ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই নিহিত হৈ আছে ৰঙালী বিহুৰ উৎস।
বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হোৱাৰ লগে লগে জাতিস্কাৰ হৈ পৰিছে প্ৰকৃতি ৰাজ্য।
চ’ত মাহৰ শেষ দিনা দেওবাৰে ৰাজ্যজুৰি পালন কৰা হয় গৰু বিহু। সমগ্ৰ অসমতে অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হৈছে। গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পুৱাই পূজা অৰ্চনা কৰা হয়।
গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে নৈ, বিল, পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱাই ‘চাট’ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি, কেতুৰি আদি গালৈ দলিয়াই গৰখীয়াই গায়,
“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”
এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দি চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক আনৰ লগত সলনাসলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থয়।
চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি জনবিশ্বাস আছে।
মাজুলীৰ সকলো প্ৰান্ততে উদযাপিত গৰু বিহুৰ আনন্দত কৃষিজীৱি লোকসকল মতলীয়া হৈ পৰে।