১৮৫৭ চন মানেই চিপাহী বিদ্ৰোহৰ কথা মনলৈ আহে। মনলৈ আহে ঝাঞ্চী ৰাণী, নানা চাহেব আদিৰ দৰে বিদ্ৰোহী নেতাৰ কথা। তেওঁলোকতকৈ কোনোগুণে কম নোহোৱা এজন অসমীয়া বিদ্ৰোহীৰ কথা ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেনেকৈ চৰ্চা নহয়, ৰাষ্ট্ৰীয় বুৰঞ্জীত লিপিবদ্ধ নহয় তেওঁৰ অৱদানৰ কথা।
আজি আমি ভাৰতবৰ্ষৰ ৭৩ সংখ্যক “স্বাধীনতা দিৱস” উপলক্ষে সেই মহান অসমীয়াজনৰ বিষয়ে চৰ্চা কৰিম। হয়, চৰ্চা কৰিম– মণিৰাম দেৱানৰ বিষয়ে।
তাৰ পূৰ্বে অন্য কিছু কথা পাতি লোৱা যাওক— ছশ বছৰীয়া আহোম শাসনৰ বেলিমাৰ যোৱাৰ মূলত আছিল ক্ষমতালিপ্সু দুৰ্বল শাসকৰ গৃহকন্দল। এফালে পাইক ব্যৱস্থাৰ বিলুপ্তি, অন্যফালে চূড়ান্ত খামখেয়ালিৰ মাজতে মানে (বাৰ্মা সেনা, বৰ্তমান ম্যানমাৰ) আহোম ৰাজ্য আক্ৰমণ কৰি ১৮২০-১৮২৬ চনলৈ আহোম ৰজা যোগেশ্বৰ সিংহক পুতলা ৰজা পাতি শাসন কৰে।
অসমীয়াৰ কঁকাল ভাগি পৰা পিছত আহোম ৰজাই মানক খেদিবলৈ ব্ৰিটিছৰ সহায় লয়। ব্ৰিটিছে মানক আক্ৰমণ কৰি ১৮২৬ চনৰ ফেব্ৰুৱাৰিত বৰ্তমানৰ ম্যানমাৰৰ ইয়াণ্ডাবু নামৰ ঠাইত সন্ধিপত্ৰত স্বাক্ষৰ কৰে। ফলত অসম, মণিপুৰ, জয়ন্তীয়া পাহাৰ আৰু আৰাকান ব্ৰিটিছৰ অধীনলৈ যায়।
কিন্তু অচিনাকি আৰু পৰ্বত-পাহাৰেৰে আগুৰা অসম শাসন কৰাত সাংঘাতিক সমস্যাত পৰি ব্ৰিটিছে পুৰন্দৰ সিংহক বহতীয়া শাসকৰূপে নিযুক্তি দিয়ে। ১৮৩৩ চনত মণিৰাম দত্ত বৰুৱা (পিছলৈ বিখ্যাত মণিৰাম দেৱান) আছিল তেওঁৰ জ্যেষ্ঠ বিষয়া। ৰজাই বছৰি ব্ৰিটিছক ৫০,০০০ টকা কৰ-কাটল দিব লগা হৈছিল, কিন্তু ১৮৩৮ চনত গাফিলতিৰ অভিযোগত ৰজাক সিংহাসনচ্যুত কৰে।
সেইবছৰেই আনুষ্ঠানিকভাৱে আহোম ৰাজবংশৰ অৱসান ঘটিছিল। পিছলৈ মণিৰাম দেৱানে ব্ৰিটিছৰ অধীনত চাকৰি কৰেগৈ। তেতিয়ালৈকে একমাত্ৰ চিংফৌসকলে কৰা চাহখেতি সৈতে তেঁৱেই ব্ৰিটিছক পৰিচয় কৰোৱায়। ৰজা থকা অৱস্থাত পুৰন্দৰ সিংহই মণিৰামক কেইবাটাও মৌজা প্ৰদান কৰিছিল, যিবোৰ ১৮৫১ চনত ব্ৰিটিছ বিষয়া চাৰ্লছ হলৰয়ডে কাঢ়ি নোলোৱাপৰ্য্যন্ত তেওঁৰ হাততে আছিল।
অৱশ্যে মণিৰামক ব্ৰিটিছে অসমৰ চাহ বাগিচাৰ দেৱানৰূপে নিযুক্তি দিছিল, তাৰ পৰাই তেওঁ ‘দেৱান’ উপাধিটো লাভ কৰে। মণিৰামৰ উদ্যোগতে ব্ৰিটিছে চাহৰ পৰা লাভ পাবলৈ সক্ষম হৈছিল। তেওঁ আনকি নিজাববীয়াকৈও চাহ বাগিচা স্থাপন কৰিছিল। সেইবাবেই তেওঁক প্ৰথমজন অসমীয়া উদ্যোগী ব্যক্তি (entrepreneur) বুলি আখ্যা দিয়া হয়।
