বুধবাৰে ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰী জেনেৰেল আলেকজেণ্ডাৰ ফমিনক সাক্ষাৎ কৰে।
এই বৈঠকত তেওঁ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, “ভাৰতৰ ৰাষ্ট্ৰদূতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সহযোগিতাৰ দায়িত্বত থকা জেনেৰেল ফমিনক সাক্ষাৎ কৰে। এই বৈঠক ‘পৰম্পৰাগত উষ্ণ আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশ’ত অনুষ্ঠিত হৈছিল।”
মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, “ৰক্ষা খণ্ডত পাৰস্পৰিক সহযোগিতাৰ সৈতে জড়িত প্ৰাসংগিক বিষয়সমূহ দুয়োপক্ষৰ মাজত বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ সময়ত কৌশলগত অংশীদাৰিত্বৰ মনোভাৱেৰে এই সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে।”
এই বৈঠক এনে সময়ত সংঘটিত হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে অহা ২৪ ঘন্টাত ভাৰতক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ দিছে।