শীৰ্ণকায় হাতখনেৰে মানুহগৰাকীয়ে গেটখন খুলিবলৈ লৈ ঘুৰি চালে টমিলৈ। অস্ফুট মাতেৰে কলে,
-তই ভালে থাকিবি দেই টমি। মই আহিলোঁ ৷
এইবুলি মানুহ গৰাকী দুৰ্বল খোজৰে ওলাই গ’ল স্নেহ কুটিৰৰ পৰা ৷ আনকালে হোৱা হ’লে গেটখনৰ হুকটো লগাই তলাটো মাৰি এবাৰ টানি চালে হেতেন ভালকৈ লাগিলে নে নাই বুলি। তাৰ পিছত ভোৰভোৰাই নেদেখা জনক ক’লে হেতেন
-মই অলপ ওলাই যাওঁ। হে ভগৱান তোমাকেই গতালোঁ। ৰাখিবা কুশলে।
আজি কিন্ত কথাবোৰ যেন সুকীয়া। মানুহগৰাকীৰ আজি ভাবলেশহীন এহাল চকু আৰু উদ্দেশ্যহীন খোজ। সেইটো খোজেৰে ঘৰটোৰ পৰা ওলাই এখোজ দুখোজকৈ গৈ থাকিল তেওঁ।
মন মাৰি ঠাইতে বহি জুপুকা লগা মানুহজনীৰ মনটো ভাল লগাবলৈকে যাদৱ দাসে টমিক লৈ আহিছিল। টমিক আনোতে সি তেনেই কেচুৱা। লোদোৰ পোদোৰ কণমানি এডাল নেজেৰে সৈতে বগা নোমাল টমিটোক আনি যাদৱ দাসে মায়া বহি থকা চকীখনৰ কাষত মাটিতে থলে। টমিলৈ এবাৰ অৱজ্ঞাৰে চাই মানুহগৰাকীয়ে উদাস চাৱনিৰে আনফালে চাই পঠিয়ালে। চিন্টুক পঢ়িবলৈ পঠিওৱাৰ পৰা মায়াৰ মনটো আজিকালি ভালেই নাথাকে। সকলোবোৰ সুখ আনন্দ যেন হঠাৎ হেৰাই গ’ল তেওঁৰ জীৱনৰ পৰা। এক মাত্ৰ সন্তান চিন্টুৰ পিচে পিচে যেন গুচি গ’ল মায়াৰ সমগ্ৰ সুখ। চিন্টুক পঠিওৱাৰ পিছত যেন ঘৰখনত ব্যস্ত হৈ থাকিবলৈ একোৱেই কাম নাইকিয়া হৈ থাকিল। তাক লৈয়ে পুৱাৰ পৰা গধুলীলৈ তেওঁৰ ব্যস্ততা। পুৱাৰ পৰা চিঞৰ আৰম্ভ হয় মায়াৰ
-চিন্টু আঠ বাজিল উঠিবি নে? চিন্টু ব্ৰেকফাষ্টত কি বনাম? চিন্টু কাপোৰ ৰেডি আছে। চিন্টু জোটা ব্ৰাচ কৰি থৈছোঁ। চিন্টু ভাতৰ লগত কি খাবি? চিন্টু টিফিনত কি দিম?
যাদৱ দাসে বুজি উঠিল চিন্টুক মায়াৰ লগত ডাঙৰ হ’বলৈ দিলে সি কেতিয়াও আত্মনিৰ্ভৰশীল নহ’ব। প্ৰতিটো কথাত আনৰ হাতলৈ চাই থাকিব লাগিব। সেইকাৰণে চিন্টুক আই আই টি দিল্লীলৈ পঠিয়াই দিছিল। মায়াই কাতৰকৈ ধৰিছিল,
-হেৰি চিন্টুক গুৱাহাটীৰ আই আই টিতে দিয়কচোন। ঘৰৰ ল’ৰা ঘৰতে থাকিব। হোষ্টেলত থাকিলেও মাজে সময়ে ঘৰলৈ লৈ আনিব পাৰিম।
-নাই নাই ল’ৰাই ইমান ভাল ঠাই এটুকুৰাত পঢ়িবলৈ পাইছে। আমি আমাৰ স্বাৰ্থৰ কথা ভাবি ঘৰত বান্ধি ৰাখিব নোৱাৰো নহয়। কেৰিয়াৰৰ কথা আছে।
চিন্টু গুচি যোৱাৰ এসপ্তাহ হৈছিল আৰু মায়াই দাসক মাতবোল কৰিবলৈ এৰি দিছিল। নোৱাৰাত যিখিনি ক’ব লাগে সেইখিনিৰ বাদে কিবা ক’বলৈ মুখ মেলিলেই কথাৰ মাজতে ও আ নকৰাকৈ মায়াই বেলেগ কাম আছে বুলি উঠি যায়। মায়াৰ উদাস ভাব আঁতৰাবলৈকে দাসে টমিক লৈ আহিছিল। প্ৰথম অৱস্থাত টমিৰ প্ৰতি উদাসীন আছিল মায়া। টমিৰ আগমনেও মায়াৰ পৰিৱৰ্তন আনিব নোৱাৰা কথাই মনোকষ্ট দিছিল দাসক। প্ৰথম অৱস্থাত খাবলৈ দিয়াৰ বাদে আন দায়িত্ব