প্ৰতিজন অভিভাৱকে নিজৰ সন্তানে ভালদৰে পঢ়াশুনা কৰাটো বিচাৰে। কিন্তু যেতিয়া সন্তানে পঢ়া-শুনা কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে তেতিয়া পিতৃ-মাতৃ চিন্তিত হৈ পৰে। ইয়াত তেওঁলোকক কেনেকৈ পঢ়াশুনাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি আৰু তেওঁলোকৰ মানসিকতা সলনি কৰিব পাৰি তাৰ কিছুমান ব্যৱহাৰিক টিপছৰ বিষয়ে আলোচনা কৰা হৈছে।
ইতিবাচক অনুপ্ৰেৰণা
পঢ়া-শুনা নকৰাৰ সময়ত সন্তানক বাৰে বাৰে ককৰ্থনা বা তিৰস্কাৰ কৰাৰ পৰিৱৰ্তে সন্তানৰ পিতৃ-মাতৃয়ে পঢ়া-শুনা কৰিবলৈ বহি থকা মুহূৰ্তবোৰৰ প্ৰশংসা কৰক, লাগিলে সেয়া কম সময়ৰ বাবেই হওক। এই ইতিবাচক প্ৰেৰণা, পঢ়াশুনাত আনন্দ বিচাৰি পোৱা আৰু কঠোৰ পৰিশ্ৰমী শিশুসকলক আত্মসন্মান গঢ়ি তোলাত সহায় কৰা। যেতিয়া অভিভাৱকে তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যেনে “তুমি আজি সঁচাকৈয়ে মনোযোগ দিছা” বা “মই দেখিছোঁ তুমি কিমান উপভোগ কৰি আছা” তেতিয়া শিশুৱে নিজকে দক্ষ আৰু শিক্ষিত বুলি চাবলৈ আৰম্ভ কৰে।
এটা সঁচা প্ৰশংসা
শিশুৱে উৎসাহৰ দ্বাৰা উজ্জীৱিত হয়। পঢ়া-শুনাত শিশুৱে সামান্যতম চেষ্টা কৰিলেও স্বীকাৰ আৰু প্ৰশংসা কৰা উচিত। কেৱল ফলাফলত মনোনিৱেশ কৰাই নহয়, তেওঁলোকৰ প্ৰচেষ্টাক সন্মান কৰিলে তেওঁলোকে অধিক চেষ্টা কৰিবলৈ উৎসাহিত হ’ব। “তুমি তোমাৰ হোমৱৰ্কত কিমান কষ্ট কৰিছা, মই গৌৰৱান্বিত” – শিশুৱে বুজিব যে তেওঁলোকৰ শলাগ লোৱা হৈছে। তেওঁলোকে বুজিব যে তেওঁলোকৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ। সৰু সৰু সফলতাক স্বীকাৰ আৰু শলাগ লৈ ক্ৰমান্বয়ে এটা ভাল পঢ়াশুনাৰ মানসিকতা গঢ়ি তোলা সম্ভৱ।
আপোনাৰ সন্তানে শিকাৰ সৰ্বোত্তম উপায় বিচাৰি উলিয়াওক
প্ৰতিটো শিশুৱেই অনন্য, আৰু তেওঁলোকৰ শিকাৰ পছন্দ বেলেগ বেলেগ হ’ব পাৰে। কিছুমান শিশুৱে কিতাপ পঢ়িবলৈ পছন্দ কৰে, আন কিছুমানে ভিডিঅ’, আকৰ্ষণীয় তথ্য বা কাহিনীৰ জৰিয়তে ধাৰণাবোৰ ভালদৰে বুজি পায়। শিশুৱে কেনেকৈ শিকিবলৈ পছন্দ কৰে সেই কথা বুজিবলৈ বিভিন্ন পদ্ধতি অন্বেষণ কৰাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, যদি তেওঁলোকে ইতিহাস পঢ়ি বিৰক্ত অনুভৱ কৰে, তেন্তে গল্পৰ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰক।
অধ্যয়নক বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কিত কৰক
সাধাৰণতে শিশুৱে আগ্ৰহী নহোৱা বিষয়বোৰত অসুবিধা পায়। শিশুসকলক তেওঁলোকৰ শিক্ষণক বাস্তৱ জীৱনৰ সৈতে সংযোগ কৰি পঢ়াশুনাৰ গুৰুত্ব দেখুৱাবলৈ সহায় কৰক। যেনে: গছ-গছনিৰ বিষয়ে জানিব পাৰিলে ঘৰৰ বাহিৰলৈ লৈ গৈ বিভিন্ন ধৰণৰ ফুলৰ বিষয়ে আলোচনা কৰক। যদি তেওঁলোকে সংখ্যা অধ্যয়ন কৰে তেন্তে বজাৰৰ হিচাপ কৰক। বাস্তৱ জীৱনৰ উদাহৰণ দি শিশুৱে ভালদৰে বুজিব যে তেওঁলোকৰ পঢ়া-শুনা তেওঁলোকৰ দৈনন্দিন জীৱনৰ সৈতে কেনেদৰে জড়িত।
প্ৰতিযোগিতাৰ চাপ পৰিহাৰ কৰক
শিশুক আনৰ লগত প্ৰতিযোগিতা কৰিবলৈ বাধ্য কৰালে মানসিক চাপ, উদ্বেগ আৰু অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। অভিভাৱকে সহপাঠীৰ লগত তুলনা কৰাতকৈ সন্তানৰ ব্যক্তিগত বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। শিশুটিক ব্যক্তিগত লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰক, যেনে পঢ়াৰ গতি বৃদ্ধি কৰা বা প্ৰতিদিনে নতুন নতুন শব্দ শিকিব পৰা। ইয়াৰ দ্বাৰা তেওঁলোকৰ সুস্থ মানসিকতা গঢ়ি তোলাত সহায়ক হ’ব, য’ত পঢ়াশুনা কেৱল প্ৰতিযোগিতা নহয়, আত্ম-উন্নতিৰ এক মাধ্যম।
নিজৰ গতিৰে শিকিবলৈ দিয়ক
কেতিয়াবা, শিশুক নিজাববীয়াকৈ বস্তু আৱিষ্কাৰ কৰিবলৈ দিয়াটোৱেই উত্তম। শিশুসকলক নিজাববীয়াকৈ অন্বেষণ আৰু শিকিবলৈ অনুমতি দিলে তেওঁলোকে মুক্ত অনুভৱ কৰিব। আপোনাৰ সন্তানৰ বাবে কিছুমান অভ্যাস সৃষ্টি কৰিবলৈ চেষ্টা কৰক। সদায় উত্তৰ দিয়াৰ পৰিৱৰ্তে শিশুসকলক প্ৰশ্ন কৰিবলৈ আৰু উত্তৰ বিচাৰিবলৈ শিকাওক। তেওঁলোকক পঢ়াশুনাৰ যাত্ৰাৰ দায়িত্ব ল’বলৈ শিকালে তেওঁলোকে আজীৱন পঢ়াশুনাৰ প্ৰতি আগ্ৰহী হ’ব।