পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰতৰ হৈ পৰিছে উত্তেজনা। ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এক পোষ্টত সিন্ধু জল চুক্তিক ভাৰতৰ ইতিহাসৰ “আটাইতকৈ ডাঙৰ ভুল” বুলি অভিহিত কৰি পণ্ডিত জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছে।
তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। শৰ্মাই দাবী কৰিছে যে আমেৰিকান প্ৰশাসন আৰু বিশ্ব বেংকৰ হেঁচাত নেহৰুৱে সিন্ধু অৱবাহিকাৰ ৮০% পানী—শক্তিশালী সিন্ধু, ঝেলুম আৰু চেনাব নদীৰ নিয়ন্ত্ৰণ—পাকিস্তানক দি দিছিল, আনহাতে ভাৰতক সৰু পূব নদী (ৰবি, বিয়াছ, ছাটলেজ)ৰ পানীত সীমাবদ্ধ কৰা হৈছিল। ফলত পাকিস্তানে বছৰি ১৩৫ মিলিয়ন একৰ-ফুট (MAF) পানী লাভ কৰে, আনহাতে ভাৰতৰ বাবে মাত্ৰ ৩৩ MAF বাকী থাকে।
উল্লেখ্য যে সিন্ধু জল চুক্তি হৈছে ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত এক জল বিতৰণ চুক্তি। ইয়াৰ দ্বাৰা পূব নদী (বিয়াছ, ৰবি, ছাটলেজ)ৰ নিয়ন্ত্ৰণ ভাৰতক আৰু পশ্চিম নদী (সিন্ধু, চেনাব, ঝেলুম)ৰ নিয়ন্ত্ৰণ পাকিস্তানক দিয়া হৈছিল। মুঠ পানীৰ প্ৰায় ৩০% ভাৰতৰ বাবে আৰু ৭০% পাকিস্তানৰ বাবে নিৰ্ধাৰিত হৈছিল। শৰ্মাই অভিযোগ কৰিছে যে এই চুক্তিয়ে ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ কৃষি আৰু কৌশলগত স্বাৰ্থৰ ওপৰত স্থায়ীভাৱে প্ৰভাৱ পেলাইছে, কাৰণ পশ্চিম নদীৰ পানীৰ ব্যৱহাৰ ভাৰতৰ বাবে সীমিত জলসিঞ্চন আৰু ক্ষুদ্ৰ প্ৰকল্পৰ মধ্যত আবদ্ধ হৈ আছে। তেওঁৰ মতে, নেহৰুৰ আন্তঃৰাষ্ট্ৰীয় অনুমোদনৰ প্ৰতি ভুল সিদ্ধান্তই ভাৰতৰ দীৰ্ঘম্যাদী জাতীয় স্বাৰ্থৰ ক্ষতি কৰিছে।
২০২৫ চনৰ ২৩ এপ্ৰিলত ভাৰতৰ বৈদেশিক সচিবে পহলগাম আক্ৰমণৰ পিছত এই চুক্তি স্থগিত ৰখাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ ফলত পাকিস্তানৰ পানীৰ প্ৰৱাহৰ ওপৰত প্ৰভাৱ পৰিব, আৰু সম্পৰ্ক উন্নত নহ’লে পাকিস্তানে পানীৰ সংকটৰ সন্মুখীন হ’ব পাৰে।