ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়াক স্বচ্ছ আৰু নিৰপেক্ষ কৰি তুলিবলৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে (ECI) এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগে ৪৭৬টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ (RUPPs) পঞ্জীয়ন বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই দলসমূহৰ বিৰুদ্ধে বিগত ছটা বছৰত (২০১৯ৰ পৰা) এটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পূৰ্বে, ৯ আগষ্টত প্ৰথম পৰ্যায়ত ৩৩৪টা RUPP-ৰ পঞ্জীয়ন বাতিল কৰা হৈছিল।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই ৪৭৬টা দলৰ ভিতৰত সৰ্বাধিক সংখ্যক দল উত্তৰ প্ৰদেশৰ (১২১টা), তাৰ পিছত মহাৰাষ্ট্ৰ (৪৪টা), তামিলনাডু (৪২টা) আৰু দিল্লী (৪১টা)ৰ। ২০২৫ বৰ্ষৰ শেষৰ ফালে বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্য খনৰ ১৫টা দলৰ পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে।
আয়োগৰ তথ্য অনুসৰি এই দলসমূহে নিৰ্বাচনী নিয়মৰ লগতে ‘ৰিপ্ৰেজেণ্টেচন অৱ দ্য পিপলছ এক্ট, ১৯৫১’ৰ ধাৰা ২৯এ-ৰ অধীনত থকা বাধ্যতামূলক প্ৰকাশৰ নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ভিতৰত দলৰ নাম, ঠিকনা, আৰু কাৰ্যালয়ৰ পৰিচালকৰ নামৰ সালসলনিৰ তথ্য আয়োগক জনোৱাৰ বাধ্যবাধকতাও অন্তৰ্ভুক্ত আছে।
উল্লেখ্য যে এই দলসমূহৰ পঞ্জীয়ন বাতিলৰ ফলত আয়কৰ আইন, ১৯৬১ৰ ধাৰা ১৩এ-ৰ অধীনত কৰ ৰেহাই, নিৰ্বাচনী প্ৰতীক (সংৰক্ষণ আৰু বণ্টন) আদেশ-১৯৬৮, আৰু ‘ৰিপ্ৰেজেণ্টেচন অৱ দ্য পিপলছ এক্ট-১৯৫১ৰ ধাৰা ২৯বি আৰু ২৯চিৰ অধীনত পোৱা সুবিধা হেৰুৱাব। আয়োগৰ মতে, এনে নিষ্ক্ৰিয় দলসমূহে কৰ ৰেহাইৰ সুবিধা লৈ আৰ্থিক অনিয়ম, যেনে ধন সৰবৰাহৰ (money laundering) কাৰ্য্যত জড়িত হোৱাৰ সম্ভাৱনা থাকে।
আয়োগে নিৰ্বাচনী ব্যৱস্থাত স্বচ্ছতা আৰু জৱাবদিহিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে। আৰু কোনো দলৰ যদি এই সিদ্ধান্তৰ ওপৰত আপত্তি থাকে, তেন্তে তেওঁলোকে আদেশ জাৰিৰ ৩০ দিনৰ ভিতৰত আয়োগৰ ওচৰত আপীল কৰিব পাৰে বুলি সদৰী কৰিছে।