ল’বলৈ নিবিচাৰে তাই। কিন্ত টমিয়ে মৰম লগাব জানে। যাদৱ দাসৰো অটল বিশ্বাস টমিয়ে মায়াৰ মনৰ পৰিৱৰ্তন কৰিব পাৰিব। টমিয়ে কেতিয়াবা মায়াৰ চোলাটো টানিবহি। কেতিয়াবা চেলেকি দিবহি। কেতিয়াবা মাটিতে লুটিবাগৰ খাই মৰম পাবলৈ বিচাৰিব। তাকে দেখি দেখি মায়াৰ টমিলৈ মায়া উপজিল। লাহে লাহে ব্যস্ত হৈ পৰিল টমিৰ লগত। ৰাতিপুৱাৰ পুনৰ ৰুটিন আৰম্ভ হৈ গ’ল মায়াৰ।
-টমি ব্ৰেকফাষ্ট খোৱাৰ আগতে চাওঁ দাঁত ধুৱাই দিওঁ। সেই এইডাল! টুথপেষ্ট খিনি চেলেকি খাই দিয়। আহ এতিয়া ব্ৰেকফাষ্ট খাবি। দুপৰীয়া টমিক চেম্পুৰে সৈতে গা ধুৱাই দিয়ে। গা ধুই আহিয়েই মায়াই পাৰি দিয়া টাৱেলখনত জপিয়াই পৰেহি সি। গাটো মায়াই মোহাৰি দি উঠি তাৰ লগত অলপ সময় টেনিছ বলটো লৈ খেলে। মায়াই দলিয়াই দিয়া বলটো সি দাঁতেৰে কামুৰি আনি পুনৰ তাইৰ সন্মুখত পেলাই দিয়েহি। সি ভাগৰি পৰা যেন দেখিলে মায়াই তাক খাবলৈ দি দিয়ে। টমিৰ খোৱাৰ অভ্যাসবোৰো আচহুৱা। সি মাছ দেখিলে খোৱাৰ কাষেই নাচাপে। নিৰামিষ ভাত দেখিলে মুৰেই নুতুলে সি। কোমলকৈ বনোৱা মুৰ্গী মাংসহে সি খাই ভাল পায়। তাৰ পিছত তাক অলপ গাখীৰ ভাত পায়সৰ দৰে বনাই দিয়ে জয়াই। টমি তাৰ পিছত পাৰি থোৱা বিচনাখনত দীঘল দিয়ে। সেইটো সময়তে জয়াই কামবোৰ অতাই লয়। শুই উঠাৰ পিছত বাহিৰলৈ যাবলৈ তত হেৰাই দিয়ে সি। গধুলীৰ সময়ত বাহিৰলৈ ফুৰিবলৈ লৈ যোৱাটো এটা নিয়মৰ দৰে হৈছিল। মায়া আছিল চুবুৰীয়াটোৰ সৰবৰহী মহিলা। অমায়িক আৰু ভদ্ৰ ব্যৱহাৰৰ বাবে সকলোৱে ভাল পাইছিল। মায়াই কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ ওলালে টমি আগ বাঢ়ে। মায়া মানুহ ঘৰলৈ সোমাবলৈ নৌ পাওঁতেই গৃহস্থক টমিয়ে গৈ আগতিয়াকৈ বতৰা দিয়েগৈ। লাহে লাহে টমি সকলোৰে আদৰৰ হৈ পৰিল। চুবুৰীয়াৰ সৰু সৰু ল’ৰা-ছোৱালী বোৰৰ সৈতে মুকলি পথাৰত দৌৰি ফুৰে টমি। ৰাতি কৰবাত খিৰিককৈ শব্দ হ’লেই টমিয়ে ভুকি তালফাল লগাই। এটা সদা সচেতন চকিদাৰৰ দৰে হ’ল চুবুৰীয়াটোৰ। তাক মৰমতে ইটোৱে সিটোৱে বিস্কুট-গাখীৰ খাবলৈ দিয়া হ’ল৷
-হেৰি শুনিছে চিন্টুটো কি বহাগৰ বিহুটোত নাহিব নেকি?
-ক’তনো তাহাঁতক বন্ধ দিব চাগে। গণেশ পূজাতে আহিব সি। নহলে টাৰ্ম এণ্ড বোৰত আহিব দিয়া। হেৰা কিনো চিন্তা কৰা চাৰিটা বছৰহে। চকুৰ পচাৰতে যাব।
-হ’লেও পূজা পাৰ্বনত, বিহুৱে সংক্ৰান্তীয়ে নাহিলে বৰ বেয়া লাগিব। ঘৰত মাত্ৰ এই তিনিটা প্ৰাণী। তাকো এটা নাই।
-কিয় টমি ?
দাসৰ কথা শুনি উচাৎ মাৰি আঁতৰি গ’ল মায়া।
বিহু বুলি পিঠা পনা, দৈ, সান্দহ, চিৰা, গুড় আনি দুদিনৰ আগত ঘৰ ভৰাই দিছে দাসে।
-হেৰা বৰা চাউল অনা নাই হে। কিমান কেজি মান লাগিব বাৰু?
