১৯৮৩ চনৰ মাজডোখৰত ভাৰত চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়া তথা আমোলা আৰ কে পাটিলে অসমৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধান তথা বিদেশী চিনাক্তকৰণ-বহিষ্কৰণ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শসমূহ আছিল এনেধৰণৰ–
# ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে।
# ১৯৬৮-১৯৭১ চনৰ সময়ছোৱাত ২.৮ লাখ মুছলমান সম্প্ৰদায়ৰ লোকৰ বিতাড়নৰ ক্ষেত্ৰত যি আদেশ ইতিমধ্যে দিয়া হৈছে, তাক সফলভাৱে ৰূপায়ণ কৰিব লাগে।
# অসমত বিদেশী নাগৰিক প্ৰৱেশ কৰাৰ সঠিক সময় নিৰ্ধাৰণ কৰিবলৈ অনা-অসমীয়াৰে পৰিচালিত বিশেষ আদালত গঠন কৰাৰ সুবিধা দিব লাগে।
# সীমান্তৰে প্ৰৱেশ কৰিব নোৱৰাকৈ সীমান্ত বন্ধ কৰি পথ অৱৰোধৰ ব্যৱস্থা কৰিব লাগে।
# উভয়পক্ষক মাত্ৰ এবাৰহে আইনৰ সুযোগ গ্ৰহণ কৰাৰ সুবিধা দিব লাগে।
# নদীৰে প্ৰৱেশ কৰিব নোৱৰাকৈ পহৰাদাৰী নাও ব্যৱহাৰ কৰিব লাগে।
# অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগে।
# জনজাতি লোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে।
# বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগে, যাতে অসমীয়াৰ হাতৰ পৰা বহিৰাগতই শাসন কাঢ়ি ল’ব নোৱাৰে।
১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম চুক্তিত যিবোৰ সমাধানসূত্ৰ আগবঢ়োৱা হৈছিল তাৰ মূল ভিত্তি আছিল অসম চুক্তিৰ পূৰ্বৱৰ্তী বিভিন্ন স্মাৰকপত্ৰ আৰু দাবীসমূহ। অসম চুক্তিত ইয়াৰে কিছু দাবী আৰু সমাধান খুব কৌশলেৰে সন্নিৱিষ্ট কৰা হ’ল ঠিকেই, কিন্তু সেইবোৰ কিধৰণে কাৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত চুক্তিখনত কোনো স্পষ্ট নিৰ্দেশনা নাথাকিল। উদাহৰণস্বৰূপে, উল্লিখিত আৰ কে পাটিলৰ সমাধানসূত্ৰসমূহৰ ৯নং সূত্ৰটোৱে স্পষ্টভাৱে বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ জৰিয়তে অসমীয়াৰ হাতত ৰাজনৈতিক শাসনৰ কৰ্তৃত্ব সংৰক্ষিত কৰি ৰখাৰ প্ৰস্তাৱ দিছিল।
অসম চুক্তিৰ ৬নং দফাত ৰক্ষাকৱচ সন্দৰ্ভত যদিওবা “অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষাকৱচ দিয়া হ’ব” বুলি কোৱা হ’ল, কিন্তু তাক কেনেদৰে কাৰ্য্যকৰী কৰা হ’ব তাৰ সমাধানসূত্ৰ আজিলৈ বাহিৰ নোলাল। সকলোবোৰ ওলমি ৰ’ল “অসমীয়া”ৰ সংজ্ঞা নিৰূপণ বিতৰ্কতে। অসমৰ অন্যান্য খিলঞ্জীয়া বহু জাতি-জনগোষ্ঠীৰো আপত্তি তাতেই।
অসম চুক্তিৰ কাৰ্য্যকাৰিতাৰ দিশত থকা এনে আঁসোৱাহৰ পিনে আঙুলিয়াই শেহতীয়াভাৱে এচামে ক’ব বিচাৰিছে যে, যিহেতু তিনিটা দশক অতিক্ৰম কৰাৰ পিছতো অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দফাবোৰ কাৰ্য্যকৰী কৰিব পৰা নগ’ল, সেইবাবে এই চুক্তিখনক উলাই কৰিব লাগে। সেয়েহে এনে কিছু লোকে বৈপৰীত্যমূলক (paradoxical) দুটা সমাধানসূত্ৰ আগবঢ়াইছে। এই সমাধানসূত্ৰ দুটা এনে ধৰণৰ–
# সংবিধানৰ আধাৰত নিৰ্দিষ্ট আইনৰ সীমাৰ ভিতৰত থাকি ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মূল প্ৰতিপাদ্য হিচাপে লৈ বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আৰু ইয়াৰ ভিত্তিবৰ্ষ হ’ব লাগে ১৯৫১ চন।
# অসমত বসবাস কৰা হিন্দু লোকসকলৰ অস্তিত্ব যাতে বিপদাপন্ন নহয়, সেয়েহে নাগৰিকত্ব আইনৰ সংশোধন কৰি হ’লেও অসমৰ কিছুসংখ্যক সমষ্টিত হিন্দু লোকক সংখ্যাগৰিষ্ঠ কৰিব লাগে। যাতে অসমীয়াৰ হাতত নহ’লেও “হিন্দু”ৰ হাতত শাসনক্ষমতা থাকি যায়। অৰ্থাৎ অসমীয়াৰ সলনি অসমত থকা হিন্দুসকলকহে সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু সাংস্কৃতিকভাৱে সুৰক্ষিত কৰিবলৈ ৰক্ষাকৱচ প্ৰয়োজন।
এনে সমাধানসূত্ৰ আগবঢ়োৱাসকলে এটা কথা সততে অস্বীকাৰ কৰিব বিচাৰে যে বিদেশী চিনাক্তকৰণৰ দিশত অসম চুক্তিয়ে এক নিৰ্দিষ্ট ভিত্তিবৰ্ষ “১৯৭১” নিৰ্ধাৰণ কৰি দিছিল আৰু পৰৱৰ্তী সময়ত অসমৰ সকলো ৰাজনৈতিক শক্তি, সংগঠন আদিয়ে তাক মানি লৈছিল। অসম চুক্তিৰ ৬নং দফাক কাৰ্য্যকৰী কৰিব নোৱৰাৰ বাবেই এতিয়া এচামে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঐকমত্যক অৱজ্ঞা কৰিব বিচাৰিছে। তেনে এক পটভূমি ভাৰতীয় জনতা পাৰ্টিৰ শাসনত সৃষ্টি হৈছে বাবেই অসম চুক্তিৰ সংশোধনৰো দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে।
২০১৮-১৯ বৰ্ষৰ বিত্ত মন্ত্ৰীৰ বাজেট ভাষণত “অসম চুক্তি ৰূপায়ণ: প্ৰতিশ্ৰুতি ৰক্ষা” শীৰ্ষক শিতানৰ এঠাইত হিমন্ত বিশ্ব শৰ্মাই এনেদৰে উল্লেখ কৰিছিল–
“যথেষ্ট পলমকৈ হ’লেও অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদক ২০১৭ চনৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। যদিও এই মহান আত্মাসকলৰ ওচৰত থকা আমাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো, তথাপিও আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে এই ৮৫৫ গৰাকী চহিদৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ আগবঢ়োৱা হৈছে। মোৰ পূৰ্বৰ বাজেট ভাষণত মই কৈছিলো যে বন্দুকৰ গুলীত আহতসকল আৰু যৌন অপৰাধৰ বলি হোৱাসকলৰ প্ৰতিও আমাৰ এটা দায়িত্ব আছে। এই কথা কাৰ্য্যতঃ ৰূপায়ণ কৰাৰ অৰ্থে গুলীত আহত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু ধৰ্ষণৰ বলি হোৱাসকললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা মই ঘোষণা কৰিছোঁ। ইয়াৰ বাবে মই ১০ কোটি টকা ধাৰ্য্য কৰিছোঁ।
অসম চুক্তি কাৰ্য্যকৰীভাৱে আখৰে আখৰে ৰূপায়ণৰ প্ৰতি অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মোৰ বিগত বাজেট ভাষণত মই উল্লেখ কৰিছিলো যে অসম আন্দোলন কেৱল বিদেশীৰ আগ্ৰাসনৰ পৰা অসমক বচাবলৈ কৰা আন্দোলনেই নাছিল, বৰঞ্চ ই আছিল দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষা দিয়াৰ আন্দোলন।”
২০১৮ চনৰ ১২ মাৰ্চত যেতিয়া অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই এই বাজেট ভাষণ উত্থাপন কৰিছিল, তেতিয়ালৈ অসম চৰকাৰে মোটামুটিভাৱে অসম চুক্তি ৰূপায়ণৰ কথা কৈ আছিল। কিন্তু ২০১৯ বৰ্ষৰ প্ৰথমৰে পৰা সমগ্ৰ অসম যেতিয়া নাগৰিকত্ব আইন সংশোধনক লৈ উত্তাল হৈ পৰিল আৰু এনে আন্দোলনক নস্যাৎ কৰি বিজেপিয়ে উল্লিখিত বিধেয়কখনক আইনলৈ ৰূপান্তৰিত কৰিব বুলি অংগীকাৰ কৰিলে, তেতিয়া তাৰ প্ৰতিফলন ঘটিল ২০১৯-২০ৰ বিত্ত মন্ত্ৰীৰ বাজেট ভাষণত। পূৰ্বৰ বছৰত অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কোৱা বিত্ত মন্ত্ৰীজনে “অসম চুক্তি ৰূপায়ণ বিভাগ” শীৰ্ষক শিৰোনামত চমুকৈ প্ৰতিশ্ৰুতিৰ মোখনি মাৰিলে এনেদৰে–
“মাননীয় অধ্যক্ষ মহোদয়, অ’ টি আই চৌহদত থকা অসম চুক্তি ৰূপায়ণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ত পুথিভঁৰাল তথা আৰ্কাইভৰ লগতে দৃশ্য-শ্ৰাব্য সুবিধাসহ সভাকক্ষ নিৰ্মাণ, শব্দ-পোহৰৰ অনুষ্ঠানৰ ব্যৱস্থাৰ বাবে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত থকা চহিদবেদী আৰু স্মাৰকসমূহৰ সংৰক্ষণৰ বাবে পৰ্য্যাপ্ত পুঁজি ধাৰ্য্য কৰা হৈছে। মহোদয়, ২০১৯-২০ বিত্তীয় বৰ্ষত অসম আন্দোলনৰ ইতিহাস (১৯৭৯-৮৫) সম্পৰ্কীয় প্ৰকাশৰ বাবে প্ৰস্তাৱ এখন আগবঢ়োৱা হৈছে।
তদুপৰি বৰ্তমানে অব্যাহত থকা আঁচনিসমূহৰ সবলীকৰণৰ বাবে পৰ্য্যাপ্ত পুঁজিৰ আবণ্টন কৰা হৈছে।”
অসম চুক্তিক ক্ৰমাগতভাৱে যে দুৰ্বল শিতান কৰি অনা হৈছে তাক ওপৰৰ দুই বাজেট ভাষণৰ উল্লিখিত অংশসমূহৰ পৰাই বুজিব পাৰি। যিটো দলে অসম চুক্তিৰ মূল উদ্দীপনাটোক মানি ন’লৈ অসমলৈ অতিৰিক্ত বিদেশী আনিবলৈ কঁকালত টঙালি বান্ধিছে আৰু তেওঁলোকৰ সহযোদ্ধা হৈ উঠিছে অসম গণ পৰিষদৰ নিচিনা দলটো, তেনে এক সংকটময় ৰাজনৈতিক পৰিৱেশত এই দল দুটাই অসম চুক্তিক আৰু কিমানদূৰ আগুৱাই নিব তাক অসমবাসীয়ে ভাবি চাবৰ হ’ল।
(লেখকৰ ই-মে’ইল: kishorassam@gmail.com)