• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে য়েমেনত বন্দী ভাৰতীয় নিমিছা প্ৰিয়াৰ ফাঁচী ৰখাবলৈ অধিক কিবা কৰাৰ ক্ষমতা নাই বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমনে জনায়। ‘ছেভ নিমিছা প্ৰিয়া একচন কাউন্সিল’ নামৰ সংস্থা এটাই নিমিছাৰ মৃত্যুদণ্ড স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু জয়মল্য বাগচীৰ বিচাৰপীঠে গোচৰৰ শুনানি গ্ৰহণৰ সময়ত এটৰ্নী জেনেৰেলে কয়, “এয়া দুৰ্ভাগ্যজনক। যিমান দূৰ সম্ভৱ কৰা হ’ল।

ভেংকটাৰমনে কয়, “চৰকাৰে এতিয়া ইয়াতকৈ বেছি কিবা কৰিব নোৱাৰে। য়েমেনৰ সংবেদনশীল পৰিস্থিতি চাওক। ভাৰতে এই দেশখনক কূটনৈতিকভাৱে স্বীকৃতি দিয়া নাই। তেওঁ লগতে কয় যে চৰকাৰী পৰ্যায়ত ইয়াতকৈ অধিক কিবা কৰা সম্ভৱ নহয়।

Apply Now

য়েমেন চৰকাৰে কৈছে যে ১৬ জুলাইত নিমিছাক ফাঁচী দিয়া হ’ব। কিন্তু এই স্বল্প সময়ৰ ভিতৰত য়েমেন চৰকাৰৰ সৈতে কূটনৈতিক আলোচনাৰ জৰিয়তে ফাঁচী বাতিল কৰাটো সম্ভৱ নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। তথাপি, দুজনীয়া বিচাৰপীঠে গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। আবেদনকাৰীসকলে কয় যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক য়েমেনৰ সৈতে কূটনৈতিক আলোচনাৰ জৰিয়তে নিমিছাৰ মুক্তি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিব লাগে।

কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা নিমিছা ২০০৮ চনত নাৰ্ছ হিচাপে কাম কৰিবলৈ য়েমেনলৈ গৈছিল। তেওঁ স্বামী টমী থমাছ আৰু কন্যাৰ সৈতে য়েমেনত বাস কৰিছিল। ২০১৪ চনত তেওঁৰ স্বামী আৰু ১১ বছৰীয়া কন্যা ভাৰতলৈ ঘূৰি আহিলেও নিমিছা য়েমেনত থাকিল, কাৰণ তেওঁ নিজৰ ক্লিনিক খুলিব বিচাৰিছিল। সেই বছৰ তেওঁ য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ সৈতে পৰিচিত হয়। মাহদীয়ে তেওঁক নতুন ক্লিনিক খুলিবলৈ সহায়ৰ আশ্বাস দিয়ে, কাৰণ য়েমেনৰ আইন অনুসৰি তেওঁক ব্যৱসায় আৰম্ভৰ বাবে স্থানীয় অংশীদাৰৰ প্ৰয়োজন আছিল। ২০১৫ চনত দুয়োজনে একেলগে ক্লিনিক মুকলি কৰে, কিন্তু পিছত তেওঁলোকৰ মাজত বিবাদৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি, মাহদীয়ে নিমিছাৰ ধন আৰু পাছপ’ৰ্ট কাঢ়ি লৈছিল। তেওঁ অভিযোগ কৰে যে মাহদীয়ে তেওঁক প্ৰহাৰ কৰি জোৰকৈ ড্ৰাগছ সেৱন কৰাইছিল আৰু তেওঁক পত্নী বুলি দাবী কৰি প্ৰশাসনিক সাহায্যত বাধা দিছিল। আৰক্ষীৰ সৈতে যোগাযোগ কৰিলেও কোনো ফল নাপালে। ২০১৭ চনৰ ২৫ জুলাইত নিমিছাই মাহদীক টোপনিৰ বড়ি খুৱাবলৈ বাধ্য হয়। তেওঁৰ দাবী আছিল যে তেওঁৰ উদ্দেশ্য আছিল মাহদীৰ পাছপ’ৰ্ট ঘূৰাই আনি তেওঁক শুই থোৱা। কিন্তু অত্যধিক ড্ৰাগছৰ ফলত মাহদীৰ মৃত্যু হয়। ইয়াৰ পিছত নিমিছাই হানান নামৰ এজন সহকৰ্মীৰ সৈতে মাহদীৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিয়ে। সেই মাহতে য়েমেনৰ পৰা পলায়নৰ সময়ত নিমিছা ধৰা পৰে আৰু তেতিয়াৰ পৰা তেওঁ য়েমেনত বন্দী হৈ আছে। ২০১৮ চনত য়েমেনৰ আদালতে মাহদীৰ হত্যাৰ গোচৰত নিমিছাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি দিয়ে। এই সাত বছৰ ধৰি তেওঁৰ পৰিয়ালে ৩৬ বছৰীয়া নিমিছাক বচাবলৈ সকলো চেষ্টা চলাইছে। পৰিয়ালে ভাৰত চৰকাৰৰ ওচৰতো সহায় বিচাৰিছিল, কিন্তু কোনো ফল নাপালে। শাস্তি হ্ৰাসৰ বাবে য়েমেনৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল, কিন্তু সেই আবেদনো বিগত বছৰত নাকচ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm
দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd