• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 10:09 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স নিয়ন্ত্ৰিত বন্যপ্ৰাণী সংস্থা ‘বনতাৰা’ আৰু গুজৰাটৰ বন বিভাগে যৌথভাৱে যোৱা ১৫ জুলাইত বান্নী ঘাঁহনি ভূমিত ২০টা ফুটুকী হৰিণ মুকলি কৰি দিছিল। ১৫ জুলাইত ৰিলায়েন্সৰ মালিকানাধীন বন্যপ্ৰাণী কোম্পানী বনতাৰা আৰু গুজৰাট বন বিভাগে যৌথভাৱে নিৰ্দিষ্ট ৭০ হেক্টৰ এলেকাত ২০টা ফুটুকী হৰিণ মুকলি কৰি দিয়ে।

বনতাৰাই এই কাৰ্যসূচীক ‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক ডাঙৰ পদক্ষেপ’ হিচাপে প্ৰচাৰ কৰিছে যদিও, বিশেষজ্ঞসকলে এই পদক্ষেপৰ বৈজ্ঞানিক ভিত্তি, পৰিৱেশগত প্ৰভাৱ আৰু নৈতিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

বান্নী প্ৰায় ২৬০০ বৰ্গ কিলোমিটাৰত বিস্তৃত অৰ্ধশুষ্ক, মৰুভূমি প্ৰধান ঘাঁহনি অঞ্চল। ইয়াত প্ৰধানকৈ স্থানীয় তৃণভোজী প্ৰাণী যেনে নীলগাই, চিংকাৰা আৰু কৃষ্ণসাৰ হৰিণ বাস কৰে।

বন বিভাগৰ দাবী যে ফুটুকী হৰিণে পৰিৱেশ তন্ত্ৰত ভাৰসাম্য বজাই ৰাখে আৰু স্থানীয় উদ্ভিদক সমৃদ্ধ কৰে। কিন্তু বাস্তৱত ফুটুকী হৰিণ কেতিয়াও অঞ্চলটোৰ স্বাভাৱিক বাসিন্দা নাছিল।

২০১৩ চনৰ পৰা ২০১৯ চনলৈকে বান্নীত কৰ্মৰত থকা পৰিৱেশবিদ ওভি খোৰাতে কয়, “ফুটুকী হৰিণ গোটেই বছৰটো পানী আৰু সেউজীয়া চৰণীয়া পথাৰৰ ওপৰত নিৰ্ভৰশীল। ৫০ ডিগ্ৰী চেলছিয়াছৰ তাপত ফুটুকী হৰিণ জীয়াই নাথাকিব। তদুপৰি বাহিৰৰ পৰা নতুন তৃণভোজী প্ৰাণী আনি এৰি দিলে ই স্থানীয় গছ-গছনিৰ গঠন সলনি কৰিব পাৰে, যাৰ ফলত ‘কেছকেড ইফেক্ট’ৰ জন্ম হয়।”

বিজ্ঞানীসকলে কয় যে বান্নীত ফুটুকী হৰিণ জীয়াই থাকিলেও ই স্থানীয় প্ৰজাতিৰ প্ৰতি প্ৰতিযোগিতাৰ সৃষ্টি কৰিব। উদাহৰণস্বৰূপে, আন্দামান দ্বীপপুঞ্জত ফুটুকী হৰিণ এতিয়া ‘সক্ৰিয় আক্ৰমণাত্মক প্ৰজাতি’ বা আক্ৰমণাত্মক বিদেশী প্ৰজাতিলৈ পৰিণত হৈছে, যাক নিয়ন্ত্ৰণ কৰিবলৈ বহু ঠাইত হত্যাৰ অনুমতি দিবলগীয়া হৈছে।

অধিক চিন্তনীয় কথাটো হ’ল আফ্ৰিকান চিতাবাঘ বান্নীলৈ অনাৰ প্ৰস্তুতি। যদিও বনতাৰা আৰু বন বিভাগে এই কথা প্ৰত্যক্ষভাৱে স্বীকাৰ কৰা নাই, তথাপিও গুজৰাটৰ মুখ্য বন সংৰক্ষক জয়পাল সিঙে ১৬ জুলাইত কয় যে, “৬০০ হেক্টৰ বান্নী নাহৰফুটুকীৰ বাবে সাজু হৈছে। ফুটুকী হৰিণ আৰু শৰপহুৰ প্ৰজনন চলি আছে।” ইয়াৰ দ্বাৰা মধ্যপ্ৰদেশৰ কুনো অভয়াৰণ্যৰ আৰ্হি অনুসৰণ কৰা হৈছে, য’ত আফ্ৰিকান চিতাবাঘ আনিবলৈ প্ৰাকৃতিক চিকাৰ হিচাপে ফুটুকী হৰিণ এৰি দিয়া হয়।

এই পৰিস্থিতিয়ে জনজাতীয় মালধাৰী জনগোষ্ঠীকো চিন্তিত কৰি তুলিছে। বান্নীৰ ঘাঁহনিভূমি তেওঁলোকৰ পশুপালন আৰু জীৱিকাৰ মূল ভেটি। বন বিভাগৰ এই সিদ্ধান্তত তেওঁলোকৰ মতামত লোৱা হোৱা নাছিল।

বন বিভাগ আৰু বনতাৰাই কয়, “এইটো বৈজ্ঞানিক মূল্যায়নৰ ওপৰত ভিত্তি কৰি পুনৰ্বাসন কাৰ্যসূচী। ফুটুকী হৰিণে পৰিৱেশত ভাৰসাম্য বজাই ৰাখে আৰু উদ্ভিদৰ বৈচিত্ৰ্যত সহায় কৰে।”

কিন্তু পৰিৱেশবিদসকলে কয় যে এই যুক্তিটো সাধাৰণীকৰণ কৰিব নোৱাৰি। পৰিৱেশ তন্ত্ৰ অনুসৰি ফলাফল বেলেগ বেলেগ। বিৰোধিতা আৰু অধিক বৃদ্ধি পাইছে কাৰণ ধাৰণা কৰা হৈছে যে এইটো ভৱিষ্যতে বান্নীলৈ আফ্ৰিকান চিতাবাঘ অনাৰ প্ৰস্তুতি।

বিগত বৰ্ষৰ অক্টোবৰ মাহত মধ্যপ্ৰদেশৰ কুনো অভয়াৰণ্যত চিতা বাঘৰ বাবে এটা  ফুটুকী হৰিণ মুকলি কৰি দিয়া হৈছিল। এতিয়া ৬০০ হেক্টৰ বান্নীত চিতাৰ বাবে ‘ব্ৰিডিং চেণ্টাৰ’ স্থাপন কৰা হৈছে আৰু ফুটুকী হৰিণৰ প্ৰজননও চলি আছে।

পৰিৱেশবিদসকলে এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰিছে—এয়া প্ৰকৃত পুনৰ্বাসন নে ‘উচ্চ মেনেজমেন্ট পৰিচালিত চিৰিয়াখানা’? বৈজ্ঞানিক যুক্তি, পৰিৱেশগত সামঞ্জস্য আৰু স্থানীয় লোকৰ অধিকাৰক আওকাণ কৰা হৈছে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd