৰ মতে, ৰাৱণৰ মৃত্যুৰ পিছত মন্দোদৰীয়ে ৰাৱণৰ ভাতৃ তথা নিজৰ দেওৰেক বিভীষণক বিয়া কৰাইছিল। ৰামৰ নিৰ্দেশত বিভীষণক স্বামী হিচাপে গ্ৰহণ কৰিছিল মন্দোদৰীয়ে।