কিন্তু তেওঁ লাহে লাহে লক্ষ্য কৰে যে ব্ৰিটিছে তেওঁ আৰু অসমীয়াৰ বিৰুদ্ধে বৈষম্য কৰিবলৈ লৈছে। তাৰোপৰি ইউৰোপীয় চাহ খেতিয়কে লাভ কৰা বিশেষ সুবিধা অসমীয়া কৃষকে নাপাইছিল। স্থানীয় মানুহক কামাখ্যা মন্দিৰত পূজা-পাতল কৰাত ব্ৰিটিছে বাধা আৰোপ কৰিছিল। সত্ৰসমূহক পৃথক কৰি ৰাখিছিল। অসমীয়াৰ সলনি বিভিন্ন প্ৰশাসনিক পদত বেংগলী আৰু মাৰোৱাৰী নিযুক্তি দিছিল। সোণ বিচাৰি আহোম ৰজাৰ সমাধিসমূহ খান্দি অপবিত্ৰ কৰিছিল।
এনেবোৰ কাৰণতে অসমীয়া আৰু বিশেষকৈ মণিৰাম দেৱানৰ মন-মগজুত ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভৰ একুৰা জুই উমি উমি জ্বলি আছিল। তেনেতে ১৮৫১ চনত পুৰন্দৰ সিংহৰ লগতে সম-সাময়িকভাৱে পুত্ৰ কামেশ্বৰৰ মৃত্যু হয়। থাকি যায় মাত্ৰ ১১ বছৰীয়া নাতি কন্দৰ্পেশ্বৰ সিংহ।
১৮৫৩ চনৰ জুনত তেতিয়াৰ বেংগলৰ গৱৰ্নৰ জেনেৰেল ছাৰ জন কেম্পবেলৰ নিৰ্দেশত ব্ৰিটিছ বিষয়া এ জে মফাট মিলচৰ অধীনত এটা সঁজাতি দল শদিয়ালৈ প্ৰেৰণ কৰিছিল। অসমীয়াৰ দুৰ্দশা বৰ্ণনা কৰি আৰু উজনি অসমত পুনৰ ৰাজবংশ প্ৰতিষ্ঠা কৰিবলৈ এখন স্মাৰকপত্ৰ মণিৰাম দেৱানে দিবলৈ যায় যদিও ওপৰত উল্লেখিত বিষয়াজনে গ্ৰহণ নকৰিলে, বৰং মণিৰামক “এজন তথ্য অতিৰঞ্জিত কৰা, চক্ৰান্তকাৰী আৰু অবিশ্বাসযোগ্য লোক” বুলিহে অভিহিত কৰিলে। এই কথাত মণিৰামৰ মনত ক্ষোভে সীমা অতিক্ৰম কৰিছিল, তথাপি শেষ প্ৰচেষ্টা হিচাপে খোদ গৱৰ্নৰ জেনেৰেলক নিজ হাতেৰে স্মাৰকপত্ৰ দিবৰ বাবে কলিকতালৈ (বৰ্তমানৰ কলকাতা) যাত্ৰা কৰে।
কলিকতাত তেওঁ আশুতোষ দেব আৰু প্ৰমথ নাথ দেবৰ ঘৰত আশ্ৰয় লৈছিল। কিন্তু ঠিক সেই সময়তে মিৰাট, কানপুৰ, লক্ষ্ণৌৰ লগতে অন্যান্য অঞ্চলত বিখ্যাত চিপাহী বিদ্ৰোহে দেখা দিছিল। কলিকতাৰ চাহৰ আড্ডা, বজাৰ-মেলাবোৰতো তেনে কথাই চৰ্চাৰ বিষয় হৈ পৰিছিল। মণিৰাম ঘনাই যোৱা “ব্ৰিটিছ ইণ্ডিয়ান এচচিয়েছন”ও আলোচনাৰ মূল ঘাটিলৈ পৰিণত হৈছিল।
মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ নিজস্ব ব্ৰিটিছবিৰোধী ঘোষণাপত্ৰ সকলোতে গুণা-গঁথা হৈছিল। বেৰেলিৰ নৱাবে মণিৰামলৈ বুলি তাৰে একপি পঠিয়াইছিল।
সেই সময়ত প্ৰায় সমগ্ৰ হিন্দুস্তান স্বাধীনতাৰ স্পৃহাত জ্বলি-পকি আছিল। তেওঁ সেই বিদ্ৰোহ অসমলৈ বিয়পাই অসমৰ পৰা বগা শাসক ব্ৰিটিছক খেদোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ উদ্দেশ্যটো আছিল বগা শাসকৰ অধীনত কৰ্মৰত ভাৰতীয় সৈন্যবাহিনীক শাসকৰ বিৰুদ্ধে উচটোৱা।
অসমত দুটা বৃহৎ ৰেজিমেণ্ট থকাৰ কথা মণিৰামৰ অৱগত আছিল। প্ৰথমটো ডিব্ৰুগড়স্থিত মেজৰ কামাণ্ডাৰ হেনয়ৰ অধীনত “Assam Light Infantry” (পদাতিক সৈন্যবাহিনী) আৰু দ্বিতীয়টো আছিল মেজৰ কামাণ্ডাৰ ৰিচাৰ্ডচনৰ অধীনত গুৱাহাটীত।
সৰু-সুৰা কেম্প যোৰহাট, গোলাঘাট, শদিয়া আদিতো আছিল। বেছিভাগ সৈন্যই বিহাৰৰ আছিল– বিহাৰৰ বুশ্বৰ, বৰাকপুৰ, জগদীশপুৰ আদিত সংঘটিত চিপাহী বিদ্ৰোহৰ ফলত এইসকল সৈন্যৰ মন ইছাত-বিছাত তথা অস্থিৰ হৈ পৰিছিল। তাৰ সম্পূৰ্ণ সুযোগ মণিৰামে উঠাব বিচাৰিছিল।
ইফালে আগৰ সিংহাসনচ্যুত ৰজাৰো ৫০০ মান প্ৰশিক্ষণপ্ৰাপ্ত সৈন্যবাহিনী বাচি আছিল। তাৰোপৰি পাহাৰীয়া জনজাতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা পূৰ্বৰ ইতিহাস আছিল—১৮৩০ চনত চিংফৌসকলে, ১৮৩৯ চনত খামতিসকলে, ১৮৪৯ চনত নাগাসকলে ব্ৰিটিছৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজিছিল। মণিৰাম দেৱানে তেওঁলোকৰো সহযোগিতা পাব বুলি আশা পুহিছিল।
মণিৰাম দেৱানে ইফালে নানাচাহেব, কোঁৱৰ সিং, খান বাহাদুৰ খান, বেৰেলিৰ নৱাব আদিৰ দৰে নেতাৰ সৈতে যোগাযোগত আছিল, যোগাযোগত আছিল নেপালৰ ৰজা লগতো। ব্ৰিটিছক সিংহাসনচ্যুত কৰি কন্দৰ্পেশ্বৰ সিংহৰ ৰাজ অভিষেক কৰোৱাই একমাত্ৰ লক্ষ্য আছিল মণিৰাম দেৱানৰ। সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি পৰিকল্পনা ৰচিছিল মধু মালিক, উৰ্বিদৰ শৰ্মা, চিত্ৰসেন বৰবেৰা, লুকাই শেনচোৱা, বাহাদুৰ গাওঁবুঢ়াৰ সৈতে– যিজন আছিল অস্ত্ৰ নিৰ্মাণত খুব পাকৈত।
১৮৫৭ চনৰ আগষ্টত অৱধ আৰু বুণ্ডেলখণ্ডত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকল সশস্ত্ৰ সংগ্ৰামত লিপ্ত হয়। কিন্তু ভাৰতৰ বিভিন্ন নেতাসকললৈ অস্ত্ৰ-শস্ত্ৰ বিচাৰি মণিৰামে যোগাযোগ কৰিছিল, যিবোৰ অক্টোবৰতহে অসমলৈ আহি পোৱাৰ কথা। গতিকে ১৮৫৭ চনৰ অক্টোবৰতহে অসমত সশস্ত্ৰ বিপ্লৱৰ আখৰা আৰম্ভ কৰিছিল চিপাহী আৰু মণিৰাম দেৱানে।
কন্দৰ্পেশ্বৰ সিংহই আনকি দেৰগাঁৱৰ এটা মন্দিৰৰ মুখ্য পূজাৰীজনলৈ যুদ্ধৰ সফলতাৰ বাবে পূজা কৰিবলৈ সোণো প্ৰেৰণ কৰিছিল। ইয়াতে আটাইতকৈ উল্লেখনীয় কথাটো হৈছে মণিৰামে অসমৰ নেতা আৰু চিপাহীসকলৰ লগত চিঠি-পত্ৰৰ আদান-প্ৰদান সন্ন্যাসী, ফকীৰ, মুক্তিৰসকলৰদ্বাৰা সম্পন্ন কৰিছিল।
ইফালে ব্ৰিটিছেও অসমৰ চিপাহীৰ অস্বাভাৱিক আচৰণ দেখি সন্দেহ কৰি অসমীয়া ৰেজিমেণ্টৰ লগত গোর্খা সৈন্য মিহলি কৰে, কিয়নো গোর্খাসকল আগৰে পৰা ব্ৰিটিছৰ প্ৰতি বিশেষভাৱে সহানুভূতিশীল আছিল। ৰাস্তা, দলঙত নিৰাপত্তা বৃদ্ধি কৰিছিল, তথাপি তেতিয়ালৈকে ব্ৰিটিছৰ দৃষ্টিত সমগ্ৰ পৰিকল্পনাৰ মূল মাষ্টাৰমাইণ্ডজন ধৰা পৰা নাছিল।
কিন্তু তেনেতে এটা সাংঘাতিক ভুল সংঘটিত হয়– মণিৰামৰ চহীসহ এখন চিঠি ১৮৫৭ চনৰ আগষ্টত ৰজাৰ মানুহ বুলি ভুলতে অনুমান কৰি তেতিয়াৰ শিৱসাগৰৰ দাৰোগা হৰনাথ বৰুৱাক দিয়ে। হৰনাথ বৰুৱা আছিল ব্ৰিটিছৰ চুৱাচেলেকা লোক। তেওঁ গৈ চিঠিখন ব্ৰিটিছ বিষয়া হলৰয়ডক দিয়ে।
কি লিখা আছিল উক্ত নিৰ্দিষ্ট চিঠিখনত? “এইমুহূৰ্তত সকলোফালে বাঘৰ গেৰগেৰণি শুনিবলৈ পোৱা গৈছে। বেছিতকৈ বেছি তেৰ হাজাৰ পৰা পোন্ধৰ হাজাৰ মান বিদেশী সৈন্য হত্যা কৰা হৈছে। মালিকৰ সৈতে সকলো বাগিচা ধ্বংস কৰা হ’ল– যিকেইটা পলাইছিল ৰাস্তাত পাগল কুকুৰে কামুৰি মাৰিলে। সকলো চিকাৰী বিলুপ্ত হৈছে, নতুন চিকাৰীক খবৰ দিয়া হ’লেই– অৱশ্যে এতিয়াও অসংখ্য বাঘ আছে, সিহঁতে কিমান চিকাৰীক হত্যা কৰিব? তোমালোকে থকা ঠাইৰ মালিকসকল ভয়ত পেঁপুৱা লাগিছে। তেওঁলোকে যিকোনো মুহূৰ্ততে ঠাই এৰিব পাৰে– তোমালোকে কাণ থিয় কৰি ৰাখিবা, যেতিয়াই তেনে হ’ব, তেতিয়াই সেনাবোৰক নিজৰ ফলীয়া কৰিবা।”
চিঠি পোৱাত তৎক্ষণাতে মণিৰাম দেৱানক ধৰিবলৈ ব্ৰিটিছ তৎপৰ হয়। ৭ ছেপ্টেম্বৰৰ দিনা কন্দৰ্পেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰি আলিপুৰ জে’ললৈ প্ৰেৰণ কৰে, মণিৰামকো তাতে বন্দী কৰে। চিতাগঙৰ পৰা ত্ৰিপুৰা অভিমুখে যোৱা ভাৰতীয় চিপাহীক চিলেটত আবদ্ধ কৰে। বাহাদুৰ গাওঁবুঢ়া, ফৰ্মদ আলিক আন্দামানলৈ নিৰ্বাসন দিয়ে। মধু মালিক, দূতিৰাম বৰুৱা আদিক আজীৱন কাৰাদণ্ড বিহে। ৰূপহী আইদেউ আৰু লুম্বই আইদেউ নামৰ দুগৰাকী মহিলাৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰে।
অৱশেষত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰিত একেদিনাই ফাঁচী দিয়ে।
এনেকৈয়ে এজন উজ্জ্বল অসমীয়া দীপ্ত সংগ্ৰামীৰ আভা নুমায়। কিন্তু ব্ৰিটিছ জানো সদায় টিকি থাকিব পাৰিলে?
আহক আমি স্বাধীনতাৰ দিৱসৰ দিনা পুনৰ এবাৰ অসমীয়া সংগ্ৰামী মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলক স্মৰণ কৰোঁ।
(লেখক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। তেখেতৰ ফ’ন নম্বৰ– ৯১০১৪৯১৩০৩)