বলীউড নহয়, হলিউডৰ যিকোনো শ্বাসৰুদ্ধকাৰী চিনেমাকো চেৰ পেলাব পৰা এটা দৃশ্য। আঠ মিনিটতকৈও কম সময়ৰ মসৃন অভিযান। বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ আৰু নগদ ৫ লাখ টকা লুটি নিলে। অভিযানকাৰী মটৰবাইকত উঠি অহা ৩ জন অস্ত্ৰধাৰী যুৱক।
সোমবাৰে পুৱা মধ্যপ্ৰদেশৰ জবলপুৰৰ খিতোলা গাঁৱত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। জিলা সদৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত অৱস্থিত খিতোলা। তাত থকা ই এছ এ এফ স্মল ফাইনেঞ্চ বেংকৰ পৰা সোণ আৰু টকা লুট কৰা হয়।
জবলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সূৰ্যকান্ত শৰ্মাই জানিবলৈ দিয়া মতে, তিনিজন ডকাইত আছিল। মটৰবাইকত উঠি বেংকলৈ আহিছিল। তিনিওজনে হেলমেট পিন্ধি আছিল। বাইকখন বেংকৰ সন্মুখতে ৰখাই থয়।
জবলপুৰৰ সেই বেংকত কোনো নিৰাপত্তাৰক্ষী নাছিল। বেংকত সোমোৱা মূল গেটখন ডাঙৰকৈ খোলা আছিল। ভাঙিব পৰা ধৰণৰ দুৱাৰো নাছিল। তিনিওটা ডকাইত বেংকত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক বাধা দিব পৰা কোনো নাছিল।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৯ বজাত বেংকটো খোলাৰ লগে লগে এজন এজনকৈ তিনিজন অস্ত্ৰধাৰী যুৱক প্ৰৱেশ কৰে। বেংকত ছয়জন কৰ্মচাৰীয়ে কাম কৰে। সিহঁতে কাম আৰম্ভ কৰিছিলহে মাত্ৰ। ডকাইতৰ দলটোৱে দেশত নিৰ্মিত পিষ্টল উলিয়াই কৰ্মচাৰীসকলৰ ফালে টোৱাই ধৰে।
জবলপুৰ আৰক্ষীৰ এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, দুষ্কৃতিকাৰীয়ে কৰ্মচাৰীসকলৰ ফালে পিষ্টল টোৱাই কয় যে যদি কোনোবাই লৰচৰ কৰে বা আৰক্ষীক খবৰ দিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে তৎক্ষণাত গুলীচালনা কৰিবলৈ বাধ্য হ’ব।
আৰক্ষীয়ে জনোৱা মতে, দুষ্কৃতিকাৰীয়ে বেংকৰ মেনেজাৰজনকো বন্দুকেৰে ভয় দেখুৱাই ধৰি ৰাখিছিল। তেওঁলোকে মেনেজাৰক সোণৰ লকাৰটো খুলিবলৈ কয়। লকাৰটো খোলাৰ লগে লগে এজন ডকাইত ভিতৰলৈ সোমাই গৈ বেগত সোণ ভৰাই লৈ ওলাই আহে। যোৱাৰ পূৰ্বে বেংকৰ কেছ কাউণ্টাৰৰ পৰাও ৫ লাখ টকা কাঢ়ি লৈ যায়।
জবলপুৰৰ আৰক্ষী অধীক্ষক সম্পত উপাধ্যায়ে জনোৱা মতে, সমগ্ৰ অভিযানটো ৮ মিনিটতকৈও কম সময়ৰ ভিতৰতে সংঘটিত হয়। বেংকৰ পৰা ওলাই অহাৰ পিছত মটৰবাইকত উঠি পলায়ন কৰে দুষ্কৃতিকাৰী। বেংক আৰু অঞ্চলটোৰ চিচিটিভি ফুটেজৰ পৰা দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। লগতে বেংকৰ কোনো লোক ডকাইতিৰ লগত জড়িত আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত আছে।
এই শিহৰণকাৰী ডকাইতিৰ ঘটনাই মধ্যপ্ৰদেশত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত ৰাজ্য আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়াই বিব্ৰত হৈ পৰিছে। তেওঁলোকৰ একাংশৰ মতে, সৱিশেষ নাজানিলে আৰু বেংকৰ কোনোবাই লকাৰত ইমান সোণ থকাৰ বিষয়ে আগতীয়াকৈ খবৰ নিদিলে ইমান কম সময়ৰ ভিতৰতে ইমান নিখুঁত অভিযান সম্ভৱ নহ’লহেঁতেন।