-নেলাগে মোক বৰা চাউল -চৰা চাউল। মই বিহু পতাত নাই। ইমান দুৰলৈ পঠিয়াই দিছে ল’ৰাটোক বছৰেকৰ বিহুটোতো নেদেখোঁ।
মায়াৰ মাতটো আবেগত ঠুকাঠুকি হৈ ওলাল।
-হব ৰবা ৰবা মই বাবাৰ লগত কথা পতাই দিছোঁ।
ফোনটো দুবাৰমান ৰিং হোৱাৰ লগেলগে সিফালৰ পৰা চিন্টুৰ মাত শুনা গ’ল।
-অ দেতা কোৱা?
-ল মাৰৰ লগত কথা পাত।
মায়াৰ হাতত ফোনটো দি দাস আঁতৰি গ’ল। মায়াই চকুপানী মোহাৰি মাতটো স্বাভাৱিক কৰিবলৈ যত্ন কৰি ক’লে
-তইনো নিজে উপযাচি ফোন এটা কৰিব নোৱাৰ নে? দেউতাৰ কিমান টেনচনত থাকে।
সিফালৰ পৰা চিন্টুৱে সশব্দে হাঁহি উঠিল
-কি হাঁহিব আহিছ?
-মা অ আজলীজনী। কোনে টেনচনত থাকে মই জানো নহয়। দেউতাই মোক কৈছেই মই অহাৰ পৰা তুমি সৰু ছোৱালীৰ নিচিনাকৈ ওফোন্দ পাতা। ভাত নোখোৱা। হকে বিহকে গালি পাৰা দেউতাক তাৰ পিচ পাকতে কান্দা। টমিক মইয়ে দেউতাককৈ অনাই দিছোঁ।
-এহ থ! তহঁত পুতেৰ-বাপেৰ দুইটাই মোক টেনচন দিছ। বাদ দে সেইবোৰ, তইনো বিহুটোত ঘৰলৈ দুদিনৰ ছুটি লৈ আহিব নোৱাৰ নেকি?
-আমাৰ ছুটি নাই মা অ। নিজৰ ফালৰ পৰা ছুটি ল’লেও ঘৰত অসুবিধা দেখুৱাই আহিব লাগিব। পিছত মিছা বুলি জানিলে ৰেকৰ্ড বেয়া হ’ব। আৰু এদিন ক্ষতি হ’লেই বহুত পিছ পৰি যাওঁ। ইমান দিনৰ বাবে গ’লেটো পিছত বহুত অসুবিধা হ’ব গৈ। কেতিয়াবা পঢ়া শুনা এৰি গুচি যাব মন যায়। আকৌ লগৰবোৰে বুজায়। মই পঢ়া আধাতে সামৰি থৈ গ’লে তোমালোকৰ সপোনবোৰ কি হ’ব। কি কৰোঁ কোৱা? এনেকৈ মাতি থাকিলে গুচিয়ে যাম কেতিয়াবা চাবা।
-এহ থ হ’ব দে। অসুবিধা কৰি আহিব নালাগে। কিবা বন্ধ পালে মিলাই আহিবি।
-ক’ব লাগিছে নে? হব দিয়া। আহিম। এতিয়া ৰাখোঁ। প্ৰজেক্টৰ কাম অলপ আছে।
-হ’ব দে। খোৱা বোৱা ভালদৰে কৰিবি। টকা পইচাৰ দৰকাৰ হ’লে কবি। ৰাখো দে।
চিন্টুৰ ফোনটো পাই মনটো ফৰকাল হ’ল মায়াৰ।
তাৰ পিছত চিন্টুৰ ফোন ঘনাই আহে। আকৌ লাহে লাহে সি ব্যস্ত হৈ পৰে পঢ়াত। ফোন কৰা কমে। আকৌ মাকে ওফোন্দ পাতে ফোন নকৰাৰ বাবে। বন্ধ মিলাই চিন্টু ঘৰলৈ অহা কেইদিনত টমিৰ গুৰুত্ব কিছু কমে। তথাপি তাৰ আক্ষেপ নাই। মায়াই যেতিয়া চিন্টুৰ পিচে পিচে লাগি ফুৰে তদাৰক কৰি তেতিয়াই টমিয়ে জয়াৰ পিছে পিছে ছাঁ হৈ ঘুৰি ফুৰে।
লাহে লাহে বছৰ বাগৰিল চিন্টুৰ পঢ়াৰ বোজা বাঢ়ি আহিবলৈ ধৰিল। ঘৰলৈ আহ জাহ কমিল। মায়াই পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব নোৱাৰি উচুপি উঠিল। ল’ৰাটোৰ মুখখন নেদেখা এটা বছৰেই হ’ব।
-হেৰি চিন্টুৱে ফোন কৰিছিল নেকি? ল’ৰাটোৰ আজি দুমাহে এষাৰ মাত শুনা নাই। ফোন কৰিলেই এংগেজ বুলি কয়।
কথাটো দাসেও অনুভৱ নকৰা নহয়। আজি দুমাহে তাক চেষ্টা কৰি পোৱা নাই ফোনত। লগৰটোৰ পৰাই খবৰ বাতৰি লৈছে। চিন্টু কিবা কিবি লৈ ফোনটোত আৰু পঢ়াত ব্যস্ত হৈ থকাৰ কথা জনাইছে। হ’বও পাৰে চাগে। সেইকাৰণে চাগে ফোনটো ব্যস্ত হৈ থাকে। কিন্ত মায়াৰ মনত কষ্ট দিব নিবিচাৰে তেওঁ। ফাকি মাৰিলে মায়াক,
-মই কালি অফিচৰ পৰা ফোন কৰিছিলোঁ। চিন্টু খুব ব্যস্ত বুজিছা।
-সি ইমান ব্যস্ত নে ফোনটো অনবৰত ব্যস্ত থাকে।
-সেইবোৰ আমি কি বুজি পাম হয়। আমি দুটাইনো সেইবোৰ পঢ়ি পাইছো জানো। হ’ব দিয়া সি সুখ্যাতিৰে ওলাই অহাতহে আমাৰ আনন্দ হ’ব লাগে। আৰু নো আছে কেইটা দিন। ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিব। তেতিয়াই কিমান মৰম কৰা কৰি ল’বা।
-হ’ব দিয়ক৷ তাৰ সুখেই আমাৰ সুখ।
চিন্টুৰ ঘৰলৈ অহা কমিছিল। ফোন কৰা প্ৰায় বন্ধ হৈ পৰিছিল। সেইবাৰ চাগে তাৰ ইঞ্জিনীয়াৰিঙৰ শেষৰটো ষান্মাসিক আছিল। আৰু মায়াৰ আনন্দত মন নধৰা হৈছিল। আনন্দতে টমিকে উৰাই ঘূৰাই মৰম কৰিছিল। দিয়াকে দিছিল, খোৱাকে খুৱাইছিল। টমিয়েও যেন মায়াৰ আনন্দত যোগ দিছিল। নেগুৰ লৰাই তাৰো আনন্দ লগাৰ উমান দিছিল।
-বুজিছ টমি চিন্টু দা আহিলে আমি খুব ফুৰিম গাড়ীত উঠি। চিন্টুদাই গাড়ী চলাবলৈ শিকিলে নহয়। চিনেমা চাবলৈ নাযাওঁ দে তোৰ যিটোহে ভয়। ভুকি কাকো চোৱা নকৰিবি। চিন্টুদাক বুজিছ ইয়াতে চাকৰি এটা ল’বলৈ কম। নালাগে আৰু দূৰত থাকিব। ঘৰৰ ল’ৰা ঘৰতে থাকক। তহঁতৰ বাপেৰটোৱে এইবেলি ক’লেও নুশুনো মই। আৰু চাকৰি পালে বৰুৱা আন্টিৰ জীয়েকজনী যে মানবী, তাইকে চিন্টুলৈ বিয়া পাতি আনিম বুজিছ।
টমিয়ে মুখলৈ চাই চিঞৰি উঠিল
-ভুক ভুক৷
-তই ভাবিছ নেকি সি মোৰ কথা নুশুনিব? শুনিব চাবি। সি মোক বৰ ভাল পাই মোৰ কথা সি কেতিয়াও নেপেলায়। সি এইবাৰ দেউতাকৰ ভয়তে পঢ়িবলৈ গ’ল। আৰু মোক এৰি কেতিয়াও নাযায় চাবি। এইবাৰ দেউতাকে যাবলৈ ক’লে উভতি ধৰিব নাযাওঁ বুলি। তেতিয়া সি সৰু আছিল বুলিহে ভয়তে গ’ল। এইবাৰ সি কেতিয়াও মোক এৰি নাযায়।
-হেৰা কি বিৰবিৰাই আছা হে? অথনিৰে পৰা বহি আছোঁ তোমাৰ খবৰ এটা নাই। ল’ৰা আহিব বুলি মোক পাত্তাই নিদিয়া হ’লা যে?
-ইহ! কাম আছে মোৰ বুঢ়াটোক পাত্তা দি থাকিবলৈ। মনে মনে বহি কিয় আছে। চাহ কাপ নিজে বনাই মোকো একাপ দিব পাৰিলে হয় ইমান সময়ে।
দিনবোৰ এদিন দুদিনকৈ বাগৰে আৰু তেনেকুৱাতে এদিন অফিচৰ পৰা ফোনটো আহে। মায়াই বাথৰুমৰ পাই শুনিছিল ফোনটো ৰিং হৈ হৈ বন্ধ হৈ গ’ল। মুখেৰে ভোৰভোৰালে
-চিন্টুটো সদায় মই কিবা এটা কামত লাগি থাকোঁতেই ফোন কৰে।
মায়াই বাথৰুমৰ পৰা ওলাই দেখে টমিয়ে ফোনটো থোৱা টেবুলখনৰ চাৰিওপিনে অস্থিৰ হৈ ঘুৰি আছে। মায়াই উৎসাহত লৰা-লৰিকৈ ফোনটো উঠাই কলবেক কৰিবলৈ লৈ ডায়েল পেড খন চাই মনটো মৰহি গ’ল।
-ছেহ! চিন্টুৱে ফোন কৰিছে বুলি মনটো ভাল লাগি গৈছিল। টমি আজি দেউতাৰৰ অফিচৰ পৰা ফোন কৰিবলৈ কি মন চলিল বা?
মায়াই যাদৱ দাসৰ ফোনটোলৈ ফোন কৰিলে। দুটামান ৰিং হোৱাৰ পিছতে সিফালৰ পৰা দাসৰ ঠাইত বেলেগৰ মাত শুনি মায়া আচৰিত হ’ল।
-কোনে কৈছিল বাৰু?
মায়াই ওলটাই শুধিলে
-আপুনি কোন? এইটোটো আমাৰ এখেতৰ নাম্বাৰ।
-বৌ ,মই বাহাদুৰে কৈছোঁ। চাৰৰ গাটো বেয়া হ’ল অফিচত। আমি হস্পিতালত ভৰ্তি কৰাইছোঁ। আপুনি আহি যাব নেকি?
মায়াৰ ভৰি হাত কপিবলৈ ধৰিছে। তাই যেন কাণেৰে একো নুশুনা হৈ গ’ল। এই যেন তাইৰ চাৰিওফালৰ পৃথিৱীখন চক্ৰাকাৰে ঘুৰিব ধৰিছে। পৰি যাব যেন তাই লুটি খায়। কাষতে থকা বিচনাৰ খুটিটো ধৰি তাই বিচনাখনত বহি পৰিল। লাহে লাহে সম্বিত ঘূৰাই পাই কাষৰ বৰুৱাৰ ল’ৰা বিটুলৈ ফোন লগালে।
-অ আন্টি কওক৷
-বিটু আংকলৰ অফিচৰ পৰা ফোন আহিছে। আংকলৰ গা বেয়া কৰিলত হাস্পতালত ভৰ্তি কৰালে। এপাক তালৈ যাব লাগে। তই পাৰ যদি ওলা।
-ৰ’ব মই গৈ আছোঁ।
যেতিয়া মায়া হাস্পতাল পাইছিলগৈ তেতিয়া দাসক আই চি য়ুত সোমোৱাইছিল। বাহিৰৰ পৰা কপা কপা হাতেৰে গ্লাছখন মোহাৰি ভিতৰলৈ দাসক চাইছিল মায়াই। মেছিন পাইপ আদিৰ মাজত মানুহজনে চকুহাল মুদি প্ৰশান্তিত যেন টোপনিয়াইছে। ওলাই অহা চকুপানীখিনিয়ে বাৰে বাৰে আমনি দিছিল মায়াক। ধৈৰ্য্য ধৰিবলৈ গৈ বাৰে বাৰে চেপি ৰখা কান্দোন ওলাই আহিব বিচাৰিছিল। একেবাৰে পাহৰি পেলাইছিল চিন্টুক যে এটা খবৰ দিয়া উচিত। দৌৰ মাৰিছিল ডাক্তৰ কটকীৰ কাষলৈ।
-মানুহজন বিপদমুক্ত বাহিৰত নে? ইমান ডাঙৰ পাইপ সোমোৱাই দিছে মুখত তেওঁ চাগে কম কষ্ট পাইছে নে!
চকুৰপানী মোহাৰি শুধিছিল মায়াই।
বহু সময় মৌন হৈ থাকি কটকীয়ে কৈছিল…
-আপুনি ধৈৰ্য্য ধৰক মিচেছ দাস। হি ইজ ইন ভেন্টিলেচন। চাণ্সেজ ইজ ভেৰি থিন। মে বি কাম আউট ফ্ৰম ডেঞ্জাৰ অৰ কলাপছ। এতিয়া আমি সকলোৱে ভগৱানক প্ৰাৰ্থনা জনাম যাতে আমাৰ প্ৰতি দয়া কৰে।
ভৰিৰ তলৰ মজিয়াখন যেন এই নোহোৱা হৈ গ’ল। এইযেন চকীখনৰে সৈতে তেওঁ পাতালৰ মাজত সোমাই যাব। এনেকুৱা লাগিল ভগৱানে যেন এইবোৰ কথা নুশুনাকৈ তেওঁক আগতেই মাৰি নিয়া হেতেন ভাল আছিল। কি কৰিব মায়াই ভগৱানক কেনেকৈ পাব বিচাৰি এবাৰ কবলৈ এনে অবিচাৰ নকৰিবলৈ। মায়াই লাহে লাহে থিয় হৈ এখোজ দুখোজকৈ ডাক্তৰৰ চেম্বাৰৰ পৰা ওলাই গৈ বাহিৰৰ গনেশৰ মূৰ্ত্তিটোৰ সন্মুখত বহি পৰিল। এইবাৰ তাই নিজক সম্ভালিব নোৱাৰিলে সশব্দে কান্দি উঠিল। বৰ অকলশৰীয়া অনুভৱ হ’ল তাইৰ। চিন্টুৰ অভাব বাৰুকৈয়ে অনুভৱ কৰিলে। মনতে হিচাপ কৰিলে চিন্টুৰ পৰীক্ষাবোৰ শেষ হ’লনে নাই বা? নিয়মমতে কালিয়েই শেষ হ’ব লাগিছিল। লাহে লাহে তাই থিয়হৈ ইফালে সিফালে চাই বিটুক বিচাৰিলে। বাহাদুৰেও লৰা লৰিকৈ তাইৰ কাষলৈ আহি দাসৰ ফোনটো আগবঢ়াই দিলে
-চাৰে দাদালৈ ফোন কৰি আছিল। হঠাৎ কি হ’ল গমেই নেপালোঁ। খালী মোলৈ চাই ক’লে ডাক্তৰ মাত আৰু আপোনাৰ নামতো কৈয়ে ধলি পৰিল চকীখনত। মই ড্ৰাইভাৰ মতিলালক মাতিলো আৰু হাস্পতালত লৈ আনিলোঁ। বাকী চাৰবোৰ আমাৰ পিছে পিছে আহি পাই গ’ল।
মায়া আই চি য়ুৰ সন্মুখত ৰখা চকী এখনত বহি পৰিল। কি কৰিব চিন্টুক ক’ব নে নকয়? চিন্টুৰ লগত ফোন কৰি থাকোঁতে গা বেয়া কৰিলেটো সি বুজি পাব লাগিছিল দেউতাকৰ কিবা হৈছে বুলি। মনটো দোধোৰ মোধোৰ হৈ থাকিল। মায়াই বাহিৰত ওলমাই ৰখা ঘড়ীটোলৈ চালে। ঘড়ীটোৱে তেতিয়া চাৰিটা বজাৰ সংকেত দিছিল। চিন্টু পৰীক্ষা দি উঠি আহিল চাগে মনতে ভাবিলে মায়াই। চিন্টুলৈ বুলি ফোনটো লগাই কাণত ল’লে। ফোনটো ৰিং হৈ হৈ বন্ধ হৈ গ’ল। অস্থিৰ লাগিল তাইৰ। কি কৰা যায়। সময়বোৰো তাইৰ নাযায় যেন লাগিল। এইবাৰ তাই লৰা লৰিকৈ চিন্টুৰ ৰুমমেটলৈ ফোন লগালে। আগতেও চিন্টুৱে নধৰিলে মায়াই তালৈ ফোন কৰে। দুবাৰমান ৰিং হওঁতেই সি ফোনটো ধৰি সহাঁৰি জনালে।
-কওঁক আন্টি। চিন্টুৱে আপোনাৰ ফোন ধৰা নাই ন? সি ভিছাৰ কাৰণে লাগি আছে। ৱৰ্ল্ড ফেমাচ মাল্টিনেশ্যনেল কোম্পানি এটাত সি জইন কৰিবলৈ কানাডা গৈ আছে। পৰহি তাৰ ফ্লাইট আছে।
মায়া যেন আকাশৰ পৰাহে পৰিল। আপোনা-আপুনি মুখেৰে ওলাই আহিল
-সি তাকেহে কৰিলে! দেউতাক আই চি য়ুত আছে কৈ দিবা বন্ধুক। সি প্ৰয়োজন বুলি ভাবিলে আহিব। নাহিলেও নাই।
অভিমানবোৰ উঠলি উঠিছিল মায়াৰ। কিমান আশাৰে বাট চাই আছিল সিহত হালেই। সেইবোৰ কথা গম পাইয়েই এখেতৰ এনে হোৱা নাইতো? তাই মনতে ভাবিলে। ৰাতিলৈ চিন্টুৰ ফোন আহিছিল। অনিচ্ছাস্বত্বেও মায়াই ফোন উঠাইছিল।
-মা মই কালি কানাডা গৈ আছোঁ। মই ওলামেই অলপ পিছত এয়াৰপৰ্টলৈ বুলি। দেউতাক বুজাবা। মই ইমান ভাল অপৰচুনিটি এটা হেৰুৱাব নিবিচাৰিলোঁ। দেউতাক ফোন কৰোঁতে ফোন কাটি দিলে একো নকৈ। চাগে খং উঠিছিল।
আৰু শুনিবলৈ মন নগ’ল মায়াৰ। এতিয়া চিন্টুৰ একো কথাই শুনিবলৈকে তেওঁ নিজকে প্ৰস্তুত কৰিব পৰা নাই। ফোনটো কাটি দি তেওঁ উঠি গ’ল।
আই চি য়ুৰ সন্মুখত থিয় হৈ ভিতৰলৈ চালে। বুকুখন বিষোৱা যেন লাগিল। হঠাৎ কি হ’ল গমেই নাপালে। মায়াই যেতিয়া চকু মেলিলে তেতিয়া তেওঁ হাস্পতালৰ বেডত। বিটুৰ মাক কাষতে বহি মায়াৰ মুখখন মোহাৰি দিছে। দুৰ্বল মাতেৰে বিটুৰ মাকক সুধিলে
-এখেতৰ এতিয়া কেনেকুৱা?
বিটুৰ মাকে একো নোকোৱা দেখি চকুলৈ চালে মায়াই। তেতিয়াহে মন কৰিলে মায়াই। বিটুৰ মাকে ৰুমালখনেৰে চকুৰ পানী টুকি আছে। মায়াৰ বুজিবলৈ বাকী নাথাকিল।
-কি হ’ল অ মোৰ মানুহটোৰ বুলি মায়া উঠিবলৈ লৈ আকৌ অচেতন হৈ পৰিল।
মায়াৰ যেতিয়া চেতনা আহিছিল তেতিয়া ৰাতি বাৰ বাজি গৈছিল। ওচৰ-চুবুৰীয়া সকলো আহি হাস্পতালত গোট খাইছিলহি ৷
-মই ঘৰলৈ যাম। বহুত কাম পৰি আছে। টমিটোৰ বা কি হৈছে?
চেতনা অহাৰ পিছত প্ৰথম কথা ক’লে মায়াই। দাসৰ নিঠৰ দেহটো কোচত লৈ মায়া আহি ঘৰ সোমাল। টমিয়ে শুঙি শুঙি মাটিত শুৱাই থোৱা দাসৰ শৰীৰটোৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকিল। মাজে মাজে ওপৰলৈ হাতযোৰ কৰি অদ্ভৎ স্বৰত চিঞৰি উঠে সি। সকাম নিকাম সুকলমে হৈ গ’ল। চিন্টুৱে কানাডাৰ পৰাই শোক প্ৰস্তাৱ পঠিয়ালে। তাতে গিৰ্জাত দেউতাকৰ বাবে প্ৰে কৰি দিয়াৰ কথা কলে। মায়াই একো প্ৰতিক্ৰিয়া নেদেখুৱালে। কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে। কিন্ত ওচৰ চুবুৰীয়াই তেওঁৰ লগ এৰা নিদিলে।
দিনে ৰাতিয়ে মায়াৰ তালৈ পাল পাতি কোনোবা নহয় কোনোবা খবৰ কৰি যায়। কিবা এটা বনাই দি যায়। টমিক লৈ যায়হি ইঘৰে সিঘৰে নি খুৱাইগৈ। মায়াৰ ভাতৰ চৰুটোলৈ যাবলৈ মনেই নাযায়। গ’লেই শোক এটাই খুন্দা মাৰি ধৰেহি। ইফালে বজাৰ সমাৰো কৰা হোৱা নাছিল। কিন্ত এনেকৈ আৰু কিমান দিন আনৰ ওপৰত নিৰ্ভৰ কৰিব? হ’ল বুলি ওচৰ চুবুৰীয়াও অতিস্থ হ’ব এসময়ত। মায়াই কথাষাৰ উপলব্ধি কৰিলে। লাহে লাহে স্বাভাৱিক হ’বলৈ চেষ্টা কৰি গ’ল মায়াই। বিপদে আপদে ওচৰ চুবুৰীয়াই কিন্ত মায়াক লগ নেৰিলে। সময় বাগৰিল,মাহ পাৰ হৈ বছৰ বাগৰিল। ইবছৰ সিবছৰকৈ যাদৱ দাস ঢুকোৱাৰ বাৰটা বছৰ পাৰ হ’ল। মাজে মাজে চিন্টুৰ পৰা আন্তৰিকতাহীন কিছুমান ফোনকল আহিছিল। য’ত চিন্টুৱে কৈ গৈছিল আৰু মায়াই নিৰবে শুনি গৈছিল। না নিজৰ বিষয়ে কিবা কৈছিল না চিন্টুৰ কথা কিবা সুধিছিল। চিন্টুৱে এদিন ফোন কৰি কৈছিল
-মা মই ইয়াতে ছোৱালী এজনীক বিয়া কৰিলোঁ। তাইও মোৰ অফিচতে কৰে। এমা নামটো। ইয়াৰে চিটিজেনচিপ লোৱাৰ কথা ভাবিছোঁ। ইমান দিনে মই সৰু ফ্লেট এটাত আছিলোঁ। এতিয়াটো তোমাৰ বোৱাৰীক ইমান সৰু ফ্লেটটোত ৰাখিব নোৱাৰিম। আমি দুইটাই আলোচনা কৰিছোঁ। তুমি যদি আমাক অলপ হেল্প কৰা। অন্য নেলাগে আমাৰ অসমৰ ঘৰটো বিক্ৰী কৰাৰ কথা ভাবিছোঁ। তেতিয়াটো অলপ পইচা হাতত আহিব ন মা? তুমি কি ভাবা?
