কল্পনা কৰক যে এনে দেৱাল যিবোৰ কেৱল থিয় হৈ থকাই নহয়, ইয়াৰ চাৰিওফালে থকা বতাহও সক্ৰিয়ভাৱে পৰিষ্কাৰ কৰে। চুইজাৰলেণ্ডৰ গৱেষকসকলে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড (CO2) শোষণ কৰা এক যুগান্তকাৰী ‘জীৱন্ত’ নিৰ্মাণ পদাৰ্থ সৃষ্টি কৰি এই সপোনক বাস্তৱত পৰিণত কৰিছে।
নীলা-সেউজীয়া শেলাই (চাইনোবেক্টেৰিয়া) ব্যৱহাৰ কৰি এই পদাৰ্থবিধ তৈয়াৰ কৰা হয়। ই সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইডক অক্সিজেন আৰু শৰ্কৰালৈ ৰূপান্তৰিত কৰে।
কিছুমান বিশেষ পুষ্টিৰ পৰিস্থিতিত ই কাৰ্বন ডাই অক্সাইডক শক্তিশালী, পৰিৱেশ অনুকূল নিৰ্মাণ সামগ্ৰী আৰু চূণশিলৰ দৰে কঠিন খনিজ পদাৰ্থলৈও ৰূপান্তৰিত কৰিব পাৰে। এই অগ্ৰগতিৰ ফলত চহৰ নিৰ্মাণৰ ধৰণ আমূলভাৱে সলনি হ’ব পাৰে।
থ্ৰীডি প্ৰিণ্টাৰৰ সহায়ত হাইড্ৰ’জেলৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে এই সামগ্ৰী। যিটো পানীৰে সমৃদ্ধ। বিজ্ঞানীসকলে হাইড্ৰ’জেলক আধাৰ কৰি তাত চাইন’বেক্টেৰিয়াখিনি আৱদ্ধ কৰি ৰাখিছে।
বিজ্ঞানীসকলে হাইড্ৰ’জেলৰ ভিতৰত এটা ছিদ্ৰযুক্ত গঠন সৃষ্টি কৰিছে যাৰ ফলত পোহৰ, পানী আৰু CO2 মুক্তভাৱে পাৰ হৈ যায়, যাৰ ফলত শেলাইবোৰ সক্ৰিয় হৈ থাকে। চাইন’বেক্টেৰিয়াই বায়ুৰ পৰা CO2 শোষণ কৰি দুটা ধৰণে সংৰক্ষণ কৰে: এটা, জৈৱবস্তু হিচাপে, য’ত শেলাইবোৰে CO2 নিজৰ ভিতৰত ধৰি ৰাখে। আনটো, কাৰ্বনেট খনিজ হিচাপে, য’ত CO2 স্থায়ীভাৱে জমা হয়, যিয়ে পদাৰ্থটোক শক্তিশালী কৰে।
৪০০ দিনীয়া এক অধ্যয়নত দেখা গৈছে যে এই পদাৰ্থটোৱে অবিৰতভাৱে CO2 শোষণ কৰি থাকে, প্ৰতি গ্ৰাম পদাৰ্থত প্ৰায় ২৬ মিলিগ্ৰাম CO2 কঠিন ৰূপত জমা হৈ থাকে। যদিও ৩০ দিনৰ পিছত শেলাইৰ বৃদ্ধি লেহেমীয়া হৈছিল, তথাপিও সময়ৰ লগে লগে খনিজ সঞ্চয় অব্যাহত থকাৰ বাবে CO2 শোষণ সম্পূৰ্ণৰূপে বন্ধ নহয় ।
বিজ্ঞানীসকলে কল্পনা কৰিছে যে এই সামগ্ৰীটো এটা অট্টালিকাৰ বেৰত আৱৰণ হিচাপে প্ৰয়োগ কৰিব পৰা যাব, যাৰ ফলত গঠনটোৱে বায়ুমণ্ডলীয় CO2 শোষণ কৰিব পাৰে আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব পাৰে।
ইটালীৰ ভেনিচত অনুষ্ঠিত হোৱা এখন স্থাপত্য প্ৰদৰ্শনীত ই টি এইচ জুৰিখৰ গৱেষকসকলে গছৰ ডালৰ আকৃতিত এই সামগ্ৰী প্ৰদৰ্শন কৰে। ই বছৰি প্ৰায় ১৮ কিলোগ্ৰাম (৪০ পাউণ্ড) CO2 শোষণ কৰে বুলি অনুমান কৰা হৈছে। সেইটো ২০ বছৰীয়া পাইন গছৰ সমান।
গৱেষকসকলে বিশ্বাস কৰে যে চাইন’বেক্টেৰিয়াবোৰক জিনীয় অভিযান্ত্ৰিকীকৰণ কৰি ইয়াৰ সালোক সংশ্লেষণ ক্ষমতা বৃদ্ধিৰ জৰিয়তে এই পদাৰ্থটোৰ কাৰ্য্যক্ষমতা আৰু অধিক উন্নত কৰিব পৰা যাব।