• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2025 6:55 am
222
VIEWS
Share on FacebookShare on Twitter

চুলি সৰাৰ সমস্যা বহু কাৰণত হ’ব পাৰে। তাৰ ভিতৰত এটা হ’ল ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ। শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে চুলিৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে।

১) আইৰণঃ আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকা উৎপাদনৰ বাবে আইৰণ অতি প্ৰয়োজনীয়, যিয়ে চুলিৰ গুৰিকে ধৰি শৰীৰৰ সকলো কোষলৈ অক্সিজেন কঢ়িয়াই লৈ যায়। যদি চুলিৰ গুৰিবোৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু পুষ্টিকৰ উপাদান নাপায় তেন্তে চুলিৰ বৃদ্ধিত ব্যাঘাত জন্মে আৰু চুলিবোৰ দুৰ্বল হৈ সৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মহিলাৰ চুলি সৰাৰ অন্যতম প্ৰধান কাৰণ হৈছে আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা।

২) বায়’টিন বা ভিটামিন বি ৭: বায়’টিন বি কমপ্লেক্স ভিটামিনৰ এটা অংশ। কেৰাটিন নামৰ প্ৰটিন উৎপাদনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৰাটিন হৈছে আমাৰ চুলি, ছাল আৰু নখৰ মূল গাঁথনিগত উপাদান। বায়টিনে চুলিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে, চুলিৰ বৃদ্ধি ত্বৰান্বিত কৰে, চুলি শক্তিশালী কৰে। বায়’টিনৰ অভাৱত কেৰাটিনৰ উৎপাদন হ্ৰাস পায়, যাৰ ফলত চুলি দুৰ্বল, ৰুক্ষ আৰু পাতল হৈ পৰে আৰু চুলি সৰা বৃদ্ধি পায়।

৩) জিংকঃ জিংক এবিধ অপৰিহাৰ্য খনিজ যিয়ে চুলিৰ কলাৰ বৃদ্ধি আৰু মেৰামতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও চুলিৰ গুৰিৰ তেলগ্ৰন্থিৰ কাৰ্য্যক্ষমতা অটুট ৰখাত সহায় কৰে। কোষ বিভাজন, প্ৰটিন সংশ্লেষণ, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যকে ধৰি শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কামত জিংক জড়িত হৈ থাকে, যিয়ে চুলিৰ স্বাস্থ্যৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলায়। জিংকৰ অভাৱে চুলিৰ বৃদ্ধি লেহেমীয়া কৰিব পাৰে, চুলি শুকান আৰু ৰুক্ষ কৰি তুলিব পাৰে, চুলি সৰা বৃদ্ধি কৰিব পাৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd