ভাৰতত জাতি গণনাৰ প্ৰশ্নটোৱে দীৰ্ঘদিন ধৰি ৰাজনৈতিক দলসমূহৰ বাবে মূৰৰ কামোৰণী হিচাপে গণ্য কৰি অহিছে। ২০১০ চনত ইউ পি এৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সমাজবাদী পাৰ্টি আৰু আৰ জে ডিৰ দৰে দলসমূহে জনসংখ্যাৰ লগতে জাতি গণনাৰ দাবী তুলিছিল। তেতিয়া বিৰোধী বিজেপিয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰিছিল, কিন্তু কংগ্ৰেছে উচ্চ বৰ্ণৰ ভোট হেৰুৱাৰ ভয়ত জাতি জৰীপৰ প্ৰশ্নটোত দ্বিধাবোধ কৰিছিল। তেতিয়াৰ গৃহমন্ত্ৰী পি চিদাম্বৰমে কৈছিল যে জাতি গণনাত তথ্যৰ ভুল হ’লে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। অৱশেষত, মন্ত্ৰীসভাৰ হাতত সিদ্ধান্তৰ ভাৰ এৰি দিয়া হৈছিল, যিয়ে জাতি জৰীপৰ বাবে সেউজ সংকেত দিছিল। শেহতীয় কৈ বিজেপি চৰকাৰেও জাতি গণনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও জৰীপৰ নিৰ্দিষ্ট সময় ঘোষণা কৰা নাই।
একে ধৰণৰ হেঁচা ডেৰ দশকৰ পাছত বিজেপি চৰকাৰৰ ওপৰতো পৰিছে। জে ডি ইউ আৰু এল জে পিৰ দৰে দলসমূহে জাতি গণনাৰ দাবী তুলি অহিছে । ২০২১ চনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা উপ-মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত কৈছিল যে জাতি আৰু জনজাতীয় জনসংখ্যাৰ জৰীপৰ বাবে চৰকাৰ সাজু, কিন্তু আন জাতিৰ জৰীপত কিছু সমস্যা আছে। বিজেপিয়ে কংগ্ৰেছৰ দৰেই উচ্চ জাতিৰ ভোট হেৰুৱাৰ ভয়ত এই বিষয়ত সাৱধানে পদক্ষেপ লৈছিল। বিহাৰৰ ৰাজনৈতিক দলসমূহে, বিশেষকৈ আৰ জে ডিৰ দৰে দলসমূহে, এই বিষয়ত তীব্ৰ চাপ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও আৰ এছ এছৰ নেতৃত্বই নীতিগতভাৱে জাতি গণনাৰ বিপক্ষে আপত্তি কৰিছিল, যিয়ে বিজেপিৰ সিদ্ধান্তক আৰু জটিল কৰি তুলিছিল।
বিজেপিয়ে জাতি গণনাৰ পৰা আঁতৰি থাকিলেও, নিৰ্বাচনৰ পূৰ্বে এই বিষয়টোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিহাৰত পিছপৰা সমাজ আৰু মুছলমান সম্প্ৰদায়ৰ ভোটৰ গুৰুত্ব বিজেপিৰ বাবে এক প্ৰধান চিন্তাৰ বিষয়। বিহাৰত ১৭ শতাংশ মুছলমান ভোট পৰম্পৰাগতভাৱে আৰ জে ডি আৰু কংগ্ৰেছৰ পক্ষত থাকে, আৰু জাতি গণনা নকৰিলে পিছপৰা সমাজৰ ক্ষোভৰ ফলত এই ভোট বিৰোধীৰ হাতলৈ যাব পাৰে। কংগ্ৰেছে দাবী কৰিছে যে মোদী চৰকাৰে এই সিদ্ধান্তৰ জৰিয়তে জনতাৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চেষ্টা কৰিছে, কাৰণ জাতি গণনাৰ সময়ৰ কোনো নিশ্চয়তা নাই।