গাৰ নোম শিয়ৰি উঠা কাণ্ড। বেংগালুৰুত এজন ১৩ বছৰীয়া ল’ৰাক অপহৰণ কৰি নি হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ উঠিছে। ইতিমধ্যে জানিব মতে আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এনকাউণ্টাৰৰ সময়ত দুয়োৰে ভৰিত গুলী লাগে।
অভিযুক্ত দুজন হৈছে গুৰুমূৰ্তি আৰু গোপালকৃষ্ণ। বৃহস্পতিবাৰে নিশা কাগলীপুৰা ৰোডৰ সমীপত বেনাৰঘাট্টা থানাৰ অন্তৰ্গত অঞ্চলত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰে। সতৰ্কতা অৱলম্বন কৰি আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলীচালনা কৰিছিল যদিও অভিযুক্তই আক্ৰমণ অব্যাহত ৰাখিছিল। তাৰ পিছতে আত্মৰক্ষাৰ বাবে মুঠ ছয় ৰাউণ্ড গুলীচালনা কৰে আৰক্ষীয়ে।
ঘটনাৰ পিছতে অভিযুক্ত দুজনক প্ৰাথমিক চিকিৎসাৰ বাবে জয়নগৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁলোকক ভিক্টোৰিয়া হাস্পতাললৈ স্থানান্তৰ কৰা বুলি ধাৰণা কৰা হৈছে।
বেংগালুৰুৰ ক্ৰাইষ্ট স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নিশ্চিথ। ৩০ জুলাই বুধবাৰে সন্ধিয়া আৰাকেৰেত টিউচন সম্পূৰ্ণ কৰি ঘৰলৈ উভতি অহাৰ সময়তে তেওঁক অপহৰণ কৰা হয়। নিশ্চিথৰ দেউতাক কলেজৰ অধ্যাপক। সময় পাৰ হৈ যোৱাৰ পিছতো ঘৰলৈ উভতি নহাত পিতৃয়ে হুলিমাভু থানাত মিছিং ডায়েৰী দাখিল কৰে।
গোচৰ ৰুজু হোৱাৰ কিছু সময়ৰ পাছতে পৰিয়ালটোৱে ৫ লাখ টকা মুক্তিপণৰ দাবীৰে ফোন কল লাভ কৰে। যদিও পৰিয়ালটোৱে ধন দিবলৈ সাজু আছিল আৰু আৰক্ষীয়েও দ্ৰুত পদক্ষেপ গ্ৰহণ কৰে। তেনেতে হঠাতে ঘটনাটোৱে নতুন মোড় ল’লে। বৃহস্পতিবাৰে সন্ধিয়া বেনাৰঘাট্টা বনাঞ্চলৰ সমীপৰ এক নিৰ্জন এলেকাত নিশ্চিথৰ মৃতদেহ বেয়াকৈ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হয়। জুইত তেওঁৰ জোতা আৰু কাপোৰো বেছিভাগ জ্বলি যায়।
এফ আই আৰ অনুসৰি নিশ্চিথে সেইদিনা সন্ধিয়া ৫ বজাত টিউচনলৈ গৈছিল আৰু সন্ধিয়া ৭.৩০ বজাত ক্লাছৰ পৰা ওলাই গৈছিল। কিন্তু নিশা ৮ বজাৰ ভিতৰত ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে তেওঁৰ টিউচন শিক্ষকৰ সৈতে যোগাযোগ কৰে। শিক্ষকে জনায় যে নিশ্চিথে ইতিমধ্যে ক্লাছ শেষ কৰি গুচি গৈছে। পিছত তেওঁৰ চাইকেলখন আৰেকেৰে অঞ্চলৰ প্ৰমিলি পাৰ্কৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়।
জানিব পৰা মতে, ঘটনাৰ মাষ্টাৰমাইণ্ড গুৰুমূৰ্তিয়ে নিশ্চিথহঁতৰ ঘৰত অতিৰিক্ত চালক হিচাপে কাম কৰিছিল। নিয়মীয়াকৈ ঘৰলৈ আহিছিল। অভিযোগ অনুসৰি সেই নিশাই নিশ্চিথক অপহৰণ কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁ পৰিয়ালটোৰ সৈতে যোগাযোগ কৰি মুক্তিপণ দাবী কৰে।
আৰক্ষীয়ে জনোৱা মতে, এই হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য অধিক তদন্তৰ পিছতহে জানিব পৰা যাব।