গ্ৰামীণ ডাক সেৱকসকলে ২২ মেৰ পৰা অব্যাহত ৰখা প্ৰতিবাদ আৰু ধৰ্মঘটৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাহত হৈ পৰিছে ডাক সেৱা। সোমবোৰেও গুৱাহাটীৰ ডাক বিভাগৰ ৰাজ্যিক কাৰ্যালয় মেঘদূত ভৱনত ডাক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
দেশৰ গ্ৰামীণ ডাক সেৱকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ২০১৬ চনত গঠিত কমলেশ চন্দ্ৰ কমিতিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ১৮ মাহ হৈ যোৱাৰ পাছতো কাৰ্যকৰী হোৱা নাই সমিতিৰ পৰামৰ্শসমুহ। কমলেশ চন্দ্ৰ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰামীণ ডাক সেৱকসকলৰ চাকৰি নিয়মীয়া কৰা আৰু কৰ্মচাৰীয়ে পাবলগীয়া সকলো সা-সুবিধা প্ৰদানৰ দাবীত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো গ্ৰামীণ ডাক সেৱকসকলৰ দুটা সংগঠন ক্ৰমে All India Gramin Dak Sevak Union আৰু All India Postal Employees Union এ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
গ্ৰামীন ডাক সেৱকসকলৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ডাক কৰ্মচাৰীৰ সৰ্বভাৰতীয় সংস্থা National Federation of Postal Employees Union আৰু Regional Co-ordination Committee of Postal Employees Union (Assam and North East)এ। লগতেCITU, AITUC, BSNL Employees Union কে ধৰি কেবাটাও সংগঠনে এই আন্দোলনৰ প্ৰতি সহযোগ আগবঢ়াইছে।
সোমবোৰে মেঘদূত ভৱনত হোৱা ডাক সেৱকসকলৰ প্ৰতিবাদী কাৰ্যসুচীত উপস্থিত থাকি Regional Co-ordination Committee of Postal Employees Union (Assam and North East) আহ্বায়ক ডি.কে. দেৱনাথে কয়, ‘গ্ৰামীণ ডাক সেৱকসকলক সমগ্ৰ দেশতে মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছিল আৰু ডাক বিভাগৰ অধিকাংশ কামেই গ্ৰামীণ ডাক সেৱকসকলে সম্পাদন কৰি আছে। কিন্তু তেওঁলোকে উপযুক্ত দৰমহা আৰু অন্যান্য চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আৰ্থিক শোচনীয়তাৰ মাজেৰে চলিবলগীয়া হৈছে’। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই গ্ৰামীণ ডাক সেৱকসকলৰ সমস্যা সমুহ সমাধান নকৰিলে আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলিও জানিবলৈ দিয়ে।
দেৱনাথে জানিবলৈ দিয়া মতে সমগ্ৰ দেশত ২ লাখ ৬০ হাজাৰ গ্ৰামীণ ডাক সেৱক আছে আৰু তেওঁলোকে দেশজুৰি ১,২৯,৫০০ ডাকঘৰ চলাই আছে যিটো দেশৰ মুঠ ডাকঘৰৰ প্ৰায় ৮০ শতাংশ।
ইপিনে, ডাক কৰ্মচাৰীসকলৰ এই ধাৰাবাহিক আন্দোলনৰ ফলত ব্যাহত হৈ পৰিছে ডাক সেৱা। মূলতঃ গ্ৰামাঞ্চলত ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। কিয়নো নগৰতকৈ গাৱঁত ডাক সেৱাৰ যোগেদি চিঠি আৰু সামগ্ৰীৰ আদান-প্ৰদান আৰু ক্ষুদ্ৰ সঞ্চয়ৰ ক্ষেত্ৰত জনসাধাৰন অধিক নিৰ্ভৰশীল হয়।
সোমবাৰে ডাক সেৱক সকলৰ এই সমস্যা সমাধানৰ দাবীত ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ ডাক কৰ্মচাৰীসকলে এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।
ইয়াৰ উপৰি ডাক বিভাগৰ কৰ্মচাৰী সংগঠনৰ সদস্যৰ পৰীক্ষনৰো দাবী তোলে প্ৰতিবাদী কৰ্মচাৰীসকলে। উল্লেখ্য যে, নিয়ম অনুযায়ী বিভাগৰ শ্ৰমিক সংগঠনৰ প্ৰথমটো সংগঠনত নুন্যতম ৩০ শতাংশ কৰ্মচাৰী আৰু দ্বিতীয়টো সংগঠনৰ নুন্যতম ১৫ শতাংশ কৰ্মচাৰী সদস্যভুক্ত হ’ব লাগে। কিন্তু ডি.কে. দেৱনাথে জানিবলৈ দিয়া মতে কংগ্ৰেছ আৰু বিজেপি দলে নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে আৰু দুটা গ্ৰামীন ডাক সেৱকৰ আৰু দুটা সংগঠনৰ জন্ম দিয়ে।
দেৱনাথে প্ৰকাশ কৰা আনুযায়ী কংগ্ৰেছৰ দিনত জন্ম ল’লে National Union of Gramin Dak Sevak নামৰ সংগঠনটো আৰু পৰৱৰ্তী সময়ত বিজেপিয়ে জন্ম দিলে Bharatiya Union of Gramin Dak Sevak নামৰ আন এটা সংগঠন। কিন্তু এতিয়ালৈ দুয়োটা সংগঠনে তেওঁলোকৰ সদস্যৰ সংখ্যা ৰাজহুৱা কৰা নাই।