মায়াই মুখেৰে একো নামাতি ফোনটো কাটি দিলে। এসপ্তাহৰ পিছত পুনৰ আহিল চিন্টুৰ পৰা ফোন। ৰিং কৰি কৰি বন্ধ হৈ গ’ল মায়াই ফোনটো ইচ্ছা কৰিয়েই নুতুলিলে। আকৌ আহিল চিন্টুৰ ফোন। দ্বিতীয় বাৰত ফোনটো উঠোৱাৰ লগে লগে চিন্টুৰ উষ্মা মিহলি মাত শুনিবলৈ পালে
-ফোনটো ৰিং কৰি থাকিলে নুঠোৱা কিয়? মই বিপদত পৰিহে তোমাৰ সহায় বিচাৰিছোঁ। আৰু এটা কথা মই অহা মাহত এই বিষয়ে আলোচনা কৰিবলৈ আহি আছোঁ অসম।
মায়াই একো উত্তৰ নিদিলে। ফোনটো কাটি দি টমিকলৈ ওচৰৰ বৰুৱাৰ ঘৰলৈ ওলাই গ’ল। সঁচাকৈয়ে পিছৰটো মাহত চিন্টু আহিছিল ঘৰটোৰ বিক্ৰী কৰিবলৈ। কথাও হোৱা শুনিছিল তেওঁ বিল্ডাৰৰ লগত। তাহাঁতৰ মাজত সোমাই একো মতা নাছিল তেওঁ। মৌনহৈ নিজৰ কৰ্তব্য কৰি গৈছিল।
-সকলোবোৰ কাম হ’লগৈ। বাকী যি ফৰ্মেলিটিখিনি আছে সেইবোৰ ফোনতে হ’ব। মই কাইলৈ পুৱাই ঘুৰিম।
তেতিয়াহে মায়াই কেলেণ্ডাৰখন চকু ফুৰালে, চিন্টু অহা এমাহ পাৰ হ’ল। এই এমাহে চিন্টু তেওঁৰ লগতে আছেহি অথচ তেওঁ এষাৰো কথা পতা নাই। সকলো সময়তে এটা দুৰত্ব বজাই ৰাখিছে মায়াই। সি কিবা ক’ব বিচাৰিলেও তাই আঁতৰি আহে। পিছদিনা পুৱাই চিন্টু উভতিছিল কানাডালৈ বুলি আৰু তাৰ অলপ পিছতে মায়া নামৰ মানুহজনী ঘৰটোৰ পৰা ওলাই গৈছিল উদ্দেশ্যহীন ভাবে। টমিক বাহিৰৰ কোঠাটোতে বান্ধি থৈ এৰি গুচি গৈছিল। গধুলী অন্ধকাৰ হৈ থকা ঘৰটো দেখি ওচৰৰ বৰুৱানীৰ মনত অলপ সন্দেহ হ’লত আগবাঢ়ি আহিহে দেখিলে, টমিক বান্ধি থৈ দিয়া আছে। সি ভুকি ভুকি তালফাল লগাইছে আৰু বাকী দুৱাৰ খিৰিকী দুফাল হৈ পৰি আছে।
-মায়া বাইদেউ,মায়া বাইদেউ।
চিঞৰি চিঞৰি তেওঁ পিছফাল পালেগৈ। নাই ক’তো মায়াৰ উম ঘামেই নাই। টমিলৈ লৰা লৰিকৈ ভাত আৰু মাংস আনি খাবলৈ দিলে। সকলো ওচৰ চুবুৰীয়াই আলোচনা কৰিলে তেওঁলোকে টমিক চোৱাচিতা কৰিব যেতিয়ালৈকে মায়া ঘুৰি নাহে।
টমিক পাল পাতি নিজৰ ভাগৰ পাতৰ পৰা অলপ অলপ মাংস ভাত বা গাখীৰ ভাতৰ যোগাৰ দিয়া হ’ল। কিন্ত এনেকৈ আৰু কিমান দিন? এদিন সকলোৱে দেখিলে যাদৱ দাসৰ ঘৰটোলৈ মিস্ত্ৰী আহিছে। কোনোবাই তাৰে হয়তো টমিক খুলি দিছিল। টমিয়ে চেগ বুজি খোলা গেটখনেৰে ওলাই আহিছিল বাহিৰলৈ। লাহেলাহে ৰাস্তাটোৰ দাঁতিত থকা নাহৰজোপা টমিৰ আশ্ৰয় স্থলি হৈ পৰিল। পাল পাতি খোৱা দিয়া মানুহৰ সংখ্যা কমি আহিল। কাৰোবাৰ দয়া উপজিলে ঠালত থাকি যোৱা এৰেহা ৰৈ যোৱা খিনি গোটাই খাবলৈ দি আহে।
ইমানদিনে যত্ন পাই অহা টমিৰ বালিয়ে মাটিয়ে থাকিবলৈ লোৱাৰ পৰা গাত বখলা বখলে খহু হবলৈ ধৰিলে। ভোকতে কাষৰ হোটেলৰ পৰা পেলাই দিয়া খোৱাবোৰ খাবলৈ গৈ বেলেগ কুকুৰৰ কামোৰ খাই ঘাঁ বাঢ়িল। এদিন সি লৰচৰ কৰিব পৰাৰ শক্তি হেৰুৱাই পেলালে। টমি পৰি ৰ’ল নাহৰ জোপাৰ তলত। ইমানদিনে দিনটোত এবাৰ হ’লেও মালিকনীক বিচাৰি ঘৰটোলৈ যোৱা টমি ঘৰটোলৈ যাবলৈ শক্তি নোহোৱা হ’ল। পৰি ৰ’ল অনাদৃত হৈ টমি এটা মালিকবিহীন কুকুৰহৈ। কৰুণ চকুৰে দূৰৈৰ পৰা পৰি পৰি চাই থাকিল ঘৰটোলৈ কিজানিবা তাৰ মালিকনী আহে। কিজানি সি আকৌ তাৰ ঠিকনালৈ ঘুৰি যাব পাৰে। এদিন পুহ মহীয়া পুৱা ওচৰচুবুৰীয়াই টমিৰ নিথৰ দেহটো পৰি থকা দেখা পালে। তাৰ তেতিয়াও চকু কেইটা মেল খাই আছিল এনে লাগিছিল যেন সি একে দৃষ্টিৰে ঘৰটোলৈ চাই আছে।