• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃদ্ধি জনমূৰি ব্যয়, স্পষ্ট ক্ৰয় ক্ষমতাৰ বৈষম্য! কেন্দ্রৰ প্রতিবেদনত বহু চকু কপালত তোলা তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2024 10:13 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি মূল্যবৃদ্ধিৰ ফলত কোঙা হৈ পৰিছে সাধাৰণ জনতা। এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাতে কোৱা হৈছে যে চাৰে ১২ বছৰত দেশৰ পৰিয়ালৰ জনমূৰি ব্যয় ডেৰ-দুগুণতকৈও অধিক বৃদ্ধি পাইছে। যোৱা এবছৰত গ্ৰাম্য আৰু নগৰীয়া ক্ৰয় ক্ষমতাৰ মাজৰ ব্যৱধান কমি আহিছে।

কিন্তু প্ৰতিবেদনত আৰ্থিকভাৱে অগ্ৰসৰ শ্ৰেণী আৰু নিম্ন শ্ৰেণীৰ মাজত পাৰ্থক্যও স্পষ্ট হৈ পৰিছে। আনহাতে, গাঁও-চহৰত আটাইতকৈ বেছি বজাৰ কৰা ৫ শতাংশ লোকৰ খৰচ কমিছে। কিন্তু আটাইতকৈ কম কিনাকটা কৰা ৫ শতাংশৰ খৰচ বাঢ়িছে।

Apply Now

সমীক্ষা অনুসৰি, গ্ৰামাঞ্চলৰ সৰ্বনিম্ন ৫% লোকে মাহে গড়ে মাত্ৰ ১৬৭৭ টকা খৰচ কৰে। চহৰত সেইটো ২৩৭৬ টকা। যোৱা সমীক্ষাৰ তুলনাত তেওঁলোকৰ খৰচ বৃদ্ধি পাইছে। কিন্তু আটাইতকৈ ওপৰৰ ৫ শতাংশৰ ব্যয় হ্ৰাস পাই যিটো হৈছে, সেইটো তেওঁলোকৰ তুলনাত বহু বেছি — গ্ৰাম্য অঞ্চলত ১০,১৩৭ টকা আৰু চহৰ অঞ্চলত ২০,৩১০ টকা।

খাদ্য সামগ্ৰীৰ বাদে অন্যান্য সামগ্ৰীত গ্ৰাম্য (৫৩%) আৰু চহৰীয়া (৬০%) ক্ষেত্ৰতো গড় পৰিয়ালৰ মাহিলী ব্যয় বৃদ্ধি পাইছে। পৰিবহণ, কাপোৰ, জোতা, মনোৰঞ্জন আৰু গ্ৰাহকৰ দীৰ্ঘম্যাদী পণ্য সামগ্ৰীৰ খৰচে আকাশলংঘী হৈছে। চহৰত গাড়ী-ঘৰ ভাড়া, হোটেলত থকাটো অধিক ব্যয়বহুল হৈ পৰিছে। খাদ্যৰ ভিতৰত পানীয় আৰু প্ৰচেছড খাদ্যৰ খৰচ বৃদ্ধি পাইছে।

বিশেষজ্ঞসকলে দাবী কৰিছে যে কোভিডৰ বাবে আয় হ্ৰাস পোৱাৰ ফলত চাহিদাত আঘাত হানিছিল। মুদ্ৰাস্ফীতিৰ ফলত আয়ৰ বেছিভাগেই পিছত গ্ৰাস কৰিছে মূল্যবৃদ্ধিয়ে। ফলত খৰচ বাঢ়িছে যদিও প্ৰকৃততে ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। সেইবাবেই চাহিদা মুজুৰা পৰিছে। বৈষম্য তুলনাহীন হৈ পৰিছে।

২০২২ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ জুলাইলৈকে প্ৰথমে পৰিসংখ্যা মন্ত্ৰালয়ে এই সমীক্ষা চলাইছিল। এই পৰ্যায়ত ২০২৩ চনৰ আগষ্টৰ পৰা যোৱা জুলাইলৈকে গাঁও-নগৰৰ ২,৬১,৯৫৩টা পৰিয়ালৰ জৰীপ চলে। প্ৰতিবেদন অনুসৰি ২০১১-১২ চনত গ্ৰাম্য পৰিয়ালৰ গড় জনমূৰি ব্যয় আছিল ১৪৩০ টকা। ২০২৩ চনৰ আগষ্টৰ পৰা যোৱা জুলাইলৈ ৪১২২ টকালৈ বৃদ্ধি পাইছে। চহৰত সেয়া ২৬৩০ৰ পৰা ৬৯৯৬ লৈ বৃদ্ধি পাইছে।

সেইদৰে ২০১১-১২ক ভিত্তি বৰ্ষ ধৰি এতিয়া গাঁও আৰু নগৰত গড় খৰছ ক্ৰমে ২০৭৯ আৰু ৩৬২২ টকা। লগতে কোৱা হৈছে যে বৰ্তমানৰ হাৰত ২০২২-২৩ চনৰ তুলনাত দুয়োটা অঞ্চলত জনমূৰি খৰচ ক্ৰমে ৯% আৰু ৮% বৃদ্ধি পাইছে। সংশ্লিষ্ট মহলৰ মতে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে কি হাৰত মূল্যবৃদ্ধিয়ে দেশত মূৰ দাঙি উঠিছে।

একাংশ অৰ্থনীতিবিদৰ দাবী যে এটা শ্ৰেণীৰ আয় তিনি-চাৰি গুণ বৃদ্ধি পাইছে। তেওঁলোকে খৰচ কৰি আছে। কিন্তু বেছিভাগৰেই এক-ডেৰগুণতকৈ বেছি বৃদ্ধি হোৱা নাই। গোটেই ছবিখন বুজিবলৈ সঠিক তথ্য জনাটো অতি প্ৰয়োজনীয়। তাৰ উপৰি ৮০% শ্ৰমিক অসংগঠিত খণ্ডত আছে, যাৰ কোনো নিৰ্দিষ্ট আয় নাই। মৰগীয়া বানচ মুদ্ৰাস্ফীতিৰ লগত খোজ মিলাই নাবাঢ়ে। ফলস্বৰূপে খৰচ বৃদ্ধি পালেও সেই হিচাপত আয় বাঢ়িছে নে নাই, সেই প্ৰশ্ন উত্থাপন হৈছে। সংগঠিত খণ্ডতো আয় বৃদ্ধিত বৈষম্য দেখা গৈছে। প্ৰশ্নটো হৈছে খৰচ অনুসৰি আয়কলৈহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd