আমাৰ দেশখন বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ৰূপে স্বীকৃত। তেনেকৈ সংবিধানখনো গুণ-গৰিমাৰে মণ্ডিত। সংবিধানে ভাৰতবৰ্ষ সুচাৰুৰূপে চলিবলৈ বিভিন্ন গণতান্ত্ৰিক ব্যৱস্থা প্ৰদান কৰিছে, তাৰে অংশস্বৰূপে সংবিধান ৰচনা কালতে কিছুমান স্বতন্ত্ৰ অনুষ্ঠানৰ জন্ম হয়।
পৰৱৰ্তী পৰ্যায়ত অন্যান্য কিছুমান সাংবিধানিক অনুষ্ঠান বিধি(statute) সৃষ্টি কৰা হয়। গণতান্ত্ৰিক দেশ এখনত ক্ষমতা লাভ কৰি যাতে নিজস্ব খামখেয়ালি আৰু স্বেচ্ছাচাৰী হৈ শাসন চলাব নোৱাৰে, তাৰ বাবে এই সাংবিধানিক অনুষ্ঠানসমূহ চৰকাৰী প্রত্যক্ষ নিয়ন্ত্রণৰ পৰা পৃথক আৰু স্বতন্ত্ৰ হোৱাটো তেনেই জৰুৰী।
পৰিতাপৰ কথাটো হৈছে এই সাংবিধানিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা শাসকপক্ষৰ সন্মুখত টিকি থাকিবলৈ বিভিন্ন সময়ত প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে। শাসকে বিভিন্ন কাৰণত অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা, স্বাধীনতা আৰু ক্ষমতা হ্ৰাস কৰিবলৈ নতুবা বিলুপ্তি ঘটাবলৈ আৰ্হিনিশে চেষ্টা কৰে।
বিজেপিৰ পূৰ্ব কাৰ্যকালত আমি দেখিছিলো নিৰ্বাচনী আয়োগ, ন্যায়ালয়, চি বি আই, ৰিজাৰ্ভ বেংক আদিৰ দৰে অনুষ্ঠানবোৰৰ কি অৱস্থা হৈছিল। এতিয়া একেই অৱস্থা হ’লগৈ তথ্য জনা অধিকাৰ আইন, ২০০৫ বা চমুকৈ RTI Act,2005ৰ।
মূল কথালৈ যোৱা আগতে থুলমূলকৈ RTI আইনৰ সম্পৰ্কে কিছু কথা পাতি লওঁ আহক। তদানীন্তন ইউ পি এ চৰকাৰে জনগণৰ ব্যাপক দাবীৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বিভাগত স্বচ্ছতা বৰ্তাই ৰখা উদ্দেশ্য তথা জনগণক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ তথ্য জনা অধিকাৰক মান্যতা প্ৰদান কৰি “তথ্য জনা অধিকাৰ আইন,২০০৫” বলবৎ কৰে।
৩২ টাকৈ ধাৰাৰে সংযোজিত এই আইন বৰ্তমানলৈকে ভাৰতবৰ্ষত সৰ্ববৃহৎ নাগৰিক সৱলীকৰণ অস্ত্ৰৰূপে আখ্যা দিয়া হয়। এনেধৰণৰ শক্তিশালী স্বচ্ছ আইন বিশ্বতে বিৰল। ইয়াৰ ফলত আটাইতকৈ দৰিদ্ৰ জনেও আটাইতকৈ ক্ষমতাশালী জনৰ দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন কৰিব পাৰে।
এই আইনৰ যোগেদি চৰকাৰী বিভিন্ন তথ্য বিচাৰি নাগৰিকে কাৰণ উল্লেখ নকৰাকৈ আবেদন কৰিব পাৰে, যদি কোনোবা বিষয়াই আবেদনৰ ৩০ দিনৰ ভিতৰত তথ্য জনাবলৈ সক্ষম নহয় বা অপাৰগতা প্ৰকাশ কৰে তেনে বিষয়াক শাস্তি বিহাৰো ব্যৱস্থা আছে। গাঁৱৰ সমবায় সমিতিৰ পৰা ৰিজাৰ্ভ বেংকলৈ, পঞ্চায়তৰ পৰা কেন্দ্ৰীয় চৰকাৰী বিভাগলৈ সামৰি লৈছে এই আইনে।
মূল কথাটো হৈছে আইনখন সুচাৰুভাৱে কোনে পৰিচালনা কৰে? ইয়াৰ সমস্ত দায়িত্ব তথ্য আয়োগ (Information Commission)ৰ ওপৰত ন্যস্ত থাকে। ইয়াৰো দুটা ভাগ, এটা হৈছে কেন্দ্ৰীয় তথ্য আয়োগ (Central Information Commission) আৰু আনটো হৈছে ৰাজ্য তথ্য আয়োগ (State Information Commission)।
এই দুয়োটা আয়োগৰে একোজনকৈ মুখ্য তথ্য আয়ুক্ত থাকে। গোটেই RTI প্ৰণালীৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন কৰ্তৃত্বশালী লোক জনেই হৈছে মুখ্য তথ্য আয়ুক্ত।
উল্লেখযোগ্য যে গৃহীত হোৱা মাত্ৰ ছমাহ হওঁতেই ২০০৬ চনত তেতিয়াৰ চৰকাৰে এই আইনৰ সংশোধনী প্ৰস্তাৱ আনিলে, কিন্তু জনগণৰ প্ৰৱল দাবীত পিছ হুঁহকি গ’ল। তাৰ পিছত অসংখ্য বাৰ সংশোধনৰ চেষ্টা অব্যাহত থাকিল।
পিছপৰি নৰ’ল বিজেপিও, ২০১৮ বৰ্ষৰ জুলাইত RTIৰ সংশোধনৰ প্ৰস্তাৱ সংসদত উপস্থাপন কৰিলে। বিভিন্ন কাৰণত সফল নহ’লগৈ যদিও যোৱা ১৯ জুলাইত সংসদত উপস্থাপন কৰা পিছত ২২ জুলাইত লোকসভাত গৃহীত হয় আৰু ২৫ জুলাই তাৰিখে ৰাজসভাত গৃহীত কৰিবলৈকো সক্ষম হয়।
কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বি জে ডি আদি দলবোৰেও নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই ৰাজসভাত সদন ত্যাগ কৰে।
আমি এতিয়া আঁহো আচলতে কি কি সংশোধন ঘটোৱা হ’ল- তথ্য জনা অধিকাৰ আইন, ২০০৫ৰ ১৩, ১৬ আৰু ২৭ নং ধাৰা সংশোধন কৰা হ’ল। এই ধাৰা কেইটাত কি আছে? এই ধাৰা কেইটা তথ্য আয়ুক্তৰ পদমৰ্যাদা, দৰমহা, কাৰ্যকাল, ভাত্তা আৰু অন্যান্য সুবিধাৱলীৰ স’তে জড়িত।
সংশোধনী আইনৰ পূৰ্বৰ ধাৰা ১৩ অনুসৰি কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্তৰ পদমৰ্যাদা আৰু দৰমহা ভাৰতীয় মুখ্য নিৰ্বাচনী আয়ুক্তৰ সমকক্ষ হ’ব আৰু অন্যান্য তথ্য আয়ুক্তৰ পদমৰ্যাদা আৰু দৰমহাও ভাৰতীয় নিৰ্বাচনী আয়ুক্তৰ সমান হ’ব।
১৬ নং ধাৰাত ৰাজ্য তথ্য আয়োগৰ সম্পৰ্কে কৈছে যে ৰাজ্য তথ্য আয়ুক্ত আৰু অন্যান্য আয়ুক্তৰ পদমৰ্যাদা আৰু দৰমহা ক্ৰমে ৰাজ্য মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ সমকক্ষ হ’ব। আয়ুক্তসকলৰ কাৰ্যকাল হ’ব ৫ বছৰ লগতে সৰ্বোচ্চ ৬৫ বছৰ ঊৰ্ধৰ হ’ব নোৱাৰিব।
অৰ্থাৎ তথ্য আয়োগ আৰু নিৰ্বাচনী আয়োগৰ দায়বদ্ধতা, স্বাধীনতা, স্বতন্ত্ৰতা আৰু ক্ষমতা সমপৰ্যায়ৰ আছিল, যদিও বা দুয়োটা অনুষ্ঠানৰে কাৰ্যৱলী আৰু উৎপত্তি পৃথক। এই আইনৰ ফলত চৰকাৰে তথ্য আয়োগৰ কোনো কামতে হস্তক্ষেপ কৰিব নোৱাৰিছিল, যিদৰে নিৰ্বাচনী আয়োগৰ ক্ষেত্ৰত প্ৰযোজ্য।
কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এই ধাৰা কেইটা সংশোধন কৰি তথ্য আয়ুক্তৰ পদমৰ্যদা, দৰমহা, কাৰ্যকাল আদি নিজৰ এক্তিয়াৰ অধীনলৈ আনে। ফলত চৰকাৰে নিজৰ খেয়াল খুচি মতে এজন তথ্য আয়ুক্তৰ মৰ্যাদা, দৰমহা, কাৰ্যকাল নিৰ্ধাৰণ কৰিব, যিটো আগতে নিৰ্দিষ্ট আৰু নিশ্চিত আছিল।
যদি আয়োগ এখনৰ মূল ব্যক্তিজনকে নচুৱাব পাৰে, তেন্তে বাকী থাকিবগৈ কি? চৰকাৰী পক্ষৰ পৰা যুক্তি দিয়া হৈছে যে তথ্য আয়োগ আৰু নিৰ্বাচনী আয়োগৰ সাংবিধানিক উৎপত্তি পৃথক পৃথক গতিকে দুয়োটা অনুষ্ঠানৰ মৰ্যাদা একে হ’ব নোৱাৰে। যিহেতু নিৰ্বাচনী আয়োগ সংবিধানৰ জন্মৰ লগতে সৃষ্টি হোৱাৰ বিপৰীতে তথ্য আয়োগ পৰৱৰ্তী সময়ত সংবিধানৰ বিধিৰ দ্বাৰা স্থাপিত এক অনুষ্ঠানহে, গতিকে নিৰ্বাচনী আয়োগৰ সমান ক্ষমতা দিয়াটো অসামঞ্জস্যপূৰ্ণ।
এই যুক্তি কিমান দূৰ গ্ৰহণযোগ্য? কিয়নো নিৰ্বাচনী আয়োগ আৰু তথ্য আয়োগ, দুয়োটা অনুষ্ঠানৰে মূল লক্ষ্য হৈছে ভাৰতীয় সংবিধানৰ ১৯(১)(ক) দফা অধীনত নাগৰিকক মৌলিক অধিকাৰ নিশ্চিত কৰা। তেনেস্থলত উৎপত্তিৰ ভিন্নতাই দুয়োটাৰে মৌলিক বিচ্ছিন্নতা নুসূচায়। গতিকে সংবিধানৰ মৌলিক অধিকাৰৰ ফালৰ পৰা দুয়োটাৰ মাজত শ্ৰেণীবিভাজনহে প্ৰকৃতাৰ্থত সামঞ্জস্যপূৰ্ণ নহয়।
অন্যফালে এই সংশোধনৰ দ্বাৰা চৰকাৰে ৰাজ্য তথ্য আয়োগৰ স্বতন্ত্ৰতা আৰু ক্ষমতাৰ ক্ষেত্ৰত অযথা হস্তক্ষেপ কৰিলে, যিটো সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ চূড়ান্ত ভেঙুচালি। মোডী চৰকাৰে ইমান ডাঙৰ এক সংশোধনৰ পূৰ্বে কোনোধৰণৰ উপযুক্ত সংসদীয় সমীক্ষা; দেশৰ নাগৰিকৰ পৰামৰ্শও নল’লে, যাৰ দ্বাৰা বাধ্যতামূলক পূৰ্ব-বিধান সম্পৰ্কীয় পৰামৰ্শ নীতি (Mandatory Pre-legislative Consulting Policy) সম্পূৰ্ণৰূপে নসাৎ কৰিলে।
পূৰ্বতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে সংশোধনৰ পূৰ্বে নাগৰিকৰ পৰামৰ্শ বিচাৰিছিল। কিন্তু বিজেপিয়ে পুনৰ নিজৰ ফেচিষ্ট চৰিত্ৰ প্ৰদৰ্শন কৰিলে। আমি আটায়ে একমত হ’ম যে এখন গণতান্ত্ৰিক দেশত স্বাধীন আৰু স্বতন্ত্ৰ অনুষ্ঠানৰ দ্বাৰা চৰকাৰৰ কাম-কাজ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাটো অতীৱ প্ৰয়োজনীয়। তাতে দুৰ্নীতিমুক্ত স্বচ্ছ, নিকা প্ৰশাসন দেশৰ প্ৰগতিৰ প্ৰথম চৰ্ত। সেইবোৰত মাথা মাৰিবলৈ এই চৰকাৰক সকাম নাই!
প্ৰকৃততে এই সংশোধন কিয় বিৰোধিতা কৰা উচিত?
১. যি সময়ত বিজেপি চৰকাৰৰ পূৰ্বৰ কাৰ্যকালৰ বিমুদ্ৰাকৰণৰ ক্ষতিৰ তথ্য,নিবনুৱা সমস্যা সমাধানত ব্যৰ্থতাৰ তথ্য,ৰাফেল কেলেংকাৰীৰ তথ্য,ইলেক্টৰেল ব’ন্দ, কৃষকৰ আত্মহত্যাৰ তথ্য,দেশৰ জনমূৰী আয়ৰ ক্ষেত্ৰত মিথ্যাচাৰ আশ্ৰয় লোৱা বুলি অভিযোগ আছে,তেনে সময়তে তথ্য আয়োগকে নিজৰ হাতৰ মুঠিলৈ আনি সমগ্ৰ তথ্য জনা অধিকাৰ আইনক বিপথে পৰিচালিত কৰি ব্যৱস্থাটোৰ প্ৰতিয়ে সন্দেহ আৰু সংশয়ৰ ভাৱ সৃষ্টি নকৰিবনে?
২. কেন্দ্ৰীয় চৰকাৰে এই সংশোধনৰ জৰিয়তে চাল-চতুৰিৰে ক্ষমতাৰ কেন্দ্ৰীভূত কৰিলে,যি নেকি গণতন্ত্ৰৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ধাৰণাৰ প্ৰতি প্ৰচণ্ড ভাবুকি।
৩. তথ্য আয়োগৰ অৱমূল্যায়নে আয়োগৰ কাৰ্যকাৰিতা আৰু স্বাধীনতা বিলুপ্তি ঘটালে,ফলত পূৰ্বতে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ক্ষেত্ৰতে হওক,চিবিআইৰ আয়ুক্তৰ ক্ষেত্ৰত ঘটা ঘটনাই প্ৰমাণ কৰে যে এই আয়োগ আয়ুক্তৰো ভৱিষ্যতে একে পৰিস্থিতি হোৱা সম্ভাৱনাই অধিক।
৪. ইয়াৰ দ্বাৰা চৰকাৰে বিভিন্ন নিয়ন্ত্ৰণাধীন অনুষ্ঠান যেনে গ্ৰীণ টিবিউনেল,সংখ্যালঘু আয়োগ,মানৱ অধিকাৰ আয়োগ,নিটি আয়োগ,ছেবি আদিৰ আয়ুক্ত সকলক পৰোক্ষভাবে সতৰ্কবাণী শুনালে যে তোমালোকে যদি আমাৰ শ্ৰুতলিপি নামানা,তেন্তে এনে অৱস্থাৰে মুখামুখি হ’বা!
৫. এতিয়াৰ পৰা চৰকাৰী পক্ষৰ পৰা প্ৰয়োজনত তথ্য আয়ুক্তক দৰমহা, কাৰ্যকাল, বোনাচ কতৰ্ন কৰা ভাবুকি দিয়া অথবা পৰিস্থিতি বিশেষত প্ৰলোভন দিয়া বাট মুকলি হ’ল।
এইখিনিতে প্ৰশ্ন হয়, নাগৰিকে কাৰ বিষয়ে তথ্য বিচাৰে? চৰকাৰৰ! RTI সুৰক্ষাৰ দায়িত্ব কাৰ? তথ্য আয়োগৰ! সেৱা নীতি অনুযায়ী সংশোধনৰ পিছত এই আয়োগক কোনে নিয়ন্ত্ৰণ কৰিব? চৰকাৰে। তেন্তে চৰকাৰী বিফলতা অথবা চৰকাৰ বিৰোধী তথ্য বিচাৰোঁতে নাগৰিকে শুদ্ধ, নিৰপেক্ষ, ন্যায়সংগত তথ্য কেনেকৈ আশা কৰিব পাৰি?
এই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ হাতত! সততা, নিকা ভাৱমূৰ্তি, দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা কথা কোৱা বিজেপি চৰকাৰে RTI আইন অধিক মজবুত আৰু শক্তিশালীহে কৰিব লাগিছিল, কিন্তু কৰিলে ওলোটাতোহে। তেতিয়াহ’লে চৰকাৰখনৰ কথাবোৰ ভুৱাহে নেকি? এইয়াহে এতিয়া কোটি টকীয়া প্ৰশ্ন! এনেকৈয়ে এটা এটাকৈ সাংবিধানিক অনুষ্ঠান ধ্বংস হ’বলৈ দিম নে আমিও প্ৰতিৰোধ কাৰ্যসূচী ল’ম?
লেখকৰ ফোন: ৯১০১৪৯১৩০৩