ভাৰতীয় সাক্ষ্য আইন চমুকৈ আই ই এ ১৮৭২ৰ ১১৮ নং ধাৰা অনুসৰি আদালতে যদি শিশুটিৰ প্ৰশ্ন বুজিব পৰা আৰু যুক্তিসংগত উত্তৰ দিয়াৰ বৌদ্ধিক ক্ষমতা আছে বুলি বিবেচনা কৰে কম বয়সৰ শিশুৱে সাক্ষী হিচাপে সাক্ষ্য দিব পাৰে। শিশুক সাক্ষ্য দিবলৈ অযোগ্য বুলি বিবেচনা কৰিব পৰাকৈ কোনো নিৰ্দিষ্ট বয়স আইন অনুসৰি নিৰ্ধাৰণ কৰা হোৱা নাই। সেয়ে যিকোনো বয়সৰ শিশু সাক্ষী হিচাপে গ্ৰহণযোগ্য হ’ব। শেহতীয়াকৈ এনে এনে এটা গোচৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে৷
পত্নী হত্যাৰ অভিযোগত এজন লোকৰ ওপৰত চলা এক গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁলোকৰ সাত বছৰীয়া কন্যাৰ সাক্ষ্য মানি লোৱা নাছিল। আদালতে অভিযুক্তক দোষমুক্ত কৰে। ইয়াৰ পিছত গোচৰটো উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে উক্ত গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় বাতিল কৰে। উচ্চতম ন্যায়ালয়ে কয় যে ভাৰতীয় প্ৰমাণ আইনৰ অধীনত সাক্ষীৰ বয়সৰ কোনো সীমা নাই। যদি কোনো শিশু প্ৰত্যক্ষদৰ্শী হয় তেন্তে তেওঁৰ সাক্ষ্য নাকচ কৰিব নোৱাৰে।
ন্যায়াধীশ পাৰ্দিৱালাৰ বিচাৰপীঠৰ মতে, আদালতে যদি কোনো শিশুৱে প্ৰভাৱিত নোহোৱাকৈ সাক্ষ্য দিয়ে তেন্তে ই নিশ্চিতভাৱে অভিযুক্তৰ দোষী বা নিৰ্দোষীত প্ৰমাণ কৰাত ফলপ্ৰসূ হ’ব। এই যুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ে এই হত্যাকাণ্ডত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
শিশুৰ সাক্ষ্য প্ৰদানৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায় ক্ৰমে ৰামেশ্বৰ বনাম ৰাজস্থান গোচৰ ১৯৫২, আৰ বনাম নৰ্বেৰী গোচৰ ১৯৭৭, মংগু বনাম ষ্টেট অৱ এম পি গোচৰ ১৯৯৫, নিভৃতী পানডুৰাং ককাট বনাম মহাৰাষ্ট্ৰ ৰাজ্য গোচৰ ২০০৮, সতীশ কুমাৰ গুপ্তা বনাম হাৰিয়ানা গোচৰ ২০১৭ উল্লেখযোগ্য৷